আইমণি গোহাঁই দিহিঙীয়া
প্রত্যেক মানুহেই কম-বেছি পৰিমাণে ভ্ৰমণবিলাসী বুলি ক’ব পাৰি। এনে হেঁপাহৰ আপাহতে ২০২৫ চনৰ ডিচেম্বৰ মাহৰ ৪ তাৰিখে দক্ষিণ-পূব এছিয়াৰ অন্যতম সুন্দৰ আৰু উন্নত দেশ মালয়েছিয়ালৈ যোৱাৰ সৌভাগ্য হৈছিল। প্ৰথম দৰ্শনতে সকলো পর্যটককে দেশখনৰ প্ৰাকৃতিক সৌন্দৰ্যই মন্ত্রমুগ্ধ কৰিব পৰাকৈ অতি সুন্দৰ দ্বীপৰাষ্ট্ৰখন। যেনিয়েই চকু যায়, তেনিয়েই চকুত চমক লগাকৈ মালয়েছিয়াত সুবৃহৎ অট্টালিকাবোৰৰ লগতে এখন সেউজ আচ্ছাদনে আৱৰি থকা দৃষ্টিগোচৰ হৈছিল। প্ৰায় এমাহ সময় মালয়েছিয়াৰ ৰাজধানী চহৰ কুৱালালামপুৰত কটোৱা সময়খিনি জীৱনৰ উল্লেখযোগ্য সময় বুলি ভাবোঁ। দেশখন পর্যটন, অৰ্থনীতি আৰু বৈচিত্র্যময় সংস্কৃতিৰ বাবে সমগ্ৰ বিশ্বতে পৰিচিত ।
মালয়েছিয়াত পর্যটকে চাবলগীয়া সুন্দৰ স্থানবিলাকৰ ভিতৰত ‘বাটুগুহা’ (Batu Caves) নিশ্চিতভাৱে মনোমোহা স্থান। যিডোখৰ ঠাই দর্শন নকৰিলে হয়তো এই যাত্ৰা আধৰুৱা হৈ থাকিলহেঁতেন। ‘বাটুগুহা’ হৈছে মালয়েছিয়াৰ চেলাংগৰ ৰাজ্যৰ (Selangor) গম্বাক (Gombak) জিলাত থকা ৩২৫ মিটাৰ উচ্চতাৰ এটা ‘মগোট’ (mogete), যিটো পাহাৰৰ ভিতৰত ৪০০ কোটি বছৰৰ পূৰ্বে চূণশিলৰ দ্বাৰা গঠিত এলানি গুহা সৃষ্টি হৈছিল। ‘মগোট’ হৈছে গ্রীষ্মমণ্ডলীয় অঞ্চলত চূণশিল, মার্বল বা ডলমাইটৰ দ্বাৰা গঠিত বিচ্ছিন্ন হৈ থকা অৱশিষ্ট পাহাৰ। এই ‘মগোট’ বা চূণশিলৰ পাহাৰটোতে বাটুগুহাসমূহৰ সৃষ্টি। মালয়েছিয়াৰ ৰাজধানী চহৰ কুৱালালামপুৰৰ পৰা প্ৰায় ১৩ কিলোমিটাৰ উত্তৰত অৱস্থিত এই বাটুগুহাত বহুতো হিন্দু মন্দিৰ আছে। ইয়াৰে আটাইতকৈ জনপ্ৰিয় মন্দিৰটো হৈছে ‘মুৰুগানদেৱতা’ৰ প্ৰতি উৎসৰ্গিত মন্দিৰটো, যিটো মন্দিৰ মালয়েছিয়াৰ তামিল হিন্দু উৎসৱ ‘থাইপুছম’ (Thaipusam) উৎসৱৰ কেন্দ্ৰবিন্দু। এই বাটুগুহাৰ সমুখভাগৰ সোঁফালে ৪৩ মিটাৰ উচ্চতাৰ ‘মুৰুগান দেৱতাৰ’ সুউচ্চ মূৰ্তিভাগ বিশ্বৰ অন্যতম বৃহৎ ‘মুৰুগানৰ’ মূৰ্তি আৰু মালয়েছিয়াৰ সৰ্ববৃহৎ মূর্তি। বিভিন্ন উৎসৰ পৰা জানিব পৰা মতে, ভগৱান ‘কাৰ্তিক’কে তামিলসকলে তেওঁলোকৰ ভাষাত ‘মুৰুগান’ দেৱতা বুলি কয়।
