তৰালি খৰফলীয়া
বাছখন বৰ লাহে লাহে চলিছে। যেন আগবাঢ়িবলৈ বিৰাট কষ্ট হৈছে। পথৰ মাজৰ প্ৰকাণ্ড গাঁতকেইটাই দাঁত নিকটাই উপভোগ কৰিছে এই সমগ্ৰ যাত্ৰা। ব্যতিক্ৰমী দুই এজনৰ বাদে যাত্ৰীসকলৰ মুখত প্রচণ্ড বিৰক্তিৰ ৰেখা প্ৰকট হৈ উঠিছে। কিবা যেন পাপৰ ফলতহে এইখনত উঠি পালে। এক মিনিটেও যেন এবছৰৰ তানপূৰাহে বজাইছে। ধীৰে ধীৰে….।
গুণগুণনিবোৰ বাঢ়িছে।
‘ছেঃ, কি যে কুক্ষণত ওলাইছিলোঁ অ’ আজি। গৈ পাওঁগৈ মানে বেলি লহিয়াবই হ’ব।’
‘দুবছৰতে ৰাস্তাৰ এই গতি হ’লে কেনেকৈ হ’ব বাৰু। সব টকাৰ খেল। ঠিকাদাৰে টকাসোপা গিলিলে। এতিয়া আমি মৰিবলগীয়াত পৰিছোঁ।’
‘ডাক্তৰজন সময়ত লগ ধৰিব নোৱাৰিলে এমাহলৈ যাব। ইমান কষ্ট কৰি ‘এপইণ্টমেণ্ট’ পাইছিলোঁ। এই ৰাস্তাটোৱে শেষ কৰি দিব দেই একদম।’
বাছখনেৰে যাত্ৰাপথ প্রায় আশী কিলোমিটাৰ। ডেৰ ঘণ্টামান সময় লগাৰ বিপৰীতে আজিকালি সময় লাগে তিনিৰ পৰা চাৰি ঘণ্টা। মচফলীয় চহৰখনৰ পৰা মূল চহৰলৈ অহা-যোৱা কৰা বাছ দুই তিনিখনমানহে আছে। বাকী সৰু-সুৰা দুই এখন যাত্রীবাহী গাড়ী আছে যদিও সেইকেইখনত যাত্ৰা কৰাৰ অভিজ্ঞতা যেন আৰু ভয়ংকৰ। গতিকে উপায়ান্তৰ সকলো। নাই মোমাইতকৈ কণা মোমাইকে শ্ৰেষ্ঠতৰ আখ্যা দিব পৰাকৈ চলি আছে এই ‘কাঞ্চন’। বাছখনৰ পোছাকী নাম। পোছাকী নহয়নো কি? সকলোৱে ‘কাঞ্চন’ বুলি ক’লেই চিনি পায় দেখোন।
কাঞ্চনৰ ভিতৰচ’ৰাত স্বগতোক্তিবোৰ ওপঙি ফুৰিছে। কাৰোবাৰ কোনোবা অফিচাৰক লগ কৰিবলৈ আছে, কোনোবাজনৰ আকৌ ডাক্তৰৰ লগত কথা-বতৰা পতা আছে। আন কোনোবা আকৌ আত্মীয়ৰ ঘৰত ফুৰিবলৈ আহিছে। কিন্তু প্রত্যেকজনকে জলাকলা খুৱাইছে এই কাঞ্চনে। যেন সময়ৰ কাঁটাডালত কাঞ্চনেহে বিধি-পথালি দি বহি ৰৈছে। তাৰ মাজতো পিছে তেনেই শান্ত-শিষ্ট, নিমাখিত প্ৰাণী হৈ বহি অহা লোকো বাছখনৰ ভিতৰতে আছে। যাৰ কোনো লৰালৰি নাই। নিজৰ পৃথিৱীখনতে বিলীন হৈ আহিছে তেওঁলোক। চিঞৰ-বাখৰ কৰিলে জানো কিবা সমাধান ওলাব? নে কাঞ্চনৰ গতি ক্ষিপ্ৰত্ৰৰ হৈ আটাইবোৰ সমস্যাই নোহোৱা কৰি দিব? এইবোৰতো একোৱেই নহয়। গতিকে, মিছাই ইমান অসন্তুষ্টি প্ৰকাশ কৰি অহাৰনো কি দৰকাৰ? এসময়ততো এই আপদীয়া যাত্ৰাৰ অন্ত পৰিব। তেতিয়ালৈ অপেক্ষা কৰিলেই হ’ল। সমাধানবিহীন কাৰবাৰ এটাৰ পিছত চিঞৰি থাকি অশান্তিনো কিয় চপাই ল’ব লাগে? এইবোৰকে ভাবি ভাবি ‘কাঞ্চন’ৰ একেবাৰে শেষৰ দীঘলীয়া ছীটটোত কিছু উৎফুল্লিত মনেৰে বহি আহিছে এগৰাকী বিশেষ নাৰী। যাত্রাপথৰ অতবোৰ খলা বমা, যাত্ৰীৰ অসন্তুষ্টি, চিঞৰ-বাখৰেও যেন টলাব পৰা নাই তেওঁক। তেওঁ এক বিশেষ স্থানলৈ গৈ আছে। য’ত তেওঁৰ বাবে অপেক্ষা কৰি আছে এক ন ভৱিষ্যতে । আগতেও বহুবাৰ অহা-যোৱা কৰা এই বাটটোৰ খলা-বমাবোৰে আজি দেখোন অস্বস্তিত পেলোৱা নাই। সঁচাই, কি যে বিচিত্ৰ এই ‘মন’ নামৰ বেগী গাড়ীখন । কেতিয়া কি ভাল লাগে অথবা বেয়া লাগে বুজাই কঠিন।
বহু কথাই আজি মনলৈ আহিছে পৰীৰ। তাইৰ জীৱনৰ এছোৱা কাল এই খলা-বমা পথটোৱে অহা-যোৱা কৰোঁতেই পাৰ হৈ গৈছে। মেট্ৰিক পৰীক্ষা পাছ কৰিয়েই দেউতাকৰ হাতত ধৰি চহৰৰ অন্যতম নামী কলেজখনত তাই নামভৰ্তি কৰিছিল। সুদীৰ্ঘ পাঁচটা বছৰ পাৰ হওঁ কি নহওঁতেই কলেজখনে বিশ্ববিদ্যালয়ৰ স্বীকৃতি লাভ কৰাত তাতে তাই স্নাতকোত্তৰ ডিগ্রীও গ্ৰহণ কৰিছিল। এই মুঠ সাত বছৰীয়া পৰিক্ৰমাৰ কোনোবা এটা বিশেষ দিনত তাইৰ জীৱনলৈ আহিছিল ‘দৰ্শন” নামৰ সুদৰ্শন ল’ৰাটো। কি দেখি সি তাইক বিচাৰিছিল সেই কথা নাজানিছিল পৰীয়ে। অথচ তাইৰো তাক ভাল লাগি গৈছিল খন্তেকতে। পৰীয়ে মঞ্চত নাটক কৰিছিল, গীত গাইছিল। কাৰোবাৰ তাইক ভাল লাগিবলৈ সেইখিনি প্রতিভাই আছিল যথেষ্ট। দর্শনেও হয়তো নাটক অথবা গীতৰ পাকচক্ৰত পৰিয়ে ভাল পাই পেলাইছিল পৰীক। আজিলৈকে এইবোৰ কথা একোৱেই সোধা নহ’ল যদিও তাই অন্ততঃ তেনেকৈয়ে ভাবিছিল। সি নাটক, গীত এইবোৰ একোৱে কৰি অথবা গাই পোৱা নাছিল । তথাপি কিন্তু এই বিপৰীতমুখী মানুহটোক হঠাতে ভাল পাই পেলাইছিল পৰীয়ে। পাইছিল নে এতিয়াও পায়… (?)
