ফাষ্টফুডৰ ইতিহাস

30

সমীৰণ বৰুৱা
অভিহিত বিষয়া, খাদ্য সুৰক্ষা

মানৱ সভ্যতাৰ প্ৰৱহমান ইতিহাসত খাদ্য কেৱল দেহৰ পুষ্টিৰ উপাদান হৈ থকা নাই। ই ক্রমাৎ সংস্কৃতি, সময় আৰু জীৱনধাৰাৰো অন্য তম এক প্রতিফলন হিচাপে চিহ্নিত হৈ পৰিছে। সময়ৰ অগ্ৰগতিৰ লগে লগে মানুহৰ খাদ্যভাসৰো পৰিৱৰ্তন হ’বলৈ ল’লে। এই পৰিৱৰ্তনে সময়ৰ বুকুত সৃষ্টি কৰিছে ‘ফাষ্টফুড’নামৰ এটি খাদ্য সংস্কৃতিৰ। ফাষ্টফুড এনে খাদ্য যাক অতি কম সময়ৰ ভিতৰতে প্ৰস্তুত কৰি পৰিৱেশন কৰা হয় । আজিৰ আধুনিক সভ্যতাত এই ফাষ্টফুড এক ব্যস্ত জীৱনৰ প্ৰতিচ্ছবি আৰু সময়ৰ দাবীৰ প্রতিফলন। ফাষ্টফুড ব্যস্ত নগৰীয়া জীৱনৰ এক নীৰৱ সহচৰ ।

ফাষ্টফুডক আধুনিক জীৱনশৈলীৰ বাবে সুবিধাজনক বুলি গণ্য কৰা হয়। কুৰি শতিকাৰ ঔদ্যোগিক যুগ, গাড়ী সংস্কৃতি আৰু বিশ্বায়নৰ এক উপজাত। দ্ৰুত আৰু সুবিধাজনক আৰু সুলভ মূল্যৰ খাদ্যৰ প্ৰথা হাজাৰ হাজাৰ বছৰ চলি আহিছে। প্ৰাচীন গ্ৰীকৰ মেছ’পটেমিচয়া সভ্যতাৰ ব্যস্ত বজাৰৰ পৰা আৰম্ভ কৰি ৰোমৰ থাৰ্মেপলিয়ালৈকে (থার্মপলিয়া সংক্ষেপে এনে এটুকুৰা বাণিজ্যিকে স্থান য’ত গৰমে গৰমে খাবলৈ সাজু খাদ্য বিক্ৰী কৰা হয়)। মধ্যযুগৰ ইউৰোপ আৰু চীনৰ ৰাজপথৰ সুলভ আৰু সহজলভ্য প্রস্তুত কৰা খাদ্যৰ কথা মানৱ ইতিহাসৰ সমগ্ৰ সময়ছোৱাৰ এক চৰ্চিত বিষয় হিচাপে পৰিগণিত হৈ আহিছে।

মানৱ সভ্যতাৰ আৰম্ভণি বুলি চিহ্নিত কৰা প্রাচীন মেছ’পটেমিয়াম সভ্যতাত ফাষ্টফুডৰ প্ৰাচীন কিছু দৃষ্টান্ত পোৱা গৈছিল। উৰ, বেবিলন আৰু নীনইভৰ দৰে ব্যস্ত চহৰবোৰত বৃদ্ধিপোৱা নগৰীয়া জনসংখ্যাই দ্ৰুত আৰু সুলভ খাদ্যৰ চাহিদাৰ সৃষ্টি কৰিছিল। প্ৰত্নতাত্ত্বিকসকলৰ প্ৰমাণ আৰু লিখিত তথ্যই ইংগিত দিয়ে যে খাদ্য বিক্ৰেতাসকলে নিজৰ বাবে ৰন্ধা-বঢ়া কৰিবলৈ সময় বা সুবিধাৰ অভাৱ হোৱা ব্যৱসায়ী, শ্রমিক আৰু ভ্ৰমণকাৰীসকলক প্ৰস্তুত কৰা খাদ্য বিক্রী কৰিছিল।

