জীৱ-বৈচিত্ৰ্য সংৰক্ষণ আৰু গ্ৰীণ হাব ফেল’শ্বিপ

38

পংকজ কুমাৰ নেওগ

অসমৰ ৰিপু ৰিজাৰ্ভ ফ’ৰেষ্টৰ কাষত বাস কৰা জনগোষ্ঠীসমূহৰ বাবে বনাঞ্চলখন এটা প্রিয় সন্তানৰ দৰে— যিখনক তেওঁলোকে বছৰ বছৰ ধৰি বাঢ়ি অহাৰ লগতে পৰিৱৰ্তিত আৰু সমৃদ্ধ হোৱা দেখি আহিছে। ২০২১ চনত এই জীৱ-বৈচিত্র্য সমৃদ্ধ বনাঞ্চলসমূহক ৰাইমনা জাতীয় উদ্যানৰূপে ঘোষণা কৰা হয় ৷ অসমৰ এই ষষ্ঠ জাতীয় উদ্যানখন ৪২২ বর্গকিলোমিটাৰ বিস্তৃত আৰু ১৫০টাতকৈয়ো অধিক পখিলা প্রজাতি, ঢেঁকীয়াপতীয়া বাঘ, ক্লাউডেড নাহৰফুটুকী, গৌৰ (ভাৰতীয় বাইছন), আৰু ফুটুকী হৰিণৰ বাসস্থান । এই মাইলৰ খুঁটিৰ পশ্চাত্ত ৩৫ বছৰীয়া টুনু বসুমতাৰী নামৰ স্থানীয় লোক এজনৰ এটা কম পৰিচিত স্থানীয় আন্দোলন জড়িত হৈ আছে। এই যুৱকজনে নিজৰ ঘৰ বুলি শৈশৱৰে পৰা পৰিচিত অৰণ্যখনক ৰক্ষা কৰিবলৈ নিজৰ সম্প্ৰদায়ৰ লোকসকলক একত্ৰিত কৰিছিল৷ অৰণ্যৰ প্রতি টুনুৰ শ্ৰদ্ধা অতি গভীৰ আৰু তেওঁৰ শৈশৱৰ বহুতো স্মৃতি অৰণ্যৰ সৈতে জড়িত হৈ আছে। ‘আমি সৰু হৈ থাকোঁতে ইয়াত বহুতো সোণালী বান্দৰ আৰু বনৰৌ দেখা পাইছিলো’— তেওঁ মনত পেলায়। বছৰ বছৰ ধৰি জীৱ-জন্তুসমূহৰ সংখ্যা হ্ৰাস পোৱা পৰিস্থিতি আছিল অতি হৃদয়বিদাৰক, চোৰাং চিকাৰ এটা ডাঙৰ ভাবুকিৰূপে দেখা দিছিল। কিন্তু টুনু দৃঢ়বিশ্বাসী আছিল যে তেওঁ আৰু তেওঁৰ প্ৰজন্মই এই চোৰাং চিকাৰ বন্ধ কৰিব পাৰিব। দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতে তেওঁ পশ্চিম অসমৰ বনাঞ্চলত স্থানীয়ভাৱে বিপন্ন প্ৰজাতি সোণালী বান্দৰ আৰু অত্যন্ত বিপন্ন হিচাপে তালিকাভুক্ত চীনা বনৰৌ সংৰক্ষণৰ বাবে উৎসর্গিত এটা যুৱ আন্দোলনত যোগদান কৰে।

