গল্পঃ এটা বিয়োগ অংক

5

ৰাধিকা দাস কলিতা

ঘটনাটো বা দুৰ্ঘটনাটো একুৰি পাঁচ বছৰ আগৰ । তেতিয়া ম‍ই এটা সন্তানৰ মাতৃ। কোঁচত বেমাৰী আৰু পেনপেনীয়া কেঁচুৱাকণ। লোকৰ চকুত মই ঘৰ-খোদলা তিৰি। ঘৰ-সংসাৰ কেঁচুৱাৰ কামতে মূৰ গুঁজি থকাবিধৰ তিৰোতা। ৰং-ৰহইচৰ পৰা সাতোযোজন দূৰৈত । তেতিয়া সাজোন-কাচোন মোৰ বাবে আকাশ-কুসুমৰ দৰে । ঘৰ-ঘৰ, কেঁচুৱা-কেঁচুৱা কৰি থকাটো মোৰ বাবে হৰিনামস্বৰূপ।

মিতিৰ-কুটুমৰ আপত্তি— তেল পানীৰ দৰে ম‍ই কাৰো লগ নালাগো। বিয়া-বিহুবোৰত পুৰণি ভাৰাতীয়াৰ দৰে আহোঁ আৰু খোৱা পাতত বহিয়ে কুকুৰ লৰ মৰাদি লৰ মাৰোঁ। ম‍ই ফূৰ্তি-ফাৰ্তা নামৰ গ্ৰহটোৰ বাহিৰৰ উপগ্ৰহৰ প্ৰাণী। খুৰা, মামা আদিৰ ঘৰত বিয়াৰ দৰে ডাঙৰ অনুষ্ঠানত দুঘণ্টাৰ বাবে চোতালখন গচকো। কিমানৰ কিমান কথা শুনিম- ‘এই আশী বছৰীয়া আইতাজনী কিজানি সন্ধিয়াৰ পাছত লেপৰ তলৰ পৰা নোলায়!’, ‘বুঢ়াক এৰি নাথাকে কিজানি!”, “ঘৰখন কোনোবাই খাই সাং কৰে বুলি নাথাকে ঐ!’, ‘নহয় ঐ, গিৰীয়েকে আন এজনীক সুবিধা দিব বা চপাই ল’ব বুলিহে নাথাকে বুলি প্ৰতিজ্ঞা কৰিছে! কোনোদিন ক’তো থকা দেখা নাই…।’ আন এগৰাকীয়ে আকউ-‘তেওঁলোকৰ ছোৱালীজনীৰ বিয়াত দেখিবি গিৰীয়েক আৰু ঘৈণীয়েক, দুয়ো আছে। আন কোনো নাই। তাহাঁতে ক’তো নাথাকিলে, তাহাঁতৰ তাত ভাৰা দিলেও কোনো থাকিবলৈ নাযায়।’“এহ্! সেইটো কিবা ক’ব লাগিছেনে!” “হেই, কিবা ৰহস্য নিশ্চয় আছে। নহ’লে এদিনো এৰাতিৰ বাবেও গিৰীয়েকক এৰিব নোৱৰা তিৰোতা জগতত কোনোবা আছে জানো ? আমি হ’লে আজিলৈকে দেখাও নাই, শুনাও নাই। সন্দেহ! গিৰীয়েকক সন্দেহ! আৰু কি?’ মানুহবোৰৰ সমস্বৰে কৰা হাঁহি-খিকিন্দালি, ফিচিঙা-ফিচিঙিবোৰ ঠহঠহকৈ মোৰ কাণত পৰে ৷ কাণেৰে সোমাই কাঁড়বোৰ বিন্ধি বিন্ধি বুকুত খোপনি পোতে । মই সকলো বুজি পাওঁ। নিমখ পৰা কুমজেলেকুৱাটোৰ দৰে মনটো কোঁচ খাই যায়। আগত ক’লে সহ্য কৰিব পাৰি, পাছত ক’লে…! শুকান বালিত পৰা কেঁচুৰ দৰে ধৰফৰ কৰে গাভৰু মন ।

