যাৰ নাই বাঁহ, তাৰ নাই সাহ। অসমৰ থলুৱা কলা-সংস্কৃতি আৰু লোকশিল্পৰ এক অপৰিহাৰ্য অংগ হৈছে বাঁহ-বেতৰ শিল্প। অসমৰ গ্ৰাম্য অৰ্থনীতি আৰু সংস্কৃতিৰ সৈতে বাঁহ শিল্প ওতপ্রোতভাৱে সাঙোৰ খাই আছে। অতি সৰল জীৱন-যাপন কৰা এগৰাকী শিল্পীৰ হাতৰ যাদুতেই প্রাণ পাই উঠে অসমীয়াৰ পৰিচয় জাপি, খৰাহী, চালনী, বাঢ়নীৰ পৰা আৰম্ভ কৰি আধুনিক যুগৰ নান্দনিক গৃহসজ্জাৰ সামগ্ৰীসমূহ। সাধাৰণতে বাঁহৰ সামগ্ৰী বুলি ক’লে আমাৰ মনলৈ এনে বস্তুবোৰৰ কথাই মনলৈ আহে । যি সময়ত বাঁহক কেৱল ঘৰুৱা সা-সঁজুলিৰ মাজতে সীমাবদ্ধ বুলি ভবা হৈছিল, সেই সময়তে তেওঁ বাঁহৰে কাণফুলি, আঙঠি আৰু ডিঙিৰ মালা আদি গঢ়ি তুলি এই শিল্পক এক অনন্য মাত্ৰা দিছে । নিজৰ ব্যতিক্ৰমী চিন্তা আৰু আধুনিক ৰুচিবোধৰ সন্মিলনেৰে তেওঁ বাঁহৰ পৰা তৈয়াৰ কৰি উলিয়াইছে নান্দনিক গহনা। প্রাচীন লোকশিল্পক আধুনিক ফেশ্বন জগতৰ সৈতে সংযোগ কৰাই নহয়, বৰং বাঁহ শিল্পৰ এক নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰি দিয়া এইগৰাকী মহিলাৰ নাম মেঘালী দাস । এইগৰাকী মহিলাৰ সৈতে হোৱা কথোপকথন এইবাৰ আইনা আলাপ শিতানলৈ আগবঢ়ালোঁ—
এই বাঁহৰ শিল্পৰ সৈতে কেতিয়াৰে পৰা আৰু কেনেদৰে জড়িত হ’ল ?
⇒ মোৰ বাবে হস্তশিল্প বা হাতৰ কাম কেৱল এটা চখ নহয়, ই মনৰ আনন্দ আৰু একাগ্ৰতাৰ এক ডাঙৰ উৎস। সৰুৰে পৰা হস্ত শিল্প প্রতি আকর্ষণ আছিল। সৰুৰে পৰাই মোৰ পৃথিৱীখন ৰং, সূতা আৰু কল্পনাৰে ভৰপূৰ আছিল। য’ত আনৰ বাবে এটা বস্তু পেলনীয়া আছিল, মোৰ চকুৱে তাত এক নতুন সম্ভাৱনা বিচাৰি পাইছিল। হস্তশিল্পৰ প্ৰতি মোৰ এই আকর্ষণ কেৱল এটা চখ নাছিল, বৰঞ্চ ই আছিল মোৰ মনৰ ভাব প্ৰকাশ কৰাৰ এক নীৰৱ ভাষা। হাতৰ কামৰ যিকোনো কাম কৰি ভাল পাইছিলোঁ। ফুল তোলা, ৰন্ধা বঢ়া, চিলাই, পেলনীয়া সামগ্ৰীৰ ব্যৱহাৰ আদিকে ধৰি বিভিন্ন কাম কৰি আনন্দ লভিছিলোঁ। নতুন কিবা এটা গঢ়ি তোলাৰ যি হেঁপাহ, সেয়া মোৰ অন্তৰত আছিল। হাতৰ পৰশত যেতিয়া