ৰশ্মিৰেখা বৰা হাজৰিকা
বাৰাণ্ডাত বহি বহি কেশৱ চন্দ্ৰ বৰাই সন্মুখৰ যিমান দূৰলৈকে পাৰে চাবলৈ চেষ্টা কৰে। সোণমণিৰ দুই তলা ঘৰটোৰ ওপৰৰ মহলা চকুত পৰে, কিন্তু মানুহ দেখা পোৱা নাযায়। দুই নম্বৰ ছাদৰ ওপৰত মেলি থোৱা কাপোৰো চকুত পৰে, কিন্তু কাকো দেখা পোৱা নাযায়। বৰাৰ নিজৰ ঘৰৰ মাটিৰ মহলাতে তেওঁৰ গতি-বিধি সীমাবদ্ধ। তেওঁৰ পক্ষে চিৰি বগাই ওপৰলৈ উঠা কষ্টকৰ, অকলে ওপৰলৈ উঠিবলৈ সাহসো নোহোৱা হ’ল ৰক্তচাপ বঢ়াৰ পৰা। বেলকনিত বহিবলৈ মন যায় তেওঁৰ, কিন্তু বাৰাণ্ডাৰ পৰা গেটৰ ওচৰলৈ সেই বিশ খোজ দূৰত্বও থৰক-বৰককৈ খোজ কঢ়া মানুহজনক ধৰি ধৰি ওপৰলৈ উঠাই নিয়াৰ ৰিস্ক কোনে ল’ব! পোৱালিৱেটো গৰগৰাই আহে দুলদাক কৈ দিম বুলি, যেন মালিক সি হে। নাতি-নাতিনী হালে লৈ যাব, কিন্তু তেওঁৰ শৰীৰৰ ওজন সিহঁতে ল’ব নোৱাৰিব, সৰু হৈ আছে সিহঁত। দুলো বৰ ব্যস্ত। ৰাতি সি নাৰ্ছিং হোমৰ পৰা আহি পোৱালৈ তেওঁ ভাত খাই আজৰি হয়। তেওঁৰ পত্নী নিজেই আঁঠুৰ বিষত জৰ্জৰিত । কাজেই বাৰাণ্ডাখনৰ বাহিৰে অন্য স্থানৰ পৰা তেওঁ সোণমণিৰ ঘৰটো, পৰিয়ালটো দেখা পোৱাৰ ব্যৱস্থা নাই ।
সোণমণিৰ ঘৰটো এতিয়া বহু দূৰত । বৰ আশাৰে, অতি পৰিকল্পিতভাৱে তেওঁ দুই পুত্ৰ সোণমণি আৰু দুলৰ মাজত মাটি-বাৰী ভাগ কৰি দিছিল। উত্তৰ দিশৰ বাঁহনিখন জেচিবি লগাই উচ্ছেদ কৰি সোণমণিক ঘৰ সাজিবলৈ দিছিল। পুৰণা ঘৰখনৰ সন্মুখতে, মাত্ৰ মাজত ৰাস্তাটো। তেওঁ নিজে সজোৱা পুৰণা আছাম টাইপৰ ঘৰখনৰ আগফালটো ভাঙি দুলে আৰ চি চি ঘৰ তৰিছিল। তেওঁ আৰু পত্নী দুলৰ লগত পুৰণা ঘৰটোত থাকি গ’ল, সোণমণিয়ে তাৰ লগত থাকিবলৈ লগ ধৰিছিল, বোৱাৰীয়েকেও জোৰ কৰিছিল। তেওঁ কৈছিল,
‘দুয়োখনেই মোৰ ঘৰ। সন্মুখা-সন্মুখি। ৰাস্তাটো পাৰ হ’ব লাগে মাত্ৰ। আহ-যাহ কৰিয়েই থাকিম নহয়। বোপাইৰ ভেটিতে হাড়কিডাল পেলাবলৈ পালে শান্তি পাম।’
