এলবাৰ্ট কেমুৰ ‘দ্যা প্লেগ’

44

ড° ৰুমী কলিতা

কুৰি শতিকাৰ অন্যতম প্ৰতিভাশালী আৰু প্ৰভাৱশালী ফৰাচী লেখক, দার্শনিক এলবাৰ্ট কেমুৱে (১৯১৩-১৯৬০) কালজয়ী উপন্যাস ‘দ্য প্লেগ’ (The Plague) ৰচনা কৰিছিল। ১৯৪৭ চনত ৰচনা কৰা ফৰাচী ভাষাৰ মূল শিৰোনাম ‘লা-পেষ্টে’ৰ ইংৰাজী অনুবাদ ‘দ্য প্লেগ’ উপন্যাসখনে সমগ্র বিশ্বতে খলকনি তুলিছিল। এই গ্ৰন্থখনৰ বাবে তেওঁ ১৯৫৭ চনত সাহিত্যৰ ন’বেল বঁটা লাভ কৰিছিল। কেমুৰ জন্ম হৈছিল আলজেৰিয়াৰ মণ্ডোভি নামৰ ঠাইত। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জার্মান বাহিনীয়ে ফ্রান্স দখল কৰি থকা সময়ত লিখা ‘দ্য প্লেগ’ উপন্যাসখনৰ জৰিয়তে এলবাৰ্ট কেমুৱে প্রতীকী অৰ্থত ফ্ৰান্সত নাজী বাহিনীৰ আগ্রাসনকে ইংগিত কৰি ইয়াৰ বিৰুদ্ধে যুঁজ দিয়াৰ কথা প্রকট কৰিছে ।

‘দ্য প্লেগ’ উপন্যাসখনৰ কাহিনী আৰম্ভ হয় আলজেৰিয়াৰ অৰান চহৰক কেন্দ্ৰ কৰি। পাহাৰে আৱৰি থকা উপকূলীয় অৰানক লেখকে এখন সৌন্দৰ্যহীন ৰক্ষ চহৰ হিচাপে অভিহিত কৰিছে। চহৰখনত প্ৰকৃতিৰ কোনো সৌন্দর্য নাই, গছ-লতাবিহীন পাহাৰবোৰত পশু-পক্ষীৰ নাই কোনো কোলাহল। উপন্যাসখনত ঔপন্যাসিকে যেনেকৈ অৰাণ চহৰৰ বাসিন্দাসকলৰ জীৱন-জীৱিকাৰ সৈতে যুঁজ দিয়াৰ মানসিকতা উপস্থাপন কৰিছে তেনেদৰে তেওঁলোকৰ ভ্ৰান্তি, শংকা আৰু অনিশ্চয়তাৰে ভৰা দিনলিপিও প্রতিফলিত কৰিছে। সাগৰ তীৰৰ এই অৰান চহৰখনত হঠাতে হাজাৰ হাজাৰ এন্দুৰে আক্ৰমণ কৰে যিবোৰে নাগৰিকসকললৈ মাৰাত্মক প্লেগ ৰোগৰ বীজাণু বিয়পাই এক অবর্ণনীয় পৰিৱেশৰ সৃষ্টি কৰে। প্ৰথমে দুই- এটা এন্দুৰ মৰিবলৈ আৰম্ভ কৰে। ক্ৰমে ক্ৰমে সেই সংখ্যা বাঢ়ি গৈ অৱশেষত হাজাৰ হাজাৰ এন্দুৰৰ মৃত্যুৱে চহৰখন আৱৰি ধৰে। চহৰ কৰ্তৃপক্ষই এন্দুৰৰ মৃতদেহসমূহ নাগৰিকৰ ওচৰৰ পৰা গোপনে আঁতৰাই পেলাবলৈ চেষ্টা কৰিছিল যদিও এটা সময়ত বিষয়টো নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছিল । এটা সময়ত স্পষ্ট হৈ পৰে যে এন্দুৰৰ মৃত্যুৰে আৰম্ভ হোৱা অশুভ সংকেত ক্ৰমে মানুহৰ মৃত্যুলৈ পৰ্যবসিত হ’বলৈ ধৰিছে।

