দৈনিক ৰাশিফল ১২ মাৰ্চ ২০২৬

43

২৭ ফাগুন, বৃহস্পতিবাৰ , ইং ১২ মাৰ্চ ২০২৬

১.মেষ ৰাশি(অ,আ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত আয় উপাৰ্জন বাঢ়িব , আনন্দ মনে দিনটো পাৰ হব, লগতে আজি আপোনাৰ জ্ঞান বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত মনত ভক্তি ভাৱ বাঢ়িব, প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ কৰিব, লগতে আজি ছাত্ৰ ছাত্ৰী সকলৰ সফলতা লাভ হোৱাৰ যোগ দেখা যায়।

৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব, সংগীত শিল্পী সকলৰ সুনাম বাঢ়িব, লগতে আজি আপোনাৰ হাতলৈ ধন- সম্পত্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৪.কৰ্কট ৰাশি(ড,হ): কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি কৰ্মত সকলো দিশতে সজাগ নহ’লে আনৰ সমালোচনা সন্মুখীন হ’ব পাৰে লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত শাৰীৰিক কষ্ট বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৫.সিংহ ৰাশি (ম,ট): সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত যান বাহন ক্ৰয় কৰিবলৈ সুযোগ লাভ কৰিব, মনটো সামান্য উদ্বিগ্ন হ’ব পাৰে লগতে আজি আপুনি কৰ্মত সকলো দিশতে সজাগ হৈ থাকিবলৈ চেষ্টা কৰিব।

৬.কন্যা ৰাশি(ঠ,প,ন): কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত দক্ষতাৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব, যদিও আজি আপুনি ভ্ৰমণ সাৱধান হোৱাটো ভাল হ’ব লগতে আজি আপুনি সজাগ নহ’লে সামান্য ক্ষতিৰ সন্মূখীন হোৱাৰ যোগ দেখা যায়।

৭.তুলা ৰাশি(ৰ,ত): তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, প্ৰেমত শুভ বুলি কব পাৰি, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত নতুন যোগাযোগ কৰিবলৈ সক্ষম হোৱাৰ যোগ দেখা যায়।

৮.বৃশ্চিক ৰাশি(ন,য): বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত উন্নতি সাধন হব, যান বাহন পৰা সুখ শান্তি লাভ কৰিব যদিও আজি আপোনাৰ মনলৈ আৰ্থিক চিন্তা আহিব পাৰে।

৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত আয় উপাৰ্জন বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত আনৰ ওপৰত নিৰ্ভৰ শীল হোৱাৰ যোগ দেখা যায়।

১০.মকৰ ৰাশি(খ,জ): মকৰ ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে লগতে আজি আপোনাৰ দেহ মনত সামান্য আঘাত পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

১১.কুম্ভ ৰাশি(গ,শ,ষ,স): কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত কৰ্মত সামান্য জটিলতা আহিব পাৰে, শৰীৰত সামান্য এলাহ ভাৱ বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহ’লে সামান্য মিচা অপৱাদ পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ধন- সম্পত্তি সঞ্চয় বাঢ়িব, যদিও আজি আপুনি কথা কওঁতে সাৱধান হোৱাটো ভাল হ’ব বা আজি আপুনি চিন্তা চৰ্চা কৰিহে কথা বোৰ ক’বলৈ চেষ্টা কৰিব।

You might also like

Comments are closed, but trackbacks and pingbacks are open.