টুনুৱে কয় যে বনাঞ্চল সুৰক্ষিত কৰিবলৈ তেওঁলোকে ২০০৬ চনত এই কাৰ্যসূচী হাতত লয়। তেওঁ জনায় যে অবৈধ পশু চিকাৰ ৰোধ কৰিবলৈ বন বিভাগক আগবঢ়োৱা সাহায্যৰ বাবে প্ৰতিজন যুৱকক মাহে কেইহাজাৰ্মান টকা ষ্টাইপেণ্ড হিচাপে দিয়া হৈছিল। মাত্ৰ কেইজনমান যুৱকৰ সৈতে আৰম্ভ হোৱা এই দল শীঘ্ৰে ২০০জনীয়া সেনা বাহিনীলৈ পৰিণত হয়। বছৰ বছৰ ধৰি টুনু আৰু তেওঁৰ দলৰ কার্যকলাপ লোকচক্ষুৰ আঁৰত আৰু সংৰক্ষণৰ আর্কাইভত এটা ফুটনোট হৈ ৰৈছিল আৰু তেনে সময়তে তেওঁলোকৰ দলৰ সংৰক্ষণৰ কথা প্ৰচাৰ কৰিবলৈ টুনুক এটা কেমেৰা প্ৰদান কৰা হয়। কেমেৰাই টুনুৰ নিঃশব্দ হৃদয়ৰ কাহিনীবোৰ এটা শব্দ ভাণ্ডাৰলৈ পৰিণত কৰিবলৈ সক্ষম হ’ল। কেমেৰাৰ প্ৰতিটো শটৰ সৈতে তেওঁ যেন অৰণ্যখনক ভালকৈ বুজিবলৈ ধৰিলে। প্রান্তীয় সম্প্ৰদায়ৰ তৰুণসকলক তেওঁলোকৰ সংৰক্ষণৰ কাহিনী নথিভুক্ত কৰিবলৈ উৎসাহিত কৰাৰ এই সুন্দৰ ধাৰণাৰ আঁৰত আছে ‘গ্রীনহাব।’ ২০১৪ চনত ভাৰতৰ অন্যতম প্রধান পৰিৱেশগত চলচ্চিত্র নির্মাতা আৰু ‘অশোক ফেলো’ ৰীতা বেনাৰ্জীৰ ধাৰণাৰ ওপৰত গ্ৰীনহাব প্রতিষ্ঠা কৰা হয় । শ্রীমতী বেনাৰ্জীৰ তিনিখন পাণ্ডা পুৰস্কাৰপ্ৰাপ্ত (প্রাকৃতিক বিশ্বগল্প কোৱাৰ বাবে আন্তর্জাতিকভাৱে স্বীকৃত পুৰস্কাৰ আৰু ‘গ্রীন অস্কাৰ’ ৰূপে পৰিচিত) চিনেমা আছে। গ্রীনহাবে বিশ্বাস কৰে যে আক্ষৰিক আৰু ৰূপক অৰ্থত জীৱ-বৈচিত্ৰ্য সংৰক্ষণৰ বাবে সমস্ত গাঁও এখনৰ আৱশ্যক। ‘সংৰক্ষণৰ বিষয়ে কোনোবা এজনৰ ডাঙৰ ধাৰণা থাকিব পাৰে, কিন্তু ইয়াক সম্ভৱ কৰিবলৈ প্ৰয়োজনীয় কামত বহুত মানুহৰ প্রয়োজন হয়। মানুহৰ সেই বৃহৎ শক্তি সৃষ্টি কৰাৰ ধাৰণাৰে গ্রীনহাব আৰম্ভ কৰা হৈছিল’— তেওঁ মন্তব্য কৰে। চলচ্চিত্ৰৰ মাধ্যমেৰে সংৰক্ষণৰ বিষয়ে নিজস্ব ধাৰণা তৈয়াৰ কৰা ৰীতাই একে ধৰণৰ পদক্ষেপ ল’বলৈ আগ্রহী আছিল। ‘ভিডিঅ হ’ল পৰ্যবেক্ষণৰ এটা উৎকৃষ্ট সঁজুলি। অৱশ্যে শুটিং কৰিবলৈ ক্ষেত্ৰলৈ গৈ চৌপাশ প্ৰত্যক্ষ কৰিব লাগিব। ই হ’ল শিক্ষণৰ এটা সুন্দৰ আহিলা’— তেওঁ উল্লেখ কৰে।

