মালয়েছিয়াৰ থিয়ান হাউ মন্দিৰ

9

আইমণি গোহাঁই দিহিঙীয়া

এক অনন্য অনুভৱ –

ভ্ৰমণ হৈছে জীয়াই থকাৰ এক অনন্য প্ৰেৰণা। ভ্ৰমণ কালৰ কিছুমান মুহূর্তই কেতিয়াবা আমাৰ জীৱনত সেন্দূৰীয়া ৰং সানে। পৃথিৱীৰ বিভিন্ন ঠাইৰ মানুহৰ স’তে সম্পর্ক স্থাপন ভ্ৰমণৰ যোগেদিয়েই সম্ভৱ হৈ উঠে । আমাৰ পৃথিৱীখনেই যিহেতু এখন খোলা কিতাপ, ভ্রমণে আমাক ইয়াৰ প্ৰতিটো পৃষ্ঠাতে থকা নেদেখাজনৰ অপূৰ্ব সৃষ্টি, ঈশ্বৰৰ অকৃপণ হাতৰ আশ্চৰ্য, প্ৰকৃতিৰ বৰ্ণিল সৌন্দৰ্যৰ ৰূপ-ৰসৰ সুধা পান কৰাত প্ৰত্যক্ষভাৱে সহায় কৰে। মোৰো তেনে এক ভ্ৰমণ কালৰ অভিজ্ঞতা আৰু কিছু সৰু সৰু স্মৃতি পাঠক সমাজলৈ জনোৱাৰ একান্ত ইচ্ছাৰ ফলশ্রুতিতে এই লেখা আগবঢ়ালোঁ।

যোৱা ২০২৫ বৰ্ষৰ ডিচেম্বৰ মাহৰ ৪ তাৰিখে দক্ষিণ-পূব এছিয়াৰ অন্যতম সুন্দৰ, পৰিকল্পিত আৰু উন্নত দেশ মালয়েছিয়ালৈ যোৱাৰ সৌভাগ্য হৈছিল। প্ৰায় এমাহ সময় মালয়েছিয়াৰ ৰাজধানী চহৰ কুৱালালামপুৰত অতিবাহিত কৰা সময়খিনি জীৱনৰ উল্লেখযোগ্য সময় বুলি ক’ব খোজোঁ। অর্থনৈতিক, বাৰেৰহণীয়া সংস্কৃতি, পর্যটকক আকৰ্ষণ কৰিব পৰাকৈ প্রাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ দেশখন সমগ্ৰ বিশ্বতে পৰিচিত। কুৱালালামপুৰত দৰ্শন কৰা বিভিন্ন ক্ষেত্ৰসমূহৰ ভিতৰত ‘থিয়েন হাউ মন্দিৰ’ (Thean  Hou Temple) এক উল্লখযোগ্য পর্যটন ক্ষেত্র। যিখন ঠাই দৰ্শন নকৰিলে মোৰ এই ভ্ৰমণ হয়তো আধৰুৱা হৈ থাকিলহেঁতেন। চহৰৰ ব্যস্ততাৰ পৰা অনতিদূৰত নিৰ্জন পৰিৱেশত অৱস্থিত ‘থিয়েন হাউ মন্দিৰ’ সঁচায়ে দৃষ্টিনন্দন।

মালয়েছিয়াৰ দক্ষিণ-পশ্চিম দিশত অৱস্থিত ৰাজধানী চহৰ কুৱালালামপুৰৰ মাজমজিয়াত অৱস্থিত চীনৰ সাগৰীয় দেৱী মাজু (Goddess Mazu)ৰ প্ৰতি উৎসৰ্গিত ছটা স্তৰৰ এটা আটকধুনীয়া মন্দিৰ এই ‘থিয়েন হাও মন্দিৰ’। ১৯৮৭ চনত এই মন্দিৰভাগ দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া বুলি জনা যায়। প্রথম দৃষ্টিতে আকৰ্ষণ কৰিব পৰাকৈ মন্দিৰভাগৰ প্ৰতিটো বস্তুৱেই অতি সুন্দৰ । মন্দিৰৰ দৰ্শনীয় চাল, নিখুঁত স্তম্ভ, সুসজ্জিত মন্দিৰৰ বাহ্যিক স্তৰ চালে চকুৰোৱা ৷ মন্দিৰৰ চাৰিওকাষ ৰঙা-বগাৰ মিশ্রিত ৰঙৰ ওলোমা বন্তিৰে সুসজ্জিত।

