নৱপ্ৰজন্মৰ প্ৰেম

31

ড° জাহ্নৱী লহকৰ বৰুৱা

জয় বা পৰাজয়
সময় অসময়
কপালত জিলিকাই
প্রেম নাহে
প্রেমে সময় নুবুজে
প্রেমে বয়স যে আৰু নুবুজে।

প্রেম এক বুজাব নোৱাৰা অনুভৱ। ই এক শিহৰণ। ই হৃদয়ৰ পৰা হৃদয়লৈ বোৱা এক অনুৰণন। ই মুগ্ধকৰ। ই জোনাকৰ দৰে স্নিগ্ধকৰ। ই সৃষ্টিশীল। প্রেমে বয়স নামানে। সময় নুবুজে। বুজে মাথোঁ হৃদয়ৰ কথা। প্রেমে পৃথিৱীখনক নতুনকৈ চাবলৈ শিকায়। হেঁপাহৰ এজাক কুঁহিপতীয়া সপোন ৰচিবলৈ বাধ্য কৰায়।

সমাজ সদায় পৰিৱৰ্তনশীল, আৰু এই পৰিৱৰ্তনৰ সৈতে মানুহৰ অনুভূতি, চিন্তাধাৰা আৰু জীৱনদর্শনো সলনি হয়। এই পৰিবৰ্তনৰ এক গুৰুত্বপূৰ্ণ দিশ হৈছে নৱপ্ৰজন্মৰ প্ৰেম। প্রেম চিৰন্তন অনুভূতি হ’লেও, সময়ৰ সৈতে ইয়াৰ প্ৰকাশভংগী আৰু ধাৰণাত নতুনত্ব আহিছে।

আগৰ দিনত প্ৰেম আছিল সংযমী আৰু নিঃশব্দ। চিঠি, কবিতা বা চকুৰ ভাষাই প্ৰেম প্ৰকাশ কৰিছিল। আজিৰ নৱ প্ৰজন্মৰ প্ৰেম তেনেকুৱা নহয় । ম’বাইল ফোন, সামাজিক মাধ্যম আৰু ইণ্টাৰনেটে প্ৰেমক সহজ কৰি তুলিছে। এক মুহূৰ্ততে অনুভৱ প্ৰকাশ, কথা-বতৰা আৰু সংযোগ স্থাপন সম্ভৱ হৈছে। এই দ্রুততাই প্রেমক অধিক মুক্ত আৰু স্পষ্ট কৰি তুলিছে।

আজিৰ নৱপ্ৰজন্মৰ প্ৰেম ডিজিটেল প্রযুক্তিৰে প্ৰভাৱিত, যাক আমি ‘ডিজিটেল প্রেম’ বা ‘ডিজিটেল যুগৰ নৱ-প্রেম’ বুলি ক’লেও ভুল নহ’ব নিশ্চয়। এই ডিজিটেল প্রেমে বা ডিজিটেল যুগৰ নৱপ্ৰজন্মৰ প্ৰেমে সমাজৰ চিন্তাধাৰা, সম্পৰ্কৰ গঢ়ন আৰু অনুভূতিক নতুন দিশ প্রদান কৰিছে।

আগৰ দিনত প্ৰেমত চিঠিৰ উত্তৰ পোৱালৈ মাহৰ পাছত মাহ অপেক্ষা কৰিব লাগিছিল । কিন্তু আজিৰ ডিজিটেল যুগত এক ছেকেণ্ডতেই অনুভূতি প্রকাশ হয়। হোৱাটছএপ, ফেচবুক, ইনষ্টাগ্রাম, মেছেঞ্জাৰ আদি সামাজিক মাধ্যম নৱপ্ৰজন্মৰ প্ৰেমৰ মূল মাধ্যম হৈ পৰিছে। ‘হাই’ এটাৰ পৰা আৰম্ভ হোৱা কথা-বতৰাই কেতিয়াবা গভীৰ সম্পৰ্কলৈ ৰূপ লোৱা বহু উদাহৰণ আছে। ডিজিটেল প্রেমে দূৰত্বক অতিক্ৰম কৰিছে। দেশ- বিদেশত থকা মানুহেও একে সময়তে একেলগে হাঁহিব, কান্দিব আৰু অনুভৱ ভাগ-বতৰা কৰিব পাৰে। ভিডিঅ’ কল, ভইচ মেছেজে শাৰীৰিক অনুপস্থিতিৰ অভাৱ কিছু পৰিমাণে পূৰণ কৰে। এইটো ডিজিটেল প্ৰেমৰ এক ডাঙৰ ইতিবাচক দিশ।

