কম্বিনেচন স্কিন

21

সুদীপ্তা দত্ত দাস
চৰ্ম ৰোগ বিশেষজ্ঞ, স্বাগত হাস্পতাল

মিশ্রিত ছাল হৈছে ত্বকৰ এটা অতি সাধাৰণ প্ৰকাৰ, য’ত মুখৰ কিছুমান অংশ তেলীয়া আৰু কিছুমান অংশ শুকান হয়। সাধাৰণতে টি-জন (নাক আৰু কপাল) তেলীয়া আৰু চিকচিকিয়া হয়। আনহাতে গাল আৰু অন্যান্য অঞ্চল শুকান বা টান অনুভৱ হয়।

কেনেকৈ চিনাক্ত কৰিব ?

মুখ ধোৱাৰ পিছত ৩০ মিনিট অপেক্ষা কৰক (কোনো প্রডাক্ট নলগাই)।

  1. টি-জোনত চিকচিকিয়া বা তেল ওলায়, কিন্তু গালত টান বা ফ্লেকি অনুভৱ হয়
  2. ব্রেকআউট (পিম্পল) প্ৰায়ে টি-জোনত হয়, আৰু ঋতু অনুসৰি ত্বক সলনি হয় (গ্ৰীষ্মত অধিক তেলীয়া, শীতত অধিক শুকান)।
  3. টি-জোন আৰু আশে-পাশে সৰু সৰু পৰ্ছ দেখা যায়।

পৰামৰ্শিত ট্ৰিটমেন্ট

হাইড্রাফেচিয়েলঃ অতি উত্তম কম্বিনেচন স্কিনৰ বাবে। ইয়াত ক্লিনজিং, এক্সফলিয়েচন, এক্সট্ৰেকচন আৰু হাইড্ৰেচন একেলগে হয়। তেল নিয়ন্ত্ৰণ কৰে আৰু শুকান অংশক মইশ্বৰাইজ কৰে। ৩-৪টা ছেছন (মাহেকীয়া) লওক ।

কোমল মেডি ফেচিয়েলঃ ৩-৪ সপ্তাহৰ মূৰে মূৰে, ত্বকক বেলেঞ্চ কৰে।

হাইড্রেটিং মাস্কঃ সাপ্তাহিক, শুকান অংশক ভাল কৰে।

ছানস্ক্ৰীনঃ প্ৰতিদিনে আৰু প্ৰতি ২-৩ ঘণ্টাত ৰি-এপ্লাই কৰক ৷

পর্যাপ্ত পানীঃ পর্যাপ্ত পানী খোৱা আৰু সুষম খাদ্য। নন-কমেড’জেনিক প্রডাক্ট ব্যৱহাৰ কৰক।

দৈনন্দিন যত্নৰ টিপছ

  • সুষম হাইড্ৰেচন : লাইটৱেট মইশ্বৰাইজাৰ ব্যৱহাৰ কৰক (জেল- বেচড্ টি-জোনত, ক্রীম-বেচড্ গালত)।
  • অতিৰিক্ত তেল নিয়ন্ত্ৰণ কৰক, কিন্তু অ’ভাৰ-ড্রাই নকৰিব।
  • নন-কমেড’জেনিক মানে প্রডাক্ট বাছক।
  • অত্যধিক সুগন্ধি থকা প্রডাক্ট এৰাই চলক।
  • হেভী বা অইলী প্রডাক্ট পৰিহাৰ কৰক ।
  • ৰাতি মেকআপ আঁতৰাই লওক ।
  • নিয়মিত ৰুটিন মানি চলক ।
  • মৌখিক এন্টিঅক্সিডেন্ট (ভিটামিন C, E) লওক।
  • ক্লিনিকেল এক্সফলিয়েচন নিয়মিত কৰক।

এইবোৰ টিপছ মানি চলিলে ত্বক বেলেঞ্চড্ আৰু গ্ল’ইং হ’ব। যদি সমস্যা বেছি হয়, ডার্মাট’লজিষ্টৰ পৰামৰ্শ লওক ।

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.