ডাঃ ৰীমা ভট্টাচাৰ্য
শিশু তথা বয়স্ক লোকৰ মাজত হাইপাৰএক্টিভিটিৰ সমস্যা প্ৰায়েই দেখিব পোৱা যায়। হাইপাৰএক্টিভিটি অর্থাৎ যিকোনো ক্ৰিয়াৰ প্ৰতি অধিক প্রতিক্রিয়া প্রকাশ কৰা। হাইপাৰএক্টিভিটি বিভিন্ন ৰোগৰ লক্ষণ হ’ব পাৰে-এনজাইটি নিউৰ’ছিছ, ADHD, পাৰকিন্ছনছ্, মস্তিষ্ক শুকাই যোৱা (atrophy), চাইক’ছিছ্ আদি৷ এনজাইটি যিকোনো বয়সৰ লোকৰ মাজত হ’ব পাৰে। যদিও ছাত্ৰ-ছাত্ৰীৰ মাজত ইয়াৰ প্ৰাদুৰ্ভাৱ অত্যধিক। হঠাৎ সলনি হোৱা পৰিৱেশ, মানুহৰ সমাগম, মানসিক চাপ আদিৰ ফলত এনজাইটিৰ সমস্যা আহে। তেতিয়া শৰীৰৰ এডৰিনাৰজিক ক্রিয়া বাঢ়ি যায়। হাত-ভৰিৰ অধিক চলাচল বাঢ়ে, বুকুৰ ধপ্পনি বাঢ়ে, উশাহ চুটি হয় আদি লক্ষণ দেখা দিয়ে। ADHD (attention deficit hyperactivity disorder) যিকোনো বয়সৰ শিশুৰ ক্ষেত্ৰত হ’ব পাৰে। এনে ক্ষেত্ৰত শিশুৰ মনোযোগ কমি যায়, যিকোনো প্রতিক্রিয়া অধিক হয়, ভাল-বেয়া বুজাবলৈ অসুবিধা হয়, অতি সোনকালে, অসুৰক্ষিত অনুভৱ কৰে, অসামাজিক হয় আদি। ADHD কম বয়সতে চিকিৎসা আৰম্ভ কৰিব পাৰিলে সুফল পোৱা যায়। পাৰকিন্ছনছ্ ৰোগ শৰীৰত ড’পামিন কমিলে দেখা যায়। সাধাৰণতে ৪০ ঊৰ্ধ্বৰ লোকৰ ক্ষেত্ৰত পাৰকিন্ছনছৰ আৰম্ভণি পৰিলক্ষিত হয়। ই এক নিউৰ’ল’জিকেল ৰোগ যাৰ ফলত ট্ৰেমৰ / কঁপনি পৰিলক্ষিত হয়। ৰোগীৰ চলাচলত অসুবিধা হয়, হাতৰ কঁপনি হয়, মূৰৰ কপনি হয়, নিতৌ কাম কৰাত অসুবিধা হয় আদি। হাইপাৰএক্টিভিটি বাঢ়ি গৈ থাকিলে ই দৈনন্দিন ক্ৰিয়া কৰাৰ ক্ষমতা কমাই আনে, ফলত আয়ুস কমি আহে। মস্তিষ্ক শুকাই যোৱা প্ৰক্ৰিয়া সাধাৰণতে ৫০ ঊৰ্ধ্বৰ ৰোগীৰ ক্ষেত্ৰত দেখা যায় যদিও অভাৱজনিত কাৰণত কম বয়সৰ লোকৰ ক্ষেত্ৰতো হয়। যদিহে খাদ্যত অ’মেগা ফেটি এচিড, ভাল লিপিড আদি নাথাকে তেন্তে সোনকালে Atrophy হোৱা দেখা যায়। এনে ক্ষেত্ৰত স্মৃতিশক্তি হ্ৰাস পোৱাৰ লগতে শৰীৰৰ সহ্য আৰু ধৈর্য শক্তিও লোপ পায়। ৰোগী একে স্থানত অথবা একে কার্যকে বেছি সময় ধৰি কৰিব নোৱাৰে। চাইক’চিচ্ ৰ দ্বাৰা আক্ৰান্ত হটলেও কিছুমান ট্ৰেমৰসদৃশ হাইপাৰএক্টিভ ব্যৱহাৰ দেখিব পোৱা যায় ৷
