ৰীতা দেৱী
পাছফালৰ কাপোৰ ধোৱা পাটচটাৰ কাষৰ চকোৱাৰ বেৰখনত পৰি চেকচেকীটোৱে চেকচেকাই আছে ৰাতিপুৱাৰ পৰা। আনকালে মাহৰ নিৰ্দিষ্ট দিনকেইটাৰ ওচৰ চাপিলেই চেকচেকীৰ মাত শুনিলে খেদা মাৰি যায়। আজি পিছে মেনকা খেদা মাৰি যোৱা নাই। আৰু তাইৰ সেই বিশেষ দিনৰো ওচৰ চপা নাই । আনদিনা একেজনী খং উঠা মানুহজনীৰ আজি খং উঠা নাই। বৰঞ্চ কিবা ভাল লগা ভাব এটাইহে মনত দোলা দি গৈছে।
খং উঠিল মৰি লৈহে। বোলো ঘৰখনৰ ভিতৰত নো কি কৰি থাক । পাছফালে দুখনমান কাপোৰ-কানি ও থুকুচিব পাৰ। দুখনমান বাচনো ধুব পাৰ। যা আই, যা । মুঠতে বাহিৰলৈ যা। চেকচেকীকেইজনীৰ সমুখলৈ আহ। মনতে ভাবিলে মেনকাই। মৰিয়ে কথাৰ আঁত ধৰিব নোৱাৰি মাকৰ মুখলৈ হেবাংটোৰ দৰে চাই থাকিল। কাপোৰ নো তাই কোন দিনা ধুইছিল! বাচন ধোৱাও মনত নপৰে দেখোন তাইৰ! আৰু এই ৰ’দখনত বাহিৰলৈ নো কিয় যাব লাগে ?
চাবলৈ গ’লে মহিতৰ ঘৰখন গাঁওখনৰ ভিতৰতে এখন আঢ্যৱন্ত ঘৰ। ভাল নেদেখি কিছুমান কাম কৰিলে। নকৰে মেনকাই। ৰেৱতী আছে হাততে পোৱাকৈ। মানুহে নাহাঁহিব নে মৰি কাম কৰিলে। নকৰে মেনকাই মানুহে হঁহা কাম ।
পাৰি নে মৰিক কাম কৰিব দিব! এজনীয়ে ছোৱালী মেনকাহঁতৰ । মৰিৰ ওপৰৰ দুটা ল’ৰা দুজনী ছোৱালী জন্ম হৈ মৰাৰ পিছত এইজনী যেনিবা বাৰগোপালৰ কৃপাত জীয়াই থাকিল। ওপৰৰকেইটা মৰি মৰি এইজনী বাচি থকাত বাপেকে নামেই দিলে মৰি। হাঁহে সকলোৱে নামটি শুনি। থাকক, নাম নো কি কথা! সিহঁতৰ চকুৰ আগত জীয়াই থকাটোহে ডাঙৰ কথা। থাকিল সিহঁতৰ সংসাৰ শুৱনি কৰি। পিছে ছোৱালীজনী অফুলন হৈ থাকিল।
আজি স্কুললৈ নগ’ল মৰি। মেনকাই মানা কৰিলে যাবলৈ। থাকচোন, আজি ঘৰতে থাক। সদায় স্কুল গৈনো কিখন নকৰিব লগা কৰিছ এনেকৈ কৈ থৈছে তাইক। কোৱা নাই কি কথা । ক’ব পৰা নাযায় সকলো কথা। ক’বও নোৱাৰি নহয় কেতিয়া ভাল দিন আহে। ইচ্ইচাই আছে ভাল খবৰটো পাবলৈ ।
