অনুৰাধা মোৰ আকাশ তুমি
প্রীতিৰেখা দাস
ফোনটো ক্রেডেলত থৈ অভিজ্ঞান বৰুৱাই এইবাৰ সমুখত থিয় হৈ থকা ছোৱালীজনীলৈ চালে ৷ ওঠৰ কি ঊনৈশ বছৰ বয়স চাগে ছোৱালীজনীৰ ৷ মুখখন মৰমলগা ৷ অথচ চকুযুৰি কৰুণ ৷ হঠাতে কিয় জানো অভিজ্ঞানৰ ভাব হল ছোৱালীজনীৰ গোটেহ অৱয়বজুৰি কিবা এক বিষণ্ণতা…