গল্পঃ মই শকুন্তলা নহওঁ

52

হিমানী কলিতা

বাৰিষাৰ ৰাতি। বাহিৰত মুষলধাৰ বৰষুণ। এনেকুৱা বতৰত একাপ গৰম কফিৰ সোৱাদ আৰু এটি প্ৰিয় গীতৰ আমেজত ডুবিবলৈ খুব ভাল পায় অনন্যাই। বুকুৰ ভিতৰৰ ক’লা পৰি যোৱা পুৰণি ঘা টুকুৰাত হাত ফুৰাই ফুৰাই বৰ্তমানৰ নিজা স্থিতি আৰু আভিজাত্যখিনিৰ ওপৰত বৰকৈ মায়া ওপজে তাইৰ। এয়াহে অনন্যা। জীৱনৰ জটিল পাঠবোৰ পঢ়ি আৰু শিকি এডাল বটবৃক্ষৰ দৰে স্থিৰ আৰু গম্ভীৰ জীৱনশৈলীত সোমাই পৰা আজিৰ অনন্যা।

নিশাৰ নিস্তব্ধতা ফালি খিৰিকীৰ আইনাখনত বৰষুণৰ টোপালবোৰে বাৰে বাৰে আঘাত কৰি আছে।

বাৰিষাৰে বৰষুণ
শিহৰণ আছে গঁথা
এনে ৰোৱা ডাৱৰৰ
বিজুলী পোহৰ খেলা…

প্রিয় গীতটো কম ভলিউমত বজাই শুৱনি কোঠাত চকী এখনত আৰামকৈ বহি হাতত একাপ গৰম কফি লৈ একান্ত মনে চকুহাল মুদি আছে তাই। মাজে মাজে আকৌ চকুহাল মেলি কফিৰ কাপত শোহা এটা মাৰি খিৰিকী গ্লাছৰ মাজেৰেই বাহিৰলৈ ভুমুকিয়াই চাবলৈ চেষ্টা কৰে । কিন্তু কফিৰ কাপটোৰ পৰা ওলোৱা গৰম ধোঁৱাবোৰে তাইৰ চছমাৰ কাঁচখন ধূসৰ কৰি পেলাইছে। তথাপি তাই সেই ধূসৰতাৰ মাজতো কিবা যেন দেখিবলৈ পাইছে। এৰা ধোঁৱাবোৰৰ সিপাৰে তাই এখন অৰণ্য দেখিছে। অৰণ্যৰ মাজত সৌৱা এখন পৌৰাণিক তপোবন, কলকল শব্দৰে বৈ থকা এটি নৈ আৰু এজনী মৃগচকুৱা নাৰীৰ অবুজ হৃদয়ৰ অনুৰাগ এই কাহিনী, এই দৃশ্য শৈশৱৰ পৰাই অনন্যাৰ মনৰ গভীৰতাত পোত খাই আছে। তাই হাজাৰ চেষ্টা কৰিলেও নিজৰ ইচ্ছাৰে মনৰ কেনভাছত অঁকা সেই পৌৰাণিক নাৰী চৰিত্ৰৰ ছবিখন কেতিয়াও পাহৰিব নোৱাৰে।

কি নাম আছিল সেই নাৰীৰ ? শকুন্তলা! এৰা শকুন্তলা!

অনন্যাই চকু দুটা লাহেকৈ মুদি দিলে। তাইৰ কাণত এতিয়াও বাজি আছে ৰাতি পুৱাই অহা ফোনকলটোৰ সিপাৰৰ সেই চিনাকি কণ্ঠস্বৰ।

‘অনন্যা, মই আকাশে কৈছো। ম‍ই তোমাৰ কাষলৈ উভতি আহিছো অনন্যা। পুৰণি কথাবোৰ পাহৰি আমি আকৌ এবাৰ নতুনকৈ আৰম্ভ কৰিব নোৱাৰোঁ নে?”

