শিখা ডি হালালকা
চিনেমা আজিকালি কেৱল এক মনোৰঞ্জনৰ মাধ্যম হৈ ৰৈ যোৱা নাই, চিনেমা হৈ পৰিছে সমাজক সত্য-অসত্যৰ জ্ঞান দিয়া তথা সঠিক দিশত আগুৱাই লৈ যোৱা এক অতি শক্তিশালী আৰু জনপ্রিয় মাধ্যম। নিয়মিত কিতাপ, কাগজ নপঢ়া লোকসকলেও বিশেষকৈ জেন-জেড সকলেও কিন্তু চিনেমাৰ প্ৰতিটো খবৰ ৰাখে, চিনেমা চাই হাঁহে, চিনেমা চাই কান্দে ৷ এক সমীক্ষামতে, চিনেমাৰ দৰ্শকৰ ষাঠি শতাংশ দর্শক নতু প্ৰজন্মৰ। ইয়ৰ বিপৰীতে কাকত আলোচনী নিয়মিত পঢ়ে মাত্র ওঠৰ শতাংশই আৰু মাহত বা বছৰেকত কিতাপ আলোচনীৰ পাত লুটিওৱা জেন-জেডৰ সংখ্যা চল্লিশ শতাংশ। কিমান ভয়লগা পৰিসংখ্যা নহয়নে? কিন্তু চিনেমাৰ দ্বাৰা এই ছবিখনৰ পৰিৱৰ্তন সম্ভৱ। সেয়ে কৈছোঁ চিনেমা এক শক্তিশালী মাধ্যম।
পিছে চিনেমা মনোৰঞ্জনৰ মাধ্যম হ’ল কেনেকৈ ? পৃথিৱীৰ প্ৰথমখন ব্যৱসায়িক চিনেমা ২৪ ডিচেম্বৰ ১৮৯৫ চনত ফ্ৰান্সৰ পেৰিছত Auguste and Louis Lumiere বন্ধুদ্বয়ে প্ৰদৰ্শন কৰিছিল। আৰু ৰীলৰ পৃথিৱীলৈ অহাৰ পূৰ্বে বিশ্ববাসী ব্যস্ত আছিল পুতলা নাচ, চাৰ্কাছ, যাদুখেল, থিয়েটাৰ আৰু ফটোগ্ৰাফীৰ দৰে অন্যান্য মনোৰঞ্জনমূলক অনুষ্ঠানসমূহ উপভোগ কৰাত ।
১৯১৩ চনত ভাৰতৰ জনতাই প্রথম নিজৰ চিনেমা পায় ৰজা হৰিশ্চন্দ্ৰৰ ৰূপত। যিখন আছিল এখন নির্বাক চলচ্চিত্র। দাদা চাহেব ফাল্কেই এই ছবিখনৰ জৰিয়তে বর্ণিল ভাৰতীয় ছবিৰ ধাৰাটোৰ ভেটি স্থাপন কৰিছিল । প্রথম ভালেমান বছৰ ভাৰতীয় চিনেমা পৌৰাণিক গল্প আখ্যানসমূহৰ ওপৰত আধাৰিত আছিল। ইংৰাজৰ স্বৈৰাচাৰী শাসনত দিগবিদিক হেৰুওৱা জনতাই চিনেমাৰ মাজেদিয়েই নতুনৰ স্বাধীন চিন্তাৰ সোৱাদ পাবলৈ লৈছিল। নতুনকৈ চিন্তা কৰিবলৈ শক্তি পাইছিল। মাদাৰ ইণ্ডিয়া, শ্বোলে আদি চিনেমাই দিয়া সামাজিক বার্তা খুব শক্তিশালী।
ভাৰতীয় চিনেমাক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱা এজন ক্ষণজন্মা পৰিচালক আছিল সত্য জিৎ ৰায় । তেওঁৰ পথেৰ পাঁচালী, অপুৰ সংসাৰ, চাৰুলতা আদি ছবিসমূহ মানৱ জীৱনৰ দুখ-দৈন্য, সংঘাতক অতি শান্তভাৱে ৰূপালী পৰ্দাত প্রদর্শন এক কথাত বাস্তৱধৰ্মী চিনেমা।
বিশ্ব চিনেমাৰ প্ৰেক্ষাপটত কেইখনমান বিশেষ চিনেমাৰ কথা উল্লেখ কৰিবই লাগিব । লাইফ ইজ বিউটিফুল, বাইচাইকেল থিফছ, দ্য গড ফাদাৰ, দ্য শ্বছাক ৰিডেমচন আদি চিনেমাৰ যি আপীল বা বিশ্বজনীন প্ৰভাৱ, সেয়া যুগে যুগে একেই আছে। বিশ্বৰ আগশাৰীৰ বিশ্ববিদ্যালয় সমূহত জনসংযোগ তথা ছবি পৰিচালনা, তথ্য চিত্ৰ পৰিচালনা আদিৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলক এইসমূহ চিনেমাৰ উদাহৰণ দিয়া হয়। আকিৰা কুৰ’ছাৱাৰ ৰেছ’মান ফ্ৰান’ইছ ট্ৰাফাৰ্টৰ দ্য ৪০০ ব্ল’ছ আদি চিনেমাৰ কথা কি ক’ম? আৰু টাইটানিক নোচোৱা মানুহ আছেনে কোনোবা।