দৰ্শনৰ ঘৰত মাক, ককায়েক, বৌৱেক আৰু এজনী কণমানি ভতিজী। মাকে বিচাৰিছিল পঢ়ি- শুনি আজৰি হ’ল যেতিয়া সোনকালে দৰ্শনৰো ঘৰ এখন হ’ব লাগে। সিও যেন এই কথাষাৰলৈকে বাট চাই আছিল। কথাষাৰ জনাইছিল পৰীক। অৱশ্যে পৰীয়ে কিবা এটা সংস্থাপন হোৱালৈ বাট চাব খুজিছিল। কিন্তু দৰ্শনৰ আগত তাইৰ কথা নৰজিল ৷ তাৰ মতে কপালত থকাটো আনে কেতিয়াও আঁজুৰি খাব নোৱাৰে। গতিকে ইমান চিন্তা কৰি থকাৰ কোনো প্রয়োজন নাই । অৱশেষত দুয়োখন ঘৰৰ সন্মতিক্রমে প্রথমে সিহঁতৰ আইনগত বিবাহ সম্পন্ন হৈছিল। ‘কাঞ্চন’ যেন দুয়োৰে বিয়াৰ সাক্ষীহে আছিল। দৰ্শন আৰু পৰী আইনমতে দৰা-কইনা হোৱাৰ দিনাই প্ৰথমবাৰৰ বাবে কাঞ্চনৰো প্ৰৱেশ ঘটিছিল এই জৰাজীৰ্ণ পথটোৰ বুকুত। পৰীৰ লগতে যেন কাঞ্চনেও কইনাহে সাজিছিল। নতুন বুলি বৰ নৰমকৈ ষ্টিয়াৰিং ধৰিছিল চালক বাদল খুৰাই। বাদল খুৰাৰ সপোনৰ লগতে পৰী আৰু দৰ্শনৰ সপোনবোৰো ঘূৰি ফুৰিছিল ‘কাঞ্চন’ৰ বাহিৰে-ভিতৰে। সেয়া আঠ বছৰৰ আগৰ কথা। অথচ আজিও যেন নতুন কিবা অনামী আৱেগহে সেয়া। চুক্তিপত্ৰত চহী কৰি পুনৰ ‘কাঞ্চন’ৰ বুকুতে ঘৰমুৱা হৈছিল সিহঁত। সেইদিনাও যাত্ৰীসকলে ঠিকাদাৰক গালি পাৰিছিল, এই আধাভগা ৰাস্তাটোক গালি পাৰিছিল আৰু গন্তব্যস্থল পোৱাত পলম হোৱাৰ আশংকাত স্বগতোক্তি কৰিছিল। ঠিক আজিৰ দৰেই। আজি আঠ বছৰে কথাবোৰৰ বিশেষ একো সালসলনি ঘটা নাই। মাথোঁ কাঞ্চনহে যেন অকাল বৃদ্ধ হোৱাৰ দিশে আগবাঢ়িছে। হয়তো পৰীও…।
প্রায় তিনি মাহমানৰ পাছতে সমাজক সাক্ষী কৰি দুয়োৰে এখন ‘ঘৰ’ হ’ল। অনুষ্টুপীয়াকৈ আয়োজন কৰা সিহঁতৰ বিয়াৰ দিনাখন কোনে জানো পাতিছিল—
‘ছোৱালীজনীয়ে কি যে ল’ৰা এটা পছন্দ কৰিলে। কোনোফালৰ পৰাই নিমিলে দুয়োটা। ইমান প্রতিভা থকা ছোৱালী এজনী টিকিবনে ইয়াৰ লগত!’ কথাষাৰ জান-নিজানকৈ কইনাৰ সাজত থকা পৰীৰ কাণতো পৰিছিল। মিহিকৈ ভয় অকণমানো লাগিছিল। দর্শন যদি তাই ভবাৰ দৰে নহয়! কি হ’ব তেতিয়া? তাই বাৰু ভুল কৰিলে নেকি? ভুল যেন লগা নাই দেখোন ৷ এনেয়ে কোনোবাই কিবা পাতিলে বুলিয়েই প্রথম দিনাখনেই তাই মন বেয়া কৰিবনে? দৰ্শনৰ প্ৰস্তাৱত দেখোন তায়েই সন্মতি জনাইছিল । কিবা খেলিমেলি হ’লে মিলাই চলিব আৰু দুয়োটাই। সংসাৰখনতো আৰু মসৃণ মজিয়া নহয়। খলা- বমা নথকা হ’লে দেখোন কাৰো জীৱনত ‘দুখ’ ৰ অস্তিত্বই নাথাকিলহেঁতেন। গতিকে তাইৰ জীৱনৰ বাটত থকা ওখ-চাপৰবোৰো তাই হেলাৰঙেই অতিক্ৰম কৰিবলৈ চেষ্টা কৰিব। দৰ্শন ইমানো নিষ্ঠুৰ হ’ব নে? যে আদবাটতে তাইৰ হাত এৰি গুচি যাব। গতিকে আনৰ মুখৰ কথাত মন বেয়া কৰি বহি থকাৰ অজুহাত তাই নেদেখিলে।
