ডাঃ নিতুল বৈশ্য
আয়ুর্বেদিক চিকিৎসা বিজ্ঞানত উল্লেখিত আহাৰ গ্ৰহণৰ নিয়মসমূহৰ কথা জানিম
আহক —
আহাৰ আমি কেতিয়া গ্ৰহণ কৰিম ?
- পুৱাৰ ভাগত মলত্যাগ কৰাৰ পিছত, স্নান কৰি উঠি, যেতিয়া ৰাতিৰ আহাৰ সম্পূৰ্ণৰূপে জীৰ্ণ হৈ ভোক লগা ভাব হয় আৰু শৰীৰৰ লঘুতা ভাব হয়, তেতিয়া আমি প্রথমে অলপ কুহুমীয়া পানী আৰু তাৰ পিছত আহাৰ গ্ৰহণ কৰিব লাগে।
- আহাৰ আমি দিনৰ ভাগত, সূৰ্যাস্তৰ আগত গ্ৰহণ কৰিব লাগে, কাৰণ এনে কৰিলে সূৰ্যৰ শক্তিৰ সহায়ত খাদ্যবস্তু হজম হোৱাত সহায়ক হয় আৰু অজীৰ্ণতাৰ পৰা আঁতৰি থাকিব পৰা যায় ৷
- আহাৰ কম কম পৰিমাণে সঘনাই গ্ৰহণ কৰিব লাগে ।
আমি কিমান পৰিমাণৰ আহাৰ গ্ৰহণ কৰিম ?
আহাৰ মাত্ৰা : প্ৰতিজন ব্যক্তিৰে দৈহিক গঠন, হজম শক্তি আৰু জীৱিকা বেলেগ বেলেগ। সেয়েহে তেওঁলোকৰ আহাৰৰ ধৰণ আৰু পৰিমাণৰ প্ৰয়োজনীয়তাও ভিন্ন । আয়ুর্বেদ বিজ্ঞানত আহাৰৰ মাত্ৰা ব্যক্তি এজনৰ হজম শক্তি আৰু তেওঁৰ পৰিশ্ৰমৰ ওপৰত নিৰ্ভৰ কৰে বুলি নিৰ্দেশ কৰিছে। অর্থাৎ বেছি শাৰীৰিক পৰিশ্ৰম কৰা ব্যক্তিৰ বাবে আহাৰৰ পৰিমাণ বেছি আৰু পৰিশ্ৰম নকৰা লোকৰ আহাৰ মাত্ৰা কম হোৱা উচিত । মনত ৰাখিব লাগে যে কম মাত্ৰাত খোৱা গুৰু আহাৰতকৈ বেছি অনিষ্টকৰ হৈছে অধিক মাত্ৰাত খোৱা লঘু আহাৰ। আয়ুৰ্বেদৰ নীতি অনুসৰি আমি খোৱা সম্পূৰ্ণ আহাৰৰ ২ অংশ গোটা আহাৰ আৰু ১ অংশ জুলীয়া আহাৰ খাব লাগে। পাকস্থলীৰ ১ অংশ খালী ৰাখিব লাগে। এনে কৰিলে খাদ্যনলীৰ মাজেৰে আহাৰৰ চলাচল ভাল হয় আৰু খাদ্যবস্তু অতি সহজে হজম হয়।
আমি খোৱা আহাৰ কেনে হোৱা উচিত ?
