সুদীপ্তা দত্ত দাস
চৰ্ম ৰোগ বিশেষজ্ঞ, স্বাগত হাস্পতাল
মিশ্রিত ছাল হৈছে ত্বকৰ এটা অতি সাধাৰণ প্ৰকাৰ, য’ত মুখৰ কিছুমান অংশ তেলীয়া আৰু কিছুমান অংশ শুকান হয়। সাধাৰণতে টি-জন (নাক আৰু কপাল) তেলীয়া আৰু চিকচিকিয়া হয়। আনহাতে গাল আৰু অন্যান্য অঞ্চল শুকান বা টান অনুভৱ হয়।
কেনেকৈ চিনাক্ত কৰিব ?
মুখ ধোৱাৰ পিছত ৩০ মিনিট অপেক্ষা কৰক (কোনো প্রডাক্ট নলগাই)।
- টি-জোনত চিকচিকিয়া বা তেল ওলায়, কিন্তু গালত টান বা ফ্লেকি অনুভৱ হয়
- ব্রেকআউট (পিম্পল) প্ৰায়ে টি-জোনত হয়, আৰু ঋতু অনুসৰি ত্বক সলনি হয় (গ্ৰীষ্মত অধিক তেলীয়া, শীতত অধিক শুকান)।
- টি-জোন আৰু আশে-পাশে সৰু সৰু পৰ্ছ দেখা যায়।
পৰামৰ্শিত ট্ৰিটমেন্ট
হাইড্রাফেচিয়েলঃ অতি উত্তম কম্বিনেচন স্কিনৰ বাবে। ইয়াত ক্লিনজিং, এক্সফলিয়েচন, এক্সট্ৰেকচন আৰু হাইড্ৰেচন একেলগে হয়। তেল নিয়ন্ত্ৰণ কৰে আৰু শুকান অংশক মইশ্বৰাইজ কৰে। ৩-৪টা ছেছন (মাহেকীয়া) লওক ।
কোমল মেডি ফেচিয়েলঃ ৩-৪ সপ্তাহৰ মূৰে মূৰে, ত্বকক বেলেঞ্চ কৰে।
হাইড্রেটিং মাস্কঃ সাপ্তাহিক, শুকান অংশক ভাল কৰে।
ছানস্ক্ৰীনঃ প্ৰতিদিনে আৰু প্ৰতি ২-৩ ঘণ্টাত ৰি-এপ্লাই কৰক ৷
পর্যাপ্ত পানীঃ পর্যাপ্ত পানী খোৱা আৰু সুষম খাদ্য। নন-কমেড’জেনিক প্রডাক্ট ব্যৱহাৰ কৰক।
দৈনন্দিন যত্নৰ টিপছ
- সুষম হাইড্ৰেচন : লাইটৱেট মইশ্বৰাইজাৰ ব্যৱহাৰ কৰক (জেল- বেচড্ টি-জোনত, ক্রীম-বেচড্ গালত)।
- অতিৰিক্ত তেল নিয়ন্ত্ৰণ কৰক, কিন্তু অ’ভাৰ-ড্রাই নকৰিব।
- নন-কমেড’জেনিক মানে প্রডাক্ট বাছক।
- অত্যধিক সুগন্ধি থকা প্রডাক্ট এৰাই চলক।
- হেভী বা অইলী প্রডাক্ট পৰিহাৰ কৰক ।
- ৰাতি মেকআপ আঁতৰাই লওক ।
- নিয়মিত ৰুটিন মানি চলক ।
- মৌখিক এন্টিঅক্সিডেন্ট (ভিটামিন C, E) লওক।
- ক্লিনিকেল এক্সফলিয়েচন নিয়মিত কৰক।
এইবোৰ টিপছ মানি চলিলে ত্বক বেলেঞ্চড্ আৰু গ্ল’ইং হ’ব। যদি সমস্যা বেছি হয়, ডার্মাট’লজিষ্টৰ পৰামৰ্শ লওক ।
Comments are closed, but trackbacks and pingbacks are open.