সংসাৰ তৰী আগবাঢ়িল। পৰীয়ে মাজে মাজে দুই এটা চাকৰিপ্ৰয়াসী পৰীক্ষা দি থাকিল । পিছে দৰ্শনে কোৱাৰ দৰে তাইৰ কপালত চাগে’ চাকৰিৰ কোনো সম্ভাৱনাই নাই। নহ’লেনো ইমান চেষ্টা কৰাৰ পাছতো একো এটা নিমিলেনে! চাকৰি নিমিলিলেও পিছে মাতৃত্বৰ সুখ কিন্তু তাইৰ কপালত সোনকালেই মিলিল। এজনী মৰমলগা কণমানিৰ ‘মাক’ হ’ল পৰী। একলা একলাকৈ ডাঙৰ হৈ অহা মৌমনজনীৰ মুখলৈ চাই সকলো যেন পাহৰিহে যাব পৰীয়ে। সঁচাই, কিছুমান কথা পাহৰিব পৰা হ’লে জীৱনৰ চিত্ৰপটেই সলনি হৈ গ’লহেঁতেন। নকৈ ৰং বোলাব পৰাকৈ নিমজ হৈ পৰিলহেঁতেন।
কিন্তু পাহৰোঁ বুলিও যে পাহৰা নাযায় বহু কথা । চাকনৈয়াই পকাই নিয়াদি ঘূৰাই-পকাই বুকুৰ মাজতে ৰৈ থাকে কিছু অন্তহীন ব্যথা। সেই ব্যথা উপশমৰ কোনো ঔষধ হয়তো নাথাকে । যদি থাকিলহেঁতেন…! পৰীয়ে জাৰি-জোকাৰি দলিয়াই পেলালেহেঁতেন তাইৰ বুকুত জমা হৈ থকা সমস্ত বেদনা। লগতে মৌমনজনীৰো । জন্মৰ পৰা তিনি মাহলৈকে স্বাভাৱিক অৱস্থাতে থকা তাইৰ কণমানিজনীৰ দেহত লাহে লাহে বহু বিসংগতিয়ে দেখা দিবলৈ ধৰিলে। ডাক্তৰৰ ওচৰলৈ তাঁত-বাটি কাঢ়োঁতে কাঢ়োঁতে সাঁচতীয়া টকাকেইটাও শেষ হ’বৰে উপক্ৰম হ’ল। উন্নতি কিন্তু একোৱেই নহ’ল। অৱশেষত মৌমনৰ দেহত এক বিশেষ ব্যাধি ধৰা পৰিল। যাৰ নাম ‘চেৰিব্ৰেল পালচি’। মূৰৰ ওপৰত আকাশখন খহি পৰা হ’লেও হয়তো পৰী ইমান ভাগি নপৰিলহেঁতেন। যিমান তাই মৌমনৰ কষ্ট দেখি ভাগি পৰিবলৈ ধৰিলে। ক্রমান্বয়ে দর্শনেও যেন এক নিৰাপদ দূৰত্বত অৱস্থান কৰিবলৈ ধৰিলে। শাহুৱেকেও প্রতিমুহূৰ্ততে ভেকাহিহে মাৰি থাকিবলৈ ল’লে। যেন ‘যত দোষ নন্দ ঘোষ’। কি ভুল কৰিছিল পৰীয়ে ? যাৰ বাবে সহিবলগীয়া হৈছে এনে পর্বতসম যন্ত্রণা ৷ মৌমনৰ জানো কিবা দোষ আছিল। তায়ো যে এই পৃথিৱীত কেৱল অৱহেলাৰ পাত্ৰ হ’বলৈকে আহিল।