দুপৰীয়াৰ ভাতসাঁজ সোণমণিৰ তাত, ৰাতিৰ সাঁজ দুলৰ তাত খোৱা-বোৱা কৰি কেশৱ চন্দ্ৰ বৰা আৰু তেওঁৰ পত্নীয়ে দুয়োখন ঘৰ ধৰি আছিল। সামান্য অজুহাততে কোনো এটা দিন দুয়ো ঘৰে একেলগে খোৱা-বোৱা কৰিছিল। সোণমণিৰ ঘৰত খাছী মাংস ৰান্ধিলে দুলৰ ঘৰলৈও ভাগ আহিছিল। দুলৰ ঘৰত ৰন্ধা কচুৰ জালুকীয়া টিলিকতে সোণমণিৰ ঘৰ পাইছিল। চাটনি, আচাৰ, পায়স, কেক অদলা-বদলি হৈয়ে থাকিছিল। সোণমণিৰ ঘৈণীয়েক তৃপ্তিয়ে বিয়া খাবলৈ ওলাই জাক মণিকাৰ হতুৱাই খোপা বন্ধাই গৈছিল। মণিকায়ো ক’ৰবালৈ ওলালে শাৰীৰ লগত মিলাই সাউৎকৈ বৌৱেকৰ চেণ্ডেল এযোৰ ভৰিত সুমুৱাই লৈছিল। ভাতৰ পাতত নেমু এটা নাথাকিলে পখিলা উৰি অহা দি আহি পুৰণা বাৰীখনৰ নেমু ছিঙিছিলহি। পোৱালিয়ে কোনোবা পাকত গৈ সোণমণিৰ চোতালত ঘাঁহ-বন চিকুণাই থৈ আহিছিল। পোৱালি যদিও দুলৰ ঘৰত থাকিছিল আৰু পখিলা সোণমণিৰ ঘৰত, সিহঁত দুটা প্ৰকৃততে আছিল দুয়োখন ঘৰৰ উমৈহতীয়া সম্পত্তি, দুয়োখন ঘৰৰ সমিলমিলৰ ক্ষেত্ৰত আন এটা মজবুত বান্ধোন। ঘৰ নামতহে দুখন। মানুহবোৰ সদায় একেলগ । পঁচিশ গজৰ ৰাস্তাটোৱে দুখন ঘৰৰ মাজত ব্যৱধান আনিব পৰা নাছিল ৷
কেশৱ চন্দ্ৰ বৰা আৰু পত্নী জয়দা সুখী হৈছিল। লোকৰ পুতেকহঁতৰ মাজত সা-সম্পত্তি, টকা-পইচাৰ কাৰণে কুৰুক্ষেত্ৰ হোৱা দেখি আচৰিত হৈছিল। তেওঁলোকে যে দুই পুত্ৰৰ সংসাৰ দুখন একতাৰ ডোলেৰে বান্ধি ৰাখিব পাৰিছে, তাকে লৈ আত্মসন্তুষ্টি লাভ কৰিছিল। দুই পুত্ৰক সু-সংস্কাৰ দিব পাৰিছে বুলি গৌৰৱবোধ কৰিছিল।
কিন্তু ওপৰত বহি থকাজন যেন সঁচাই কপটীয়া, কাৰো সুখ দেখিব নোৱাৰা । অন্ততঃ তেনে ভাবেই মনলৈ আহে কেশৱ চন্দ্ৰ বৰাৰ আজিকালি । তেওঁলোকৰ সুখতো গ্রহণ লাগিল । তেওঁলোকৰ ঘৰৰ সন্মুখৰ ৰাস্তাটো ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে চাৰিলেনযুক্ত কৰি নিৰ্মাণ কৰিলে । যুদ্ধগতিত কাম চলিল। দুই-তিনি বছৰৰ ভিতৰতে ৰাস্তাটো বহল হৈ পৰিল৷ মাজত ডিভাইডাৰ, তাত একেচিয়া আৰু পাউডাৰ পাফ গছ লগোৱা হ’ল। দুয়ো