কিমান আৰু চিন্তা কৰিব মেনকাই! বেছিকৈ চিন্তা কৰিলেও দেখোন হালৰো নহয় ফালৰো নহয়। সেইবুলি কিছুমান সময়ৰ কথা সময়ত চিন্তা নকৰিলেও নহয়। গিৰীয়েকটো দেখোন মাহটোৰ বেছিভাগ দিন কর্মস্থলীতে থাকে। চৰকাৰী ঘৰত ৷ চৰকাৰী কামত ব্যস্ত মানুহ। উপায় নাই। লোন খাইছে গুণ গাবই লাগিব। সেয়ে ঘৰখনৰ অতখন জাঁজ মেনকাই অকলে মাৰিব লগা হয় । যদিও মানুহ বুলিবলৈ তাকৰ তেওঁ বুলি কামৰ কিন্তু হেৰফেৰ নাই। দিনটো মেনকাই অকলে ৰেচন-পাতি, পাচলি বজাৰ ঘৰখনৰ সমস্ত যোগাৰ কৰিবলগীয়া হয়। থাকোতে মৰি আছে। থাকে ও লগে লগে। পিছে কামৰ নহয়। দুকেজিৰ বেগখনো ধৰোঁতে হেদালি-কামোৰণি হেন কৰে। একে বাৰে দেহে নামে খাজ খাই পৰিছে। মাকজনী হৈ মেনকাই নো চাই থাকে কেনেকৈ! গতিকে সমুদায় সামৰিব লগা হয়।
অৱশ্যে বাহীবনৰ জাঁজখিনি যেনিবা ৰেৱতী আহি মাৰি দিয়েহি। তাইৰো সময়ৰ নাটনি। কেইবাঘৰৰো কাম ৰাখিছে। ৰাখিছে মানে গাঁৱৰ মানুহখিনি তাইৰ মুখলৈ চাই ৰৈ থাকে। বিষ বেমাৰী হ’ল সকলো। কাম কৰি হ’ল নে নকৰি হ’ল বিষ বেমাৰী নবুজে মেনকাই। গাঁৱৰ মূৰত মেনকাহঁতৰ ঘৰ। এফালৰ পৰা সকলোৰে ঘৰ সাৰি পুচি ৰতীয়া কৰি মেনকাৰ ঘৰত দুপৰীয়া হেঁপোৰ-তেপোৰকৈ আহি ওলায়। আহিয়েই পকা মজিয়াখনত বহি লৈ মেনকাক চাহ একাপ খুজিব। মেনকায়ো দুপৰীয়াৰ চাহ কাপ খাবলৈ ৰেৱতীলৈ ৰৈ থাকে। চাহ খাই উঠি ৰেৱতীৰ হাতো চলিব মুখো চলিব। ভাগৰি গ’লেও কামৰ নমুনা সেই একেই। আগচোতাল পিছচোতাল ফু মাৰি ভাত খাব পৰা। কাঁহৰ ভাত খোৱা থালকেইখন কাহৰ নহয় যেনিবা সোণৰহে থাল। মানুহজনী ভাল। সকলোৰে লগত এক আপিত্ব বজাই ৰাখিব চেষ্টা কৰে।
ৰেৱতীলৈ মাজে মাজে বেয়া লাগে মেনকাৰ। গিৰীয়েকটো অহতুৱা-বহতুৱা। কামৰ লগত মতলব নাই। কেতিয়া কোন মাইকীৰ পাৰ্টীৰ লগৰীয়া হয় পাত্তা নাই। কেতিয়াবা হুৰংকৈ আহিব। দিনচেৰেক বহি বহি খাব । আৰু ৰেৱতীৰ পেটত ন বীজ সিঁচিব। গা-ভাৰিৰ সময়ত পোনচাটেই নোহোৱা হ’ব। এইটো নিয়মেৰে চাৰিটা ফুকালে। তিনিটা বয়সৰ জোখেৰে নহ’লেও মদৰ খোলাত, ভাঙৰ খোলাত বহি মদগজ হ’ল। ঘৰুৱা নহ’ল বাপেকৰ দৰে। তাই কিন্তু পোহাৰিপুৱাতে পুতেকহঁত স্কুললৈ যাব বুলি গৰম ভাত অলপ সিজাই থৈ দিয়ে। লগত গাটো জোবোৰা মাৰোঁতে ভৰিত লগা গৰৈ, পাটিমূতুৰা যি পায় তাকে পিতিকা অকণ কৰি থয়। সিহঁতে উঠিয়েই গৰম ভাতৰ থালখন শেষ কৰি থানৰ গোপাল থানে থানে যায়।