- লঘু আহাৰঃ সহজে হজম হোৱা আৰু প্ৰকৃতিৰ পৰা পোনপটীয়াকৈ পোৱা সুষম আহাৰ যেনে- ফলমূল, শাক-পাচলি, গাখীৰ, চাউল, ঘেঁহু, দাইল আদি আহাৰ গ্রহণে আমাক সম্পূৰ্ণ পৰিপুষ্টি যোগান ধৰাৰ লগতে পেকেটযুক্ত খাদ্যৰ পৰা হ’ব পৰা ৰোগৰ পৰাও আঁতৰাই ৰাখে।
- উষ্ণ আহাৰ : খাদ্য সদায় গৰম অৱস্থাতে গ্রহণ কৰিব লাগে। এনে কৰিলে খাদ্যত থকা উষ্ণতাৰ প্ৰভাৱত পাকস্থলী আৰু অগ্নাশয়ত থকা উৎসেচকবোৰ সন্তুলিত হৈ খাদ্যবস্তু সোনকালে হজম হোৱাত সহায় কৰে।
- স্নিগ্ধ আহাৰ : আয়ুৰ্বেদত ‘স্নিগ্ধ’ শব্দটোৱে খাদ্যৰ আৰ্দ্ৰতা, খাদ্যৰ টেক্সচাৰ আৰু গুণগত মানৰ ব্যাখ্যা কৰে । তেল, ঘিউ বা পানীৰ উপযুক্ত ব্যৱহাৰ কৰা স্নিগ্ধ খাদ্যই খাদ্যৰ সঠিক টেক্সচাৰ আৰু সোৱাদ প্ৰদান কৰে। সঠিক পৰিমাণৰ তেল থাকিলে নিশ্চিত হয় যে উষ্ণ খাদ্যই আপোনাৰ শৰীৰৰ পাচনতন্ত্ৰৰ মাজেৰে মসৃণভাৱে গতি কৰিব পাৰে। সোৱাদযুক্ত আৰু স্বাস্থ্যকৰ খাদ্যই মানুহক শাৰীৰিক আৰু মানসিকভাৱে সুখী কৰে আৰু একে সময়তে শৰীৰক শক্তি প্ৰদান কৰে। ঘিউ, তেল, মাখন, দৈ, প্রাকৃতিক তেলযুক্ত খাদ্য যেনে- নাৰিকল, নাৰিকলৰ গাখীৰৰ পৰা প্ৰস্তুত কৰা খাদ্য, বাদাম আৰু মাংস ইত্যাদি খাদ্যৰ স্নিগ্ধতাই কোষীয় পৰ্যায়ত শৰীৰক পুষ্টি প্ৰদান কৰে। স্নিগ্ধ আহাৰে শৰীৰ, শৰীৰৰ পেশী, হাড় আৰু গাঁঠিৰ শক্তি বৃদ্ধি কৰে। ই শৰীৰৰ ইন্দ্ৰিয়সমূহক সন্তুলিত আৰু শক্তিশালী কৰে, যাৰ ফলত সংবেদনশীল অংগসমূহৰ সঠিক কার্যকলাপ নিয়ন্ত্রণ হয়। স্নিগ্ধ খাদ্যই ছালৰ সতেজতা আৰু টেক্সচাৰ উন্নত কৰে। ই ছাল আৰু চুলিৰ ৰং আৰু গঠন উন্নত কৰে। মনত ৰাখিব, যিকোনো বস্তুৰ অত্যধিক আৰু অনুচিত ব্যৱহাৰ সদায় বেয়া। গতিকে খাদ্য তেল, ঘিউ আদি উপযুক্ত অনুপাতেৰে আৰু শুদ্ধ ৰন্ধন পদ্ধতিৰে ৰান্ধিব লাগে। খাদ্যত এচামুচ বা দুচামুচ ঘিউ পৃথকে পৃথকে যোগ কৰিলে আপুনি মোটা নহয়। কিন্তু একেদৰে তেল, মাখন, ভজা খাদ্য, মেয়’নিজ, পনীৰ আদিৰ অত্যধিক গ্রহণে নিশ্চিতভাৱে আপোনাৰ ক্ষতি কৰিব। গতিকে আপুনি খাদ্য গ্ৰহণৰ সময়ত মনত ৰাখিব যে খাদ্য কেৱল সতেজকৈ সিজোৱা আৰু গৰম হোৱাই নহয়, স্নিগ্ধ হোৱাটোও জৰুৰী।