কাষে হালধীয়া ৰঙৰ লোহাৰ ৰেলিং। তাৰ উপৰি দুয়ো ফালে দুটা ছাৰ্ভিচ ৰোড তেওঁলোকৰ ঘৰৰ পৰা মেইন ৰোডত উঠিবলৈ ছাৰ্ভিচ ৰোডেৰে পূবলৈ এক ফার্লংমান আগবাঢ়ি গৈ মেইন লেনৰে আকৌ ভটিয়াই ডেৰ কিলোমিটাৰ আহি লেন সলনি কৰি পুনৰ পূবলৈ ঘূৰি আকৌ ইটো পাৰৰ ছাৰ্ভিচ ৰোডত সোমাই পশ্চিমলৈ অকণমান আগবাঢ়ি গ’লেহে পোৱা যায় সোণমণিৰ ঘৰখন। কোৱা যায় পথ জাতি এটাৰ কাঠামোত অর্থনৈতিক উন্নয়ন, সামাজিক সম্প্রীতি, আঞ্চলিক একতা বৃদ্ধিত অৰিহণা যোগোৱা ধমনীস্বৰূপ। পথে সুগম কৰে যাতায়াত, প্রশস্ত কৰে বাণিজ্য। পথে দূৰ-দূৰণিৰ মানুহক ওচৰ চপায়। কিন্তু কেশৱ চন্দ্ৰ বৰাৰ ক্ষেত্ৰত কি হ’ল এয়া! সন্মুখৰ বিয়াগোম পথটোৱে কালৈ কি সুবিধা আনিছে তেওঁৰ নিচিনা মৃত্যুলৈ বাট চাই থকা মানুহ এজনৰ বিচাৰ্য নহয়। এই সময়ত তেওঁক লাগে ঘৰৰ মানুহকেইটাৰ মৰম, আদৰ আৰু সাহচর্য। এই চাৰিলেনযুক্ত পথটো এতিয়া এটা ডাঙৰ হেঙাৰ । তেওঁৰ বুঢ়া হাড়কেইডাল ইমানবোৰ বাট অঁকাই-পকাই পুতেকৰ ঘৰ ওলাবলৈ অপাৰগ। দুয়োখন ঘৰৰ মানুহবোৰৰ, ল’ৰা-ছোৱালীকেইটাৰ আনকি পখিলা আৰু পোৱালিৰো আহ-যাহ সীমিত কৰিলে এই বহল পথটোৱে। সোণমণিৰ কাষৰ ঘৰখন তেওঁৰ বাল্যবন্ধু খগেন্দ্ৰ হাজৰিকাৰ। অতবছৰ দূৰ-দূৰণিত চাকৰি কৰি আহি তেওঁ অৱসৰৰ পিছত পৈতৃক ভিঠাত থিতাপি লৈছিলহি। পত্নীৰ বহু আগতেই মৃত্যু হৈছিল। ছোৱালী দুজনী বিয়া দিয়াৰ পাছত অকলশৰীয়া অনুভৱ কৰি পুৰণি গাঁৱলৈ ঘূৰি আহিছিল তেওঁ। কেশৱ চন্দ্ৰ বৰাৰ লগত প্ৰায়েই গধূলি আড্ডা মাৰিছিলহি খগেন্দ্ৰ হাজৰিকাই। জীপাল সময় আছিল সেয়া। ফ’ৰলেনে তাৰো মুদা মাৰিলে৷ গাঁওখনত তেওঁলোকৰ সমবয়সীয়া মানুহ আৰু নাই। দুয়ো পুনৰ অকলশৰীয়া হৈ পৰিল । অস্ফুট এক ক্ষোভত তেওঁৰ ৰক্তৰ চাপ বাঢ়ি যায়, এক অক্ষমতাই তেওঁক চেপি-খুন্দি আনে। তেওঁৰ মৰাৰ পাছত পথটো বহল হোৱা হ’লেহে যেন ভাল আছিল।
সোণমণিয়ে ফোনত সোধে, ‘দেউতা ভাত খালা নে?’