সন্দেহ? হয়, সন্দেহেই হয়। কাৰণ বেমাৰী কেঁচুৱাকণ বিয়া ঘৰত কষ্ট পাব বুলি নাথাকোঁ ক’তো। বিয়াঘৰখনৰে ডিষ্টার্ব হ’ব বুলিও থাকা নহয়। আচলতে, ‘কথাবোৰ কাক ক’ম, কোনে পতিয়াব, যাকে ক’ম, সিয়ে লথিয়াব’ ধৰণৰ ৷

সঁচা কথা ক’বলৈ গ’লে ছোৱালী অৱস্থাতো ক’ৰবাত কিবা এটা গোলমাল হয় বুলি কোনোদিন কোনো দৰাৰ লগত গৈ পোৱা নাছিলোঁ। ঘৰৰ মানুহবোৰে বুদ্ধি কৰি আঁতৰাই ৰাখিছিল। কইনাঘৰতো কস্মিনকালেও ৰাতি থাকি বিয়া খোৱাৰ সৌভাগ্য নহ’ল । এতিয়া আক’ গলৰ দৰখডাল হ’ল কোলাৰ কেঁচুৱা। এইবোৰ পৰিস্থিতিয়ে কৰা! মইজনীয়ে নিজকে মানুহৰ সংস্পৰ্শৰ পৰা আঁতৰাই ৰখা নহয়!

আচলতে গিৰিহঁতে ছোৱালীজনীৰ দোহাই দি ক’তো থকাটো নিবিচাৰে। তেওঁ কয়- ‘হেৰা কেঁচুৱা ৰখাৰ বাবে বেলেগে মানুহ থকাবোৰৰ কথা সুকীয়া। সিহঁতৰ লগত তুলনা নকৰিবা। হাই ষ্টেণ্ডাৰ্ডৰ মানুহে ষ্টাইল কৰি বহি থাকে। ভাগ্যত থাকিবও লাগিব! ‘কিন্তু কাক কেনেকৈ বুজাম’, আপোনসকলৰ লগত কেতিয়াবা অকণ সময় কটাবলৈ কিমান মন যায়। কিমান হেঁপাহ জাগে মনখুলি কথা পাতিবলৈ। কিমান হেঁপাহ জাগে বাকীবোৰৰ দৰে ময়ো এদিন মনৰ মানুহৰ মাজত দিনটো কটাই আহোঁ। কিমান হেঁপাহ এদিন ৰংচঙীয়া পাটৰ কাপোৰ এসাজ আৰু গহনাই- গাঁথৰিয়ে চখ পূৰণ কৰি বিয়া ঘৰত নিশাটো থাকি যাওঁ। মাহী-পেহীহঁতে বহুত দুখ কৰে। ওন্দোলা মুখে সদায় কয়—

‘আমিওতো ছ’লি ডাঙৰ কৰিছোঁ। তোৰ দৰে কাকো দেখা নাই দেই। থাকচোন তই, ইকোলা সিকোলাকৈ সকলে ল’ব তোৰ ছ’লি। গমেই নাপাবি সময় কেনেকৈ পাৰ হৈ গ’ল। থাক, আজি থাকি চা। অভ্যাস হ’ব। তোৰ লগৰ আধামান বিয়াই হোৱা নাই। আৰু তই বুঢ়ীয়ে হ’লিহি। এই মৰ ঠাণ্ডাতো দেহা দেখুৱাই, পিঠি উলিয়াই, ষ্টাইল মাৰি বিয়া বিহু খাই ঘূৰি ফুৰিছে কিছুমানে। কতক দেখোঁ তোৰ দৰে বয়সতো লাইন মাৰি থকা।’

‘কিবা এটা ভয় লাগেঐ পেহী! কিবা হ’লি?’

“কিহৰ ভয়? দুয়ো লগ হৈ চাবি, বুঢ়ী হ’বলৈ ধৰাজনী আকৌ ন-গাভৰু হৈ পৰিবি । তাক বুজাব লাগিব, ঘৰৰখীয়া তিনিমূৰীয়া বুঢ়ী তই নহয় ৷

মই সিদ্ধান্ত ল’লোঁ। হয় মোক মানুহটোৱে সহায় কৰিব, নহ’লে নিজেই এদিন কেঁচুৱা ৰখিব ময়ো আনৰ দৰে তামাচা-ফূৰ্তি কৰা কৰিম । এদিন দুদিন ফুৰিম। বন্ধুৰ লগত এদিন হ’লেও এখন চিনেমা চাম। সকলোৱে পাৰিলে ময়ো পাৰিম। এদিন ওলাব পাৰিলে পাছতো পাৰিম। মনটো ডাঠ কৰি কঁকালত দীঘলকৈ টঙালি বান্ধি সিদ্ধান্ত লৈ পেলালোঁ। আগ্ৰহেৰে সুযোগলৈ অপেক্ষা কৰিলোঁ।