এৰা আকাশ। যাৰ নামটো শুনিলেই এসময়ত অনন্যাৰ বুকুৰ ধপ্‌পনি বাঢ়ি আহিছিল। আবতীয়া বৰষুণ এজাকত জুৰুলি-জুপুৰি হৈ তিতি উঠিছিল তাইৰ মন । সকলোৱে গহীন বুলি ভবা ছোৱালীজনীও ভিতৰি ভিতৰি এজনী চঞ্চলা পখিলা হৈ উৰি ফুৰিছিল ।

কিন্তু আজি?
আজি সেই আকাশ নামৰ শব্দটো এবাৰ উচ্চাৰণ কৰিলেই যেন তাইৰ জিভাৰ পৰা বুকুৰ ভিতৰলৈ এক অদ্ভুত তিতা সোৱাদ এটাই বিৰাজ কৰে। আকাশৰ এই উভতি অহাৰ খবৰটো শুনি তাইৰ আকৌ এবাৰ মনৰ চকুৰে দেখা পালে হাজাৰ বছৰীয়া এক ইতিহাসৰ বুকু, যি ইতিহাসে নাৰীক কেৱল ত্যাগ আৰু প্ৰতীক্ষাৰ প্ৰতিমূৰ্তি হিচাপেহে সজাই থৈছে।

পাঁচ বছৰ আগৰ এনেকুৱাই এটা বৰ্ষণমুখৰ সন্ধ্যাবেলাত আকাশে অনন্যাৰ চকুত চকু থৈ আকুল হৃদয়েৰে প্ৰেম নিবেদন কৰিছিল। কলেজীয়া দিনৰ পৰাই অনন্যাই গোপনে হৃদয়ৰ আসনত বহুৱাই থোৱা আকাশৰ প্ৰেমক সঁহাৰি নিদিয়াৰ কোনো কথাই নাছিল। কিন্তু সি আছিল এজন উচ্চাকাংক্ষী স্থপতিবিদ, আৰু তাৰ বিপৰীতে অনন্যা এজনী সৰলমনা অধ্যাপিকা । তথাপি সিহঁতৰ প্ৰেমৰ দিনবোৰ আছিল ইতিহাসৰ সেই তপোবনৰ দৰেই পৱিত্ৰ আৰু নিভৃত। আকাশে অনন্যাক প্ৰায়ে কৈছিল,

—তুমি মোৰ জীৱন। এতিয়া তোমাতেই মোৰ সমস্ত। তুমিয়ে মোৰ বৰ্তমান আৰু মোৰ ভৱিষ্যৎ।’

কিন্তু যিদিনা আকাশক এটা ডাঙৰ কোম্পানীয়ে বিদেশৰ এক বিশাল প্ৰকল্পৰ দায়িত্ব দিলে, সেইদিনাই যেন আকাশৰ ‘স্মৃতিভ্রংশ’ আৰম্ভ হ’ল। অনন্যাক এবাৰো একো নোসোধাকৈ নিজৰ সিদ্ধান্তমতেই প্ৰতিশ্ৰুতিৰ এখন গধুৰ পাহাৰ জাপি দি সি গুচি গৈছিল বিদেশলৈ। ঠিক যেনেকৈ এজন ৰজাই মৃগয়ালৈ গৈ এজনী আশ্রমকন্যাৰ সৰলতাক বুকুত বান্ধি থৈ যাওঁতে নিজৰ নাম খোদিত আঙঠিটো দি গৈছিল। আকাশেও অনন্যাৰ আঙুলিত পিন্ধাই থৈ গৈছিল এটি অদৃশ্য আঙঠি। চকুত গুঁজি দি গৈছিল এটা সপোন ৷ এখন যুটীয়া ঘৰৰ সপোন।