মেঘাচ্ছন্ন আকাশৰ বতাহ বৰষুণৰ দৰে অগণন মানুহৰ মৃত্যুৰ বাতৰিয়ে সকলোকে স্তম্ভিত কৰি তোলে। প্রচণ্ড জ্বৰ, দেহৰ বিভিন্ন অংশত ক’লা দাগ উখহি উঠিলেই মানুহ মৃত্যুৰ শীতল কোলাত ঢলি পৰে। আৰম্ভণিতে চিকিৎসক আৰু ৰাজনৈতিক নেতাসকলে প্লেগৰ অস্তিত্বক নস্যাৎ কৰিছিল। মানুহৰ মৃত্যু অন্য কোনো কাৰণতহে হোৱা বুলি ভাবিছিল, কিন্তু মৃতকৰ সংখ্যা বাঢ়ি যোৱাৰ লগে লগে নাগৰিকসকলে বুজি উঠিবলৈ বাধ্য হ’ল যে তেওঁলোকৰ সন্মুখত এক ভয়ংকৰ মহামাৰী আহি পৰিছে। সংবাদ পত্ৰসমূহে মহামাৰীৰ ওপৰত চৰকাৰী ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰে । অৱশেষত প্রশাসনে এই ভয়াৱহ পৰিস্থিতিক প্লেগ মহামাৰী হিচাপে ঘোষণা কৰিবলৈ বাধ্য হয়। প্লেগৰ ভয়ংকৰ প্ৰভাৱৰ বাবে প্ৰশাসনে অৰান চহৰখন সম্পূৰ্ণৰূপে কোৱাৰেণ্টাইন ঘোষণা কৰে । ফলত নাগৰিকসকল নগৰৰ ভিতৰতে বন্দী হৈ বহিঃবিশ্বৰ সৈতে বিচ্ছিন্ন হৈ পৰে। মানুহবোৰে ইজনে সিজনক এৰাই চলিবলৈ আৰম্ভ কৰে আৰু নিজৰ ভিতৰতে একাকী হৈ পৰে। সকলো স্থবিৰ হৈ পৰে। নাগৰিকসকল বিচ্ছিন্নতা, ভয় আৰু মানসিক যন্ত্ৰণাত পতিত হয় ।

এবচাৰ্ড দৰ্শনৰ মুখ্য পৃষ্ঠপোষক এলবার্ট কেমুৱে ‘দ্য প্লেগ’ উপন্যাসখনৰ মুখ্য চৰিত্ৰ ডাঃ বার্নার্ড ৰিউৰ জৰিয়তে তেওঁৰ দাৰ্শনিক দৃষ্টিভংগী প্রতিফলিত কৰি তুলিছে। মানুহে স্বাভাৱিকতে জীৱনৰ অৰ্থ, উদ্দেশ্য আৰু যুক্তিসংগত ব্যাখ্যা বিচাৰে, কিন্তু বিশ্বব্ৰহ্মাণ্ড সেই অৰ্থ আৰু ব্যাখ্যা প্ৰদান কৰাত নীৰৱ আৰু উদাসীন। অর্থাৎ মানুহৰ জীৱনৰ অৰ্থ সন্ধানৰ আকাংক্ষা আৰু বিশ্বব্ৰহ্মাণ্ডৰ নীৰৱতাৰ মাজৰ সংঘাতকেই এবচার্ড বুলি কোৱা হয়। ঔপন্যাসিক কেমুৱে ডাঃ ৰিউৰ চৰিত্ৰৰ জৰিয়তে প্রতিফলিত কৰিব বিচাৰিছে যে বিশ্বত এবচাৰ্ডৰ অৰ্থ আগতীয়াকৈ পোৱা নাযায়, ই মানুহৰ নৈতিক কৰ্মৰ জৰিয়তেহে ধীৰে ধীৰে গঢ় লৈ উঠে। তেওঁ ধর্মীয় বা আধ্যাত্মিক বিশ্বাসত ভসা নকৰি মানৱীয় দায়িত্ব আৰু কৰ্তব্যবোধেৰে প্লেগৰ বিৰুদ্ধে যুঁজ দিছে। প্লেগৰ বিৰুদ্ধে যুঁজ দিয়াটো তেওঁৰ বাবে বীৰত্বৰ প্ৰশ্ন নহয় বৰঞ্চ পেছাগত আৰু মানসিক দায়িত্ব। মানুহক বচাবলৈ তেওঁ দিন-ৰাতি অক্লান্তভাৱে দৌৰি ফুৰিছিল। চিকিৎসা প্রদানত নিৰন্তৰ সংগ্ৰাম কৰিছিল প্লেগ নামৰ মহামাৰীৰ পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ। প্লেগৰ সৈতে মোকাবিলাৰ ক্ষেত্ৰত ডাঃ ৰিউৰ উদ্যোগ গ্ৰন্থখনৰ এক উল্লেখযোগ্য দিশ।