১৭৫৪ খ্ৰীষ্টপূৰ্বৰ আশে-পাশে হাম্বুৰাবি সংহিতাত উল্লেখ কৰা মতে ৰাজহুৱা খাদ্য ব্য ৱহাৰ আৰু প্ৰস্তুত প্ৰণালীৰ বিষয়ে পোৱা যায়। য’ত ধাবা ৰখীয়া আৰু খাদ্য বিক্ৰেতাৰ নিয়ম অন্তৰ্ভুক্ত কৰা হৈছে।

প্ৰাৰম্ভিক খাদ্য প্রতিষ্ঠানসমূহে সম্ভৱতঃ ৰুটী, চুপ, পোৰা মাংসকে ধৰি বিভিন্ন ধৰণৰ সহজ অথচ পুষ্টিকৰ খাদ্য পৰিৱেশন কৰিছিল। যৱ আৰু ইমৰ ঘেঁহুৰ দৰে শস্য খাদ্যৰ মূল উপাদান আছিল। এইবোৰৰ দ্বাৰাই প্ৰায়ে ৰুটী আৰু বীয়েৰ প্ৰস্তুত কৰা হৈছিল। এইবোৰ সৰ্বসাধাৰণতে দৈনন্দিন জীৱনত খোৱাৰ বাবে ব্যৱহাৰ কৰিছিল। মেছ’পটেমিয়া সভ্যতাৰ ৰান্ধনীশালৰ এক অত্যাধুনিক সংস্কৃতি আছিল, য’ত ৰাজহুৱা বজাৰত বিক্ৰী হোৱা খাদ্যলৈকে লিপিবদ্ধ আছিল। এই সভ্যতাত বিয়েৰক ফাষ্টফুড হিচাপে ব্যৱহাৰ নুই কৰিব নোৱাৰি যিহেতু সেই সভ্যতাত ই এক প্ৰধান পানীয় আছিল।

মেছ’পটেমিয়া ফাষ্টফুড সংস্কৃতিয়ে ভৱিষ্য তে নগৰীয়া খাদ্য ব্যৱস্থাৰ ভেটি স্থাপন কৰিছিল। এই সভ্যতা খ্ৰীষ্টপূৰ্বৰ ২০০০ৰ পৰা ১৭৫০লৈ বুলি অনুমান কৰা যায়। মেছ’পটেমিয়াৰ সভ্য তাৰ পৰৱৰ্তী সময়ত ৰোমত এই ফাষ্টফুড ব্য ৱহাৰৰ কথা জনা যায়। ৰোমানসকলৰ মাজত এই ফাষ্টফুড অত্যন্ত জনপ্রিয় আছিল। বিশেষভাৱে ব্যস্ত নগৰ কেন্দ্ৰত য’ত বহু লোকৰ ব্যক্তিগত পাকঘৰৰ অভাৱ আছিল। গতিকে তেওঁলোক নিৰ্ভৰশীল আছিল থার্মোপলিয়াৰ ওপৰত, য’ত শ্রমিক, ভ্ৰমণকাৰী আৰু চহৰবাসীয়ে প্ৰস্তুত কৰা খাদ্য গৰমে গৰমে খাবলৈ পাই ছিল । এই থার্মোপলিয়াসমূহ ৰোমৰ ৰাজপথৰ পৰা পম্পেইলৈকে বিস্তাৰিত হৈ আছিল, যিসমূহ সাধাৰণ শ্ৰেণীৰ জীৱন ৰক্ষক আছিল। ৰোমান থার্মোপলিয়াসমূহৰ খাদ্যৰ তালিকাসমূহত সাধাৰণ খাদ্যৰ প্ৰতিফলন ঘটিছিল। এইসমূহৰ ভিতৰত ষ্টু, চুপ, দাইল, মটৰ, ষ্টুড মাংস, পনীৰ, নিমখীয়া মাছ আৰু ৰোমান ৰন্ধন প্ৰণালীত বহুলভাৱে ব্যৱহৃত কিম্বন কৰা মাছৰ চচ আছিল। এইসমূহ সস্তীয়া আৰু প্ৰ’টিনসমৃদ্ধ আছিল। তদুপৰি ৰুটী, সুৰা ইত্যাদি আছিল।