এটা নিৰ্জীৱ বস্তুৱে প্ৰাণ পাই উঠে, সেই মুহূৰ্তটো মোৰ বাবে আছিল আটাইতকৈ গৌৰৱৰ। কাপোৰৰ বুকুত বেজী-সূতাৰে ফুল তোলাৰ পৰা আৰম্ভ কৰি অবাবত পৰি থকা সামগ্ৰীৰে নতুন কিবা এটা সজালৈকে—প্ৰতিটো কামতে মই এক অনাবিল প্রশান্তি বিচাৰি পাইছিলোঁ। ঘৰৰ চুকে-কোণে নিজৰ হাতেৰে বনোৱা শিল্পবোৰ সজাই মই এক সুকীয়া তৃপ্তি পাইছিলোঁ। বজাৰৰ দামী বস্তুতকৈ নিজৰ শ্ৰম আৰু মৰমেৰে সজোৱা ঘৰখনৰ প্ৰতিটো বস্তুৱে একো একোটা কাহিনী কৈছিল । পেলনীয়া বস্তুক সুন্দৰলৈ ৰূপান্তৰিত কৰি মই বুজি উঠিছিলোঁ যে পৃথিৱীত কোনো বস্তুৱেই অসাৰ নহয়, যদিহে আমাৰ দৃষ্টিত অলপ সৃজনীশীলতা থাকে । আজি পিছলৈ উভতি চালে অনুভৱ কৰোঁ যে মোৰ সেই সৰু সৰু সৃষ্টিবোৰেই আছিল মোৰ সুখৰ ঠিকনা। অৱশ্যে মই কেতিয়াও ভবা নাছিলোঁ যে এই হস্তশিল্পক আধাৰ হিচাপে লৈ জীৱনত কিবা এটা কৰিম। সময়ৰ গতিত জীৱন আগবাঢ়িল। সংবাদ মাধ্যম বিশেষকৈ গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ আৰু কিছু সামাজিক আৰু উন্নয়নমূলক কামত মই ব্যস্ত হৈ পৰিলোঁ। বহু দিন ধৰি সাংবাদিক ক্ষেত্ৰখনৰ লগতো জড়িত আছিলোঁ, সেই হেতুকে সদায় নতুন নতুন বস্তু প্রতি আকর্ষণ হোৱাটো এই পেছাটোৰ এক স্বভাৱ বুলিয়েই ক’ব লাগিব । গতিকে ময়ো সদায় কি নতুন কৰিব পাৰি তাৰ চিন্তা-চৰ্চা অব্যাহত ৰাখিছিলোঁ। ২০১৭-১৮ চনৰ কথা। তেতিয়া মই Natural fibre অর্থাৎ প্রাকৃতিক আঁহ আৰু তাৰ পৰা কি সামগ্রী উৎপাদন কৰিব পাৰি, তাৰ চৰ্চা আৰম্ভ কৰিলোঁ । সেই সময়ত এই বিষয় সন্দৰ্ভত অধ্যয়ন কৰিলোঁ আৰু ভাবিছিলোঁ ৰাইজক ইয়াৰ জৰিয়তে কিবা নতুনৰ সম্ভেদ দিব পাৰিম। ২০১৮ চনৰ পৰা মই এই বিষয়ত গভীৰভাৱে মনোনিৱেশ কৰিলোঁ । মোৰ সৃজনীমূলক যাত্ৰাত এক নতুন মাত্রা যোগ হৈছিল যেতিয়া মই বাঁহৰ আঁহৰ (Bamboo Fiber) পৰা কাপোৰ তৈয়াৰ কৰাৰ এক ব্যতিক্রমী পৰীক্ষা আৰম্ভ কৰিছিলোঁ। পৰিৱেশ সংৰক্ষণ আৰু বহনক্ষম ফেশ্বনৰ (Sustainable Fashion) প্রতি লক্ষ্য ৰাখি