জুতি জীৱনৰ শিতানতঃ নাৰিকলৰ চিৰা আৰু তেলপিঠা

24

নিলাক্ষী বৰা

অসমীয়া সমাজ ব্যৱস্থাত আলহী-অতিথিক আপ্যায়ন কৰিবলৈ চাহৰ সৈতে বজাৰৰ বিস্কুটতকৈ ঘৰতে প্ৰস্তুত কৰা থলুৱা পিঠা-পনাৰ ব্যৱহাৰ অধিক জনপ্ৰিয়।

আজি আমি  জুতি জীৱনৰ শিতানত এনে দুবিধ সুস্বাদু ৰেচিপি আগবঢ়াইছো, যিবোৰ যদিও বিহুৰ অন্যতম মুখ্য আকৰ্ষণ, তথাপিও অসমীয়া পৰিয়ালসমূহত এইবোৰ প্ৰায়েই প্ৰস্তুত কৰি খোৱা হয়

১/ নাৰিকলৰ চিৰা

কি কি লাগিব?

  • ডাঙৰ জোখৰ নাৰিকল এটা
  • চেনি একাপ
  • পানী আধাকাপ
  • থেতেলিয়াই লোৱা ইলাচী তিনিটা ।

তৈয়াৰ কৰা প্ৰণালীঃ প্ৰথমতে নাৰিকলৰ বাকলি গুচাই লৈ ফালি লৈ টুকৰা কৰি লৈ কটাৰীৰে এৰুৱাই ক’লা অংশখিনি আঁতৰাই লৈ পিহনাত পিহি ল’ব। এটা ননষ্টীক কেৰাহী গেছত বহুৱাই তাত আধাকাপ পানী দি তাত একাপ চেনি দি উতলাই চেনি গলাই লৈ তাত নাৰিকলৰ চিৰাখিনি কমজুইত ভাজি থাকিব। যেতিয়া চেনি পানী শুহি যাব আৰু আঠা আঠা হ’ব তেতিয়া আৰু অলপপৰ ভাজি একেবাৰে শুকুৱাই লৈ ঠাণ্ডা হ’বলৈ দিব। যেতিয়া ঠাণ্ডা হ’ব তেতিয়া এখন ডাঙৰ চালনীৰে চালি অতিৰিক্ত চেনিখিনি বাহিৰ কৰি লৈ সুন্দৰকৈ নিজৰ পছন্দৰ মতে পৰিৱেশন কৰিব।

২/ তেলপিঠা (বৰপিঠা)

কি কি লাগিব?

  • পিঠাগুড়ি- তিনি বাটি
  • গুৰ-দুবাটি
  • ময়দা- আধাবাটি
  • চুজি- আধাবাটি
  • নিমখ- এক চিকুট
  • চফগুটি কেইটামান
  • ভাজিবৰ জোখত মিঠাতেল (এক পোৱা মান লাগিব)
  • বেকিং পাউদাৰ আধা চামুচতকৈ কম ।

তৈয়াৰ কৰা প্ৰণালীঃ প্ৰথমতে গুৰখিনি পানী একাপ মিলাই গেছত দি গলাই ল’ব। গুৰখিনি ঠাণ্ডা হ’লে চেকি লৈ তাত পিঠাগুড়িখিনি ভালকৈ মিলাই ময়দা আৰু চুজি মিলাই লৈ অকণমান পানী দিব যদি ডাঠ যেন লাগে, পুনৰ সকলোখিনি মিলাই তাত নিমখ অকণমান আৰু চফগুটি (ভাজি লোৱা) মিলাই বেকিং পাউডাৰ যোগ কৰি লৈ ৫-৬ ঘণ্টা মান ঢাকি থ’ব। ৬ ঘণ্টা মানৰ পাছত মিশ্রণখিনি ডাঠ যেন লাগিলে তাত পানী অকণমান দি অলপ ফেটী লৈ কেৰাহী গৰমাই তাত মিঠাতেল দি হেতাৰে এচামুচকৈ দি এটা এটাকৈ তেলত ডুবাই পিঠাকেইটা বনাই গৰম চাহৰ লগত পৰিৱেশন কৰক। খাবলৈ বৰ সোৱাদ হয় এই তেলপিঠা বা বৰপিঠা।

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.