খ্রীষ্টিয় পঞ্চম শতিকাত পশ্চিম ৰোমান সাম্ৰাজ্যৰ পতনৰ লগে লগে থার্মোপলীয়াসমূহৰ অৱনতি ঘটিছিল। কিন্তু ই য়াৰ প্ৰভাৱ মধ্যযুগীয়া ইউৰোপৰ ধাবা, ইন আৰু ৰাজপথৰ বিক্ৰেতাসকলৰ মাজত উত্তৰাধিকাৰী হিচাপে পৰিলক্ষিত হৈছিল । আধুনিক ফাষ্টফুডৰ ধাৰণাতো এই ৰোমান থার্মোপলিয়াৰে পৰা সৃষ্টি হৈছিল। ই মানৱ সভ্যতাৰ বাবে এক কালজয়ী অৱদান।

পঞ্চম শতিকাৰ ৰোমান সাম্ৰাজ্যৰ পতনৰ সময়তে এছিয়া মহাদেশৰ চীন দেশতো দ্রুতখাদ্য অর্থাৎ ফাষ্টফুডৰ ব্যৱহাৰ কৰাৰ কথা জনা যায়। চীনৰ ব্যস্ততাপূৰ্ণ নগৰীয়া জীৱন আৰু বিকশিত জনসংখাৰ লগত ৰাজপথৰ খাদ্যৰ এক অভিন্ন সম্পৰ্ক আছিল। এই পঞ্চম শতিকাতে চীনৰ বজাৰত সৰু সৰু খাদ্যৰ ষ্টলসমূহৰ খাদ্য বিক্রেতাসকলে শ্রমিক, ভ্ৰমণকাৰী আৰু ব্য ৱসায়ীসকলক ফাষ্টফুডৰ যোগান ধৰিবৰ বাবে সৃষ্টি হৈছিল। এই খাদ্যসমূহ পুষ্টিকৰ আছিল আৰু চীনৰ ৰাজপথৰ এই খাদ্য অন্যৰ দৰে অকল সাধাৰণ শ্ৰেণীৰ লোকৰ মাজতে সীমাবদ্ধ নাছিল। এই খাদ্যৰ গ্ৰাহকৰ ভিতৰত সাধাৰণ শ্ৰেণীৰ শ্ৰমিকৰ পৰা আৰম্ভ কৰি পণ্ডিত আৰু সম্ভ্রান্ত লোকসকলকো আছিল । সপ্তমৰ পৰা দশম শতিকাত চীনত এই ফাষ্টফুড নগৰীয়া জীৱনৰ এক সংস্কৃতিত পৰিণত হৈছিল।

চীনা ৰন্ধনশৈলীৰ অন্যতম স্থায়ী প্রধান খাদ্য নুডলছে ষ্ট্রীট ফুড ইতিহাসত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল আৰু আজিও সেয়া বিৰাজমান। নুডলছৰ প্রথম নথিভুক্ত হৈছিল খ্রীষ্টপূর্ব দ্বিতীয় শতিকাৰ পৰা। নুডলছ অন্যতম এটি ফাষ্টফুড হিচাপে বিক্রেতাসকলে যুগ যুগ ধৰি পৰিৱেশন কৰি আহিছে। প্রাচীন চীনা ৰাজ পথৰ খাদ্যৰ উত্তৰাধিকাৰী আধুনিক চীনত স্পষ্ট হৈ আছে, য’ত নৈশ বজাৰ আৰু খাদ্যৰ দোকানবোৰেৰে সমৃদ্ধ হৈ আছে। শতিকাৰ আগতে উৎপত্তি হোৱা বহুতো খাদ্য যেনে— হাতেৰে টনা নুডলছ, ডাম্পলিং, স্কোৱাৰ্ড কৰা মাংস আজিও বহুলভাৱে ব্যৱহাৰ কৰা হয়। ডিমছামৰ পৰা আৰম্ভ কৰি নুডলছ খাদ্যলৈকে চীনা খাদ্যৰ বিশ্বব্যাপী জনপ্রিয়তা চীনত গঢ়ি উঠা ৰাজপথৰ খাদ্য সংস্কৃতিৰ পৰাই পোৱা যায়। আজিও বিশ্বৰ বিভিন্ন চহৰবোৰত আধুনিক চীনা ৰাজপথৰ খাদ্য বিক্রেতাসকলে নিজৰ পূৰ্বপুৰুষৰ পৰম্পৰা সংৰক্ষণ কৰি ৰাখিছে।