গত কালি কিছু সোনকালে আহিছিল ৰেৱতী। বস্তু এটা আনিব পাচিছিল মেনকাই । ৰেৱতীয়ে কৈছিল বৰ পৰমান হেনো। এতিয়াৰ দৰে মুজুৰা পৰি নাথাকে । দুদিনতে গাল, মুখ ৰঙা পৰি আহে। দেহৰ আহপাহবোৰো মুকলি হয়। আপুনিও আৰু মানুহৰ আগত লাজ পাবলগীয়া নহয়। কামফেৰা সোনকালেই সিজে হেনো মেনকাই লগাইছে কামত। এয়া আৰু আজি চেকচেকীকেইটাৰ মাত ৷ শুনি মনটো সুত লাগিছে মেনকাৰ। নিদিয়ে দুদিনমান স্কুল যাব। পঢ়াবোৰ হৈ থাকিব। পৰীক্ষাৰ আগত দুই-তিনিটা মাষ্টৰ লগাই দিলেই হ’ল। ঘৰতে ৰাখি চাব লাগিব কিছু দিন। আপ্রচ্ছন্ন কথাবোৰ আপ্ৰচ্ছন্নকৈ হ’লেই ভাল। এনেয়ো এইবোৰ কথা চান-সূৰুযে গম পোৱা বেয়া।
আজিও ৰেৱতী সোনকালে অহাৰ কথা । পিছে এতিয়া মেনকাই মৰিক ঘৰৰ ভিতৰতে থাকিব কৈ বস্তু এটা বিচাৰি ওলাইছে। পকা কুঁজীথেকেৰা লাগে। নিজৰ বাৰীখনতো নায়েই একো এটা গছপুলি। কেতিয়াবা ক’ৰবাত ৰবাব টেঙাৰ পুলিটো, জলফাইৰ পুলিটো আনি গোজা মাৰি থৈছিল। নাই বাপেকে বাৰী চাফা কৰাৰ নামত সকলো উঘালি পেলালে। সীমাৰ মূৰৰ সেই হেন ৰহৰহীয়া মিঠা আমজোপা উভালি পেলাওঁতে কম দুখ লাগিছিল নে মেনকাৰ! আৰু সেই ৰহদৈজোপা! নাই নোৰোৱে, আজিকালি একো গছপুলি নোৰোৱে মনৰ দুখত ৷
বাৰাংহাতী বুঢ়ীৰ বাৰীলৈ ওলাইছে কুঁ জিথেকেৰা বিচাৰি। গাঁৱৰ মূৰৰ ডাঙৰ ৰাস্তাটোৰে যোৱা নাই। মূল বাট সেইটো। কিন্তু পলম হ’ব সেইফালেদি গ’লে। ৰাস্তা দীঘলীয়া হোৱাৰ লগতে মানুহৰ আহ-যাহ বেছি সেইফালে। সৰহভাগ চিনাকি মানুহ। কথাৰ মহলাত পৰিলে কামেই নিসিজিব। মেনকাৰ পিছফালে থকা আহিনাৰ পুখুৰীৰ পাৰে পাৰে গৈ দ খাৱৈটো পাৰ হৈ বুঢ়ীৰ বাৰীখন পায়। বাপ্পা ঐ, বুঢ়ীৰ বাৰীত নোহোৱা বস্তু নাই। ক’তো নোপোৱা বস্তুটো বাৰাংহাতী বুঢ়ীৰ বাৰীত বিচাৰে গাঁওখনৰ মানুহে। মেনকাই বাৰীত দেখিলে গছ-লতাই বেৰি ধৰিছে। গোটেইখন গেজেপনি মৰা। কটাৰীৰে লতা কাটি কাটি এন্ধাৰ-পোহৰৰ মাজেৰে দেখিলে গছ দোঁ খাই লাগি আছে কুঁজিথেকেৰা। নতুন গছ। লহপহকৈ বাঢ়িছে যদিও বেছি ওখ নহয়। হাতেৰেই লগ পালে। তিনিটা ল’লে। দুবাৰ আহিব নোৱাৰি এই পাণ্ডৱবৰ্জিত ঠাইলৈ । দুটা চিৰি সুথি টেঙা বনাব । গৰমৰ দিনত পানীত তিয়াই থৈ চৰবত খাব পাৰিব। বাকী থকাটো লাগিব মেনকাক। ৰেৱতীৰ দিহামতে কাম কৰিবলৈ। আজিয়েই কৰিব। কাম হ’ব। চেকচেকীকেইজনীয়ে এনেই চিঞৰিব নে!