তৃপ্তিয়ে খবৰ লয়, ‘গাটো কেনেকুৱা দেউতা?’
তেওঁ ল’ৰা-ছোৱালী হালৰ খবৰ সোধে, ‘মাইনা কোন ক্লাছ পালেগৈ ? ৰিয়াই নাচ-বাগ কৰি আছে নে? পঠিয়াই দিবাচোন সিহঁত দুটাক।’
মাইনা আৰু ৰিয়াৰ অহা নহয়। মাইনা অৱশ্যে মাজে মাজে পুৱাতে ৰেলিঙৰ ওপৰেৰে পাৰ হৈ আহিছিল। কিন্তু গাড়ীবোৰৰ তীব্ৰ স্পীড দেখি তেওঁৰ বুকুখন ধৰফৰাই উঠে। তেৱেঁই হাক দিয়ে তাক, ‘নাহিবি এনেকৈ।’ ৰিয়াই চাইকেল এখন খুজি আছে দেউতাকক । নাই দিয়া কিনি। ককাকেও ইচ্ছা কৰিলে কিনি দিব পাৰে। তাই প্রমিজ কৰে চাইকেল আহিলেই তাই ককাকক লগ কৰিবলৈ আহিব। ককাকে তাইক চাইকেল দিবলৈ সাহস নকৰে, এই বিয়াগোম ৰাস্তাটো তাই চাইকেল চলাই পাৰ হ’ব নালাগে। তৃপ্তি আহে বহু দিনৰ মূৰে মূৰে, খোজ কাঢ়িবলৈ টান পায় ইমান দূৰ ৷ বাকী কেশৱ চন্দ্ৰ বৰা আৰু তেওঁৰ পত্নীৰো ইমান দূৰ খোজ কঢ়াৰ ইচ্ছা তথা সামর্থ্য দুয়োটাই নাই। দুলে আজৰি পালে বন্ধ বাৰত তেওঁলোক দুয়োকে ক’ৰবালৈ ফুৰাবলৈ নিওঁতে ককায়েকৰ ঘৰতো সুমুৱাই নিয়ে। ৰাস্তাৰ লেচেৰি পাকবোৰে তাকো আমনি লগায়। ইঞ্জিনীয়াৰ ককায়েকক সি দুয়োখন ঘৰ সংযোগ কৰি অভাৰব্রিজ এখন সাজিবলৈ কয়। সোণমণিয়ে এমাহ মানৰ কাৰণে মাক- দেউতাকক নিজৰ ঘৰত ৰাখিব খোজে। দুলে নিদিয়ে। পটকৈ কিবা এটা স্বাস্থ্যজনিত সমস্যা হ’লে দিগদাৰ হ’ব। ৰাতি-বিয়লি কিবা এটা হ’লে অন্ততঃ সিয়েই চাব পাৰিব, বয়স হৈছে দুয়োৰে, ৰক্তচাপ উচ্চ, মাকৰ মধুমেহৰো সমস্যা। দুলৰ ল’ৰা শান্তুৱে ডাঙৰ হৈ বৰদেউতাকৰ ঘৰলৈ ৰাস্তাটোৰ তলেৰে সুৰংগ এটা সাজিব হেনো। বৰমাকৰ হাতৰ লুচি-ভাজি তাৰ বৰ প্ৰিয়। ৰাস্তাটোৰ কাৰণেই সি লুচি-ভাজি খাবলৈ যাব নোৱাৰে। কণমানি প্ৰিয়াই বুজি