মধ্যযুগত ইউৰোপৰ ৰাজপথৰ খাদ্য সংস্কৃতিৰ যথেষ্ট উত্থান হৈছিল, কাৰণ চহৰৰ কেন্দ্ৰসমূহ সম্প্ৰসাৰিত হৈছিল, বাণিজ্যৰ বিকাশ ঘটিছিল আৰু বজাৰসমূহ দৈনন্দিন জীৱনৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল। দশম আৰু পোন্ধৰ শতিকাৰ ভিতৰত লণ্ডন, পেৰিছ, ভেনিচ, ব্ৰজকে ধৰি সমগ্ৰ ইউৰোপৰ চহৰসমূহত দ্রুত, সুলভ খাদ্যৰ ওপৰত ব্যৱসায়ী, শ্রমিক আৰু ভ্ৰমণকাৰীসকলক নিৰ্ভৰশীল আছিল। সেই সময়ত খাদ্য বিক্ৰেতাসকলে সেকা ৰুটী, মাংসৰ পাই, পোৰা মাংস, মাছ, পনিৰ আৰু ঋতু অনুসৰি ফল-মূল যোগান ধৰিছিল। সেই সময়ত পেৰিচত বাফেল, পেনকেক, টাৰ্ট ইত্যাদি বিক্রী কৰিছিল। বৰ্তমান আমাৰ প্ৰিয় খাদ্য পেষ্টিৰো আৰম্ভণিৰ ইতিহাস মধ্যযুগৰ ইউৰোপৰ। সেই সময়ত লণ্ডনৰ ৰাজপথৰ অন্যতম ফাষ্টফুড খাদ্যৰ ভিতৰত পটেজ অত্যন্ত জনপ্রিয় আছিল। ই এবিধ ষ্টু আছিল যাক তৈয়াৰ কৰা হৈছিল শস্য, শাক- পাচলি আৰু কেতিয়াব মাংসৰ পৰা।

মধ্যযুগত এই ফাষ্টফুডসমূহ যদিওবা বহুলভাৱে উপলব্ধ আছিল, এইসমূহ ইতিবাচক দৃষ্টিৰে চোৱা হোৱা নাছিল। সমাজৰ উচ্চ শ্ৰেণীৰ কিছুমান মানুহে এই খাদ্য বিক্রেতাসকলক হেয় প্রতিপন্ন কৰি এনে মনোভাৱৰ সৃষ্টি কৰিছিল এইসমূহ অস্বাস্থ্যকৰ আৰু এইবোৰ সমাজৰ নিম্নশ্রেণীৰ মানুহৰহে ব্যৱহাৰ যোগ্য। বহুতো ক্ষেত্ৰত এনে অভিযোগ উস্থাপিত হৈছিল এনে খাদ্যৰ আলমত ভেজাল খাদ্য বিক্ৰী কৰিছিল। এই ধাৰণাৰ ওপৰত ভিত্তি কৰি চহৰসমূহত খাদ্যৰ লগত জড়িত আইনসমূহৰ প্ৰৱৰ্তনৰ কথা জনা যায় ৷