আজি পাঁচদিন হ’ল মৰি স্কুল খতি কৰা। আজিও মাকে যাব মানা কৰিলে। মৰি জকজকাই উঠিল। কি কাৰনে স্কুল খতি কৰিব লাগে সদায় সদায়। অৱশ্যে দুই তিনি দিন মাকে যাব বাধা দিয়াত তাই বিশেষ বেয়া পোৱা নাছিল। ছাৰৰ ডকা-হকাৰ পৰা মুক্তি পাইছিল। কিন্তু মাকে দেখোন তাইক ঘৰৰ পৰাই ওলাবই নিদিয়া হ’ল। সদায় এনেকৈ ঘৰৰ ভিতৰত সোমাই থাকিব পাৰি নেকি? লগৰীয়াবোৰক লগ পালেহে মনটো বাৰু লাগে। তাকে কওঁতে মাকে বাৰে-পৈয়াতী বাৰে ভতৰী আদিকে ধৰি তাই বুজি নোপোৱা এসোপা গালি দিলে। মাকে বা কিয় ঘৰৰ ভিতৰত ভৰাই ৰাখিছে তাইক!
আনকালে দেখোন ঘৰৰ ভিতৰত থাকিলে বাহিৰলৈ খেদে। ঘৰতো লেতেৰা কৰ, বিছনাখন মৰণা মাৰ । এশ এটা কথা মাকৰ । এতিয়া এইখন বা কি হৈছে মৰি একো বুজি পোৱা নাই! স্কুল যাব নিদিয়ে মানে নিদিয়ে আৰু। খঙত মৰি শুই থাকিল।
পিছদিনা ওপজি পুৱাতেই মাকে ৰাউচি জুৰিলে। মাকৰ বিননিত মৰিৰ শেষ নিশাৰ টোপনিকণত ব্যাঘাত ঘটিল। কাণ উনাই গম পালে মাকৰ চিঞৰত ওচৰৰ নাউপেহী, পুতুলী খুৰী, সুভদ্রা জেঠাই, সোনকানি আবু আটাইবোৰ চোতালত গোট খাই গুণগুণনি আৰম্ভ কৰিছে। মৰি কিনো হৈছে বুলি চোতাল পালেহে গোটেইজাক হুই-হাই কৰি উঠিল। মাকে দাঁতেৰে কট্ কমটাই চকুৰে তাইলৈ এনে দৃষ্টি দিলে যে তাই ভস্মীভূত হোৱাৰ ভয়ত ঘৰৰ ভিতৰলৈ দৌৰ দিলে। অনুভূত হ’ল তাইৰ তল পেটৰ পৰা চু চু কৰা ঠাইখিনিলৈ কিবা নামি আহি তিয়াই পেলাইছে তলডোখৰ ।
পেহী, খুৰী, জেঠাই, আবু আটাইবোৰ ভিতৰলৈ আহি তাইক বুজাবলৈ ধৰিলে । আমুৰিখন নকৰিবি। জোন-বেলি, পৰপুৰুষক চাই দুষ্কালক নামাতিবি। পৈণত হলি। ধীৰ-স্থিৰ হ’ আই। এইবুলি আতাইমখাই লগ হৈ মাটিত কেঁথা পাৰি তাইলৈ বিছনা পাৰিলে। পুতুলী খুৰীয়ে পাঁচটা পাত থকা আম গছৰ ডাল এটা আনি মাটিৰ টেকেলি এটাত পানী ভৰাই ডালটো তাতে ভৰাই ঘট পাতিলে। তামোল-পাণ চাউলেৰে দুণৰিটো সাজিলে। শিতানত মাটিৰ চাকি এগছ জ্বলালে। তিনিজনী কুমাৰী ছোৱালী আনি চাউল চলা চালনী এখনেৰে কন্যাকাল পোৱা ছোৱালীৰ গাত পানী চটিয়ালে।