গ্রীনহাব প্ৰ’গ্ৰামটো নৰ্থ ইষ্ট নেটৱৰ্ক (এন ই এন) আৰু ডাষ্টি ফুট প্ৰডাকচনছ (ডি এফ পি)ৰ এটা সহযোগিতামূলক উদ্যোগ আৰু এবছৰৰ ফেল’শ্বিপৰ ওপৰত ভিত্তি কৰি ডিজাইন কৰা হৈছে। ই উত্তৰ-পূব ভাৰতৰ যুৱকসকলক চিত্ৰগ্ৰহণ, সম্পাদনা আৰু গল্প কোৱাৰ প্ৰযুক্তিগত আৰু সৃষ্টিশীল দিশসমূহত প্ৰশিক্ষণ দিয়ে আৰু তেওঁলোকৰ ভূমি, জনসাধাৰণ আৰু তেওঁলোকৰ প্ৰজন্মৰ জ্ঞানৰ অকথিত কাহিনীসমূহক জীৱন্ত কৰি তোলাত সহায় কৰে। এই কাহিনীবোৰে মনোযোগ দিয়াৰ উপযুক্ত বুলি বিবেচিত বিষয়সমূহক প্ৰত্যাহ্বান জনোৱাৰ লগতে পুনৰ সংজ্ঞায়িত কৰিছে। এই ফেল’শ্বিপৰ এজন অন্যতম হিতাধিকাৰী হ’ল নাগালেণ্ডৰ অৱক্ষয়ী ঝুমখেতিৰ মাটি পুনৰুদ্ধাৰ আৰু সম্প্রদায়-চালিত পৰিৱেশ-পুনৰুদ্ধাৰৰ জৰিয়তে লুপ্তপ্রায় বন্য প্ৰাণীক পুনৰুজ্জীৱিত কৰাৰ নেতৃত্ব গ্ৰহণ কৰা প্রাক্তন চিকাৰী ৱানমেই ক’ন্যাক। আনহাতে উত্তৰ ছিকিমৰ এটা সম্প্রদায়-মালিকানাধীন যাদুঘৰ ‘ছুংছালী’ৰ কাহিনী আছে যি লেপচা লোকসকলৰ সমৃদ্ধ সংস্কৃতি আৰু পৰিৱেশগত জ্ঞানক উদযাপন আৰু নথিভুক্ত কৰিছে। ই এনেধৰণৰ প্ৰথম যাদুঘৰ আৰু নিজৰ বিলুপ্ত জনজাতিৰ ঐতিহ্য সংৰক্ষণত সহায় কৰিবলৈ শীলা লেপচাই নিৰ্মাণ কৰে। কেমেৰা তথা গ্রীনহাব দলৰ প্ৰযুক্তিগত জ্ঞানে তেওঁক চুংছালীৰ কাহিনী বিশ্বৰ সন্মুখলৈ নিবলৈ সহায় কৰিছে। প্ৰতিখন তথ্যচিত্রই এনে এখন বিশ্বক তুলি ধৰিছে য’ত জনজাতীয় কাহিনী আৰু সংৰক্ষণ প্রচেষ্টা একেলগে পৰিলক্ষিত হয় ।

অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ যুৱনেতা চাজো লোৱাং আৰু চাৰা খোংছাইয়ে চিকাৰ আৰু বনাঞ্চল ধ্বংস সম্পর্কে সচেতনতা বৃদ্ধিৰ বাবে এখন অনন্য গ্রন্থত স্থানীয় বন্যপ্ৰাণীৰ সৈতে নক্তে জনজাতিৰ লোককাহিনী একত্রিত কৰিছে আৰু অসমৰ বাক্সা জিলাৰ ৰঞ্জালু বসুমতাৰীয়ে সচেতনতামূলক অভিযান আৰু ফ্লোৰিকান-বান্ধৱ খেতিৰ দ্বাৰা বঙ্গৰ বিপন্ন ফ্লোৰিকান (এবিধ সৰু প্ৰজাতিৰ চৰাই)ক ৰক্ষা কৰিবলৈ তৃণমূল পৰ্যায়ত এটা যুৱ আন্দোলন গঢ়ি তুলিছে। প্ৰতিটো কাহিনীয়ে প্ৰকৃতিৰ প্ৰতি গভীৰ প্ৰতিশ্ৰুতি আৰু ভালপোৱা প্ৰতিফলিত কৰে। নাগালেণ্ডৰ নোকলাক জিলাত নির্মিত এখন চলচ্চিত্ৰত থাংছোই এম খাইমনিউংগান নামৰ এজন যুৱকে স্থানীয় তৰুণসকলে কি ধৰণে বনাঞ্চল পুনৰুদ্ধাৰ কৰাৰ লগতে জীৱ-বৈচিত্র্য ৰেকৰ্ড কৰিছে আৰু হুলক গিবন প্রজাতিক সুৰক্ষা দিছে সেই কথা নথিভুক্ত কৰিছে। এইখিনিতে মেঘালয়ৰ আন এখন চলচ্চিত্ৰৰ কথা আৰু খাছী প্রকৃতিবিদ জিইছ গাছাহৰ কথা উল্লেখ কৰিব পাৰি। এইগৰাকী প্রকৃতিবিদে নাগৰিক বিজ্ঞানত গুৰুত্বপূৰ্ণ তথ্য প্ৰদান আৰু কৰিমগঞ্জৰ অৰণ্যসমূহ নথিভুক্ত কৰাৰ সময়ত যুৱক-যুৱতীসকলক অনুপ্রাণিত কৰিবলৈ বনৰীয়া চৰাইক সিহঁতৰ প্ৰাকৃতিক পৰিৱেশত নিৰীক্ষণ কৰা শিকোৱাৰ লগতে ফটোগ্রাফীও ব্যৱহাৰ কৰে। এই সকলো দৃশ্যই যুৱ পৰিৱৰ্তনকাৰীসকলে স্থানীয় জীৱ-বৈচিত্র্যক কিদৰে পুনৰুজ্জীৱিত কৰিছে আৰু এই সমূহৰ অভিভাৱকৰূপে নিজকে প্ৰতিষ্ঠা কৰিছে তাকে প্ৰকাশ কৰিছে।

প্ৰতিবছৰে ডিচেম্বৰৰ পৰা মাৰ্চলৈকে ৰীতা বেনাৰ্জী আৰু গ্রীনহাবৰ দলটোৱে ফেল’শ্বিপৰ বাবে আবেদন গ্রহণ কৰে। অসংখ্য প্ৰাৰ্থীৰ মাজৰ পৰা ২০ জন উপযুক্ত যুৱক বিচাৰি উলিওৱা এটা দুৰূহ কাম কিন্তু নেশ্যনেল জিঅ’গ্রাফিক- চিএমএছ ‘পৃথ্বী ৰত্ন’ বঁটা বিজয়ী ৰীতাই তেওঁ কি বিচাৰে সেই কথা জানে। তেওঁ এই প্রক্রিয়াটোৰ সম্পর্কে বিশদভাৱে এইদৰে কয়— ‘আমি বহুতো আবেদনপত্র লাভ কৰোঁ, উত্তৰ-পূব অঞ্চলসমূহৰ পৰাই আমি প্রায় ২০০-২৫০ আবেদন লাভ কৰোঁ। আবেদনৰ সময়ছোৱাত আমি আঞ্চলিক সংবাদপত্ৰ আৰু সহযোগী নেটৱৰ্কসমূহৰ জৰিয়তে ভিতৰুৱা আৰু দূৰৱৰ্তী অঞ্চললৈ যাব চেষ্টা কৰোঁ। আমাৰ লক্ষ্য হ’ল সর্বাধিক লোকে যাতে ফেল’শ্বিপৰ বিষয়ে জানিব পাৰে। সময়ৰ লগে লগে আমি কোনো নেটৱৰ্ক নথকা এই স্থানসমূহ পৰিদৰ্শন কৰা আৰম্ভ কৰোঁ। ইয়াৰ পাছত ফোন সাক্ষাৎকাৰৰ ভিত্তিত ৮০ জন লোকক প্ৰাৰম্ভিকভাৱে নিৰ্বাচিত কৰা হয়।’ এই ফেল’শ্বিপৰ বাবে নির্বাচিত হ’বলৈ কি কি গুণৰ আৱশ্যক বুলি সোধা এটা প্ৰশ্নত ৰীতা বেনাৰ্জীয়ে কয় যে প্ৰাৰ্থীৰ নিজৰ মাটিৰ প্ৰতি আৱেগ থকা অতি আৱশ্যক।‘কোনোবা এজন প্রার্থীয়ে হয়তো কোনোদিনে স্কুলৰ মুখ দেখা নাই, সেইটো ডাঙৰ কথা নহয়। কেমেৰা ব্যৱহাৰ কৰিবলৈ জনাৰো দৰকাৰ নাই। এই যুৱক-যুৱতীসকলে ফেল’শ্বিপৰ বাবে আবেদন জনোৱা শক্তিশালী কাৰণবোৰলৈহে আমি চকু দিওঁ। আমি তেওঁলোকৰ দৃষ্টিভংগী বুজিবলৈ চেষ্টা কৰোঁ— তেওঁ কয়। প্রকৃতিক বচাবলৈ নিজৰ সম্পদৰাজিৰ তদাৰক কৰা যুৱশক্তিৰহে সদায় প্রয়োজন আছে।