লোৱা মোৰ এই ক্ষুদ্র প্রচেষ্টাই অতি কম সময়ৰ ভিতৰতে আশাৰ পোহৰ দেখুৱাইছিল। এগৰাকী সহযোগীৰ সৈতে মই আৰম্ভ কৰোঁ বাঁহৰ আঁহ আৰু কপাহী সূতাৰ (bamboo cotton)ৰ টি- ছাৰ্টৰ ব্ৰেণ্ড ‘বাম্বোচ’। প্ৰথমাৱস্থাত, এই অভিনৱ কাপোৰবোৰৰ প্ৰতি গ্ৰাহকৰ সঁহাৰি আছিল আশ্চর্যজনক। বাঁহৰ কাপোৰৰ কোমলতা, ইয়াৰ স্বাস্থ্যসন্মত গুণ আৰু আধুনিক ডিজাইনৰ বাবে স্থানীয় বজাৰৰ লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰতো ইয়াৰ এক বিশেষ চাহিদা গঢ়ি উঠিছিল। কিন্তু যি সময়ত মোৰ এই প্ৰচেষ্টাই পূর্ণ গতি লাভ কৰিছিল, ঠিক সেই সময়তে ক’ভিড-১৯ মহামাৰীয়ে সমগ্র বিশ্বক স্তব্ধ কৰি দিলে। লকডাউন আৰু যাতায়ত বাধাৰ বাবে আন্তঃৰাষ্ট্ৰীয় যোগান ব্যৱস্থা (Supply Chain) সম্পূৰ্ণৰূপে ভাঙি পৰিল । যি চাহিদা আৰু সপোন লৈ মই আগুৱাই গৈছিলোঁ, গোলকীয় বজাৰৰ মন্দাৱস্থাই সেই সকলোবোৰত এক বিৰাম দিলে। এটা অতি সম্ভাৱনাপূর্ণ উদ্যোগ মুহূৰ্তৰ ভিতৰতে গভীৰ সংকটৰ মুখত পৰিল। ক’ভিডে মোৰ পৰিকল্পনাবোৰত আঘাত হানিলে ঠিকেই, কিন্তু মোৰ ভিতৰত থকা সত্তাক মষিমূৰ কৰিব নোৱাৰিলে। মই যিখিনি নেটৱৰ্ক গঢ়ি তুলিছিলো সেইখিনি যোগাযোগ আজিপর্যন্ত বাহাল আছে। গতিকে সেই পুৰণি উদ্যমেৰে বিশ্ব বজাৰত নিজৰ স্থান দখল কৰিবলৈ মই সংকল্পবদ্ধ হৈ বাঁহৰে নতুন সামগ্ৰী প্ৰস্তুত কৰিবলৈ মন মেলিলোঁ। তেনেকৈ কিছু গৱেষণা, কিছু সমল গোটোৱাৰ পাছত বাঁহৰ আ-অলংকাৰ প্ৰস্তুত কামত হাত দিলোঁ। NEHHDCs (north eastern handicrafts and handloom development corporation) তৰফৰ গহনা ডিজাইনত প্ৰশিক্ষণ লোৱাৰ লগতে NIFT শ্বিলঙতো এটি পাঠ্যক্ৰম গ্ৰহণ কৰোঁ । এই অভিজ্ঞতাকে আধাৰ হিচাপে বাঁহৰ অলংকাৰক এক নতুন মাত্রা দিবলৈ আৰম্ভ কৰিলোঁ এক নতুন যাত্রা। ঘৰতেই খুলিলোঁ অসম তথা উত্তৰ- পূৰ্বাঞ্চলৰ প্ৰথম আৰু একমাত্ৰ বাঁহৰ অলংকাৰ শ্ব’ৰুম ‘বেম্বো ফেশ্বন’।

এই কামৰ বাবে আপুনি কিবা বিশেষ সঁজুলি ব্যৱহাৰ কৰে নেকি ?