তাই মনত সংকোচবোধ লৈ সেমেকা বিছনাত বহিল। সোনকানি আবুই তাইক উদ্দেশ্যি ক’লে, আজি খাওঁ খাওঁ নকৰিবি। আজি খাব নাপায়। কালি নাগাৰকুছিৰ দেউৱে গণনা কৰিলেহে খাব পাৰিবি। গণনাত বা কি ওলায়। ভাল যে ওলাব মোৰ মনে নধৰে। বাৰ বেয়া পৰিছে। শনিবাৰ, শুভবাৰ নহয় ৷
মাক মেনকাই সেইবোৰ ভবা নাই । ভাবিছে কামটো যে সিজিল। ইয়াৰ মূলতে ৰেৱতী। হওক তেওঁ তাই যে চমুৱাই আনিলে কামফেৰা। নহ’লেবা ভগৱানে বা কি পাং পাতি থৈছিল। সকলো কথা তেৰাৰ ওপৰত ভৰষা কৰিব নোৱাৰি। নিজেও হাতে-কামে লাগিব লাগিব । সৰু মাছেৰে কুঁজীথেকেৰাৰ ডাঠকৈ জোলকণ খুৱাইছিল গুণেহে আজি এই শুভ কামফেৰা সমাধা হ’ল।
মেনকাই একে লাচতে আই, বাইসকলক এখন্তেক বহিব দি পাকঘৰত সোমাল। হাতৰ পাকতে পানীপিঠা কেইটামান বনাই একো কাপ গাখীৰেৰে ডাঠকৈ চাহ হেঁপাহেৰে আগবঢ়ালে। নুখুৱাব নে কিবা! আজি মনটো সুৱাগী হৈ আছে। চাহ-পানী খাই খনীয়া তামোলেৰে মুহুদি মাৰি আটাইকেইজনী গ’লগৈ।
যাওঁতে নাউপেহী ৰিঙিয়াই কৈ গ’ল, সাতদিনীয়া বিয়াৰ ভোজ লায়েকৰ হ’ব লাগিব দেই বৌ। দাদা চৰকাৰী মানুহ। মাছে-মঙহে দকচি খাম ।
মেনকাও দুহাত ফুলি উঠি ক’লে, হ’ব যা আই খুৱাম । কিমান নো খাবি আইহেৰে! কৈ উঠি মনত পৰিল মৰিৰ বাপেকক খবৰ দিয়া হোৱাই নাই। অৱশ্যে সেইজনাৰ এইবোৰত কাম নাই । এয়া মহিলাসকলৰ কাম। তেওঁ বাপেক বুলি খবৰটো দিয়া ভাল। ফোনৰ বুটাম টিপিলে। নাই চুইছ অফ। চাগে অফিচত ব্যস্ত। থাকক পিছে পৰে ক’লেও হ’ব।
বেলি মূৰৰ ওপৰ পালে। ৰেৱতীজনীও নাহিল। ৰেৱতী নহাৰ বাবে গাটো কিবা ভাগৰ ভাগৰ লাগিল মেনকাৰ। কাম বহুত আছে। বজাৰো কৰিব লাগিব। সদ্যহতে হাতত কিমান টকা-সিকা আছে এবাৰ চাই লোৱাটো ভাল বুলি উঠিব লওঁতে হেলাই-হেঁপাই ৰেৱতী আহি ওলাল।
আহিয়েই আৰম্ভ কৰিলে, বোলে যাৰে যহত শাখা সিন্দূৰ, তাকে বোলে ভেবোলা ইন্দুৰ। ময়েই কৰিলো শুভ কামফেৰা ৷ আৰু ময়ে নাপাওঁ খবৰ গোটা। গাঁৱৰ আইসকলৰ মুখতহে মই খবৰ পাওঁ ।
