সুখী হোৱাৰ মন্ত্ৰ

39

নিশা ভূঞা

জীৱনৰ অন্য এক নামেই হৈছে সংগ্রাম। জীৱ এটি জীয়াই থাকিবৰ বাবে বা জীৱন এটি যাপন কৰিবৰ বাবে প্রতিদিনে, প্রতিপলেই যে সংগ্রাম কৰিবই লাগিব, সেই কথা ধুৰূপ। যিদৰে কীট-পতংগই অহৰহ নিজকে সুৰক্ষিত ৰাখিবলৈ অৰ্থাৎ জীয়াই থাকিবলৈ, অন্য জীৱ-জন্তুৱে খাদ্য সন্ধানৰ মাজেৰে জীয়াই থাকিবলৈ সংগ্রাম কৰে, তেনেদৰেই জীৱশ্ৰেষ্ঠ মানুহেও নানান পৰিপন্থাৰে জীৱনটো ধৰি ৰাখিবলৈকে সংগ্রাম কৰে। নিশ্চিতভাৱেই মানুহৰ এই সংগ্ৰাম জগতৰ অন্য জীৱতকৈ পৃথক হয়। কেৱল জীৱনটো ৰক্ষা কৰিবৰ বাবেই নহয়, সুন্দৰভাৱে জীৱনটো গঢ়ি জীৱনৰ প্ৰতিপল উদ্যাপন কৰিবলৈ মানুহে অহৰহ চেষ্টা কৰে। সেয়েহে মানুহৰ সংগ্ৰাম কেৱল শাৰীৰিক নহয়, মানসিক ক্ষেত্ৰলৈও ই পৰিব্যাপ্ত। কোনো কোনো সময়ত জীৱন নামৰ এই সংগ্ৰামত প্ৰতিজন ব্যক্তিয়েই পৰাভূত হয়, কিছু ভাগি পৰে ৷ তথাপি কিন্তু জীৱন ৰৈ নাযায় । সেইবাবেই ব্যক্তিয়ে জীয়াই থকাৰ লগতে নিজকে সুখী আৰু অনুপ্ৰাণিত কৰাটো নিতান্তই জৰুৰী। ইয়াৰ বাবে প্ৰয়োজন হয় ধাৰাবাহিক প্ৰচেষ্টাৰ, যিহেতু সুখ আৰু অনুপ্ৰেৰণা হৈছে এক চলমান প্রক্রিয়া। নির্দিষ্ট কিছু কৌশল অৱলম্বন কৰি প্ৰতিজন ব্যক্তিয়েই জীৱনত সুখী হ’ব পাৰে।

এই দিশত ভিন্নজনে ভিন্ন মত পোষণ কৰাৰ লগতে ভিন্ন পৰামৰ্শও প্ৰদান কৰে যদিও কাচভি জিন্দালৰ চিন্তাধাৰাই বহুতৰে মন চুই যাবলৈ সক্ষম হৈছে। ভাৰতবৰ্ষৰ ইনভেষ্ট দ্য চেঞ্জ নামৰ গোটৰ প্ৰতিষ্ঠাপক তথা দ্য ইউথ প্লেটফৰ্মৰ সহঃ প্ৰতিষ্ঠাপক কাচভি জিন্দালে শেহতীয়াকৈ এক সাক্ষাৎকাৰত কৈছে যে জীৱনত সফল হ’বলৈ বা এক নির্দিষ্ট লক্ষ্য অর্জন কৰিবৰ বাবে প্রতিজন ব্যক্তিয়ে নিজকে অনুপ্ৰাণিত কৰাটো জীৱনৰ এক অন্যতম অংশ। এজন ব্যক্তিক মাৰ্জিত জীৱনধাৰা পৰিচালনা কৰাৰ ক্ষেত্ৰত সুখ আৰু অনুপ্ৰেৰণাই সহায় কৰে। সেয়েহে তেওঁ নিজকে সুখী আৰু অনুপ্ৰাণিত কৰিবৰ বাবে দৈনিক মুঠ পাঁচটি অভ্যাস গঢ়ি তোলাৰ পৰামৰ্শ দিছে। সেয়া হৈছে—