⇒ বাঁহৰ গহনা বা অলংকাৰ প্ৰস্তুত কৰাটো এক অনন্য কলা। ইয়াৰ আটাইতকৈ ডাঙৰ বিশেষত্ব হ’ল যে এই কামটো আৰম্ভ কৰিবলৈ কোনো ধৰণৰ গধুৰ মেচিন বা ব্যয়বহুল সঁজুলিৰ প্ৰয়োজন নাই। প্ৰাৰম্ভিক অৱস্থাত ঘৰতেই উপলব্ধ কেইটামান সাধাৰণ সঁজুলি ব্যৱহাৰ কৰি কেৱল হাতেৰেই অতি নিখুঁত আৰু সুন্দৰ ডিজাইন প্ৰস্তুত কৰিব পাৰি । আৰম্ভণিতে আপোনাৰ হাত দুখনেই যথেষ্ট, কেৱল কামটো অধিক খৰতকীয়া আৰু আধুনিক কৰিবলৈহে পৰৱৰ্তী সময়ত যন্ত্ৰৰ সহায় ল’ব পাৰি ।
বাঁহৰ অলংকাৰ দীৰ্ঘস্থায়ী কৰিবলৈ বা পোক-পতংগৰ পৰা বচাবলৈ আপুনি কিবা প্রলেপ বা ঔষধ দিয়ে নেকি ?
⇒ বাঁহৰ গহনা এবিধ প্রাকৃতিক সম্পদ, সেয়েহে ইয়াক দীর্ঘকাললৈ সুৰক্ষিত কৰি ৰাখিবলৈ বৈজ্ঞানিক পদ্ধতিৰে ইয়াৰ যত্ন লোৱাটো জৰুৰী। বাঁহ এবিধ জৈৱিক পদাৰ্থ হোৱা বাবে জলবায়ুৰ আৰ্দ্ৰতাৰ ফলত ইয়াত ভেঁকুৰ (Fungus) লগাৰ সম্ভাৱনা থাকে। বিশেষকৈ বাৰিষা কালত এই সমস্যা অধিক হয়। এটা সঠিক মানৰ বাৰ্নিচ (Varnish) বা সুৰক্ষামূলক প্রলেপে বাঁহৰ গাত এটা পাতল তৰপ সৃষ্টি কৰে, যিয়ে ভিতৰলৈ সেমেকা ভাব সোমাবলৈ নিদিয়ে আৰু গহনাযোৰ ভেঁকুৰৰ পৰা বচাই ৰাখে।
ডিজাইনবোৰ আপুনি নিজেই কৰে নে গ্ৰাহকৰ পছন্দ অনুযায়ী প্ৰস্তুত কৰে।
⇒ বর্তমান আমি আমাৰ নিৰ্মাণশৈলীত বিশেষভাৱে প্ৰাধান্য দিছোঁ। আমি পৰম্পৰাগত বাঁহ শিল্পক আধুনিক ফেশ্বনৰ সৈতে একাকাৰ কৰিছোঁ । এই ‘ফিউজন’ ডিজাইনসমূহ এনেদৰে তৈয়াৰ কৰা হৈছে, যাতে আপুনি মেখেলা-চাদৰৰ লগতে শাৰী, চেলোৱাৰ বা আনকি পাশ্চাত্য পোছাকৰ সৈতেও অতি স্বাচ্ছন্দ্যৰে পিন্ধিব পাৰে। অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ চহকী সংস্কৃতি আৰু তেওঁলোকৰ পৰম্পৰাগত অলংকাৰৰ আৰ্হিৰ লগতে প্ৰকৃতিৰ পৰা অনুপ্ৰাণিত হৈ আমি আমাৰ গহনাৰ ডিজাইনসমূহ প্ৰস্তুত কৰোঁ । বিভিন্ন গহনাত প্রাকৃতিকভাৱে উপলব্ধ গছৰ গুটি আদিও ব্যৱহাৰ কৰা হয়। প্ৰতিগৰাকী গ্ৰাহকৰ ৰুচি সুকীয়া। সেইবাবেই আমি আপোনালোকক দিছোঁ ‘কাষ্টমাইজেচন’ (Customization)ৰ সুবিধা। আপুনি বিচৰা ধৰণৰ ডিজাইন, ৰং বা আকৃতি অনুযায়ী আমি আপোনাৰ মনপূত গহনাযোৰ অতি নিপুণতাৰে গঢ়ি দিওঁ।
এই কাম কৰোঁতে আপুনি কেনেধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হয় ?