ছয় ৰসাত্মক আহাৰঃ আয়ুৰ্বেদৰ মতে আমি খোৱা আহাৰ ষড়-ৰসাত্মক অর্থাৎ মধুৰ, অম্ল, লৱণ, কতু, তিক্ত আৰু কযায় ৰসযুক্ত হ’ব লাগে। এই ষড়-ৰসযুক্ত খাদ্য শৰীৰৰ সম্পূর্ণ পৰিপুষ্টিৰ বাবে অতি জৰুৰী। হাজাৰ বছৰ পুৰণি ষড়-ৰসাত্মক আহাৰৰ ধাৰণাটিৰ বৰ্তমানৰ সুষম আহাৰৰ ধাৰণাৰ লগত মিল আছে। আমাৰ শৰীৰক প্রয়োজন হোৱা শৰ্কৰা, প্রটিন, চর্বি, ভিটামিন আৰু খনিজ দ্রব্য যিবোৰ আহাৰত প্ৰয়োজনীয় পৰিমিত পৰিমাণত পোৱা যায়, সেইবোৰ আহাৰকেই সুষম আহাৰ বোলে। এই সুষম আহাৰ বা যড়-ৰসাত্মক আহাৰ শৰীৰৰ বৃদ্ধি, বিকাশ আৰু সু-স্বাস্থ্যৰ বাবে অতি প্রয়োজনীয়।
ক্রমঃ আহাৰ গ্ৰহণৰ সময়ত প্ৰথমে গুৰু, মধুৰ আৰু স্নিগ্ধ খাদ্য গ্ৰহণ কৰাৰ পিছত অম্ল আৰু লৱণযুক্ত আহাৰ গ্ৰহণ কৰিব লাগে । অগ্নিৰ সঠিক সক্ৰিয়কৰণ, হজম আৰু খাদ্যৰ সঠিক শোষণৰ বাবে আহাৰ গ্ৰহণৰ শেষ অংশত ৰুক্ষ, কটু, তিক্ত আৰু কষায় ৰসযুক্ত খাদ্য খাব লাগে। খাদ্যগ্রহণ কৰাৰ পিছত সঠিক হজমৰ বাবে এক মুহূৰ্ত (৪৮ মিনিট)ৰ বাবে কোনো খাদ্য গ্রহণ কৰিব নালাগে।
আহাৰ খোৱাৰ সময়ত কি কি নিয়ম মানি চলিব লাগে?
- খাদ্য পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ আৰু নিকা পাত্ৰত পৰিষ্কাৰ ঠাইত গ্ৰহণ কৰিব লাগে।
- খাদ্য অতি দ্রুতভাৱে গ্ৰহণ কৰিব নালগে।
- খাদ্য অতি লাহে লাহে গ্ৰহণ কৰিব নালাগে।
- খাদ্য খোৱাৰ সময়ত অনর্গল কথা ক’ব বা হাঁহিব নালাগে।
- প্রসন্নচিত্তে বা প্রফুল্ল মন লৈ খাদ্যবস্তু গ্রহণ কৰিব লাগে।
- খাদ্য খোৱাৰ সময়ত মনোযোগী হ’ব লাগে।
- খাদ্য অনুকূল পাত্ৰত ৰন্ধন আৰু পৰিৱেশন কৰিব লাগে।
- ৰাতিৰ আহাৰ পাৰিলে সূৰ্যাস্তৰ আগত গ্রহণ কৰিব লাগে। খোৱা আৰু শোৱাৰ মাজত কমেও ৩-৪ ঘণ্টা ব্যাৱধান থাকিব লাগে।
কোনবোৰ খাদ্যবস্তুক আমাৰ বাবে পথ্য বুলি ধৰা হয়?