ফাষ্টফুড ইতিহাসৰ লগত ভাৰতবৰ্ষৰো সংযোগ পোৱা যায়। খ্ৰীষ্টপূৰ্ব ৩২২-১৮৫ মৌৰ্য সাম্ৰাজ্যৰ (পাতলিপুত্ৰ বৰ্তমানৰ পাটনা) ইতিহাসত ভাৰতীয় ফাষ্টফুডৰ কথা উল্লেখ আছে বুলি জনা যায়। উল্লিখিত সময়ৰ ফাষ্টফুডসমূহত সেকা শস্য, বাদাম আৰু ফল-মূল আছিল। বাণিজ্যিক পথসমূহ সম্প্ৰসাৰিত হোৱাৰ লগে লগে ভাৰতীয় উপ-মহাদেশত নতুন নতুন উপাদানৰ প্ৰচলন হোৱাৰ লগে লগে ফাষ্টফুড খাদ্যৰ সোৱাদ আৰু কৌশলত নৱসংযোজন হ’বলৈ আৰম্ভ কৰে। মোগল সাম্ৰাজ্যৰ সময়ত (১৬-১৯ শতিকা) সময়ত উল্লেখনীয়ভাৱে পাৰ্চীৰ প্ৰভাৱ লক্ষ্য কৰা হৈছিল। ভাৰতীয় খাদ্যৰ পৰম্পৰাত কাবাব, বিৰিয়ানী আৰু দুগ্ধজাত মিঠাইৰ সংযোজন ঘটিছিল। পৰৱৰ্তী সময়ত ব্ৰিটিছ ঔপনিৱেশিক সময়ছোৱাত ভাৰতীয় ৰাজপথৰ খাদ্যৰ অধিক ৰূপান্তৰ ঘটিছিল। এই সময়ছোৱাতে ভাৰতীয় খাদ্য সংস্কৃতিৰ লগত ইউৰোপীয় খাদ্য সংস্কৃতিৰ সংমিশ্ৰণ ঘটিছিল। কলকতাত কাঠি ৰোলৰ দৰে সংমিশ্রিত খাদ্যৰ সৃষ্টি হৈছিল, লগতে ভাৰতীয় পৰঠা ৰুটী আৰু কাবাব ভৰ্তিৰ সংমিশ্রিত খাদ্য সহজতে লৈ যাব পৰা হোৱাৰ বাবে ব্ৰিটিছ বিষয়াসকলক আকর্ষণ কৰিছিল। তদুপৰি বংগদেশৰ অন্যতম এটি জনপ্রিয় ফাষ্টফুড আছিল আৰু আজিও আছে সেয়া হৈছে জালমুড়ি। ভাৰতবৰ্ষৰ উপকূলীয় অঞ্চলত সাগৰীয় বাণিজ্যৰ জৰিয়তে নতুন উপাদন আৰু শৈলীৰ প্ৰৱৰ্তন হৈছিল। পৰ্তুগীজসকলে আলু, বিলাহী, জলকীয়া ভাৰতবৰ্ষলৈ কঢ়িয়াই আনিছিল। ঠিক তেনেদৰে চীনা ব্যৱসায়ীসকলে তেওঁলোকৰ খাদ্য আদান-প্ৰদানৰ ফলত ৰাজপথৰ খাদ্যৰ বিকাশ ঘটিছিল।

ভাৰতীয় সংস্কৃতি অনৈক্যৰ মাজত ঐক্য। এক বিচিত্র দেশ। ভাৰতৰ পূৰ্বদেশৰ খাদ্যৰ লগত পশ্চিমৰ, উত্তৰৰ লগত দক্ষিণৰ সম্পূর্ণ পৃথক। তথাপিও সকলো স্থানৰ সকলো খাদ্য ভাৰতীয়সকলে অতিশয় আগ্ৰহেৰে গ্ৰহণ কৰি আহিছে। দক্ষিণৰ ফাষ্টফুড হাজাৰ বছৰ পুৰণি ধোচা, ইডলি, যিদৰে ভাৰতৰ সকলো স্থানতে প্ৰিয়, ঠিক তেনেদৰে পশ্চিমৰ ডাবেলি, ভেলপুৰী, বৰাপাও, উত্তৰৰ অন্যান্য খাদ্যৰ লগত সমানে জনপ্রিয়। এইসমূহৰ লগতে ভাৰতীয় সংস্কৃতিত সময়ৰ বিৱৰ্তনত আজি সকলো শ্ৰেণীৰে জনপ্রিয়, পিজ্জা, বাৰ্গাৰে স্থান হৈছে।

