অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ ৱেলবিয়িং ৰিচাৰ্ছ চেন্টাৰ (Wellbeing Research Centre – University of Oxford), গেলাপ ৱৰ্ল্ড পোল (The Gallup World Poll) আৰু ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়ন সমাধান নেটৱৰ্কৰ (United Nations Sustainable Development Solutions Network) সহযোগত ‘বিশ্ব সুখৰ প্ৰতিবেদন ২০২৬’ (World Happiness Report 2026) প্ৰকাশ কৰা হৈছে। এই প্ৰতিবেদনত ফিনলেণ্ডক (Finland) একেৰাহে নৱমবাৰৰ বাবে বিশ্বৰ আটাইতকৈ সুখী দেশ হিচাপে ঘোষণা কৰা হৈছে।
সুখ নিৰ্ণয়ৰ মাপকাঠি-
এই প্ৰতিবেদনত সুখ জুখিবলৈ ছয়টা মুখ্য সূচক ব্যৱহাৰ কৰা হয়—প্ৰতি ব্যক্তিৰ GDP, সামাজিক সমৰ্থন, স্বাস্থ্যসম্মত জীৱনকাল, জীৱনৰ সিদ্ধান্ত লোৱাৰ স্বাধীনতা, উদাৰতা আৰু দূৰ্নীতিৰ ধাৰণা। এই সকলোবোৰে একেলগে মানুহৰ জীৱনৰ সন্তুষ্টি আৰু সুখৰ মান নিৰ্ধাৰণ কৰে।
শীৰ্ষ দেশসমূহৰ তালিকা-
এইবাৰো ইউৰোপৰ নৰ্ডিক দেশসমূহে তালিকাত আগস্থান দখল কৰিছে। ফিনলেণ্ডৰ (Finland) পিছতেই আছে-
- আইচলেণ্ড(Iceland) – দ্বিতীয়
- ডেনমাৰ্ক(Denmark) – তৃতীয়
- কোষ্টা ৰিকা(Costa Rica) – চতুৰ্থ
- ছুইডেন(Sweden) – পঞ্চম
- নৰৱে(Norway) – ষষ্ঠ
- নেদাৰলেণ্ড(Netherlands) – সপ্তম
- ইজৰাইল(Israel) – অষ্টম
- লাক্সেমবাৰ্গ(Luxembourg) – নবম
- চুইজাৰলেণ্ড(Switzerland) –দশম
এইবাৰৰ এক বিশেষ উল্লেখযোগ্য দিশ হৈছে কোষ্টা ৰিকা (Costa Rica) ৰ উন্নতি, যি চতুৰ্থ স্থান লাভ কৰি লেটিন আমেৰিকাৰ দেশসমূহৰ মাজত সৰ্বোচ্চ স্থান দখল কৰিছে।.
নিম্ন স্থানত থকা দেশসমূহ-
আনহাতে, তালিকাৰ তলৰ ফালে থকা দেশসমূহৰ ভিতৰত আছে আফগানিস্তান (Afghanistan), চিয়েৰা লিয়ন (Sierra Leone), মালাৱি (Malawi), জিম্বাবুৱে (Zimbabwe), বটচোৱানা (Botswana), য়েমেন (Yemen), লেবানন (Lebanon), কংগো গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ (Democratic Republic of the Congo), ইজিপ্ত (Egypt), টানজানিয়া(Tanzania) ইত্যাদি । এই দেশসমূহত ৰাজনