অম্বুবাচী মেলা ২০২৬ঃ কামাখ্যা মন্দিৰত প্ৰাৰম্ভিক প্ৰস্তুতি আৰম্ভ

56

উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় সমাৱেশ তথা অসমৰ আধ্যাত্মিক প্ৰাণকেন্দ্ৰ কামাখ্যা ধামৰ বাৰ্ষিক অম্বুবাচী মেলাৰ বাবে উলহ-মালহেৰে প্ৰস্তুতি আৰম্ভ হৈছে। উৎসৱলৈ আৰু মাত্ৰ এটা মাহ বাকী থকা অৱস্থাত নীলাচল পাহাৰত এতিয়া ব্যাপক ব্যস্ততা।

মন্দিৰ পৰিচালনা সমিতিৰ সদস্যসকলে জনোৱা মতে, এইবাৰৰ চাৰিদিনীয়া অম্বুবাচী মেলা অহা ২২ জুনৰ নিশা (অসমীয়া আহাৰ মাহৰ ৭ তাৰিখ) ৰ পৰা আৰম্ভ হ’ব আৰু ২৬ জুনৰ সূৰ্যোদয়ৰ সময়ত ইয়াৰ সামৰণি পৰিব।

মেলাৰ সময়ত হ’বলগীয়া লাখ লাখ ভক্ত, সাধু-সন্যাসী আৰু তীৰ্থযাত্ৰীৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি মন্দিৰ কৰ্তৃপক্ষই কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ সৈতে প্ৰাৰম্ভিক পৰিকল্পনা আৰু আলোচনাত মিলিত হৈছে।

নিৰাপত্তা আৰু নিৰীক্ষণ: ভিৰ নিয়ন্ত্ৰণ, যান-জঁট ব্যৱস্থাপনা আৰু আইন-শৃংখলা অটুট ৰাখিবলৈ মন্দিৰ চৌহদৰ লগতে সমগ্ৰ নীলাচল পাহাৰতে উন্নত মানৰ আধুনিক চিচিটিভি (CCTV) কেমেৰা স্থাপন কৰা হ’ব।

সাধু সন্যাসীৰ আগমন: উৎসৱলৈ এমাহ বাকী থকা অৱস্থাতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা জটাধাৰী সাধু, নাগা সন্ন্যাসী আৰু ভক্তসকল ইতিমধ্যে কামাখ্যা ধামত উপস্থিত হ’বলৈ আৰম্ভ কৰিছে। অনাগত সপ্তাহবোৰত এই সংখ্যা অভূতপূৰ্বভাৱে বৃদ্ধি পাব বুলি আশা কৰা হৈছে।

ভিৰ কমাবলৈ পাণ্ডু ফালৰ পৰা অতিৰিক্ত প্ৰৱেশ পথ-

প্ৰতি বছৰে মেলাৰ সময়ত হোৱা ভক্তৰ অত্যধিক ভিৰ আৰু যান-জঁটৰ সমস্যাক ফলপ্ৰসূভাৱে সমাধান কৰিবলৈ কৰ্তৃপক্ষই এইবাৰ এক বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে । বৰ্তমান ব্যৱহাৰ হৈ থকা “নাৰ্ছাৰী পথ”ৰ উপৰি, এইবাৰ তীৰ্থযাত্ৰীসকলৰ যাতায়াত সূচল কৰাৰ বাবে পাণ্ডুৰ দিশৰ পৰা নতুনকৈ নিৰ্মাণ কৰা অতিৰিক্ত পথটো মুকলি কৰি দিয়া হ’ব। ইয়াৰ ফলত ভক্তসকলে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ মন্দিৰলৈ আহা-যোৱা কৰিব পাৰিব।

কামাখ্যা ধামৰ এই পবিত্ৰ উৎসৱক সমগ্ৰ ভাৰততে “পূবৰ মহাকুম্ভ” বুলি অভিহিত কৰা হয়। দেৱী কামাখ্যাৰ ঋতুচক্ৰৰ সৈতে জড়িত এই মেলাই অসমৰ পৰ্যটন আৰু ধৰ্মীয় সংস্কৃতিক বিশ্ব দৰবাৰত এক সুকীয়া পৰিচয় দি আহিছে। কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে যে বিগত বৰ্ষসমূহৰ দৰে এইবাৰো দেশ-বিদেশৰ তীৰ্থযাত্ৰীৰ সমাগমেৰে অম্বুবাচী মেলা শান্তিপূৰ্ণ আৰু সফলভাৱে সম্পন্ন হ’ব।

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.