বিশ্বায়নৰ দিনত ভাৰতত প্ৰৱেশ কৰা মেক্‌ডনেল্ড, ড’মিনজপিজ্জা, কে.এফ.চি. ৰ দৰে বহুজাতিক ফাষ্টফুডৰ কোম্পানীসমূহৰ বহু আগতেই ভাৰতবৰ্ষত ফাষ্টফুডৰ শৃংখলাৰ সৃষ্টি হৈছিল। ১৯৩৬ চনতে বোম্বেৰ কফি হাউছ স্থাপন হৈছিল । যাৰ সমগ্ৰ ভাৰতবৰ্ষজুৰি চাৰিশৰো অধিক বিপণী আছে। এই কফি হাউছ, ইয়াৰ কফি আৰু দক্ষিণাত্যৰ লঘু আহাৰৰ বাবে জনাজাত, ভাৰতীয় কফি ঘৰ এক সাংস্কৃতিক আইকন হৈ পৰিছে। নিৰুলাচ, দিল্লীৰ এক প্রখ্যাত ফুষ্টফুড শৃংখল, ১৯৩৪ চনত নিৰুলাৰ প্ৰথমখন বিপণী মুকলি হৈছিল। ইয়াৰ বাৰ্গাৰ, পিজ্জা আৰু উত্তৰ ভাৰতীয় ব্যঞ্জনৰ বাবে বিখ্যাত। নিৰুলাৰ ৭০ৰৰো অধিক স্থানত বিপণী আছে। পাশ্চাত্য ফাষ্টফুড খাদ্যৰ ধাৰণাৰ সৈতে ভাৰতীয় ফ্লেভাৰৰ এক মিশ্রণ।

দিল্লীৰ অন্য এটি প্রতিষ্ঠিত নাম, কোৱালিটি ৰেষ্টুৰেণ্ট। ১৯৪০ চনত আৰম্ভ কৰা এই ফাষ্টফুড বিপণীসমূহ আইচক্ৰীম আৰু চোলে ভাটুৰাৰ বাবে জনাজাত । কোৱালিটি অন্যতম এক বৈশিষ্ট্য হৈছে পাৰস্পৰিক আৰু সমসাময়িক ব্যঞ্জনৰ সংমিশ্রণ।

আমাৰ হয়তো বহুতেই ওপৰত উল্লেখিত ভাৰতীয় ফাষ্টফুড বিপণীসমূহৰ বিষয়ে গমেই নাপায়। কিন্তু বিশ্বব্যাপী থকা মেক্ড’নাল্ড, কে.এফ.চি., ড’মিনজৰ দৰে ফাষ্টফুড খাদ্যৰ বিপণীসমূহৰ বিষয়ে আমি প্রায় সকলোৱেই জ্ঞাত। আমেৰিকা মহাদেশত ১৯২১ চনতে হোৱাইট কেষ্টেল নামৰ এখন ফাষ্টফুডৰ বিপণী পোনপ্ৰথমে স্থাপন হৈছিল। এইখন আমেৰিকা মহাদেশৰ আঞ্চলিক খাদ্য বিপণীৰ শৃংখল আছিল আৰু ইয়াৰ ৩৫৪টা স্থানত বিপণী আছিল । ৱাল্টাৰ (ৱাল্ট) এণ্ডাৰছন নামৰ এজন ৰান্ধনীয়ে ১৯১৫ চনৰ পৰা উইচিটাত খাদ্যৰ এটি সৰু বিপণী চলাই আছিল । তেওঁ এক চলন্ত বিপণী খুলিছিল । পৰৱৰ্তী সময়ত তেওঁ দ্বিতীয় আৰু তৃতীয় স্থানৰ পিছত চতুৰ্থ স্থানত তেওঁ এক বিপণী খুলিবলৈ থিৰাং কৰোঁতে এডগাৰ ৱাল্ড নামৰ এ ইনগ্রাম (১৮৮০-১৯৬৬) নামৰ এজন বীমা আৰু ৰিয়েল এষ্টেটৰ ব্যক্তিক লগ পায় আৰু তেওঁলোকে যুটীয়াভাৱে এই হোৱাইট কেছল খাদ্যশৃংখলাৰ আৰম্ভণি কৰে ৷