পিছে, যত অৱহেলা শিৰত তুলি লৈ অৱশেষত স্থিতপ্রজ্ঞৰ ৰূপ ধাৰণ কৰিলে পৰীয়ে । মৌমনৰ বাবে তাই শক্তিশালী হ’ব লাগিব। কাৰণ নেদেখাজনে সকলোকে এনে সন্তান নিদিয়ে। যিয়ে মনৰ পৰা তেওঁলোকক আদৰি লৈ আদৰ কৰিব জানে, তেওঁলোককহে বোলে গতাই দিয়ে। এনে সন্তান হেনো ভগৱানৰো বৰ প্ৰিয় । কোন কাহানিবাই ক’ত জানো পঢ়িছিল পৰীয়ে। পঢ়ি থাকোঁতে পিছে এবাৰলৈও কল্পনা কৰা নাছিল সেয়া যে তাইৰ জীৱনতে ফলিয়াব । তায়ো চাগে’ ভগৱানৰ খুউব প্রিয়। নহ’লেনো মৌমন কলিজাক তাইৰ হাতত সঁপি দিয়েনে? পৰী ঘূৰি ফুৰে ডাক্তৰৰ পাছে পাছে। থেৰাপীৰ বাদে অন্য গত্যন্তৰ নাই বুলি কোৱাৰ পাছতো ভগৱানৰ দুৱাৰে দুৱাৰে যাচি ফুৰে নৈবেদ্যৰ অঞ্জলি। তাইক ইমান ভাল পোৱা নেদেখাজনে এবাৰ চকু মেলি চায়েইবা। মাতেইবা মৌমনে এবাৰ মাথোঁ তাইক ‘মা’বুলি।
মা মা, মা… এই শব্দটোৱে সপোনতো খেদি ফুৰে পৰীক। আনৰ ল’ৰা-ছোৱালীবোৰ দেখিলে কিঞ্চিমান ঈর্ষাও নোপজা নহয় ৷ হাজাৰ হওক, তায়োতো এগৰাকী মাক। আন মাকবোৰতকৈ পৃথক এগৰাকী অতিকৈ দুৰ্ভগীয়া মাক। তাইৰো হেঁপাহ জাগে মৌমনো আনৰ দৰে স্বাভাৱিক হোৱা হ’লে…। অন্ততঃ খোজ কাঢ়িবকে পৰা হ’লে… । চকুপানীৰ নদী এখন গোট মাৰে বুকুতে। গভীৰ কোণত সংগোপনে লুকাই থকা হাজাৰ লোতক সামৰি ৰখা তাইৰ হাঁহিটোহে আনে দেখে। বেদনাখিনি? বেদনাৰ সমভাগী হ’বলৈ কোনোৱে নাহে ৷ আনকি দর্শনো । দৰ্শনৰ প্ৰতি তাইৰ দৰ্শন ইতিমধ্যে সলনি হৈছেই। বিয়াৰ দিনা কাণত পৰা কথাষাৰ সত্য অভিমুখে ৰাওনা হৈছে। দায়িত্বৰ ভাৰ কান্ধ পাতি লোৱাৰ পৰিৱৰ্তে বোজা ব’বলগীয়া হোৱাৰ অভিব্যক্তিহে আজিকালি তাৰ চকুত বিদ্যমান । পৰীয়ে বাদ দিছে সেইবোৰ মন কৰিবলৈ। তাইৰ মন আজিকালি কেৱল মৌমনত। মৌমনৰ কষ্ট উপশমেই যেন তাইৰ জীৱনৰ ব্ৰত । বহু চেষ্টা কৰি চহৰৰ নাম থকা থেৰাপী চেণ্টাৰ এটাত পৰীয়ে ইতিমধ্যে মৌমনৰ বাবে ঠাই উলিয়াইছে। ওচৰতে ভাৰাঘৰ এটাও ঠিক কৰিছে। ইমানখিনি খলা-বমা পথ অতিক্রমি নিতৌ অহা-যোৱা কৰিবলৈ তাইৰ কষ্ট হ’ব। বিশেষকৈ মৌমনৰ। জীৱনৰ অতবোৰ খলা-বমাত আজিলৈকে তাই অকলেই বাট বুলিছে। আগলৈও বাট বুলিব একেদৰেই। কিন্তু মৌমনকতো আৰু কষ্ট পাবলৈ দিব নোৱাৰি। বেচেৰীজনীয়ে এনেও জন্মৰে পৰা কষ্টই ভুগি আহিছে। কেৱল কষ্ট…। পৰীৰ ঘৰৰ মানুহ আৰু তাইৰ আপোন বন্ধু- বান্ধৱীবোৰৰ বাহিৰে মৌমনে আনৰ পৰা মৰমৰ মাত এষাৰো পোৱা নাই। হয়তো দেউতাকৰ পৰাও। কাক দূষিব পৰীয়ে? পৰিস্থিতি নে সময়ক? দর্শন নে নিজক? নে মৌমনক?