মন্দিৰভাগৰ প্ৰথম দর্শনতে দেখা পাইছিলোঁ বিভিন্ন চীনা সামগ্ৰী, স্মৃতিগ্ৰন্থৰ ষ্টল আৰু কেণ্টিনসমূহ। দ্বিতীয় স্তৰত বৃহৎ হল ঘৰ থকাৰ বিপৰীতে তৃতীয় স্তৰত মন্দিৰৰ কাম-কাজ পৰিচালনাৰ বাবে কার্যালয় দেখা পাইছিলোঁ। মন্দিৰৰ চতুৰ্থ স্তৰত আছে মূল প্ৰাৰ্থনা ঘৰ। এই স্থানত তিনিটাকৈ সুগঢ়িত বেদীত তিনিগৰাকী দেৱী প্ৰতিষ্ঠা কৰা হৈছে। য’ত আছে ‘দয়াৰদেৱী’, ‘জলপৃষ্ঠৰ দেৱী’ আৰু ‘সাগৰৰ দেৱী’। প্ৰাৰ্থনা ঘৰৰ বেদীত প্ৰতিষ্ঠা কৰা তিনিগৰাকী দেৱীৰ উপৰি প্ৰৱেশদ্বাৰৰ সোঁফালে শিল আৰু নিগৰি পৰা পানীৰ মাজত ‘গুয়ানয়িন’ৰ মূৰ্তি স্থাপন কৰি থোৱা আছে। পর্যটকসকলে এইজনা দেৱীৰ পৰাও আশীৰ্বাদ লাভ কৰিব পাৰে। মন্দিৰৰ গঠনশৈলীয়ে মন্দিৰৰ্ভাগক অধিক আকর্ষণীয় কৰি তুলিছে। ‘গুয়ানয়িন’ হৈছে বৌদ্ধধর্মীয় লোকসকলৰ আটাইতকৈ প্রিয় ভগৱান বুলি বিশ্বাস কৰা হয় । তেওঁলোকে আৰু বিশ্বাস কৰে যে ‘গুয়ানয়িন’ক অন্তঃকৰণেৰে প্ৰাৰ্থনা কৰিলে তেওঁৰ অলৌকিক শক্তিৰে সকলোৰে মনৰ আশা পূৰ্ণ কৰে। ইয়াৰ স্থাপত্যশৈলী চীনাসকলৰ পৰম্পৰাগত স্থাপত্য শৈলীৰ সংমিশ্ৰণত গঢ়ি তোলা হৈছে। মন্দিৰৰ আলোকসজ্জা, উচ্চমানৰ স্থাপত্য আৰু বিভিন্ন আলংকাৰিকেৰে সুশোভিত কুৱালালামপুৰৰ ‘থিয়েন হাউ মন্দিৰ’ সমগ্ৰ বিশ্বৰ এক আশ্চর্য।