‘মিজোৰামৰ ডাম্পাঃ বাঘবিহীন এখন বাঘ সংৰক্ষণাঞ্চল’— এই শিৰোনামটো ফ্রন্টলাইন আলোচনীখনত প্ৰকাশ পাইছিল। প্রতিবেদনখনত উল্লেখ কৰা হৈছিল যে প্রায় দুবছৰ ধৰি এই অভয়াৰণ্যখন বাঘহীন হৈ আছে আৰু চোৰাং চিকাৰেই ইয়াৰ বাবে দায়ী। মিজোৰামৰ এগৰাকী পক্ষী বিশেষজ্ঞ আৰু বন্যপ্ৰাণী চলচ্চিত্ৰ নিৰ্মাতা লালভোহিকাই চোৰাং চিকাৰ ৰোধ কৰিবলৈ ডাম্পা টাইগাৰ ৰিজাৰ্ভৰ আশে-পাশে থকা গাঁওবোৰৰ সৈতে কাম কৰা আৰম্ভ কৰিছে আৰু অৰণ্য তথা প্ৰকৃতিৰ মাজেৰে পদযাত্রা, পক্ষী পৰ্যবেক্ষণ আৰু বিৰল প্ৰজাতিৰ ডকুমেন্টেচনৰ জৰিয়তে জীৱ-বৈচিত্র্য সম্পর্কে সচেতনতা বৃদ্ধি কৰিবলৈ প্ৰচেষ্টা চলাইছে। ইক’-টুৰিজিমৰ এই অনুভূতিক পশ্চিম ছিকিমৰ ভিতৰুৱা গাঁও চোংগ্ৰীৰ দাৱা চাংপো ভুটীয়ায়ো জনপ্ৰিয় কৰি তুলিছে। দাৱা ভুটীয়া য়াক-পালনকাৰী সম্প্ৰদায়ৰ সদস্য আৰু ইয়ামবং ইক’-টুৰিজিম কমিটীৰ মাধ্য মেৰে তেওঁ পৰম্পৰাগত জীৱনশৈলী সংৰক্ষণ, পৰিৱেশ-পৰ্যটন প্ৰসাৰ আৰু সম্প্রদায়-নেতৃত্বাধীন আৱৰ্জনা ব্যৱস্থাপনা আৰু বহনক্ষমতাৰ প্ৰয়াস কৰিছে। গ্রীনহাবৰ দ্বাৰা সমর্থিত তেওঁলোকৰ তথ্যচিত্ৰৰ মাধ্যমেৰে দাৱা আৰু লালভোহিকাৰ দৰে যুৱকসকলে তেওঁলোকৰ জনজাতিৰ লোকসকলক কৰ্তব্যৰ কথা সোঁৱৰোৱাৰ লগতে নিজৰ চাহিদাৰ বিনিময়ত প্ৰকৃতিৰ যাতে কোনো হানি-বিঘিনি নঘটে তাৰ বাবে আবেদন জনাইছে।