নৱপ্ৰজন্মৰ প্ৰেমত সমতা আৰু স্বাধীনতা বিশেষ গুৰুত্বপূৰ্ণ। বৰ্তমান সময়ত ল’ৰা-ছোৱালীয়ে নিজৰ সিদ্ধান্ত নিজেই ল’ব বিচাৰে আৰু পাৰস্পৰিক সন্মানক প্রাধান্য দিয়ে। কেৱল আবেগে নহয়, বুজাবুজি, বন্ধুত্ব আৰু বিশ্বাসৰ ওপৰত আধাৰিত সম্পৰ্ক গঢ়ি তোলাই আজিৰ প্ৰেমৰ লক্ষ্য। একে সময়তে কেৰিয়াৰ, আত্মনিৰ্ভৰতা আৰু ব্যক্তিগত লক্ষ্যসমূহো প্ৰেমৰ সৈতে সমন্বয় ঘটোৱা দেখা যায়। তথাপি, এই প্রেম সম্পূৰ্ণৰূপে নির্দোষ নহয়। অধিক অনলাইন উপস্থিতিয়ে কেতিয়াবা সন্দেহ, ঈৰ্ষা আৰু ভুল বুজাবুজিৰ সৃষ্টি কৰে। “Seen” কৰা কিন্তু উত্তৰ নিদিয়া মেছেজে সম্পর্কত দুখ আৰু অনিশ্চয়তা আনে। সামাজিক মাধ্যমৰ কৃত্রিম সুখৰ প্ৰদৰ্শনে বাস্তৱ জীৱনৰ সঁচা অনুভূতিক আৱৰি ধৰাৰ আশংকাও থাকে। মুখামুখি কথা-বতৰাৰ স্পৰ্শ, চকুৰ ভাষা আৰু নিঃশব্দ অনুভূতি ডিজিটেল মাধ্যমত সম্পূর্ণৰূপে প্রকাশ নাপায়। ফলস্বৰূপে কিছুমান সম্পৰ্ক দ্ৰুত আৰম্ভ হয় আৰু দ্ৰুতেই শেষ হয়।

প্রথম মৰমে যদি সঁহাৰি নেপায়
ভালপোৱা কিয় জানো
মৰহি যায়,
এখন হিয়া আৰু এখন হিয়াই
মিলিলেহে মৰমে পূর্ণতা পায় ।।

প্ৰেমৰ আঘাত মৃত্যু যন্ত্রণাতকৈয়ো কষ্টকৰ। এই আঘাতে ভিতৰি ভিতৰি কোঙা কৰি তোলে। অথচ সেই আঘাতৰ উন্মুক্ত প্রকাশো সম্ভৱ নহয়। যাৰ ফলত ভিতৰি ভিতৰি প্ৰতিপল জ্বলিবলগা হয় প্রকৃত প্রেমিক-প্রেমিকাসকল। প্রেম এনেকুৱাই, সফল হ’লে সৰগৰ সুখ আৰু বিফল হ’লে বিষাদৰ ফল্গুধাৰা। তথাপিতো প্রেমে আমাক পৈণতকৈ গঢ়ি তোলে। শিকায় জীৱনৰ হেজাৰ নতুন কথা কাৰণ ই হৃদয়ৰ মিলন। প্ৰেমৰ বিফলতাই প্রতিশোধপৰায়ণ কৰি তোলে বহুতক । যিয়ে ধ্বংসমুখী কৰি তোলে। ভাঙি পেলাই সপোন, পৰিয়াল আৰু বিশ্বাসৰ ভেটি। নৱপ্ৰজন্মৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱৰ গভীৰতা বেছি যাৰ বাবে প্ৰেমৰ বিফলতাই জীৱনৰ চৰম সিদ্ধান্ত লোৱাত তেওঁলোকক সহজ কৰি তোলে। পাহৰি পেলায় জীৱনৰ প্ৰকৃত অৰ্থ।