উপদ্ৰৱঃ
*হাইপাৰএক্টিভ ব্যৱহাৰ অধিক দিনৰ বাবে বা বাৰে বাৰে হৈ থাকিলে ই ৰোগীৰ আয়ুস কমায়।
*নিতৌ কৰ্মবোৰত বাধা আহি গ’লে ৰোগী অধিক হতাশ হৈ পৰে, ডিপ্ৰেচন অৱস্থালৈ যাব পাৰে।
*উচিত-অনুচিত বিচাৰ কৰিব নোৱাৰি সামাজিক বিশৃংখলতাৰ সন্মুখীন হ’ব পাৰে।
*স্মৃতিশক্তিৰ অধিক লোপৰ ফলত ৰোগী ডিমেনচিয়াৰ দ্বাৰা আক্ৰান্ত হয়। তেতিয়া নাম-ঠিকনা আদি সকলো পাহৰি যোৱাৰ সম্ভাৱনা থাকে।
*হাইপাৰএক্টিভ ব্যৱহাৰে শৰীৰৰ মেটাবলিজম্ দুৰ্বল কৰি দিয়ে, অন্য মেটাবলিক ৰোগৰ দ্বাৰা আক্ৰান্ত হোৱা দেখা যায়।
চিকিংসাঃ
- মস্তিষ্কৰ বিকাশ তথা কার্যত তৰ্পক কফে সহায় কৰে। সেয়ে কফ অর্থাৎ Cerebrospinal fluid- ৰ পুষ্টি আৰু উচিত চাপ ৰক্ষাৰ অৰ্থে বাহ্যিক আৰু আভ্যন্তৰীণ স্নেহন কৰ্ম অতি জৰুৰী। বাহ্যিক স্নেহনৰ বাবে শিৰোধাৰা, শিৰোপিচ্চু, শিৰোভ্যংগ, স্পিনাৰ, মেডিকেটেড মাছাজ, ষ্টিম থেৰাপী আদি ঔষধ প্রয়োগ কৰি ব্যৱহাৰ কৰা হয়।
- আভ্যন্তৰীণ স্নেহনৰ বাবে মেদিকাতেড ঘৃতাৰ প্ৰয়োগ কৰা হয়, এনে ধৰণৰ ঔষধে মস্তিষ্ক শুকাই যোৱা কাৰ্যত বাধা দিয়ে।
- ট্ৰেমৰ আদি হাইপাৰ এক্টিভিটি কমোৱাৰ অৰ্থে একাংগবীৰ ৰস, ৰসৰাজা ৰস, চতুর্মুখ ৰস আদি মিনাৰেলজাতীয় ঔষধ দিয়া হয়।
- মস্তিষ্ক উপযোগী উদ্ভিদ যেনে- ব্রাহ্মী, শংখপুষ্পী, মানিমুনি, তগৰ, অশ্বগন্ধা আদিৰ নিতৌ প্ৰয়োগ কৰি হয়।
- সুস্থ টোপনিৰ ওপৰত গুৰুত্ব দিয়া হয়।
- শিশুসকলৰ ক্ষেত্ৰত স্বৰ্ণপ্ৰাসন কৰোৱা হয়, যিয়ে স্নায়ু বিকাশত সহায় কৰে।
- প্রতিকূল প্রতিক্রিয়া কমাই ৰাখিবলৈ মন শান্ত কৰি ৰখা স্মৃতি সাগৰ ৰস, সুতসেখৰ ৰস, প্রভাকৰ ভাটি আদিৰ প্ৰয়োগ কৰা হয় ।
- ৰোগী আৰু আত্মীয়ক কাউন্চিলিঙৰ জৰিয়তে ৰোগ আৰু ভয়াৱহতা আৰু চিকিৎসাৰ প্রয়োজনীয়তাৰ বিষয়ে অৱগত কৰোৱাটো আটাইতকৈ জৰুৰী। সময়ত উচিত চিকিৎসাৰ জৰিয়তে ৰোগ তথা লক্ষণ নাশ কৰিব পৰা যায়।
Comments are closed, but trackbacks and pingbacks are open.