কেৱল পৰিচালক কিম্বা কাহিনীয়ে নহয়, চিনেমেট’গ্রাফী বর্তমান চিনেমাৰ এক অতি সাংঘাতিক দিশ। ব্লেড ৰানাৰ ২০৪৯, ইনচে পচন, অৱতাৰ, দ্য মেট্রিক্স আদি ছবিত হলীউডৰ পৰিচালকে ভিএফএক্সৰ যোগেদি যি ইতিহাস সৃষ্টি কৰিছে, সেই কথা অইন এদিনলৈ থ’লোঁ।
কিছুমান চিনেমাত কাহিনীয়েই নায়ক । না বাজেট, না নামী-দামী অভিনেতা, কেৱল কাহিনী । উদাহৰণ টুৱেলভ এংগ্ৰী মেন, পেৰাছাইট আৰু ড্রাছহাইম— এই তিনিখন ছবিত কাহিনী আৰু ইয়াৰ কাহিনী কথন কি সাংঘাতিক। ছাছ পঞ্চে শেষ মুহূৰ্তলৈকে আপোনাৰ কিছু নেৰিব । এনেবোৰ ছবি কেৱল ছবি হৈ নাথাকে, ই হৈ পৰে চিনেমাৰ এটা নিৰ্দিষ্ট ধাৰাৰ পথ প্ৰদৰ্শক।
চাইক’ল’জিকেল, ফিয়েৰ, এটম’ছফিয়ে ছাইলেঞ্চ— এই তিনিটা উপাদান থকা চিনেমাও আছে। জনপ্রিয়ভাৱে যাক আমি জানো হৰৰ্ চিনেমা বুলি। খুব ডিষ্টার্বিং আৰু ৰিয়েলিষ্টিকভাৱে বনোৱা এইসমূহ ভৌতিক ছবি সকলো দৰ্শকৰ বাবে নহয়। এইসমূহ ছবিৰ আছে এচাম বেলেগ দর্শক। আৰু এনে ছবি নিৰ্মাণ কৰাত থাইলেণ্ড, ভিয়েটনামৰ পৰিচালকৰ তুলনা নাই। উল্লেখ কৰিম পৰিচালক বাৰয়ং, পিচান থানাকুন শ্বাটাৰ, দ্য মিডিয়াম, পৰিচালক না হং জিনৰ দ্য ৱেটিং জাপানী ছবি পৰিচালক ক’জি শ্বিৰাইছিৰ ন’ৰই, দ্য কাৰ্ছ, ইণ্ডোনেছিয়ান পৰিচালক জ’ক’ আনৱাৰৰ অতি সংবেদনশীল হিউমেন হৰৰ ছবি ইম্পেটিগ’ৰ।
এইখিনিতে উল্লেখ কৰিম যে কুব বিকট শব্দ, গান, ভয়লগা ছাউণ্ড এফেক্ট ব্যৱহাৰ কৰি হলীউড, বলীউডত ভৌতিক চিনেমা বনোৱা হয়, যাৰ বাবে ই দর্শক টানিব নোৱাৰে। ইয়াৰ বিপৰীতে এছিয়ান হৰৰ বহুত বেলেগ, য’ত হলীউড, বলীউডে জোৰ-জবৰদস্তি ভয় খুৱাবলৈ চেষ্টা কৰে। এছিয়ান হৰৰ ছবিসমূহে দৰ্শকক ভয় উপলব্ধি কৰোৱায় ৷ পার্থক্য সিমানেই।
শেষত কওঁ নাচ-গান, প্রেম-বিচ্ছেদ আদি ধাৰণাসমূহ এতিয়া বলীউডত অচল। দর্শকে বাস্তৱধৰ্মী ছবি, ভিএফএক্স, ছাউণ্ড এফেক্ট, সুন্দৰ চিনেমেট’গ্ৰাফী বিচাৰে। যাৰ বাবে বলীউড সলনি হ’বলৈ বাধ্য হৈছে। লগতে অ’টিটি প্লেটফর্মে বলীউডৰ ষ্টাৰসকলৰ মসৃণ ষ্টাৰ্ডমলৈ ভাবুকি আনিছে। সেয়ে বলীউডত জন্ম হৈছে বহুতো এনে ছবি, যিসমূহ বিষয়, কাহিনী কথন, ভিএফএক্স সকলোতে প্ৰশংসাৰ পাত্ৰ ৷ তেনে কেইখনমান ছবি হৈছে— অন্ধাধুন, জামড আর্টিকল-১৫, টুৱেলভ ফেইল আৰু শেষত পৰিচালক আদিত্য ধৰৰ ধুৰন্ধৰৰ কথা নিলিখিলে হ’ব জানো ?
চিনেমা কেৱল কাহিনী নহয়, বহুত সময়ত ই হৈ পৰে অনুভৱ। ৰ’জাৰ ইবাৰ্টৰ ভাষাত — ‘Movies are like a machine that generates Empathy’।
চিনেমা চাই থাকিব ।
Comments are closed, but trackbacks and pingbacks are open.