‘হেৰা, পূৰবীৰ বিয়াত থকাকৈ যাম।’ পূৰবী এওঁৰ পেহীয়েকৰ ছোৱালী, ননদ হয় ।

‘কেনেকৈ?’— কোব পৰা কাতিমহীয়া কুকুৰৰ দৰে কেংকেঙাই উঠিল। পাছত নৰম হৈ- “মানে মাইনাই কষ্ট পাব।’ বেলেগ চাৱনি।

‘বাকীবোৰে যেনেকৈ থাকে, তেনেকৈ ! নহ’লে নিজে ঘৰতে ৰাখিবা। ম‍ই কিবা ঠিকা লৈছোঁ নেকি, অকলে অকলে…!’ তেওঁ জাঙুৰ খাই উঠিল। নোৱাৰে। কোনোমতে নোৱাৰিব কেঁচুৱা লৈ থাকিব। ম‍ই বোলোঁ,- “ঠিক আছে দুয়ো থাকিম। তেওঁলোকেও বহুত ভাল পাব । ‘ ৰাগতে কিছুসময় বকি থাকিলোঁ— ‘সকলোৱে কয়, আমি হেনো অসামাজিক জীৱ। ছ’লি কিবা আমিহে জন্ম দিছোঁ নেকি এইখন পৃথিৱীত ? বহিব পাৰে, হাঁহিয়ে থাকে। মৰমতে ই সি লৈয়ে থাকিব।’ তয়াময়া মুখৰ ৰণখনৰ অন্তত তেওঁ যেনিবা মান্তি হ’ল।

বহুত দিনৰ মূৰত অপৰাধ কৰা মানুহৰ দৰে ইফালে-সিফালে চাই লাহেকৈ বিউটী পাৰ্লাৰত সোমালোঁ। থ্রেডিং, ফেচিয়েলকে ধৰি যাৱতীয়খিনি কৰি সাজু হ’লোঁ বিয়ালৈ বুলি । বিয়াৰ পৰা পিন্ধিবলৈ সুবিধা নিমিলা ধুনীয়া পাটৰ সাজ এটা ব্লাউজ পেটিকোট গহনাসহ মিলাই ৰেডী কৰি ৰাখিছোঁ খালী সময় অবাবত খৰচ নকৰি ।

বিয়াৰ দিনা, পুৱাৰাতিৰ পৰাই গা ইচাট- বিচাট। নিজে কইনা হোৱাৰ দিনৰ পৰাই বিয়া বুলি টোপনি খতি কৰি পোৱা নাই। মানে ষ্টাইল মাৰি, গা-ঘেলাই, কাৰো চকুত পৰা নাই। কেমেৰাৰ আগত হাঁহি হাঁহি প’জ দি ফটো তোলা নাই ।

ৰঙতে ৰাঙলীজনী হৈ সকলোতে অলপমান আগভাগ ল’বলৈ ধৰিলোঁ মুখত হাঁহি এটা লৈ। প্ৰত্যেকৰে লগত হাঁহি মাতি কথা পাতি (মানে, উৰি ফুৰা মনটো লৈ) বহুতো ফটোও তুলিলোঁ বাপ্পেকে। ভালদৰে সাজিছোঁ কাচিছোঁ যেতিয়া দৌৰি দৌৰি গৈ বিয়াখনৰ আধামান ফটোতে দেখা যোৱাকৈ থিয় হৈছোঁ। নিজকে কৈছোঁ, ‘ময়ো গাভৰু হৈ আছোঁ দেই!”

কোনোবাই কোৱা দূৰৈৰ পৰা কাণত পৰিলহি, ‘ইমান ধুনীয়া! ৰঙা পাটৰ সাজ পিন্ধাগৰাকী কোন হয়?’উত্তেজনাত ভৰি সামান্য কঁপিছে যদিও গাটো কিন্তু ৰাইজাই কৰিছে । মাজে মাজে আইনাৰ সন্মুখত থিয় হৈ চাই আহোঁ, সকলো ঠিকে ঠাকে আছেতো! চকুৰ কাজলতো মচা যোৱা নাই! লিপষ্টিক পাতল হোৱা নাইতো ? বাস্তৱিক বয়সতকৈ বহুখিনি সৰু দেখা গৈছিল হেনো।

এক-ডেৰ ঘণ্টাতে গোটেই দিনটো পাৰ হৈ সন্ধ্যা লাগো লাগো। কিয় দিনটো ইমান সোনকালেই দৌৰি গ’ল! মফচলীয় চহৰ৷ কইনা ধুওৱা পৰ। ঘৰ-পৰ সকলো ব্যস্ত হৈ পৰিছে। সেই ছেগতে কেঁচুৱাকণক চেৰেলেক এবাটি খুৱাই- বুৱাই লৈ আজৰি হৈ লওঁ বুলি ভাবিছোঁ। তাইৰ গাটোচোন গৰম। ভয় খালোঁ যদিও মানুহটোৰ গালিৰ ভয়ত মনে মনে থাকিলোঁ। চেৰেলেক খুৱাই উঠি অলপমান চাফা-চুফা কৰি দি নতুন চোলা এটা পিন্ধাই দিলোঁ। তাৰ পাছত শুৱাবলৈ চেষ্টা কৰিলোঁ । কইনাক মাহ-হালধি ঘঁহাবলৈ দুই তিনিবাৰ মাতিছিল। কেঁচুৱা লৈ ‘নাযাওঁ’ বুলি ক’লোঁ।

প্ৰতিটো কোঠাৰে প্ৰতিখন বিছনাই গেন্দা গেন্দী দি তিৰোতাৰে ভৰি আছে। খালী বিছনা? বিয়াঘৰত? ঘাই ঘৰত এখন খালী বিছনা দেখিবলৈ পালোঁ। তাতেই তাইক শুৱাই দিলোঁ। অচিনাকি ঠাই, অচিনাকি বিছনা, সকলো অচিনাকি। কোনোদিন মাকৰ কোলাত ‘ওঁহ’ নকৰা পোৱালিকণে জোৰ কৰি সাবটি থাকি মোকহে শুৱাই থ’লে। আচলতে দুদিনমান টোপনিও খতি হোৱাৰ দৰে। পুৱতিনিশাই উঠি ঘৰখনৰ সকলো সামৰি বিয়ালৈ আহিছোঁ। সেয়ে হ’বলা অতি সোনকালেই ঢলি পৰিলোঁ নিদ্ৰাদেৱীৰ কোলাত । বহুত দিনৰ পাছত হোৱা সুখানুভূতিয়ে গভীৰ টোপনিক আৰু চপাই ল’লে।

হঠাতে আৰম্ভ হোৱা চিঞৰ-বাখৰ শুনি খকমককৈ সাৰ পালোঁ। দৰা অহা বুলি ভাবিছোঁ। নহয়। দৰা অহা নাই। তাৰ আগমুহূৰ্তৰ সময়। বিৰাট ভূমিকম্প হৈ যোৱাৰ পাছত হোৱা হুলস্থুলৰ দৰে বিয়াবোৰত দৰা অহাৰ আগে আগে হোৱা পৰিৱেশ, যদিও আজিৰ ৰূপটো অলপ বেলেগ। কইনাৰ ভনীয়েক সাজি-কাচি দৰা অহালৈ সাজু হৈছে। দৰাক ভৰি ধুৱাব হেনো। সেইখিনি সময়ত কেমেৰাবোৰ তাতে আঠা লাগি থাকিব। মানে ভিনীহিয়েক খুলশালিয়েকৰ ওপৰত। সেয়ে তাই পাৰ্লাৰলৈ গৈ ‘পৰিণীতা’জনী হৈ আহিছে। পৰিণীতা হ’বলৈ চেহেৰাত যি কমি আছিল, সেইখিনি ভালৰো ভাল পার্লাৰে টকাৰে পৰ্দা দি ঢাকি থ’লে। হাতত সোণালী ৰঙৰ ‘এইচ-এম-টি’ ঘড়ীটো পিন্ধিবলৈ বাকী আছিল, কিন্তু ঘড়ীটো বা ক’ত লুকাল। সোণালী ৰঙৰ ধুনীয়া ষ্টাইলিছ ঘড়ী। নাই বোলোঁতে নাই। কেনেকৈ সম্ভৱ হ’ব পাৰে? হায়! হায়!!