জাঁ টাৰু উপন্যাসখনৰ আটাইতকৈ গভীৰ দাৰ্শনিক চৰিত্ৰ, যাৰ জীৱন দৰ্শন কেমুৰ নৈতিক বিদ্ৰোহৰ ধাৰণাৰ সৈতে ঘনিষ্ঠভাৱে সম্পর্কিত। তেওঁ কেৱল প্লেগ ৰোগৰ বিৰুদ্ধে সংগ্ৰাম নকৰে বঞ্চ সকলো ধৰণৰ হিংসা আৰু নৈতিক প্লেগৰ বিৰুদ্ধে অৱস্থান লয়। তেওঁৰ চৰিত্ৰই দেখুৱাইছে যে আত্মসচেতন নৈতিকতা এবচার্ড বিশ্বত মানৱীয় দায়িত্বৰ এক উচ্চতম ৰূপ।

ৰেম্বাৰ্টৰ চৰিত্ৰৰ মাজেদি কেমুৱে ব্যক্তিগত ইচ্ছা আৰু সামূহিক দায়িত্বৰ মাজৰ সংঘাত উন্মোচন কৰিছে। উপন্যাসখনৰ আৰম্ভণিতে ৰেম্বার্টে প্লেগ আৱদ্ধ চহৰৰ পৰা পলাই নিজৰ ব্যক্তিগত সুখ সুৰক্ষিত কৰিব বিচাৰে। তেওঁৰ বাবে সমাজৰ দুখ-কষ্ট, ব্যক্তিগত সমস্যাৰ পৰা পৃথক। কিন্তু ক্ৰমে তেওঁ উপলব্ধি কৰে যে সামূহিক দুখৰ পৰা আঁতৰি থকা নৈতিকভাৱে অসম্ভৱ। এই উপলব্ধিয়ে ৰেম্বাৰ্টক নৈতিক পৰিপক্বতাৰ দিশলৈ আগুৱাই লৈ যায়।

ফাদাৰ পেনেলুৰ চৰিত্ৰৰ মাজেদি কেমুৱে সংকটকালত ধৰ্মীয় ব্যাখ্যাৰ সীমাবদ্ধতা উন্মোচন কৰিছে। আৰম্ভণিতে তেওঁ প্লেগক ঈশ্বৰৰ শাস্তি বুলি (a scourge sent by God) ব্যাখ্যা কৰিছিল কিন্তু যেতিয়া নির্দোষ শিশুৰ মৃত্যু ঘটে তেতিয়া তেওঁৰ বিশ্বাস গভীৰ সংকটত পৰে। এই ৰূপান্তৰে আধুনিক যুগত পৰম্পৰাগত ধৰ্মীয় উত্তৰসমূহ কিদৰে মানৱ দুখ-কষ্টৰ সন্মুখত অসহায় হৈ পৰে, সেয়া স্পষ্ট কৰি তোলে।

উপন্যাসখনত স্বেচ্ছাসেৱক সকলৰ পৰিশ্ৰম, প্লেগে মানুহৰ ওপৰত পেলোৱা মানসিক প্ৰভাৱ আৰু অৰান চহৰৰ বাসিন্দাসকলৰ জীৱনত তাৰ প্রভাৱ এই সকলোবোৰ কথা সুন্দৰভাৱে প্ৰতিফলিত হৈছে। উপন্যাসখন পঢ়িলেই কেমু যে এগৰাকী বিশ্বশ্রেষ্ঠ ঔপন্যাসিকসকলৰ ভিতৰত এজন সেইটো সহজেই উপলব্ধি কৰিব পাৰি। উপন্যাসখনত কেমুৱে প্লেগ মহামাৰীক এনেধৰণে উপস্থাপন কৰিছে যে ই কেৱল এটা মাথোন মহামাৰীৰ কাহিনী নহয়। এই উপন্যাসখন পঢ়াৰ পিছত আমাৰ মনত উদয় হয় ফেচীবাদ, শোষণমূলক অর্থনীতি আৰু চিন্তা-চেতনাৰ স্বাধীনতা সম্পৰ্কীয় প্রশ্নসমূহৰ ।