ডিজিটেল যুগে মানুহৰ জীৱন সহজ কৰিছে, কিন্তু একে সময়তে অনুভূতিক নতুন পৰীক্ষাত পেলাইছে। নৱপ্ৰজন্মৰ প্ৰেম এই যুগৰেই এক প্রতিফলন। আজিৰ প্ৰেম কেৱল হৃদয়ৰ গোপন অনুভূতি নহয়, ই স্ক্ৰীনৰ ওপৰত দেখা, পঢ়া আৰু অনুভৱ কৰা এক ডিজিটেল অভিজ্ঞতা।

নৱপ্ৰজন্মৰ বহু সম্পৰ্ক আৰম্ভ হয় অনলাইন পৰিচয়ৰ পৰা। আগতে মানুহে প্রথমে মুখামুখি চিনাকি হৈছিল, আজিৰ দিনত প্ৰথম চিনাকি হয় প্রফাইল ফটো, ষ্টেটাছ আৰু ষ্ট’ৰীৰ জৰিয়তে। এই ডিজিটেল পৰিচয়ে মানুহক আগতে কেতিয়াও নোপোৱা সুযোগ দিছে— নিজৰ মনৰ কথা সহজে ক’ব পৰা, লাজ ভাঙি মত প্রকাশ কৰা । বহু ক্ষেত্ৰত এই ডিজিটেল চিনাকিয়ে গভীৰ আৰু সত্য সম্পৰ্কৰ পথো মুকলি কৰিছে।

বৰ্তমান সময়ে নৱপ্ৰজন্মক অধিক বাস্তৱবাদী কৰি তুলিছে। কেবল কল্পনাত নহয়, ই জীৱনৰ বাস্তৱ সমস্যাৰ সৈতে মুখামুখি হয়। দূৰত্বৰ সম্পৰ্ক, ব্যস্ত জীৱন, সময়ৰ অভাৱ — এই সকলোবোৰ ডিজিটেল যুগৰ প্ৰেমৰ অংশ। ইয়াৰ মাজতে একেলগে থাকিবলৈ চেষ্টা কৰাটোৱেই আজিৰ প্ৰেমৰ প্ৰকৃত পৰীক্ষা ।

নৱপ্ৰজন্মৰ প্ৰেমে অনুভূতিক কেতিয়াবা সৰু কৰি তোলে। ইম’জী আৰু ষ্টিকাৰে অনুভূতি প্রকাশ কৰিলেও সঁচা আৱেগৰ গভীৰতা সকলো সময়ত প্রকাশ নাপায়। ভুল বুজাবুজি দ্রুতভাৱে জন্ম লয়, আৰু একে গতিত সম্পর্ক ভাঙিবও পাৰে। “Block” বা “Unfollow” এটা বুটামেই কেতিয়াবা বহুদিনৰ অনুভূতি শেষ কৰি দিয়ে।

ডিজিটেল যুগত প্ৰেমৰ ৰূপ সলনি হৈছে। ম’বাইল ফোন, সামাজিক মাধ্যম আৰু ইণ্টাৰনেটৰ সহায়ত গঢ়ি উঠা নৱপ্ৰজন্মৰ প্ৰেমৰ কিছুমান গুরুত্বপূর্ণ উপকাৰিতা আৰু অপকাৰিতা আমি চাব পাৰোঁ—

উপকাৰিতা

দূৰত্ব কমায়ঃ ডিজিটেল যুগৰ নৱপ্ৰজন্মৰ প্ৰেমে ভৌগোলিক দূৰত্ব আঁতৰ কৰে। দূৰত থকা মানুহেও সহজে যোগাযোগ কৰি সম্পৰ্ক বজাই ৰাখিব পাৰে।

সহজ আৰু দ্ৰুত যোগাযোগঃ মেছেজ, কল, ভিডিঅ’ কলৰ জৰিয়তে অনুভূতি দ্রুতভাৱে প্ৰকাশ কৰিব পাৰি। ইয়াৰ ফলত ভুল বুজাবুজি কমিবলৈও সহায় হয়।

আত্মবিশ্বাস বৃদ্ধিঃ বহু ল’ৰা-ছোৱালীয়ে ডিজিটেল মাধ্যমত নিজৰ মনৰ কথা সহজে ক’ব পাৰে, যাৰ ফলত আত্মবিশ্বাস বৃদ্ধি পায় ৷

সমতা আৰু স্বাধীনতাঃ ডিজিটেল যুগত নৱপ্ৰজন্মৰ প্ৰেমত ল’ৰা- ছোৱালীৰ মাজত সমতা, স্বাধীন সিদ্ধান্ত আৰু ব্যক্তিগত স্থানক অধিক গুৰুত্ব দিয়া হয়।