‘বাহিৰৰ পৰা চোৰ আহিল, ঘড়ী লৈ উধাও এনে কথাও হ’ব পাৰেনে বাৰু ? ”

‘কেনেকৈ হ’ব? ইয়াতে আছে চোৰ । কোনো মহিলাই হ’ব, সেইটো ধূৰূপ। কিন্তু কোন ? চোৰ কোন কোনে জানে!’

‘কিছুমান আহেই চোৰ কৰোঁ বুলি উদ্দেশ্য লৈ। একো এটা নোহোৱাই দামী ঘড়ী দেখিছে, নিছে। বিকি খাব দুদিনমান। কিন্তু কেইদিননো খাব?’

“নোহোৱাইহে চোৰ কৰে এনে নহয়। বহুত থকায়ো চোৰ কৰা দেখিছোঁ, শুনিছোঁ।’

‘আজিকালি চোৰৰ ধনী দুখীয়া মার্কামৰা নাথাকে। তালাচী ল’লে ওলাই পৰিব । পলাই ফাট মাৰাৰ আগতে আৰম্ভ কৰ! তালাচী তালাচী…!”

প্রত্যেকৰে মোনাবোৰ জাৰি-জোকাৰি চাই গ’ল কেইজনমানে। চোৰ কোন চাবলৈ আগ্ৰহেৰে অপেক্ষা কৰিলোঁ। আজি প্ৰথম দেখিম চোৰ কেইচকুৱা। প্ৰথমবাৰ কেঁচুৱা লৈ বাহিৰত থকা বাবে টোপোলা কেইবাটাও হ’ল। নিশ্চিন্তে আগুৱাই দিলোঁ। মাইনাৰ খোৱা বস্তুৰ টোপোলাটো নিজে বহলকৈ মেলি ধৰিলোঁ। মাইনাৰ কাপোৰৰ মোনাটোৰ পৰা ঘড়ীটো সগৌৰৱে হাঁহি হাঁহি ওলাই আহি মোক যেন ভেঙুচালি কৰিবলৈ ধৰিলে । আচৰিত! মই আচৰিত হ’লোঁ ৷ ভয়ত মুখ বিবৰ্ণ হৈ পৰিল। পুহমহীয়া জাৰত ঠাণ্ডা পানীৰে গা ধুই উদং গাৰে অহাৰ দৰে কঁপিবলৈ ধৰিলোঁ। কথা ক’বলৈ আপ্রাণ চেষ্টা কৰিলোঁ, ‘মই চোৰ নহয়। বিশ্বাস কৰা মই চোৰ কৰা নাই, নোৱাৰোঁ ইমান বেয়া কাম কৰিব। মোৰ সকলো আছে। দহজনক খুৱাব পৰাকৈ আছে।’

‘আপুনি কিয় সোমাই আছিলহি ইয়াত?” ‘ছোৱালীজনীক…!’

‘সকলো ব্যস্ত, ইয়াত অকলে অকলে সোমাই থাকিব নালাগিছিল নহয়!’- প্ৰতিজনৰে সন্দেহৰ আঙুলি মোৰ ফালে। ইমানবোৰ চকুৱে যেন মুহূর্ততে ভষ্ম-ছাই কৰিবলৈ ৰৈ আছে। নানাজনৰ নানা কথা ।

‘সেই কাৰণেই আপোনাক কোনোদিনে ক’লৈকো যাবলৈ নিদিয়ে।’

‘দেখিলা, থকাবোৰ যে বেছি চোৰ।’

ক’বলৈ আৰু ভাষা নাছিল, কোনো প্রমাণ নাছিল মোৰ হাতত ৷ চকুপানী নাকৰ পানী গংগা- যমুনা হৈ ধল বাগৰিছে। বুকু ভিজাই দিছিল। বত্ৰিশটা দাঁতৰ মাজত জিভাখন অকলে থকাৰ দৰে অসুৰক্ষিত অনুভৱ কৰিব ধৰিলোঁ ৷