খং কিয় খাৱ হে’ৰ মৰতীজনী। মই এতিয়া এটা টিং বজাই চিঞৰি ফুৰিলেহে হ’ব। দাই নধৰিবি। এতিয়া তয়ে ময়ে বাকী কামবোৰ সনসইনা কৰাহে কথা।
মই থাকোঁতে আপুনি চিন্তা নকৰিব। এতিয়া এবাৰ শান্তি হোৱাজনীৰ ওচৰৰ পৰা আহোঁগৈ ৰ’ব ।
তেতিয়াহে মেনকাৰো মনত পৰিল, হয় তায়ো দেখোন সেই ৰাতিপুৱাৰ পৰা ছোৱালীজনীৰ ওচৰলৈ যোৱাই নাই।
দুইজনী এন্ধাৰ চুকীয়া কোঠাটোলৈ সোমাই গ’ল। পোহৰ পৰিব নাপাই। সোনকানি আবুই আঁৰ-বেৰ টানি এন্ধাৰিমুৱা কৰি থৈ গৈছে কোঠাটো। মাক আৰু ৰেৱতী গৈ দেখে মৰিৰ মস্ত টোপনি। থাকক, নালাগে মাতিব । ৰেৱতীয়ে ক’লে, শোৱক আবেলি ঘটৰ পানী পৰিলে এনেও সাৰ পাব। আজি থাকিম মই কিছু দেৰিলৈকে। একেবাৰে আবেলিৰ কামফেৰা শেষ কৰিহে যাম ।
তেনেহ’লে এতিয়া আৰু তই কাম কৰিব নালাগে। এদিনহে চলি যাব। তাতে চুৱা লগা ঘৰ। লেথেৰিত লাগি থাকিব। এইকেই দিন ঘঁহা-পিহাবোৰ বৰকৈ নকৰিলেও চলি যাব । চুৱা উঠাৰ দিনা সকলো মোহাৰিবি। গতিকে বর্তমান তই চাহ একাপ জুতি-বুধিকৈ খাই অলপ সোনকানি আবুৰ ঘৰৰ পৰা আহগৈ ৷ জপা তিনিটা লৈ আহ। কালিলৈ আবেলি জপা থ’ব লাগিব।
জপাৰ ভিতৰত দিব লগা, থ’ব লগা কামবোৰো বহুত। তাতো তোৰ সহায় লাগিব । আৰৈ চাউলৰ গুৰাখিনি আজিয়েই খুন্দি থ’বি। বুট, মগু আছে ঘৰতে । সেয়া বাৰু ময়েই তিয়াম। জোৰা ডম্বৰু এযোৰাও লাগিব ।
ক’ত পামহে বাইদেউ ডমৰু গুটি। আজিকালি সেইবিধ বস্তু বিৰল বেহানি হ’ল। তাকো জোৰা। ডম্বৰুৰ গছেই নাই এই মুলুকত। মই নোৱাৰিম সেইটি সিজাব।
হ’ব দে, নাপালে জোৰা ডালিমেই আনিবি । আবুই কৈ থৈ গৈছে সেইদিনা, বোলো মৰিৰ মাক ডিমৰু যে পাবি আশা নাই। গতিকে আবুই কৈছে যেতিয়া কোনেও আৰু বিজল ধৰিব নোৱাৰে। আনাকটা গামোচা আৰু বদুৱা কটাৰী সৰু জপাত ভৰাব লাগিব। সেই দুপদ বস্তু আছে মোৰ তাত । আৰু গণকৰ তাতেও তই যাব লাগিব । কালি সোনকালে আহোঁতে গণকৰ তাত সোমাই আহিবি। আনক পঠাব নোৱাৰি। কি বা পৰে গণনাত! গোটেইখন সণ্ঢালনি হ’ব।