ব্যস্ত জীৱনত সহায়কঃ ব্যস্ত কেৰিয়াৰ আৰু জীৱনৰ মাজতো ডিজিটেল যোগাযোগে সম্পৰ্ক জীয়াই ৰাখিবলৈ সহায় কৰে।

অপকাৰিতা

গভীৰতাৰ অভাৱঃ মুখামুখি কথা-বতৰাৰ অভাৱত প্ৰেমৰ গভীৰতা কেতিয়াবা হ্রাস পায়। সঁচা অনুভূতি সম্পূৰ্ণৰূপে প্রকাশ নাপায়।

ভুল বুজাবুজি আৰু সন্দেহঃ মেছেজৰ ভুল ব্যাখ্যা, দেৰি উত্তৰ আদিৰ বাবে সন্দেহ আৰু ঈৰ্ষা জন্ম ল’ব পাৰে।

কৃত্রিমতা বৃদ্ধিঃ সামাজিক মাধ্যমত কৃত্রিম সুখ দেখুৱাবলৈ গৈ বাস্তৱ অনুভূতি ঢাকি পেলোৱা হয় ।

দ্রুত বিচ্ছেদঃ ডিজিটেল যুগত নৱপ্ৰজন্মৰ প্ৰেমত সম্পৰ্ক দ্ৰুতগতিত আৰম্ভ হয় আৰু কেতিয়াবা দ্রুতভাৱেই শেষ হয়, ফলত মানসিক আঘাত তীব্ৰতৰ হয় ।

আসক্তিৰ সম্ভাৱনাঃ অধিক অনলাইন যোগাযোগে ম’বাইল আৰু সামাজিক মাধ্যমৰ ওপৰত আসক্তি সৃষ্টি কৰাৰ সুবিধা বেছি। ফলত প্ৰেমত সঘন ফাট মেলা দেখা যায়।

ডিজিটেল যুগত নৱপ্ৰজন্মৰ প্ৰেমৰ উপকাৰিতা আৰু অপকাৰিতা দুয়োটাই আছে। প্রযুক্তিক সচেতনভাৱে ব্যৱহাৰ কৰি, বিশ্বাস, সন্মান আৰু আন্তৰিকতাক প্রাধান্য দিলে এনে প্ৰেমো সুন্দৰ আৰু স্থায়ী হ’ব পাৰে। প্ৰেমত প্ৰযুক্তি সহায় হ’ব লাগে, আধিপত্য নহয়— এই বোধেই নৱপ্ৰজন্মৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ।

নৱপ্ৰজন্মৰ প্ৰেমত সহনশীলতা আৰু দায়িত্ববোধ অত্যন্ত প্রয়োজনীয়। প্রযুক্তিক সম্পূর্ণ বিশ্বাস কৰি হৃদয়ক অৱহেলা কৰিলে সম্পর্ক ক্ষণস্থায়ী হৈ পৰে। ডিজিটেল সংযোগৰ লগতে বাস্তৱ জীৱনৰ মুখামুখি সময়, আন্তৰিক কথা- বতৰা আৰু মানৱিক স্পৰ্শই প্ৰেমক গভীৰতা দিয়ে।

শেষত ক’ব পাৰি, ডিজিটেল যুগত প্রেম সলনি হৈছে, কিন্তু প্রেম নিজে সলনি হোৱা নাই । স্ক্ৰীনৰ আঁৰত থকা হৃদয়খন যদি সঁচা হয়, তেন্তে ডিজিটেল যুগৰ প্ৰেমো শুদ্ধ, শক্তিশালী আৰু চিৰস্থায়ী হ’ব পাৰে। প্ৰযুক্তি হাতত ৰাখি, হৃদয়ক আগবঢ়াই ধৰিব পাৰিলেই নৱপ্ৰজন্মৰ প্ৰেমে সঁচা অর্থ লাভ কৰিব।

শৈশৱ পাৰ হৈ কৈশোৰ আহিল
কৈশোৰ পাৰ হৈ যৌৱন আহিল
যৌৱনে আমনি নকৰা হ’লে
নেচালোঁহেঁতেন তোমাৰ ফালে,
ই নহয় মাথোঁ কামনা
তুমি মোৰ জীৱনৰ সাধনা
আজীৱন তুমি মই সুখী হ’ম
তুমি জানো গমকে পোৱা নাই….

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.