প্ৰকাশৰ প্ৰায় ৭৩ বছৰ পাছতো এলবাৰ্ট কেমুৰ এই ‘দ্য প্লেগ’ উপন্যাসখন পুনৰবাৰ পঢ়ুৱৈ সমাজৰ মাজত ব্যাপক চৰ্চালৈ আহে বিশেষকৈ ক’ৰোনা মহামাৰীক কেন্দ্ৰ কৰি। ক’ৰোনা ভাইৰাছ সমগ্ৰ বিশ্বতে বিয়পি পৰাৰ পাছত এই ক’ৰোনা ভাইৰাছক মহামাৰী হিচাপে ঘোষণা কৰা হয় । ক’ৰোনা মহামাৰীয়ে সমগ্ৰ বিশ্বৰ মানৱ সভ্যতাক কিমান গভীৰভাৱে বিচলিত কৰি তুলিছিল সেয়া সকলোৰে বোধগম্য। ক’ৰোনা মহামাৰীয়ে মানৱ জীৱন যাপনৰ ওপৰত যি গভীৰ প্ৰভাৱ পেলাইছে তাৰ সৈতে ‘দ্য প্লেগ’ উপন্যাসত চিত্ৰিত অৰান চহৰৰ বাসিন্দাসকলৰ দুর্বিষহ জীৱন যাপনৰ বহুখিনি সাদৃশ্য আছে। ক’ৰোনাৰ প্ৰাদুৰ্ভাৱৰ সময়ত স্বাভাৱিকতেই আজিৰ পাঠকসকল আকৰ্ষিত হৈ পৰিছিল ‘দ্য প্লেগ’ উপন্যাসখনক লৈ, কিয়নো ক’ৰোনাকালীন পৰিস্থিতিৰ সৈতে উপন্যাসখনৰ বহুতো দিশ মিলি যায়। বিশেষকৈ লকডাউন, কোৱাৰেণ্টাইন, চৰকাৰী কঠোৰ নীতি- নিৰ্দেশনা আদিবোৰ। এই গ্ৰন্থখন প্ৰকাশ হোৱাৰ ইমান বছৰৰ পাছতো যেতিয়া পৃথিৱীবাসীয়ে প্রায় একেধৰণৰ অভিজ্ঞতাৰ সন্মুখীন হ’বলগীয়া হ’ল তেতিয়াই ‘দ্য প্লেগ’ উপন্যাসখনৰ প্ৰাসংগিকতা আৰু আবেদন পুনৰ এবাৰ স্পষ্ট হৈ উঠিল।

শেষত এলবাৰ্টৰ কেমুৰ এবচাৰ্ড দৰ্শনৰ উদ্ধৃতিৰে ক’ব পাৰি যে দুর্যোগে যেতিয়া আঘাত হানে তেতিয়া মানুহৰ অন্তৰ্নিহিত সত্যৰ স্বৰূপ স্পষ্ট হৈ পৰে। অৰ্থাৎ দুর্যোগ, মহামাৰী বা হঠাৎ অহা বিপর্যয়ে মানুহক দৈনন্দিন ভয়, সমাজবিমুখিতা কৃত্ৰিম নৈতিকতাৰ পৰা মুক্ত কৰে। এনে অৱস্থাত মানুহে জীৱনৰ অৰ্থহীনতা, অনিশ্চয়তা আৰু বিশ্বৰ উদাসীনতাৰ সন্মুখীন হয়। ঠিক সেই মুহূর্ততে কিছুমানে স্বাৰ্থ, ভয় আৰু নিষ্ঠুৰতা প্রকাশ কৰে, আনহাতে কিছুমানে সংহতি, দায়িত্ববোধ আৰু মানৱীয়তা দেখুৱায়। সেয়েহে দুর্যোগে মানুহৰ প্ৰকৃত চৰিত্ৰ আৰু নৈতিক অৱস্থান উন্মোচিত কৰে।

‘দ্য প্লেগ’ আশাহীনতাৰ উপন্যাস নহয়, ই নৈতিক সাহস আৰু মানৱীয় সংহতিৰ এক শক্তিশালী ঘোষণা। কেমুৱে দেখুৱাইছে যে যুক্তিহীন দুখৰ সন্মুখত মানুহে যদি একেলগে থিয় হয়, তেন্তে সেই সংগ্ৰামতেই জীৱনৰ অৰ্থ নিহিত থাকে। আধুনিক বিশ্বত যুদ্ধ, মহামাৰী আৰু নৈতিক সংকটৰ সময়ত এই উপন্যাসখনে পাঠকক সহানুভূতি, দায়িত্ববোধ আৰু মানৱীয়তাৰ পথ বাছি ল’বলৈ আহ্বান জনায়। এই কাৰণেই ‘দ্য প্লেগ’ আজিও এক অত্যন্ত প্ৰাসংগিক আৰু মূল্য ৱান সাহিত্যকৃতি হিচাপে প্রসিদ্ধ ৷

You might also like

Comments are closed, but trackbacks and pingbacks are open.