বিজ্ঞজনৰ মতে, ‘মালয়’ ভাষাৰ লোৱা এই ‘বাটু’ শব্দৰ অৰ্থ হৈছে শিল । কিয়নো চূণশিল দ্ৰৱীভূত হৈয়ে এই বাটুগুহাসমূহৰ সৃষ্টি হৈছে। বাটুগুহালৈ যাত্ৰাৰ আৰম্ভণিতেই প্ৰৱেশদ্বাৰৰ বাঁওফালে দৰ্শন হৈছিল প্ৰায় ১৫ মিটাৰ উচ্চতাৰ হিন্দু দেৱতা ‘হনুমান’ৰ এটা বিশালাকায় মূৰ্তি। ইতিহাসৰ পাত লুটিয়াই চালে দেখিবলৈ পোৱা যায় যে ‘ওৰাং আছলি’ (orang Asli) নামৰ জনগোষ্ঠীৰ স্থানীয় ‘টেমুৱান’ লোকসকলে এই গুহাবোৰত বাস কৰিছিল । এই গুহাবোৰৰ বিষয়ে খুব কমসংখ্যক মানুহৰহে অৱগত আছিল। যেতিয়া ১৮৭৮ চনত আমেৰিকাৰ প্রকৃতিবিদ উলিয়াম হর্নাডেই (William Hornaday) ইয়াৰ অস্তিত্বৰ বিষয়ে বিশ্ববাসীৰ আগত প্ৰকাশ কৰিছিল তেতিয়াৰ পৰাই বিতংকৈ এই বাটুগুহাৰ বিষয়ে মানুহে জানিব পৰা হ’ল।
বিভিন্ন উৎসৰ যোগেদি জানিব পৰা মতে, ১৮৯১ চনত ভাৰতীয় তামিল ব্যৱসায়ী কে. থাম্বুছামী (K. Thamboosamy) এই গুহাসমূহক হিন্দু পূজাৰ স্থান হিচাপে প্ৰচাৰ কৰিছিল। সেই একেই চনতে গুহাৰ সমুখভাগত ‘মৰুগান’ দেৱতাৰ হিন্দু মন্দিৰভাগ সম্পূৰ্ণ হয়। আৰু ১৮৯২ চনৰ পৰাই প্ৰতিবছৰে ‘থাইপুছাম’ (দেৱতাৰ পূজাৰ বাবে পতা উৎসৱ) উদযাপন কৰা হয়। ২০ শতিকাৰ শেষৰ ফালৰ পৰাহে বাটুগুহাৰ চাৰিওফালে গৃহ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল।
প্রথম আৱস্থাত বাটুগুহালৈ যাবলৈ সুবিধাজনক পথ নাছিল। মানুহে সেই স্থানলৈ যাবলৈ খোজকাঢ়ি পাহাৰ বগাই যাবলগীয়া হৈছিল। কালক্ৰমত ১৯২০ চনত তীর্থযাত্ৰীসকলৰ সুবিধা হোৱাকৈ কাঠৰ খটখটি নিৰ্মাণ কৰা হৈছিল। ক্রমান্বয়ে পাহাৰৰ ওপৰৰ এই খটখটিবোৰ পকীকৰণৰ কাম আৰম্ভ হ’ল। ১৯৪০ চনতে ২৭২ টা পকী কৰা খটখটি বা ষ্টেপবোৰ আজিলৈকে সুন্দৰ হৈ আছে। ২০১৮ চনৰ আগষ্ট মাহত খটখটিবোৰ ৰঙীন কৰা হয় আৰু প্ৰতিটো ষ্টেপ পৃথক পৃথক ৰঙেৰে বুলোৱা হয়। বাটুগুহাৰ ওপৰলৈ উঠি যোৱা ৰঙীন খটখটিৰ নান্দনিক সৌন্দর্যই পৰ্যটকক সততে আকর্ষণ কৰে। এনে লাগে যেন ৰামধেনুৰ সাতোৰঙহে মৰ্ত্যত বিৰাজ কৰিছে।
বাটু গুহাৰ নামনি অঞ্চলত উৰম্ভ পাচৰাইবোৰৰ দৃষ্টিনন্দন দৃশ্যৰ লগতে দীঘল নেজীয়া ‘মেকাকিউ’ (Macaque) প্ৰজাতিৰ বান্দৰৰ উপস্থিতি চাবলগীয়া। এই বান্দৰবিলাক বিশেষকৈ গুহা চাবলৈ যোৱা পৰ্যটকে দিয়া খাদ্যৰ ওপৰতে নিৰ্ভৰশীল। বুটাগুহাৰ পৰিৱেশ সংৰক্ষণৰ বাবে গুহাৰ ভিতৰত বান্দৰবিলাক যাতে প্ৰৱেশ কৰিব নোৱাৰে, তাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
বাটুগুহালৈ যোৱা প্ৰৱেশদ্বাৰৰ সোঁফালে ২০০৬ চনৰ জানুৱাৰী মাহত ৪২.৭ মিটাৰ ওখ ‘মুৰুগান’ৰ মূৰ্তি উন্মোচন কৰা হয়। সোণেৰে ৰং কৰা এই ‘মুৰুগান’ৰ মূৰ্তি সঁচাকৈ চালে চকুৰোৱা ৷ পাহাৰৰ নামনিৰ সমতল অঞ্চলসমূহত আর্ট গেলেৰী, মিউজিয়াম গেলেৰী গঠন কৰা হয় ৷ এই আৰ্ট গেলেৰীসমূহ হিন্দু পৌৰাণিক কাহিনীৰ প্ৰতিমূৰ্তি আৰু চিত্ৰৰে ভৰপূৰ। বেছিসংখ্যকে দেৱতা ‘মুৰুগান’ৰ জীৱন কাহিনীৰ সৈতে জড়িত। বাঁওফালে ৰামায়ণ গেলেৰীত হিন্দু মহাকাব্য ৰামায়ণৰ চিত্ৰসমূহেৰে অলংকৃত হৈ আছে।