নাপায় ৰাস্তাটো দুয়োখন ঘৰৰ মাজত কিয় হ’ল, হ’ল বাৰু হ’ল, ইমান বহল কিয় হ’ল? ককাকে দুয়োখন ঘৰ একেফালে কিয় নসজালে? কেশৱ চন্দ্ৰ বৰায়ো কথাটো নভবা নহয়। ভুল হ’ল তেওঁৰ। ৰাস্তাটোৰ একেফালে হ’ব লাগিছিল দুয়োখন ঘৰ। সন্মুখৰ এই বহল পথটো দেশৰ দহৰ কাৰণে আশীৰ্বাদ হ’লেও তেওঁৰ কাৰণে যেন এটা অভিশাপ। ইমানেই অশান্তিদায়ক যে ৰাস্তাটোলৈ চকু পৰিলেই তেওঁৰ ৰক্ত উত্তপ্ত হৈ পৰে। তীব্র এটা ক্ষোভ, অবুজ এক অসন্তুষ্টিয়ে তেওঁৰ মনৰ শান্তি বিধ্বস্ত কৰি পেলায়। ফ’ৰলেনৰ বাবে দুয়োখন ঘৰৰে মাটি গ’ল অলপ। সোণমণিৰ ঘৰৰ সন্মুখৰ লনখন নোহোৱা হ’ল৷ আজিকালি ঘৰৰ পৰা ওলায়েই ৰাস্তাটো। ওচৰ হ’ল। তথাপিও দূৰত্ব বাঢ়িল তেওঁৰ পৰা। তেওঁলোকৰ পুৰণি ঘৰখনৰ সন্মুখৰ গছ-বিৰিখবোৰ কটা গ’ল। ৰাস্তাটো বেছি চকুত পৰা হ’ল। বাৰাণ্ডাৰ পৰা কিন্তু চকুত নপৰা হ’ল সোণমণিৰ ঘৰ। তাৰ ঠাইত জিলিকিল ৰং-বিৰঙৰ বিলবোর্ড কিছুমান।
“ফ্লেটছ ফ্রম থাৰ্টী লাখছ অনৱাৰ্ড ।’
‘জুৱেলাৰ্জি ফৰ লাইফ টাইম।
‘ “দিৱালী ধামাকা ছেল।’
‘পিঁয়াজৰ কেজি ৬ টকা।’
‘মাইনু বয়জ পি জি ।’
মানুহবোৰৰ হাতত এতিয়া বহুত টকা-পইচা। আগৰ দিনত এক লাখ টকা ভাবিব নোৱাৰাকৈ ডাঙৰ আছিল। এতিয়া থাউকতে মানুহে কেইবালাখ টকীয়া ফ্লেট কিনি পেলায়। মাজতে দুলেও ভাবিছিল, একেটা এপার্টমেণ্টত সোণমণিৰ সৈতে দুটা ফ্লেট কিনি পেলোৱাৰ কথা । তেওঁহে মান্তি নহ’ল। ইমান বাৰীয়ে ঘৰে এৰি থৈ জুইশলা বাহত সোমাবগৈ নোৱাৰে তেওঁ। নহয়নো কি, ফ্লেটবোৰ দূৰৰ পৰা চালে জুইশলা বাহ যেনহে লাগে তেওঁৰ। কিন্তু এতিয়া সোণমণিৰ ঘৰখনৰ লগত বাঢ়ি অহা দূৰত্বই তেওঁক ভাবিবলৈ বাধ্য কৰে, তেওঁৰ সিদ্ধান্তটো ভুলেই হ’ল নেকি?