১৯৪০ চনতে মেড’নাল্ড ভাতৃদ্বয় ৰিচাৰ্ড আৰু মৰিছে আমেৰিকাৰ ফাষ্টফুড খাদ্যৰ শৃংখল মেড’নাল্ডৰ প্ৰতিষ্ঠা কৰে আৰু ৰাজহৰ সংগ্ৰহত মেড’নাল্ডছেই পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ। তেওঁলোকৰ বাৰ্গাৰ অত্যন্ত জনপ্ৰিয় আছিল। পৰৱৰ্তী সময়ত তেওঁলোকৰ ব্যৱসায়িক মডেলটো কাপ ড্রাইভ-ইন-ষ্টাইলৰ ৰেষ্টুৰেণ্টলৈ সলনি হৈছিল। ১৯৪০-৫০ চনলৈ তেওঁলোকৰ ব্যৱসায় সম্প্ৰসাৰণৰ সময়ছোৱাত তেওঁলোকে গোল্ডেন আকছক অন্তৰ্ভুক্ত কৰি লৈছিল। প্ৰসংগক্রমে কাৰহপ হৈছে এজন ৱেইটৰ পবা ৱেইট্ৰেছ, যি মানুহক গাড়ীত গৈ ফাষ্টফুড যোগান ধৰে। ১৯৯৬ চনত মেড’নাল্ডৰ ভাৰতবৰ্ষত প্ৰথম প্ৰৱেশ ঘটে। সেই বৰ্ষত তেওঁলোকে প্রথম মুম্বাই আৰু দিল্লীত খাদ্যৰ বিপণী খুলিছিল আৰু য’ত তেওঁলোকে ভাৰতীয় খাদ্যৰ স্বাদৰ সংমিশ্রণ ঘটাইছিল। পর্যায়ক্রমে তেওঁলোকৰ খাদ্যৰ তালিকা সম্প্ৰসাৰণ ঘটিবলৈ লয়।

বর্তমান সময়ত অন্যতম এটি জনপ্রিয় ফাষ্টফুড শৃংখল হৈছে কে.এফ.চি.। কে.এফ.চি. সম্পূর্ণ নাম হৈছে কেন্টাকি ফ্রাইড চিকেন ক’পাছেন। ই আমেৰিকা মহাদেশৰ এক বহুজাতিক কোম্পানী আৰু ফাষ্টফুডৰ এক উল্লেখযোগ্য শৃংখল । কে.এফ.চি. স্থাপন কৰিছিল কর্নেল হাৰলেণ্ড চেণ্ডাৰছে (১৮৯০-১৯৮০) । সেইজন উদ্যোগী যি মহামন্দাৰ সময়ত কেন্টাকিৰ কৰিনত থকা নিজৰ পথৰ কাষৰ ৰেষ্টুৰেণ্টৰ পৰা ফ্রাইড চিকেন বিক্ৰী কৰিছিল। বর্তমান সময়ত সমগ্ৰ বিশ্বৰ ১৫০খনৰো অধিক দেশত ৩১,৯৮০টাতকৈ অধিক স্থানত এই খাদ্য শৃংখলৰ বিপণী অৱস্থিত। ১৯৯৫ চনত ভাৰতৰ বেংগালুৰুত পোনপ্ৰথম কে.এফ.চি. এখন বিপণী খোলা হৈছিল। কিন্তু সমাজকর্মী, সাংস্কৃতিক কৰ্মীসকলৰ প্ৰতিবাদে সেইখন বন্ধ কৰি দিবলৈ বাধ্য কৰে। পৰৱৰ্তী সময়ত ভাৰতীয় খাদ্যৰ সংমিশ্রিত খাদ্যৰ তালিকাৰে কে.এফ.চি.য়ে ভাৰতবৰ্ষৰ ফাষ্টফুড খাদ্যৰ বজাৰ দখল কৰিবলৈ সক্ষম হয়। বর্তমান সময়ত সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত এই খাদ্য শৃংখলৰ ৭০০তকৈও অধিক বিপণী আছে।