দিনৰ দিনটো কৰি থকা ফূৰ্তি-তামাচাৰ ৰঙীন বেলুনটো এটম বোমাতকৈও ভয়ানকভাৱে ফাটি থাকিল। বহুত ভাবিছোঁ, কোনে মাৰিলে বুকুত এই কামোৰটো। কাললৈ থিয়দঙা দিব নোৱৰাকৈ মান-সন্মানৰ কঁকালখন ভাঙি পেলালে কি অপৰাধত ? কি কুলক্ষণত বিয়াত থকাৰ সিদ্ধান্ত লৈছিলোঁ? গোটেই জীৱনটো এটা টকাও ইফাল- সিফাল কৰি নোপোৱাজনী ‘চুৰুণী’ বুলি ফাটি- ফুটি গ’ল। মা-দেউতাক চুৰণীৰ মাক-দেউতাক নামৰ অলংকাৰবিধ পিন্ধালোঁ। মানুহজনো সেই ধৰণে ‘চুৰণীৰ মৰদটো’— জনাজাত হৈ পৰিল । কাৰোবাৰ কিবা হেৰালেই, সাত মাইল দূৰত থাকিলেও প্রথমে সন্দেহৰ আঙুলি এই অভাগীৰ ফালে। ঘৰৰ বাহিৰ হ’লেই সন্দেহৰ চাৱনিয়ে দেইপুৰি মাৰে। ঘৰলৈ আলহী আহিলে হাতৰ বস্তু নেৰেই। মূতিবলৈ গ’লেও ডিঙিতে ওলোমাই লৈ যায় বেগটো।

শহুৰৰ ঘৰৰ বহুতে মোক ভালদৰে জানিছিল যদিও মোৰ হৈ মাত মাতিবলৈ কোনো প্রমাণ যে নাছিল । চোৰ কি বস্তু নজনাকৈ নিচিনাকৈ বিখ্যাত চুৰুণী হৈ পৰিলোঁ। কাললৈ মনটোক হত্যা কৰিলে! এইবোৰ জানো শটোৰ লগতে পোৰা যোৱা বদনাম? দেহাটোহে পোৰা যায়, বদনাম সদনাম ৰাখি থৈ যোৱা বস্তু। কিন্তু কোনে ? আৰু কিয়-কিয়? কিয় কৰিলে ?

ঘটনাটোৰ পাঁচ ছয় বছৰ পাছত ভাগিন ছোৱালীজনীৰ তোলনী বিয়ালৈ যাওঁতে তাই ক’লে,- ‘মামী, মইতো তেতিয়া বহুত সৰু আছিলোঁ। সেয়ে ক’বলৈ ভয় কৰিছিলোঁ। বহুত ভয় লাগিছিল জানে! আমাৰ আবুৱে ঘড়ীটো আপোনাৰ বেগটোত সুমুৱাই থোৱা ম‍ই নিজে দেখিছিলোঁ। পাছত উলিয়াই ল’লেহেঁতেন। আবুক মই বহুতদিন চোৰ কৰা দেখিছোঁ! মাক কৈছিলোঁ। মায়েও মনে মনে থাকিবলৈ ধমকি দিছিল।

ইমানদিনৰ পাছত মোৰ বুকুৰ পৰা প্ৰকাণ্ড পাহাৰখন হৰহৰাই বাগৰি পৰিল। অন্ততঃ মোৰ মানুহজনে জানিব মই চুৰুণী নহয়। মই চোৰ কৰিব নোৱাৰোঁ। বহুতে জানিছিলোঁ প্রকৃত চোৰ কোন হ’ব পাৰে। কিন্তু সেয়া সন্দেহহে। প্রমাণ দিওঁ কিদৰে? মোক জীয়াই জীয়াই হত্যা কৰিলে কোনে সেইটো প্ৰমাণ দিবলৈ তেতিয়া অসমর্থ আছিলোঁ। কাকো ভাঙি-পাতি ক’বও পৰা নাছিলোঁ। ভাল লাগিল, সত্যৰ জয় হ’ল। সুখ- শান্তিয়ে কিন্তু মনৰ পৰা চিৰকাললৈ সন্ন্যাস ল’লে। মনৰ শান্তি ঘূৰি আহিলেও উৎসাহ-উদ্দীপনা চিৰদিনৰ বাবে বনলৈ গ’ল যে গ’লেই, হাজাৰ চেষ্টা কৰিও ঘূৰাই আনিব নোৱাৰা হ’লোঁ। যিটো মনমুখী হোৱা অসম্ভৱ! অসম্ভৱ!!

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.