পুৱাৰ ৰুটিনঃ প্ৰতিজন ব্যক্তিয়েই সদায় পুৱা সোনকালে শুই উঠাৰ অভ্যাস গঢ়ি তুলিব লাগে। সপ্তাহৰ প্ৰতিদিনেই এই অভ্যাস মানি চলা উচিত। এই অভ্যাসৰ পৰাই শৰীৰ চৰ্চা কৰা, নিত্য নৈমিত্তিক কাম সমাধা কৰাৰ লগতে এক স্বাস্থ্যসন্মত পুৱাৰ আহাৰ গ্ৰহণ কৰাৰ স্বাস্থ্যসন্মত অভ্যাসো গঢ় দিয়ে। পুৱা সোনকালে শুই উঠাৰ অভ্যাসে দিনটোৰ বাবে মানুহ এজনক সুখী আৰু প্ৰাণৱন্ত হৈ থকাত সহায় কৰে। দিনটোৰ সকলো কাম প্রফুল্লিত হৈ কৰাত এই অভ্যাসে প্ৰেৰণা যোগায়।

মেডিটেচনঃ গোটেই দিনটোৰ ভিতৰত এজন ব্যক্তিয়ে অতিকমেও ১৫ মিনিট মেডিটেচন কৰা উচিত। মেডিটেচনে ব্যক্তিক মানসিক চাপৰ পৰা মুক্ত কৰি ৰাখে। তদুপৰি ই বিষণ্ণতা, নিৰাশা আদি দূৰ কৰি মন ইতিবাচক কৰি ৰখাত সহায় কৰে ।

স্বাস্থ্যসন্মত খাদ্যঃ শুনিবলৈ আচহুৱা হ’লেও এই কথা সত্য যে এজন ব্যক্তিক সুখী হৈ থকাত তেওঁৰ খাদ্যাভ্যাসেও যথেষ্ট সহায় কৰে। পুষ্টিকৰ খাদ্যই শৰীৰ সদায়ে ভালে ৰাখে । শৰীৰ ভালে থাকিলে বহু ক্ষেত্ৰত মনটোও ভালে থাকে। গৱেষণাৰ পৰা এই তথ্য পোহৰলৈ আহিছে যে অ’মেগা-৩ সমৃদ্ধ খাদ্যই ব্যক্তিৰ মস্তিষ্কত সুখী হৰমনৰ মাত্ৰা বৃদ্ধি কৰে। সেয়ে এনে খাদ্য আমাৰ দৈনিক খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰাটো অতি জৰুৰী।

নতুন লক্ষ্য নিৰ্ধাৰণঃ জীৱনৰ কোনো বৃহৎ সাফল্য লাভৰ বাবে এজন ব্যক্তিয়ে প্রতিদিনে নিজৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰা উচিত। প্ৰতিদিনৰ সেই লক্ষ্যসমূহত উপনীত হোৱাৰ বাসনা ব্যক্তিজনক তেওঁৰ সেই বৃহৎ সাফল্যৰ দিশে আগুৱাই যোৱাত সহায় কৰে, অনুপ্ৰাণিত কৰে। আৰু তাতেই লাভ কৰা যায় অপাৰ সুখ।

শিক্ষা লাভঃ বহু ব্যক্তিয়েই নিজকে জীৱনৰ এটা স্তৰৰ পিছত নিজকে এটা বিষয়তে সীমাবদ্ধ ৰাখে। তেওঁ সেই বিষয়ত নিজকে দক্ষ বুলি ভাবি লয়। পিছে এনে দৃষ্টিভংগী এক সুখী জীৱনৰ বাবে একেবাৰেই অনুচিত। প্রত্যেক ব্যক্তিয়েই সকলো সময়তে নতুন কিবা এটা শিকাৰ আগ্ৰহ মনত পুহি ৰাখিব লাগে, শিকিবলৈ চেষ্টা কৰিব লাগে। জীৱনত পুথিগত শিক্ষা লাভ কৰি ডাঙৰ ডাঙৰ ডিগ্রী লাভ কৰাই শেষ কথা নহয় । জীৱনত নতুন নতুন বিষয়, নতুন নতুন কথা শিকি থাকিলে ব্যক্তিৰ মন সদায়ে ইতিবাচক হৈ থাকে আৰু তেওঁ নিজেই যথেষ্ট অনুপ্রাণিত হোৱাৰ লগতে সুখীও হয়।