- পুৰণি শালি ধানৰ চাউল (১ বছৰ পুৰণি)
- গম ধান বা ঘেঁহু
- মণ্ড দাইল, মাহ আদি
- গাখীৰ
- গো ঘৃত
- দৈ
- সৈন্ধৱ লৱণ
- সেউজীয়া শাক-পাচলি (পটল, মানিমুনি, নৰসিংহ, ভেদাইলতা, চজিনা আদি)
- ফলমূল (ডালিম, অমিতা, মধুৰিআম, আমলখি, শিলিখা, আপেল আদি)
- ঘৰত সদায় ব্যৱহাৰ হোৱা গোটা মচলাসমূহ— হালধি, আদা, জিৰা, তেজপাত, জালুক, নহৰু আদি ।
- তিল তেল
- কুহুমীয়া গৰম
কি কি পৰিস্থিতিত খাদ্য গ্রহণ ৰোগৰ কাৰক হ’ব পাৰে?
- খোৱা খাদ্য হজম হোৱাৰ আগত আকৌ খাদ্য গ্রহণ কৰিলে
- বিৰুদ্ধ আহাৰ গ্ৰহণ কৰিলে
- অজীৰ্ণ অৱস্থাত খাদ্যবস্তু গ্ৰহণ কৰিলে
- ভোক লাগি থকা সময়ত খাদ্য গ্রহণ নকৰিলে
- ৰাতি দেৰিকৈ আৰু গুৰু আহাৰ গ্ৰহণ কৰিলে।
- প্রয়োজনতকৈ কম অথবা অত্যধিক খাদ্য গ্ৰহণ কৰিলে ই ৰোগৰ কাৰক হ’ব পাৰে
জানিবলগীয়া কথাঃ খোৱাৰ আগৰ পানী অমৃত-তুল্য, খোৱাৰ লগে লগে খোৱা পানী সন্তুষ্টি-জন্য আৰু খোৱাৰ পিছত পানী খোৱাটো বিষতুল্য। সেয়েহে পানী সদায় খাদ্য খোৱাৰ আধা ঘণ্টা আগত গ্ৰহণ কৰিব লাগে ।
দুপৰীয়াৰ আহাৰ আটাইতকৈ গুৰু (Heavy) আৰু ৰাতিৰ আহাৰ আটাইতকৈ লঘু (Light) হ’ব লাগে। সূৰ্যই পৃথিৱীৰ বাবে শক্তিৰ উৎস,ই দুপৰীয়া আকাশৰ সৰ্বোচ্চস্থানত উপনীত হোৱাৰ লগে লগে, আপোনাৰ পাচন শক্তিও সর্বোচ্চ স্থানত থাকে। এই কাৰণেই আয়ুর্বেদে দিনটোৰ আটাইতকৈ গুৰু আহাৰ দুপৰীয়া খাবলৈ পৰামৰ্শ দিয়ে।
শুৱলৈ যোৱাৰ কমেও তিনি-চাৰি ঘণ্টা আগতে লঘু খাদ্য গ্রহণ কৰিব লাগে, আৰু প্ৰায় ৯ বজাৰ আগতে বিছনাত পৰিবলৈ চেষ্টা কৰিব লাগে। আমি ৰাতি যেতিয়া জিৰণি লওঁ আমাৰ মগজু, হৃদয় আৰু কিডনী আদি প্রধান অংগসমূহক বাদ দি বাকী অংগসমূহে জিৰণি লয় আৰু পৰৱৰ্তী দিনটোৰ বাবে নিজকে সাজু কৰিবলৈ সময় পায় । ৰাতি বেছিকৈ খাদ্য গ্ৰহণ কৰিলে আমাৰ পাচন তন্ত্ৰই জিৰণিৰ বাবে সময় নাপায়। ফলত লাহে লাহে পাচনতন্ত্রজনিত ৰোগবোৰৰ সৃষ্টি হয়।
ফোন : ৭৮৯৬২-৪৬০০১
Comments are closed, but trackbacks and pingbacks are open.