দোষ আচলতে কাকো দিব নিবিচাৰে পৰীয়ে। বিধিয়ে তাইৰ কপালত যেনেকৈ লিখিছে, তেনেকৈয়েতো বাট বুলিব লাগিব জীৱনত । অকলশৰীয়া হ’ল বুলিয়েই হাৰি গ’লে জানো হ’ব? হৰাৰ নামটো জীৱন নহয়। গতিকে…. ক্রমশঃ শক্তিশালী হয় পৰীৰ মন, মগজু সকলো । অৱহেলাই তাইক টলাব নোৱাৰে, অনাদৰেও নোৱাৰে বিচলিত কৰিব। পৰী থিয় হয় ধুমুহাই উভালি পেলাব নোৱৰাকৈ জীৱনৰ কঠিন কাঠগড়াত। জাৰি-জোকাৰি দলিয়াই পেলাবলৈ সাজু হয় ‘দৰ্শন’ নামৰ অস্তিত্ব। মৌমনৰ চকুত চকু থৈ স্থিতপ্রজ্ঞ হৈ ৰয় পৰী। কাণে কাণে কৈ উঠে— ‘মই আছোঁ মোৰ মৌ মা। তুমি হাওলি নোযোৱাকৈ ধৰি ৰাখিবলৈ মোৰ সামর্থ্য আছে। তুমি মাত্ৰ ভাল হৈ উঠা। তোমাৰ মাৰ সমস্ত হেঁপাহ মাথোঁ তোমাক লৈয়ে।’
মৌমনেও যেন বুজি উঠে কিবা এটা। ভুৱন ভুলোৱা হাঁহি এটা মাৰি সঁহাৰি জনায় মাকক । বুকুখন শিল হৈ উঠে পৰীৰ। শিলে কথা নকয়। কিন্তু হাজাৰ কথা সামৰি, হাজাৰ ধুমুহা নেওচি স্থিৰ হৈ থকাৰ শক্তি চাগে’ কেৱল শিলৰহে থাকে । যিদৰে সময়ৰ আহ্বানত পৰীও লাহে লাহে হৈ পৰে এটুকুৰা জীয়া শিল। বহু ক’বলগীয়া কথা বুকুতে সামৰি থয় তাই। আবদাৰ কাৰো ওচৰতে নকৰে। কৰিবনো কাৰ ওচৰত ? জীৱনে দেখোন তাইক নিজৰ মতেহে গঢ়িলে।
গন্তব্যস্থললৈ আৰু বেছিদূৰ নাই। ‘কাঞ্চন’ ইতিমধ্যে মূল চহৰখনত সোমাইছেই। এইখিনিৰ পৰা আৰু পথটোত খলা-বমাবোৰ নাই। পৰীয়েও বিচাৰিছে আজিৰ পৰা আৰু কোনো খলা-বমা তাইৰ জীৱনতো নাথাকক। ঘড়ীৰ কাঁটাই গতি কৰিছে শেষ মুহূৰ্তলৈ । কাঞ্চনে আস্থানত অলসকৈ গাটো এৰিলেই তাই নামি যাব সেই বিশেষ স্থানলৈ। য’ত আঠ বছৰৰ আগতে তাই ন-জীৱনৰ পাতনি মেলিছিল ৷ তেতিয়া তাইৰ হাতখন খামুচি ধৰিবলৈ দৰ্শন আহিছিল। দৰ্শন আজিও আহিছে। আজি সি হাতখন এৰিব। অৱশ্যে এৰুৱাই দিয়াৰ ব্যৱস্থা তায়েই কৰিছে। নিৰাপত্তা নথকা দুহাতত ওৰে জীৱনটো তুলি দিবলৈ তাই অপাৰগ ।
মৌমনক তাই মাকৰ ঘৰতে থৈ আহিছে। জীৱনৰ এই বিশেষ তথা কিছু পৰিমাণে জটিল মুহূৰ্তটোত দৰ্শনৰ ওচৰত অন্ততঃ মৌমনৰ উপস্থিতি পৰীয়ে কামনা কৰা নাই। চৌহদটোত সোমায়ে দেখিলে পৰীয়ে সেই বিশেষ কোঠাটোৰ বাৰাণ্ডাত পায়চাৰি কৰি আছে দর্শনে। বহু লোকৰ সমাগমেৰে পৰিৱেশটো গমগমীয়া হৈ আছে যদিও দর্শনক চিনাত পৰীৰ অসুবিধা হোৱা নাই । আজিকালি তাই ‘মানুহ’ চিনে। আগতেহে…
পৰী আগবাঢ়ি গ’ল । দৰ্শনক মাত লগাবলৈ সামান্য ইতস্ততঃবোধ কৰিলে যদিও লাহেকৈ সুধিলে—
‘বহুপৰ ৰ’লা নেকি?”