বাটুগুহাসমূহত (Batu caves) প্ৰতিবছৰে তামিল হিন্দুসকলে ‘থাইপুছাম’ উৎসৱ পালন কৰে। বাটুগুহাৰ সৈতে জড়িত এই উৎসৱে কুৱালালামপুৰৰ বৃহৎসংখ্যক লোককে আকর্ষণ কৰে আৰু ভাগ লয়। বহু পর্যটকো এই উৎসৱত ভাগ ল’বলৈ দূৰ-দূৰণিৰ পৰা আহে। এই উৎসৱত ভক্তিপ্ৰাণ ৰাইজে আনুষ্ঠানিকভাবে উৎসৱৰ প্ৰধান কাৰ্য সম্পাদন কৰাৰ লগতে শাৰীৰিক বোজা কঢ়িয়াই ‘থাইপুছাম’ উৎসৱৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। যিটো বোজাক তামিল ভাষাত ‘কাভাদি’ (Kavadi ) বুলি কোৱা হয়। এই বোজা বা ‘কাভাদি’ অর্ধবৃত্তাকাৰ কাঠ বা তীখাৰ টুকুৰাৰে বেঁকা কৰি ভক্তৰ কান্ধত ভাৰসাম্য ৰক্ষা কৰি আঁৰি দিয়া হয় । ভক্তই লোৱা এই শাৰীৰিক বোজা ময়ূৰৰ পাখি আৰু ফুলেৰে সজাই ভক্তৰ শৰীৰৰ বুকু আৰু পিঠিৰ ছালত বিন্ধি ধাতুৰ হুকেৰে সংলগ্ন কৰা হয়। থাইপুছাম উৎসৱৰ শোভাযাত্ৰাত ভক্তসকলৰ সৈতে মুৰুগানৰ মূৰ্তি কঢ়িয়াই অনা ৩৫০ কিলোগ্রাম ওজনৰ এখন ৰূপৰ ৰথ লৈ যোৱা হয়। শোভাযাত্ৰাৰ শেষত কাষৰীয়া চুংগাই বাটু নদীত (Sungai Batu River) স্নান কৰি ভক্তসকলে মন্দিৰলৈ বুলি বাট লয়। এই বাটু নদীৰ নামেৰে বাটুগুহাসমূহৰ নামকৰণ কৰা হৈছে বুলি ইতিহাসে কয় ৷
কুৱালালামপুৰৰ পৰা বাটুগুহা দৰ্শন কৰিবলৈ যোৱা অন্যতম সহজ উপায় হ’ল চহৰৰ মাজমজিয়াৰ পৰা টেক্সি লৈ যোৱাটো। আমাৰ যাত্ৰাকালত কুৱালালামপুৰৰ পৰা টেক্সিৰে ৩০ মিনিট সময় অতিক্রমি লক্ষ্য স্থানত উপস্থিত হৈছিলোঁ। ভ্ৰমণৰ আগতেই গ্রেব (Grab) এপৰ জৰিয়তে টেক্সি বন্দোৱস্ত কৰি লোৱাটো সুবিধাজনক। তদুপৰি ৰে’ল আৰু বাছেৰে ও বাটুগুহালৈ যোৱাৰ অনেক সুবিধা বিদ্যমান । ভ্রমণপিয়াসী সকলো লোকেই সময়, সুবিধা মিলাই মালয়েছিয়া ভ্ৰমণৰ আঁচনি তৈয়াৰ কৰি বাটুগুহালৈ যাব পাৰে। এই ভ্রমণে মোক দিয়াৰ দৰে আপোনালোককো প্ৰকৃতিৰ আশ্চৰ্যকৰ সুন্দৰতা আৰু বিশালতাই গতানুগতিক জীৱনৰ পৰা আঁতৰাই মন-প্রাণ পুনৰাই সতেজ আৰু সজীৱ কৰি তুলিব। সেয়ে স্মৃতিৰ মণিকোঠত সুন্দৰ সময়বোৰ সাঁচি আনি আনকো বিলোৱাৰ মোৰ এই ক্ষুদ্ৰ প্ৰয়াস।
ফোনঃ ৭০৮৬৮-৮৬৬৪৮
Comments are closed, but trackbacks and pingbacks are open.