হঠাৎ গাটো বেয়া লাগিল কেশৱ চন্দ্ৰ বৰাৰ । শেষ সময়ত কাকো নেদেখাকৈ যাব লাগিব বুলি তেওঁ সেহাই সেহাই সকলোকে মাতি দিবলৈ ক’লে। সব গোট খালে, কাম-কাজ পেলাই। গধূলিলৈ তেওঁৰ গাটো ভাল লাগিল, সকলোৱে স্বস্তিৰ নিশ্বাস কাঢ়ি পুৰণা ঘৰতে খোৱা-বোৱা কৰিলে ৷ বৰাৰ অন্তৰতো শান্তি। সঘনাই একে ঘটনাৰে পুনৰাবৃত্তি হ’বলৈ ধৰিলে। গোটেই পৰিয়ালটোক লগ পাবলৈকে বৰাই এনে কাণ্ড কৰে বুলি সন্দেহ উপজিলেও পৰাপক্ষত মানুহখিনি গোট নোখোৱাকৈ নাথাকিল । তৃপ্তিয়ে পায়স এবাটি, ডালিয়া অকণমান লৈ সদায়েই পাক এটা মৰা হ’ল। বাকী স্কুলীয়া আৰু কামলৈ যোৱাখিনিয়েও সময়-সুবিধা মিলাই আহি থকা হ’ল ৷ আগৰ নিচিনাকৈ ঘৰখন ভৰি উঠা দেখি কেশৱ চন্দ্ৰ বৰাৰো গা-মন ভাল লাগি থাকিবলৈ ধৰিলে। পুনৰ তেওঁ গা ভাল পোৱা দেখি সোণমণি, তৃপ্তি আৰু ল’ৰা-ছোৱালী হালৰ আহ-যাহ সেৰেঙা হ’বলৈ ধৰিলে। বৰাৰ গা পুনৰ বেয়া হ’ল। এইবাৰ সোণমণিৰ অফিচত ব্যস্ততা বেছি। ল’ৰা- ছোৱালী হালৰ বছৰেকীয়া পৰীক্ষা দেখি তৃপ্তিও আহিব নোৱাৰা হ’ল। বৰানীয়ে ক’লে,
‘একো হোৱা নাই আপোনাৰ । অকণমান দুৰ্বল হৈছে মাত্ৰ। খালেই ঠিক হৈ যাব।’
বৰা আগফালৰ বাৰাণ্ডাত বহি থাকে, খাবলৈ মন নকৰে। মনে মনে তেওঁ ফ’ৰলেনটোক গালি পাৰি থাকে। তেওঁ মনে মনে থকা বুলি ভাবিলেও কিন্তু ঘৰৰ বাকীবোৰে তেওঁ কিবা ভোৰভোৰাই থকা যেন শুনে। পখিলাই তৃপ্তিক বুঢ়াটো বলিয়া হৈছে বুলি কয়গৈ। ঘৰৰ মানুহবোৰ পতিয়ন যায়, ‘বাঢ়ি অহা বয়সৰ সমস্যা সেয়া।’ তেওঁৰ প্ৰতি মানুহবোৰে এক্সট্রা কেয়াৰ লয় ৷ কথা পাতি থাকিবলৈ চেষ্টা কৰে, টিভি চাবলৈ কয়, পেপাৰ পঢ়াৰ কথা সোধে। বৰাৰ একোতে মন নবহে। টিভিত ইৰানত বোমাবর্ষণৰ কথা, বাতৰিকাকতত যুদ্ধৰ খবৰৰ উপৰি দুৰ্ঘটনা আৰু হত্যাৰ খবৰ। অসমতো নির্বাচনী বতৰ। কথা পাতিবলৈ পত্নীৰ মাথোঁ নিজৰ আঁঠুৰ বিষৰ অভিযোগ । আগফালৰ বাৰাণ্ডাত বহি থাকি ফ’ৰলেনটোক হেঁপাহ পলুৱাই গালি পাৰি থাকিয়েই তেওঁ ভাল পায় ৷ তেওঁ ক’ব নোৱাৰাকৈয়ে ফ’ৰলেনটোৱে তেওঁৰ সমগ্ৰ সত্তা অধিকাৰ কৰি তেওঁক জীয়ন দিবলৈ লয় ।
ফোনঃ ৭০০২০-৪৬৮১৯
Comments are closed, but trackbacks and pingbacks are open.