বিশ্বৰ অন্যতম এটি ফাষ্টফুড খাদ্যৰ শৃংখল হৈছে ড’মিনজ পিজ্জা। ১৯৬০ চনত টম আৰু জেমছ মোনাঘানে ‘ডমিনিকছ’ প্রতিষ্ঠা কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইপিচিলেন্টি, মিচিগানত । ১৯৬৫ চনত ইয়াক পুনৰ ড’মিনজ পিজ্জা হিচাপে নতুনকৈ নামকৰণ কৰা হয়। এই পিজ্জা সকলোৰে অত্যন্ত প্রিয়। ভাৰতবৰ্ষত এই ড’মিনজ পিজ্জাৰ প্ৰথম প্ৰৱেশ হয় ১৯৯৬ চনত। জুবিলেণ্ট ফুড ৱৰ্কচ লিমিটেড নামৰ এটি কোম্পানী যি এই খাদ্যশৃংখল বিপণীৰ তত্ত্বাৱধায়ক হিচাপে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ পিছত প্ৰায় ১০০০খনৰো অধিক বিপণী খুলি ভাৰতৰ বজাৰক তেওঁলোকৰ এক সৰ্ববৃহৎ বজাৰলৈ পৰিৱৰ্তন কৰে ড°মিনজ পিজ্জাই। এই সফলতাৰ মূল চাবিকাঠী আছিল ৩০ মিনিট বা বিনামূলীয়া যোগানৰ প্ৰতিশ্ৰুতিৰ লগতে স্থানীয় আৰু সুলভ মূল্যৰ মেনু।

এয়া মাত্ৰ কেইটামান ফাষ্টফুড শৃংখলৰ উদাহৰণ মাথোঁ। প্রতিটো ফাষ্টফুড শৃংখলৰ খাদ্যৰ তালিকা বেলেগ, স্বাদ বেলেগ। ভাৰতবৰ্ষৰ উপৰি আজি অসমৰ গাঁৱে-নগৰে এই ফাষ্টফুড চাহিদা ক্রমাৎ বাঢ়ি আহিছে। গুৱাহাটীৰ উপৰি অসমৰ বহুতো চহৰত আজি গাঁৱৰ টেকলি পিঠা আৰু চাহে অন্যতম এক ফাষ্টফুড খাদ্যৰূপে স্থান দখল কৰিছে। পৰিৱৰ্তিত সময়ত ফাষ্টফুড স্থানত এনেধৰণৰ বহুতো অসমীয়া জলপানে আজি আমাৰ মাজত জনপ্ৰিয়তা আৰ্জন কৰিছে। এতিয়া মাথোঁ আমাৰ কৰণীয় কাম— প্ৰতিটো ফাষ্টফুডৰ পৌষ্টিক গুণাগুণসমূহ চোৱাৰ লগতে এইসমূহ কিমান পৰিষ্কাৰ-পৰিচ্ছন্ন হিচাপে প্ৰস্তুত কৰিছে, সেইটো লক্ষ্য কৰাৰ। তেতিয়াহে আমাৰ অসমীয়া ফাষ্টফুড খাদ্যয়ো এটা সময়ত বিশ্বায়নৰ দিশে ধাৱমান হ’ব।

ফোন : ৯৪৩৫০-৩৫৬৬২

You might also like

Comments are closed, but trackbacks and pingbacks are open.