“নাই। মৌক নানিলা ? ‘
‘তাই কষ্ট পালেহেঁতেন।’
‘এৰা…!’
পৰিস্থিতিৰ পৰা ফালৰি কাটিবলৈকে পুনৰ সুধি পেলালে পৰীয়ে
…………
“ভিতৰলৈ মাতিছিল নেকি?”
‘এবাৰ মাতিছিল। ব’লা যাওঁ ।’
কথাবোৰত আন্তৰিকতা আছিল জানো? নে নামাতিলে নহয় বাবেই মাতিবলগীয়াত পৰিছিল দুয়োৱে দুয়োক। যিয়েই নহ’লেও আজিৰ পৰা সিহঁত চিনাকি হৈয়ো কোনোবা অচিনাকি দৰেই হৈ পৰিব৷ মাথোঁ কেইটামান মুহূর্ত বাকী…। নিমিলা অংকৰ সমাধান সূত্র উলিয়াবলৈ দুয়ো অপাৰগ যেতিয়া কথাবোৰ ইমানতে সামৰি পেলোৱাই শ্রেয় বুলি ভাবিয়েই পৰীয়ে এই সিদ্ধান্তটো লৈছিল। দর্শনেও কোনো আপত্তি নকৰাৰ বাবেই দুয়োটা আহি উপস্থিত হৈছেহি এই অন্তিম ক্ষণত । আঠ বছৰৰ আগতে আৰম্ভ কৰা নাটকখনৰ যৱনিকা পেলাবলৈ।
‘দৰ্শন বৰুৱা আৰু পৰী হাজৰিকা, আপোনালোক দুয়োজনে মই দেখুৱাই দিয়ামতেই চহীকেইটা কৰক । আজিৰ পৰা আপোনালোক দুয়ো দুয়োৰে পৰা মুক্ত ।’
এয়া মুক্তি ? নাজানে পৰীয়ে । প্ৰথম চহীটো তায়ে কৰিলে । আঁৰ চকুৰে দৰ্শনলৈ লক্ষ্য কৰোঁতে দেখিলে, সি তাইলৈ হাতখন আগবঢ়াই দিছে। তভক লাগিল পৰী। কিন্তু পিছমুহূর্ততে বুজিলে যে দৰ্শনে তাইৰ পৰা আচলতে কলমটোহে বিচাৰিছে। কলমটো আগবঢ়াই দিওঁতে লাগোঁ নালাগোঁকৈ দৰ্শনৰ হাতৰ স্পৰ্শ তাইৰ হাতত লাগিল। আজি কিন্তু সেই স্পৰ্শত তাই কোনো অনামী পুলক অনুভৱ নকৰিলে।
চিনাকিৰ পৰা অচিনাকি হৈ পৰিবলৈ এটা দস্তখতেই যথেষ্ট। যিয়ে জীৱনো সলাই পেলাব পাৰে।
ফোনঃ ৯৮৬৪৯-৫৩৫৯১
Comments are closed, but trackbacks and pingbacks are open.