কিন্তু সময়ৰ লগে লগে যেন সলনি হৈ পৰিছিল সকলো। আকাশৰ পৰা সঘনাই অহা মেছেজবোৰ কমি আহিছিল। ফোনকলবোৰ সপ্তাহৰ পৰা মাহলৈ বিয়পিছিল। অনন্যাই তাৰ কাৰণ বিচাৰি হায়ৰাণ হৈ পৰিছিল। তাই ভাবিছিল, কিবা এটা ভুল হৈছে। কিবা এটা অদৃশ্য অভিশাপে যেন আকাশৰ মনৰ পৰা তাইৰ অস্তিত্ব মচি পেলাইছে। ঠিক যেনেকৈ মহর্ষি দুর্বাসাৰ অভিশাপে দুষ্মন্তৰ চকুৰ পৰা শকুন্তলাৰ মুখখন মচি পেলাইছিল। কিন্তু অনন্যাই সেই সময়ত এবাৰো ভবা নাছিল যে আকাশৰ সফলতাৰ অহংকাৰ আৰু নতুন এখন পৃথিৱীৰ চকমকনিয়ে সিহঁতৰ প্ৰেমৰ পৃথিৱীখনলৈ অভিশাপ হৈ নামি আহিব।

আকাশৰ আকস্মিক পৰিৱৰ্তনত বুকুত এক অনামী বিষে বাহ লৈছিল অনন্যাৰ। সেই বিষে তাইক ৰাতিৰ টোপনি কাঢ়িছিল। খোৱা, শোৱা কমি আহিছিল অনন্যাৰ। তথাপি অপেক্ষা কৰিছিল তাই। সকলো ঠিক হ’ব। হয়তোবা আকাশৰ কৰ্মব্যস্ততা বাঢ়িছে। ব্যস্ততাবোৰ কমি আহিলে আকাশে আকৌ আগৰ দৰেই তাইলৈ ফোন, মেছেজ কৰিব।

অনন্যাই ভবাৰ দৰে একোৱে ঠিক হৈ নুঠিল। হঠাৎ এদিন তাই আকাশৰ ছ’চিয়েল মিডিয়া প্ৰফাইলত আন এজনী ছোৱালীৰ সৈতে হাঁহি থকা ফটো এখন দেখিছিল আৰু সেইদিনাই আকাশৰ পৰিৱৰ্তনৰ ৰহস্য তাইৰ সন্মুখত উন্মোচন হৈ পৰিছিল। সিদিনা তাইৰ অনুভৱ হৈছিল, তাই যেন অপমান আৰু লাঞ্ছনাৰ সাঁজ পিন্ধি চকুপানীৰে বাট নেদেখা হৈ এখন ভৰা ৰাজসভাত থিয় হৈ থকা এগৰাকী উপেক্ষিতা নাৰী, শকুন্তলা!

অনন্যাৰ বন্ধু-বান্ধৱীকে ধৰি সম্বন্ধীয় সকলো মানুহেই ইতিমধ্যে দেখা পাইছিল আকাশ আৰু অনন্যাৰ সম্পৰ্কৰ মাজৰ সেই বৃহৎ ফাট।

নেদেখিবই বা কিয়? এইবোৰ জানো লুকাই থকা কথা ?

‘বেছি বিশ্বাস কৰিছিলি নহয়, এয়া তাৰে ফল’

‘নিজক পাহৰি প্ৰেম কৰিলে এনেকুৱাই হয়’

উফ্‌ কিমানৰ যে কিমান ৰকমৰ কথা!
এইবোৰ কথাও সেই পৌৰাণিক কালৰ কুলটা বা স্বৈৰিণী শব্দবোৰৰ এক আধুনিক সংস্কৰণহে আছিল। অনন্যাই তেনেকৈয়ে ভাবিছিল।

শকুন্তলাই হয়তো তেতিয়া কান্দিছিল। হয়তোবা তাই কান্দি কান্দি পৃথিৱী ফাটি দুফাল হ’বলৈ প্ৰাৰ্থনা কৰিছিল। তাইৰ গৰ্ভত থকা সন্তানটোৰ ভৱিষ্যতৰ বাবে তাই এজন পুৰুষৰ পৰিচয়ৰ ভিক্ষা মাগিছিল।

কিন্তু অনন্যা ?