⇒ বাঁহৰ অলংকাৰ শিল্পটো দেখাত যিমান সহজ যেন লাগে, ইয়াৰ আঁৰৰ পৰিশ্ৰম আৰু প্ৰত্যাহ্বান সিমানেই বেছি। এটুকুৰা কেঁচা বাঁহৰ পৰা এযোৰ আকৰ্ষণীয় গহনা তৈয়াৰ হোৱালৈকে এটা দীঘলীয়া যাত্রা । সঠিক মানৰ আৰু বয়সৰ বাঁহ নিৰ্বাচন কৰা। বাঁহখিনি কটাৰ পিছত তাক বিশেষ পদ্ধতিৰে সিজাই বা শুকুৱাই ঘুণে নধৰা আৰু মজবুত কৰা। অতি সাৱধানে বাঁহৰ পাতল তৰপ বা কাঠী কাটি উলিওৱা আৰু হাতেৰে ফিনিছিং দিয়া। এই কামটো অত্যন্ত সময়সাপেক্ষ আৰু মনোযোগৰ প্রয়োজন। কেৱল গহনা সাজিলেই নহয়, ইয়াক সঠিক গ্ৰাহকৰ ওচৰলৈ লৈ যোৱাটো আন এক ডাঙৰ প্ৰত্যাহ্বান। কাৰণ যন্ত্ৰত নিৰ্মিত কৃত্রিম গহনাৰ সৈতে হাতেৰে তৈয়াৰী বাঁহৰ গহনাৰ প্রতিযোগিতা কৰা হয়। শিল্পীৰ কষ্ট আৰু সময়ৰ তুলনাত গহনাৰ সঠিক মূল্য গ্রাহকক বুজাই দিয়া । আধুনিক বজাৰৰ সৈতে খোজ মিলাই গহনাখিনিৰ সঠিক ব্ৰেণ্ডিং আৰু বিক্ৰী সুনিশ্চিত কৰা । প্ৰতিটো খোজতে প্ৰত্যাহ্বান আছে যদিও যেতিয়া এটুকুৰা সাধাৰণ বাঁহে এগৰাকী নাৰীৰ সৌন্দৰ্য দুগুণে বৃদ্ধি কৰে, তেতিয়াই আমাৰ সকলো শ্ৰম সাৰ্থক হয় ৷

বৰ্তমান প্লাষ্টিক আৰু ধাতুৰ অলংকাৰৰ যুগত বাঁহৰ অলংকাৰৰ চাহিদা কেনে বুলি ভাবে। বিক্ৰী, বজাৰ এই দিশত কেনেদৰে আগবাঢ়ে ?