পিছে ভবাটোৱে হ’ল। হতভগা যোগ । মানে অভাগ্য যোগ। মেনকাতকৈও ৰেৱতীৰ দুখ এখোপ চাৰ । তেৰাৰ কামত আমি লেতেৰা হাত লগালো যে বাইদেউ, সেয়ে এনে হ’ল নেকি! মোক খেমিব। দায়, দোষ মৰষিব বাইদেউ । তাইক মোৰ দোষে পালে। অভাগিনী হ’ল তাই। আপোনাৰ ঘৰত জন্মি তাই এই যোগ পাব নালাগে নহয় । মোৰেই অপকৰ্মত হ’ল । আপোনাৰ পদ্মিনী যোগ আছিল। কৈছিল মোক আপুনি এদিন। তাইৰো পদ্মিনীয়েই পালেহেঁতেন।
মেনকা চিন্তাত পৰিল। হতভগা যোগক লৈ নহয়। গাঁৱৰ আই, বাইসকলক লৈ। কি ক’ব তেওঁলোকক! উঠন ঘৰ। সন্মান আছে। আছে সম্ভ্রম। অৱনমিত হ’ব দিব নোৱাৰি। এইখন ঘৰত বেয়া একো নহয়। হ’ব নোৱাৰে। অ’ মানুজন কিছু দিন দেৰি দেৰিকৈ ঘৰলৈ আহে। তাতে গাঁৱৰ মানুহৰ বু বু-বা বা। কি বুজি পাব খেতি কৰা মানুহবোৰে? চৰকাৰী চাকৰি কৰা মানুহৰ লেঠা-পিঠাবোৰ। কৈ থাকক। ভাগৰ লাগিলে এৰিব। সময়ত সকলো ঠিক হৈ যাব। কিন্তু মৰিৰ হতভগা যোগ! অৱশ্যে তাই জানে আৰু ৰেৱতী জানে। হ’ব হৈ যাব। আৰু হতভগা যোগৰো বিধান মাৰিব লাগিব। উপঢৌকন পালে গণক বপুই উপায় উলিয়াব।
হৈ গ’লো পিছে। সকলোৱে যোগ ভাল বুলিয়েই গম পালে । এতিয়া সাত দিনৰ নোৱনীৰ ভোজৰ কামত লাগিব লাগে। অলপ গপচ হ’ব লাগিব। গাঁৱৰ আয়তীসকল খুচি হ’ব লাগিব। মৰিৰ কাষত নাউপেহীক থৈ দুইজনী বজাৰলৈ গ’ল। কমখন বজাৰ লাগিব নে! হ’ব দুদিনত বজাৰখিনি হৈ যাব ।
দ্বিতীয়দিনা বজাৰ সামৰি আহি মেনকাই বাহিৰৰ পৰা উমান পালে ঘৰৰ ভিতৰচ’ৰা আওডলা হৈ আছে। কথাৰ গতি বেগতিক। নাউপেহী ক’ত? কোন সোমাল ঘৰত! মেনকাই এপলক ৰেৱতীৰ ফালে চাই বেগ দুটা ঠাইতে ঠেকেচা মাৰি গজগজাই ভিতৰলৈ সোমাই গ’ল ৷
ভিতৰত গৈ দেখে তাই বিয়াত দিয়া মেহগনি কাঠৰ বিশাল পালেংখনত দুজনী ছোৱালীৰে সৈতে শুৱনি মানুহ এজনী শুই আছে। ভৰিত পায়েল, ডিঙিত সোণৰ দগধা চেইন কাণত সোণৰ ঝুমকা। মেনকাৰ, অচিনাকি মানুহজনী । কিন্তু মেনকাৰ ঘৰত, মেনকাৰ বিছনাত এনেকৈ শুই আছে যেন এই মুহূৰ্তত মেনকাহে অচিনাকি । ক’ৰবাৰ পৰা আহি গা-পা ধুই বাহিৰত কাপোৰ – কানি মেলি গভীৰ নিদ্ৰাত তিনিজনী। নাউপেহী নাই। মৰিৰ চকুত চকুপানীৰ কৰাল। তাৰ মানে এখুন্দা লাগি গৈছে! কোন বা বখাদাৰী ওলাল তেনে!
