৩০ মাঘ, শুক্ৰবাৰ , ইং ১৩ ফেব্ৰুৱাৰী ২০২৬
১.মেষ ৰাশি(অ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হ’ব, লগতে আজি আপোনাৰ কেচ মোকৰ্দমাত জয় লাভ হোৱাৰ যোগ দেখা যায়।
২.বৃষ ৰাশি(উ,ব): বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম স্থানত সামান্য পৰিবৰ্তন আহিব পাৰে, সন্মান লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৩.মিথুন ৰাশি(ক,ছ): মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত শৰীৰত ৰোগ নাশ হ’ব, স্বাস্থ্যৰ উন্নতি হ’ব, যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য কষ্ট পাৱলগীয়া হ’ব পাৰে লগতে আজি আপোনাৰ সৰু সুৰা কথাতে মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৪.কৰ্কট ৰাশি(ড,হ): কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ধন- সম্পত্তি সঞ্চয় বাঢ়িব, ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, লগতে আজি আপোনাৰ আনন্দ মদে দিনটো পাৰ হোৱাৰ যোগ দেখা যায়।
৫.সিংহ ৰাশি (ম,ট): সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত মনত সামান্য চিন্তা বাঢ়িব পাৰে, ধন- সম্পত্তিৰ হানি হ’ব পাৰে, লগতে আজি আপোনাৰ সৰু সুৰা কথাতে মনত সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।
৬.কন্যা ৰাশি(প,ঠ): কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, কৰ্মত যশস্যা বাঢ়িব, লগতে আজি আপোনাৰ ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হোৱাৰ যোগ দেখা যায়।
৭.তুলা ৰাশি(ৰ,ত): তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত মনত ভয় ভাৱ বাঢ়িব পাৰে, চিকিৎসাৰ ক্ষেত্ৰত সজাগ নহ’লে সামান্য খেলিমেলিৰ সৃষ্টি হ’ব পাৰে, লগতে আজি আপুনি সজাগ নহ’লে সৰু সৰু কথাতে সামান্য মনোমালিন্যৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
৮.বৃশ্চিক ৰাশি(ন,য): বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য জটিলতা আহিব পাৰে, লগতে আজি আপোনাৰ মনৰ আশা ভংগ হোৱাৰ যোগ দেখা যায়।
৯.ধনু ৰাশি(ধ,ভ): ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, যদিও আজি আপুনি সজাগ সিদ্ধান্ত গ্ৰহণ কৰোঁতে সামান্য খেলিমেলিৰ সৃষ্টি হ’ব পাৰে লগতে আজি আপুনি সজাগ নহ’লে স্বাস্থ্যৰ হানি হোৱাৰ যোগ দেখা যায়।
১০.মকৰ ৰাশি(খ,জ): মকৰ ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হব যদিও আজি আপুনি সজাগ নহ’লে সৰু সুৰা কথাতে মনত সামান্য ভয় আৰু উদ্বেগৰ ভাৱৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
১১.কুম্ভ ৰাশি(গ,শ,স): কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত হাতলৈ ধন- সম্পত্তি আহিব, আজি আপোনাৰ শত্ৰু নাশ হব, যদিও আজি আপুনি খৰচ ক্ষেত্ৰত সজাগ হোৱাটো ভাল হ’ব।
১২.মীন ৰাশি(দ,চ) মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ’ব, হাতলৈ ধন সম্পত্তি আহিব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত কিন্তু সামান্য জটিলতাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
Comments are closed, but trackbacks and pingbacks are open.