⇒ প্লাষ্টিক বা ধাতুৰ যান্ত্ৰিকতাৰ মাজত আজিকালি মানুহে প্ৰকৃতিৰ পৰশ বিচাৰে। বর্তমান সময়ত প্লাষ্টিক বা মেটেলৰ কৃত্ৰিম গহনাৰ তুলনাত বাঁহৰ অলংকাৰৰ ক্ৰমান্বয়ে বৃদ্ধি পোৱা জনপ্রিয়তাক আপুনি নুই কৰিব নোৱাৰে। বাঁহ সম্পূর্ণ প্রাকৃতিক, সেয়েহে ই ছালৰ বাবে অতি আৰামদায়ক আৰু পৰিৱেশৰ বাবে সুৰক্ষিত। মেটেল বা গধুৰ ধাতুৰ গহনা বেছি সময় পিন্ধি থকাটো আমনিদায়ক হ’ব পাৰে। কিন্তু বাঁহৰ গহনা ইমানেই পাতল যে ইয়াক আপুনি গোটেই দিনটো অতি আৰামদায়কভাৱে পিন্ধি থাকিব পাৰে। গতিকে ইয়াৰ চাহিদা ক্রমান্বয়ে বৃদ্ধি পাইছে। বিশ্বজুৰি এতিয়া ‘Sustainable Fashion’ বা বহনক্ষম ফেশনৰ চৰ্চা চলিছে, য’ত বাঁহৰ গহনাই শীর্ষ স্থান দখল কৰিব বুলি আমি আশাবাদী। বজাৰ বুলি ক’লে সময়ে সময়ে প্রদর্শনী, মেলাবোৰত অংশগ্ৰহণ কৰোঁ। ইতিমধ্যে অসমৰ কেইবাখনো প্ৰদৰ্শনীত অংশগ্ৰহণ কৰাৰ লগতে দিল্লী, মুম্বাই, উত্তৰাখণ্ড আদিৰ প্ৰদৰ্শনীতো অংশগ্ৰহণ কৰি সন্তোষজনক ফলাফল লাভ কৰিছোঁ। গৌৰৱৰ বিষয় যে সুদূৰ ইটালীৰ পৰাও আমাৰ শ্ব’ৰুমলৈ গ্রাহক আহিছে।
ভৱিষ্যৎ পৰিকল্পনা কি আছে। নতুন প্ৰজন্মক এই শিল্পটো শিকাবলৈ কিবা পৰিকল্পনা আছে নে?
⇒ বাঁহৰ এই শিল্প কেৱল মোৰ বাবে এটা জীৱিকা নহয়, ই মোৰ পৰিচয়। আজি মই যি সপোন দেখিছোঁ, সেই সপোনক বাস্তবায়িত কৰিবলৈ মোক প্ৰয়োজন আমাৰ উঠি অহা তৰুণ প্ৰজন্মৰ উদ্যম আৰু সাহস। মই বিচাৰোঁ আমাৰ নৱপ্ৰজন্ম এই শিল্পৰ সৈতে জড়িত হওক। আপোনালোকৰ নতুন চিন্তা আৰু মোৰ অভিজ্ঞতা— এই দুয়োৰে সংমিশ্ৰণত আমি বাঁহৰ অলংকাৰক এক নতুন মাত্ৰা দিব পাৰিম। যিসকলে এইক্ষেত্ৰত আগবাঢ়ি আহিব বিচাৰে, তেওঁলোকক পথ প্ৰদৰ্শন কৰিবলৈ মই সদায় সাজু আছোঁ। ইতিমধ্যে বিভিন্ন অঞ্চলত দলীয়ভাৱে প্ৰশিক্ষণ অনুষ্ঠিত কৰা হৈছে। পেৰিছৰ পৰা নিউয়র্কলৈ, বিশ্বৰ প্ৰতিটো কোণৰ মানুহে যাতে আমাৰ এই থলুৱা শিল্পৰ আভিজাত্যক চিনি পায়, তাৰ বাবে আমি একেলগে কাম কৰিব লাগিব। প্লাষ্টিক আৰু কৃত্ৰিমতাৰ এই যুগত ‘Eco-friendly’ বা পৰিৱেশ অনুকূল সামগ্ৰীৰ বিশ্বজুৰি ব্যাপক চাহিদা আছে। আমাৰ নতুন প্রজন্মই যদি এই শিল্পক পেছাদাৰীভাৱে গ্ৰহণ কৰে, তেন্তে ই কেৱল স্বাৱলম্বিতাই নহয়, বৰঞ্চ আমাৰ সংস্কৃতিক বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰাৰ এক শক্তিশালী মাধ্যম হৈ পৰিব ।
বাঁহৰ অলংকাৰৰ বিষয়ে মানুহৰো মনত থকা ভুল ধাৰণাবোৰ কেনেকৈ আঁতৰ কৰে ?