কাষৰ ড্ৰেছিং টেবুলখনৰ ওপৰত গোট গোট আখৰেৰে এখন চিঠি, ক্ষমা কৰিবা মেনকা, বিধুতি মোৰ সৰু কালৰ লগৰী। তাইৰ গিৰীয়েক ঢুকুৱাৰ পিছত তাইৰ লগত হোৱা লাঞ্ছনা-গঞ্জনা সহ্য কৰিব নোৱাৰি মই লৈ আহিলোঁ। ইমান দিনে চহৰৰ চৰকাৰী ঘৰতে আছিল। কিন্তু মই কামত থাকোঁ যে তাতো তাই সুৰক্ষিত নহয়। সেয়ে তোমাৰ ওচৰত থৈ গ’লো। দুইজনী মিলেৰে থাকিবা।
গিৰীয়েকে লিখা এখন সৰু চিঠি। ভিতৰৰ কথাখিনি সৰু বুলি ভবা যায় নে! যিখিনি কথাই বুকুৱে পিঠিয়ে শালি ধৰে। ইচ্ছা শূলত দিয়ে। ৰঙীন হৈ থকা মনটোক নি আলকাতৰাত ডুবাই দিয়ে। মনটোক অশুচি কৰে।
চুৱা চুৱা মন এটা লৈ মেনকাই ভাবিলে তাৰ মানে গিৰীয়েকৰ চৰকাৰী গৃহত আন এখন ঘৰ আছিল। এইখন ঘৰৰ দৰে পৰিপূৰ্ণ ঘৰ। মৰম-স্নেহৰ বান্ধোনেৰে বন্ধা। যাৰ বাবে এইখন ঘৰলৈ আহিবলৈ বিশেষ তাগিদা নাছিল অন্তৰৰ ৷ বন্ধ আছিল ম’বাইলৰ ছুইচ। তাইৰ সৰল মনক আভুৱা-ভাঁৰিছিল।
আৰু এয়া তাই নাথাকোঁতে আহিল । আহি থৈ গ’ল ইহঁতক চোৰৰ দৰে। সাহস নহ’ল মুখামুখি হ’বলৈ। আনৰ তিৰোতাজনীক নিজৰ বুলি লৈ আহিবলৈ সাহসফেৰা কিন্তু ঠিকেই হ’ল। চৰকাৰী ঘৰত তাৰ মানে সেইবোৰহে কৰি আছিল। কামৰ বাবে ঘৰত আহিব নোৱাৰে বুলি কয় তাইক। আৰু তাই সেই কথাটো সঁচা বুলি মানি আহিছিল ইমান দিনে। ঈশ্বৰক খাটিছিল কাম কমাবলৈ। অপেক্ষা কৰিছিল অহালৈ। কত ৰাতি হা-হুমুনিয়াহ। মৰিক বুকুত বান্ধি শেষ ৰাতিলৈ টোপনি খতি। নাহিব বুলিওতো ভবা নাছিল। আৰু এইদৰে অহাটো তাইৰ নিকা হৃদয়ে আদৰি ল’বনে??
এইজন অতবছৰে মৰিৰ দেউতাক আছিল ৷ হেঁপাহৰ, নিৰ্ভয়ৰ। আজি মৰিৰ কন্যাকালত দেউতাকৰ এয়া উপহাৰ। চকুত চকুপানীৰ নৈ । ভৱিষ্যতৰ ছায়াঘন ছবি। অবিশ্বাসৰ বিজুলী। লঘোনীয়া পেট নাইবা নিম্নাংশৰ বানপানীৰ কথা বাৰু অন্য এক সূত্র।
মানুহজন মেনকাৰ আছিল নিজাকৈ। এতিয়া ভাগ হ’ল। তাই গমেই নাপালে কোন সময়ত হ’ল! কি সুৰুঙাৰে হ’ল! কন্যাকাল পাওঁতে মেনকাৰ পদ্মিনী যোগ আছিল। মানে সুভগা। সদায় সৌভাগ্যই লগ দিয়া যোগ। আৰু এতিয়া এয়া মেনকাৰ কন্যাকালৰ যোগৰ ফল। সৌভাগ্য। শিৰৰ সেন্দূৰ ভাগ কৰা সৌভাগ্য। হোমাগ্নিক সাক্ষী কৰি দেহে-মনে এক হোৱা মানুহজনক ভাগ কৰা সৌভাগ্য।
ফোনঃ ৯৪৩৫১-০৮৪০৩
Comments are closed, but trackbacks and pingbacks are open.