দৈনিক ৰাশিফল ১৪ মাৰ্চ ২০২৬

32

২৯ ফাগুন, শনিবাৰ , ইং ১৪ মাৰ্চ ২০২৬

১.মেষ ৰাশি(অ,আ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত পুৰণি সমস্যাৰ সমাধান হ’ব, কৰ্মত নতুন নতুন যোগাযোগ কৰিবলৈ সক্ষম হব যদিও আজি আপুনি কৰ্মত সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মৰ প্ৰতি আগ্ৰহ বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত সামান্য জটিলতা আহিব পাৰে, লগতে আজি আপুনি সজাগ নহ’লে সামান্য মিছা অপৱাদ পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য পৰিবৰ্তন আহিব পাৰে, কৰ্মত সামান্য বাধাৰ সৃষ্টি হ’ব পাৰে, লগতে আজি আপোনাৰ দৈনন্দিন দিশত অভাৱ অভিযোগৰ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৪.কৰ্কট ৰাশি(ড,হ): কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত আশা কৰা ধৰণে ফলাফল লাভ কৰিব, ভ্ৰমণত সফলতা লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে সম্পত্তি হানি হোৱাৰ যোগ দেখা যায়।

৫.সিংহ ৰাশি (ম,ট): সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত সকলো কৰ্মতে সিদ্ধি লাভ কৰিব, আনন্দ মনে দিনটো পাৰ হব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত নতুন নতুন যোগাযোগ কৰিবলৈ সক্ষম হোৱাৰ যোগ দেখা যায়।

৬.কন্যা ৰাশি(ঠ,প,ন): কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব, প্ৰেমত আনন্দ বাঢ়িব, ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব লগতে আজি আপোনাৰ ঘৰুৱা কৰ্মত সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৭.তুলা ৰাশি(ৰ,ত): তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব, ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, লগতে আজি আপোনাৰ শুভ সংবাদ লাভ হোৱাৰ যোগ দেখা যায়।

৮.বৃশ্চিক ৰাশি(ন,য): বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ হব, কৰ্মত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব, লগতে আজি আপোনাৰ ধন- সম্পত্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত মনত বিলাসিতা ভাৱ বাঢ়িব, কৰ্মত সন্মান বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত সামান্য সৰু সুৰা জটিলতা সৃষ্টি হোৱাৰ যোগ দেখা যায়।

১০.মকৰ ৰাশি(খ,জ): মকৰ ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত দ্ৰব্য লাভ কৰিব, লগতে আজি আপোনাৰ হাতলৈ ধন- সম্পত্তি অহাৰ যোগ দেখা যায়।

১১.কুম্ভ ৰাশি(গ,শ,ষ,স): কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, শৰীৰৰ ৰোগ নাশ হব, লগতে আজি আপোনাৰ স্বাস্থ্য উন্নতি হোৱাৰ যোগ দেখা যায়।

১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ হব, প্ৰেমত শুভ বুলি কব পাৰি, যদিও আজি আপুনি মনোমালিন্য সৃষ্টি হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

You might also like

Comments are closed, but trackbacks and pingbacks are open.