তৰুণসকলৰ প্ৰচেষ্টা বাস্তৱ জগতৰ প্ৰভাৱলৈ ৰূপান্তৰিত হোৱা প্ৰত্যক্ষ কৰি ৰীতা বেনাৰ্জী আৰু তেওঁৰ দল আজি অতি সুখী। ইয়াৰ প্ৰমাণ হ’ল বনৰৌ আৰু সোণালী বান্দৰ বচোৱাৰ লক্ষ্যৰে পৰিচালিত টুনু বসুমতাৰীৰ ছলনামূলক টহল আৰু অভিযানৰ কাহিনীসমূহ। প্রতিবেদনসমূহে ইংগিত দিয়ে যে পৰৱৰ্তীকালত সোণালী বান্দৰৰ সংখ্যা বৃদ্ধি পাইছে। প্রথম জৰীপত (ডিচেম্বৰ ২০০৬ ৰ পৰা জানুৱাৰী ২০০৭লৈ) ৪৭৪ ৰ পৰা পৰৱৰ্তী জৰীপ (২০২০-২০২১) লৈ ৭,৩৯৬ টা বান্দৰ নথিভুক্ত হয়। প্রান্তীয় সম্প্রদায়ৰ যুৱকসকলৰ বাবে এই কর্মসূচী গুৰুত্বপূৰ্ণ হৈ উঠিছে। ৰীতা বেনাৰ্জীয়ে ন দি কয় যে প্রশিক্ষণ বা এক্সপ’জাৰৰ কোনো সুবিধা নোপোৱা যুৱক-যুৱতীসকলহে তেওঁলোকৰ টার্গেট। এই আৱাসিক ফেল’শ্বিপৰ দ্বাৰা সম্প্রদায়সমূহক তেওঁলোকৰ দৃষ্টিভংগীৰে স্পষ্টকৈ বুজিবলৈ সুবিধা হৈছে।

‘আমাৰ পাৰস্পৰিক সম্পৰ্ক কেৱল কথা- বতৰাৰে নহয় বৰং তেওঁলোকে কৰা চলচ্চিত্ৰবোৰৰ মাধ্যমেৰেহে হয়। ফিল্ডৰ পৰা ফুটেজ লৈ উভতি অহাৰ পাছত আমি তেওঁলোকক প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়াওঁ। সেইখিনি সময়তে আমি তেওঁলোকৰ বিষয়ে শিকোঁ আৰু তেওঁলোকেও আমাৰ বিষয়ে শিকে। এই কথোপকথনবোৰ হ’ল দিক্ পৰিৱৰ্তনকাৰী। বহুতো যুৱক-যুৱতীয়ে ভাবে যে তেওঁলোকৰ জ্ঞান যথেষ্ট নহয় কিন্তু যেতিয়া তেওঁলোকে বহি ফুটেজবোৰ চায়— খেতিৰ ধৰণ, খেতিৰ পৰিপক্ক শস্য, কিছুমান বিশেষ চৰাইৰ আগমন আৰু এইবোৰে কিদৰে একোটা ঋতুৰ আগমনৰ ইংগিত দিয়ে— তেতিয়া তেওঁলোকে নিজৰ জ্ঞানৰ বাবে প্রশংসা দেখা পাবলৈ আৰম্ভ কৰে। তেতিয়াই তেওঁলোকে উপলব্ধি কৰে যে তেওঁলোকে জনাখিনিও যথেষ্ট মূল্যৱান’— ৰীতা বেনাৰ্জীয়ে কয়। এই তথ্যচিত্ৰবোৰে তুলি ধৰা আটাইতকৈ ডাঙৰ শিক্ষাটো হ’ল পৃথিৱীখনক নতুনকৈ সজাবলৈ প্ৰথমে নিজৰ কল্পনাশক্তিক নতুনকৈ জগাব লাগিব আৰু ইয়াৰ বাবে কেতিয়াবা এটা কেমেৰাৰহে প্ৰয়োজন।

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.