অনন্যাই সেই নিশা আইনাৰ সন্মুখত থিয় দিছিল। নিজৰ বিধ্বস্ত হোৱা শৰীৰটোলৈ তাইৰ সিদিনা বৰ মায়া উপজিছিল। এৰা এই মায়াও বৰ অদ্ভুত৷  এই মায়াখিনিয়েতো তাইৰ সাহস।

সিদিনা চকুৰ তলৰ ক’লা দাগবোৰ মচি তাই নিজকে সুধিছিল-

‘কাৰ বাবে মই এই যন্ত্রণা সহ্য কৰিছোঁ? আকাশৰ পৰিচয় নহ’লে জানো মোৰ অস্তিত্ব নাই?’

সেই নিশাই অনন্যাৰ ভিতৰৰ শকুন্তলাজনীৰ মৃত্যু ঘটিছিল।

তাৰ পিছৰ দুটা বছৰ আছিল অনন্যাৰ পুনর্জন্মৰ বছৰ। তাই বুজি পাইছিল যে তপোবনৰ সেই গছ-লতাবোৰৰ দৰে তাই কেৱল এজোপা বৃক্ষত আশ্ৰয় লৈ জীয়াই থকা লতা নহয়। তাই নিজেই এডাল বিশাল বৃক্ষ হ’ব পাৰে। হ’ব পাৰে নহয়, হ’ব লাগিব।

তাই নিজৰ ভাঙি পৰা মনটো আকৌ এবাৰ আটোলটোলকৈ গঢ়ি তোলাৰ সংকল্প লৈছিল। এক নতুন উদ্যম আৰু সাহসেৰে সেই সংকল্প পূৰ কৰাত নামি পৰিছিল। এদিন তাই নিজৰ গৱেষণা সম্পূৰ্ণ কৰিলে। পি.এইচ.ডি কৰিলে আৰু এখন নামী মহাবিদ্যালয়ত বিভাগীয় মুৰব্বী হিচাপে যোগদান কৰিলে । তাইৰ জীৱনটো এতিয়া একেবাৰে শান্ত। কোনো অশান্তিৰ ঢৌ নাই ।

কিন্তু আজি… আজি আকাশ উভতি আহিব খুজিছে। আকাশৰ সেই সপোনৰ প্ৰকল্পটো বিফল হ’ল। যিজনী ছোৱালীৰ বাবে সি অনন্যাক ত্যাগ কৰিছিল, সেই ছোৱালীজনীয়েও তাক এৰি থৈ গ’ল । এতিয়া আকাশৰ পুৰণি স্মৃতি ঘূৰি আহিছে। এতিয়া তাৰ মনত পৰিছে অতীতৰ প্ৰেয়সী অনন্যাৰ শান্ত শীতল সান্নিধ্যৰ কথা।

অনন্যাই কফিৰ কাপটো টেবুলত থৈ থিয় হ’ল। তাই আইনাখনৰ ওচৰলৈ গৈ নিজৰ কপালত থকা সৰু তিলটোলৈ চালে। তাইৰ মনত পৰিল কালিদাসৰ সেই কাব্যৰ শেষৰ দৃশ্যটো য’ত দুষ্মন্তই অৰণ্যত নিজৰ পুত্ৰক দেখা পায় আৰু শকুন্তলাক চিনি পাই ক্ষমা ভিক্ষা খোজে। শকুন্তলাই চকুলোৰে সেই ক্ষমা গ্ৰহণ কৰি পুনৰ দুষ্মন্তৰ অংকশায়িনী হৈছিল।

অনন্যাৰ ওঁঠত এটি হাঁহি বিৰিঙি উঠিল। এই হাঁহি কিন্তু ঘৃণাৰ নহয়, বৰঞ্চ এক গভীৰ বিদ্ৰোহৰহে হাঁহি ।