জনবিশ্বাস মতে ৰঙা ৰং যিহেতু সৌভাগ্য আৰু সমৃদ্ধিৰ প্ৰতীক, সেয়ে মন্দিৰভাগৰ প্ৰৱেশদ্বাৰত ৰঙা স্তম্ভৰে বৌদ্ধ ধৰ্ম, কনফুচিয়াচ ধৰ্ম আৰু তাওবাদৰ ধৰ্মীয় নীতি অনুসৰি— এই তিনি ধৰ্মৰ সংমিশ্ৰণ কৰি গঢ়ি তোলা হৈছে বহুমুখী তোৰণ। মন্দিৰ চৌহদৰ বাগিচাবোৰত চীনাসকলৰ ঔষধি বাগিচা দৃষ্টিগোচৰ হৈছিল। আটাইতকৈ মন ভাল লগা কথাটো আছিল আমি অসমত সচৰাচৰ ঔষধি গুণসম্পন্ন বুলি ভবা বহুতো উদ্ভিদ চীনা ঔষধি উদ্ভিদ থকা বাগিচাত দেখিবলৈ পাইছিলোঁ। সততে দেখা চিনাকি উদ্ভিদবোৰ হ’ল— পননৌৱা, ৰূপহীথেকেৰা, বনজালুক, ভুঁই আমলখি ইত্যাদি। সেই মুহূৰ্তত এটা কথাই মনলৈ আহিছিল— পৃথিৱীখনটো একেজন ঈশ্বৰৰে সৃষ্টি, মাত্র দেশ, ঠাই বিশেষে ভিন্ন নামান্তৰ। চীনা ঔষধি বাগিচাৰ স’তে সংলগ্ন পুখুৰীটোত অকণি অকণি অসংখ্য কাছ দেখিবলৈ পাইছিলোঁ।

মন্দিৰৰ চিৰিয়েদি তললৈ নামি গৈ দেখা গৈছিল এলানি মূৰ্তিৰ সংকলন । সেই মূর্তিলানিয়ে চীনাসকলৰ জ্যোতিষ শাস্ত্রক প্রতিনিধিত্ব কৰিছে। মন্দিৰৰ চৌহদত ‘ইউ-লাও’ৰ মূৰ্তি এজনাও স্থাপন কৰা হৈছে। জানিব পৰা মতে, ‘ইউ-লাও’হৈছে চীনাসকলৰ পৌৰাণিক কাহিনীৰ বিবাহ আৰু প্ৰেমৰ দেৱতা।

বছৰৰ সকলো সময়তে পৃথিৱীৰ সকলো ঠাইৰ পৰ্যটকেৰে ভিৰ কৰি থকা ‘থিয়েন হাউ মন্দিৰ’ বৰ্তমান কুৱালালামপুৰৰ অন্যতম জনপ্রিয় তীর্থস্থান হিচাপেও পৰিগণিত হৈছে। জানুৱাৰী, ফেব্ৰুৱাৰী মাহেই হৈছে “থিয়েন হাউ মন্দিৰলৈ যোৱা উপযুক্ত সময়। কাৰণ সেই সময়ত চীনাসকলে নৱবৰ্ষ উদযাপনৰ বাবে উত্ৰাৱল হৈ পৰে আৰু গোটেই কুৱালালামপুৰখনেই তেতিয়া উৎসৱমুখৰ হৈ পৰে। দেশী- বিদেশী, স্থানীয় সকলো দৰ্শনাৰ্থীৰে থিয়েন হাউ মন্দিৰ এই সময়ত লোকাৰণ্য হৈ পৰে।

“থিয়েন হাউ মন্দিৰলৈ যাবলৈ ওচৰতে ৰে’ল বা বাছৰ কোনো ষ্টেচন নাই। গতিকে এই মন্দিৰলৈ যাবলৈ উত্তম আৰু পোনপটীয়া উপায় হ’ল গ্রেব (Grab) টেক্সি লৈ যোৱাটো। আমিও মন্দিৰ দৰ্শনৰ বাবে যাত্রাকালত কুৱালালামপুৰৰ আমি থকা ঠাইৰ পৰা গ্রেব টেক্সিৰে বিশ মিনিটমানতে মন্দিৰ পাইছিলোঁগৈ। ইমান সুন্দৰ স্থাপত্য-ভাস্কৰ্যৰে সুশোভিত, পৰিপূৰ্ণ আৰু ভক্তিভাৱেৰে মন ভৰাই তোলা কুৱালালামপুৰৰ এই ‘থিয়েন হাউ মন্দিৰ’ ভাগ দৰ্শনেৰে জীৱন ধন্য হোৱা যেন অনুভৱ কৰিলোঁ।

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.