সুখী হ’বলৈ বিচৰা বা সুখী হৈ থকাটো মানুহৰ এক মানসিক স্তৰ বুলিও অভিহিত কৰিব পাৰি। বহু লাহ-বিলাসেও মানুহ ককেতিয়াবা সুখী কৰিব নোৱাৰে। কেতিয়াবা আকৌ দিনৰ দিনটো কঠোৰ হাড়ভগা শ্ৰম কৰিও দিনটোৰ অন্তত এজন ব্যক্তি কেতিয়াবা সুখী হ’ব পাৰে। এইক্ষেত্ৰত পৰিয়ালৰ লোক বা আপোনজনৰ ভূমিকাও অন্যতম। যদি অত্যধিক লাহ- বিলাস বা বৈষয়িক সুখে আৱৰি থকাৰ পিছতো এজন ব্যক্তিয়ে নিঃসংগ এক জীৱন কটাবলগীয়া হয় বা তেওঁ পর্যাপ্ত পৰিমাণে আপোনজনৰ সংগ লাভ নকৰে, তেওঁ কাহানিও প্রকৃতার্থত সুখী হ’ব নোৱাৰে । আনহাতে কিছু অভাৱৰ মাজত থাকিও যদি জীৱনটো নিজৰ পৰিয়াল- পৰিজন বা আপোনজনৰ সৈতে ভগাই ল’ব পাৰি, তেনে ক্ষেত্ৰত ব্যক্তি এজন জীৱনত সুখী আৰু অনুপ্ৰাণিত হোৱাটো ধুৰূপ। সেয়েহে নিজৰ একান্ত আত্মীয়সকল বা আপোনজনক সদায়ে সহৃদয়তাৰ বান্ধোনেৰে বান্ধি ৰাখিবলৈ চেষ্টা কৰিব লাগে। তেওঁলোকৰ সৈতে সময়বোৰ ভগাই ল’বলৈ চেষ্টা কৰা উচিত ৷

জীৱনত সুখী হৈ থাকিবৰ বাবেই অভিজ্ঞ বহুজনে বহু মত-পৰামৰ্শ আগবঢ়াইছে, যিয়ে বহুতকে সমৃদ্ধও কৰিছে। ফ্ৰ’জেন ফেন নামৰ গোটৰ সহঃ প্ৰতিষ্ঠাপক ভাসুকী পুঞ্জৰ এইক্ষেত্ৰত মতামতসমূহ মন কৰিবলগীয়া—

  • প্রতি নিশা নিশ্চিতভাৱে ৭-৮ ঘণ্টা শুব লাগে। কোনো কোনো ব্যক্তিয়ে নিজৰ কৰ্তব্যৰ খাতিৰত (অর্থাৎ কোনো অফিচৰ কাম, ব্যৱসায়িক কাম-কাজ আদি) নিশা উজাগৰে থাকিবলগীয়া হয়। সেয়া এক সম্পূর্ণ অন্য বিষয়। কিন্তু বর্তমান সময়ত বহুতে অকাৰণে নিশা উজাগৰে কটাই দিনত দেৰিলৈ শোৱাৰ অভ্যাস গঢ়ি তুলিছে। সেয়া মুঠেও এক স্বাস্থ্যসন্মত আৰু সুখী জীৱনৰ বাবে গ্রহণযোগ্য নহয়।
  • প্রতিদিনে ব্যায়াম কৰা উচিত। যিমান দূৰ সম্ভৱ, প্ৰকৃতিৰ সান্নিধ্যত সময় অতিবাহিত কৰিবলৈ চেষ্টা কৰিব লাগে। প্রকৃতি হৈছে প্ৰেৰণাৰ অনন্য আকৰ। সেয়েহে এই অভ্যাসে ব্যক্তিক যথেষ্ট অনুপ্ৰাণিত আৰু সুখী কৰি তুলিব পাৰে ।
  • জীৱনৰ সৰু সৰু জয়, সৰু সৰু সুখবোৰ উদ্যাপন কৰিব লাগে, লগতে নিজকে নিজৰ ইচ্ছা অনুসৰি পুৰস্কৃত কৰিবলৈ চেষ্টা কৰিব লাগে, যিয়ে জীৱনত আৰু আগুৱাই যাবলৈ অনুপ্ৰাণিত কৰে, নিজকে সুখী কৰি ৰাখে।
  • সদায়ে নিজে ইতিবাচক মনোভাব পোষণ কৰিব লাগে। তদুপৰি সদায়ে ইতিবাচক মনোভাব থকা ব্যক্তিৰ সংগত থাকিবলৈ চেষ্টা কৰিব লাগে। তাৰ ফলত মন সদায়ে ইতিবাচক হৈ থাকে। ব্যক্তিয়ে প্রফুল্লিত আৰু সুখী হৈ থকাৰ অৱকাশ পায়।