⇒ অতীতত বাঁহৰ অলংকাৰক লৈ মানুহৰ মনত যি সংকোচ বা ভুল ধাৰণা আছিল, সেই সময় এতিয়া সলনি হৈছে। মানুহে এতিয়া ইয়াৰ শৈল্পিক মূল্য বুজি উঠিছে। এটা সময় আছিল যেতিয়া মানুহে বাঁহৰ অলংকাৰক কেৱল এখন গাঁৱলীয়া মেলাৰ সামগ্রী বা কম দামী অলংকাৰ বুলি ভাবিছিল। কিন্তু আজি সেই ধাৰণা সম্পূর্ণ সলনি হৈছে। আগতে বহুতৰে ধাৰণা আছিল যে বাঁহৰ অলংকাৰ দেখাত সিমান আকর্ষণীয় নহয় বা ই সোনকালে নষ্ট হৈ যায়। কিন্তু উন্নত ফিনিচিং, আধুনিক ডিজাইন আৰু সঠিক প্ৰক্ৰিয়াকৰণে এই সকলো ভুল ধাৰণা মচি পেলাইছে। মানুহে এতিয়া বুজি পাইছে যে সঠিক যত্ন ল’লে বাঁহৰ গহনাও সোণ-ৰূপৰ দৰেই দীৰ্ঘস্থায়ী হ’ব পাৰে ৷ আটাইতকৈ সুখৰ কথাটো হ’ল যে মানুহে এতিয়া কেৱল সস্তীয়া বুলি নহয়, বৰঞ্চ ইয়াৰ আভিজাত্য আৰু সুকীয়া শৈলীৰ বাবেহে ইয়াক ক্ৰয় কৰিবলৈ আগ্ৰহী হৈছে। বাঁহৰ অলংকাৰ প্ৰস্তুতকৰণত কোনোধৰণৰ প্ৰকৃতি ধ্বংস বা খনন কার্য জড়িত নহয়। ই সম্পূর্ণভাৱে প্ৰাকৃতিক, প্ৰদূষণমুক্ত আৰু প্ৰকৃতিৰ প্ৰতি দায়বদ্ধতাৰ এক প্ৰতীক। আনহাতে বিগত বহু বছৰ ধৰি মেঘালী দাসে কেৱল শিল্পৰ চৰ্চাই কৰাই নহয়, বৰঞ্চ সমাজৰ পিছপৰা আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা মহিলাসকলৰ জীৱনলৈ পোহৰ আনিবলৈ এক নিৰন্তৰ প্ৰচেষ্টা চলাই আহিছে। মহিলাসকলক আর্থিকভাৱে স্বতন্ত্ৰ কৰাৰ উদ্দেশ্যে তেওঁ চিলাই আৰু বস্ত্ৰশিল্প, সৌন্দর্য কলা আদিকে ধৰি বিভিন্ন কাৰিকৰী শিক্ষাৰ গুৰুত্ব দি আহিছে। গুৱাহাটীৰ ৰুক্মিণী নগৰত ‘ৰামধেনু শিক্ষা কেন্দ্ৰ’নামৰ এটা প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰি এতিয়ালৈ প্ৰায় সহস্রাধিক মহিলাক প্রশিক্ষণ দি স্বাৱলম্বী কৰি তুলিছে। তদুপৰি সমাজত বিভিন্ন ধৰণে নিৰ্যাতনৰ বলি হোৱা মহিলাসকলক তেওঁ কেৱল সহানুভূতি জনোৱাতেই ক্ষান্ত থকা নাই। তেওঁলোকৰ অধিকাৰ সম্পৰ্কে সচেতন কৰি মানসিকভাৱে সবল কৰাৰ লগতে আশ্রয়, প্রশিক্ষণ আৰু কৰ্মসংস্থাপনৰ যোগেদি নতুনকৈ জীয়াই থকাৰ বাবে সাহস দিয়াৰ লগতে নতুনকৈ নিজৰ পৰিচয় গঢ়াতো সহায় কৰিছে।
শিল্পকৰ্ম আৰু সামাজিক দায়বদ্ধতা দুয়োটা দিশত মেঘালী দাসে চলাই যোৱা নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখক। আমাৰ শুভকামনা থাকিল ।
বৰ্ণালী এছ. ডেকা
Comments are closed, but trackbacks and pingbacks are open.