তাই ফোনটো হাতত তুলি ল’লে আৰু এটা মেছেজ টাইপ কৰিলে—

‘আকাশ, তুমি আজি তোমাৰ ভুল বুজি পাইছা, কাৰণ তোমাৰ প্ৰয়োজনবোৰ আধৰুৱা হৈ ৰৈছে। তুমি যিজনী অনন্যাক এৰি গৈছিলা, তাই শকুন্তলাৰ দৰে তোমাৰ পদত আশ্ৰয় লৈ জীয়াই থকাৰ সপোন দেখিছিল। কিন্তু আজিৰ অনন্যাই নিজৰ আকাশখন নিজেই নিৰ্মাণ কৰি লৈছে।’

অনন্যাই খিৰিকীখন খুলি দিলে। বৰষুণজাক কমিছে। চেঁচা বতাহ এজাকে আহি তাইক চুমি থৈ গ’ল ৷ তাই উপলব্ধি কৰিলে যে পৌৰাণিক কাহিনীৰ সেই শকুন্তলাজনী আছিল পুৰুষৰ কলমেৰে লিখা এগৰাকী নিৰীহ নাৰী। কিন্তু আজিৰ নাৰীয়ে নিজৰ কাহিনী নিজেই লিখে।

কিয় নাৰীয়ে সদায় পুৰুষৰ স্মৃতিৰ ওপৰত নিৰ্ভৰ কৰি নিজৰ ভাগ্য নিৰ্ধাৰণ কৰিব লাগে? কিয় এটা আঙঠিয়ে নাৰীৰ সতীত্ব বা সত্যতা প্রমাণ কৰিব লাগে?

‘মই শকুন্তলা হ’ব নোখোজো’

অনন্যাৰ কণ্ঠত আজি এক অদ্ভুত দৃঢ়তা।

‘মই কোনোবা দুষ্মন্তৰ ভুলৰ বাবে শাস্তি খাব নোখোজো আৰু তেওঁৰ অনুশোচনাৰ বাবে পুনৰ গ্ৰহণযোগ্য হ’বও নোখোজো। মই মুক্ত।’

তাই আকাশৰ নম্বৰটো ব্লক কৰি দিলে।

বাহিৰত এতিয়া আকাশখন পৰিষ্কাৰ হৈছে। ক’ৰবাত যেন এটা চৰায়ে গান গাই উঠিছে। হাজাৰ বছৰ ধৰি বুকুত কঢ়িয়াই লৈ ফুৰা সেই অপমানৰ বোজাটো অনন্যাই আজি এক মুহূর্ততে দলিয়াই পেলালে।

আজিৰ পৰা হাজাৰ বছৰ পিছতো যদি কোনোবাই শকুন্তলাৰ কাহিনী পঢ়ে, তেতিয়া যেন তেওঁলোকে অনন্যাৰ নামটোও মনত পেলায়। যিয়ে কৈছিল যে প্রেম যদি দাসত্ব হয়, তেন্তে সেই প্ৰেমতকৈ একাকিত্বই শ্রেষ্ঠ। যিয়ে বুজাই দিছিল যে নাৰীৰ হিয়াখন কাৰোবাৰ অহা-যোৱা কৰা বিশ্রামাগাৰ নহয়, এখন স্বয়ংসম্পূর্ণ সাম্রাজ্য।

অনন্যাই ডায়েৰীখন মেলি ল’লে। প্রথম পৃষ্ঠাতে তাই ডাঙৰ ডাঙৰকৈ লিখিলে—

মই শকুন্তলা নহওঁ, হ’ব নোখোজো’

বিজুলী-বাটিৰ পোহৰত বৰষুণৰ টোপালবোৰ এতিয়া মুকুতাৰ দৰে গছৰ পাতত জিলিকি উঠিছে। অনন্যাই এটা দীঘলীয়া উশাহ ল’লে। তাই অনুভৱ কৰিলে, এই পৃথিৱীত অকল তায়ে নহয়, তাইৰ দৰে হাজাৰজনী অনন্যাই আজি ইতিহাসৰ সেই জৰাজীৰ্ণ শৃংখলবোৰ ভাঙিবলৈ সাজু হৈছে।

ফোনঃ ৬০০১৭-০৩৭৬৬

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.