আনহাতে ফিউচন কৰ্প’ৰেট ছলিউচনৰ মেনেজিং ডাইৰেক্টৰ মণিকা কে. ধৱনে বিগত বহু বছৰৰ পৰা জীৱন বীক্ষা সম্পৰ্কীয় কথাৰে বহুতকে অনুপ্ৰাণিত কৰি আহিছে। তেওঁ কয় যে জীৱনৰ সাফল্য লিংগ, বয়স অথবা ভৌগোলিক অঞ্চলৰ দ্বাৰা প্ৰভাৱিত নহয়, বৰং গঢ়ি তোলা অভ্যাসৰ দ্বাৰাহে হয়। জীৱনত সুখী হোৱাৰ সন্দৰ্ভত তেওঁৰ পৰামৰ্শ এনেধৰণৰ —

*ব্যক্তি এজন সুখী হ’বৰ বাবে তেওঁ জীৱনত প্ৰতিদিনেই আশাবাদেৰে আৰম্ভ কৰিব লাগে। সদায়ে কিছুসময়ৰ বাবে মেডিটেচন কৰাটো জৰুৰী। লগতে প্রতিদিনেই নেদেখাজনক জীৱনটোৰ বাবে ধন্যবাদ জনোৱাৰ অভ্যাস কৰা উচিত। তেনে কৰিলে মনৰ পৰা সকলো নেতিবাচক চিন্তা দূৰ হয় আৰু মনটো সুখেৰে ভৰি পৰে। এই সকলোৰে বাবে আকৌ প্রয়োজন হয় ধৈৰ্য আৰু একাগ্ৰতাৰ, এই ধৈৰ্য আৰু একাগ্রতা লাভৰ বাবে অহৰত প্ৰচেষ্টা কৰিব লাগে।

*জীৱনত লক্ষ্য আৰু সপোনে ব্যক্তিক আগুৱাই যোৱাত সহায় কৰে। সেইবাবে জীৱনত নিৰ্দিষ্ট এক লক্ষ্য নিৰ্ধাৰণ কৰা উচিত। তদুপৰি সপোনে সকলোকে সুখী কৰিৰাখে।

*জীৱনত সুখী হৈ থকাৰ বাবে শাৰীৰিকভাৱেও ব্যক্তি এজন সুস্থ হৈ থাকিব লাগে। তাৰ বাবে দৈনিক সুষম আহাৰ গ্ৰহণ কৰিব লাগে। তদুপৰি মন আৰু শৰীৰ উভয়ে ভালে ৰাখিবলৈ ব্যায়াম আৰু ধ্যান কৰিব লাগে।

*সদায়ে আনৰ সুখত সুখী আৰু দুখত দুখী হোৱাৰ বাবে চেষ্টা কৰিব লাগে । অন্যৰ প্ৰতি মৰম আৰু সহানুভূতিৰ ভাব মনত ৰাখিব লাগে। অন্যৰ সৈতে এনেদৰে সংযুক্ত তথা একাত্ম হৈ থকাৰ ভাবে ব্যক্তিক জীৱনৰ সদায়ে সুখী কৰি ৰাখে।

মুঠৰ ওপৰত সুখ কেৱল এটি শব্দ নহয়, ই এক অনুভূতি- এক আৱেগ। সুখী হোৱাৰ চাবিকাঠী সদায়ে নিজৰ ওচৰতে থাকে। অন্য কোনো ব্যক্তিৰ ওচৰত বা স্থানত ‘সুখ সুখ বুলি মানুহ বলিয়া’ হৈ থাকে যদিও সুখৰ প্ৰকৃত সংজ্ঞা কিন্তু নিজৰ মাজতে বিচাৰি পোৱা যায়। সেয়েহে সকলোৱে নিজৰ মাজত এবাৰ জুকিয়াই চাবচোন— দৰাচলতে কিহত সুখী আপুনি ? আত্মানুসন্ধানৰ মাজেৰেই আমি সুখী হওঁ আহক ।

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.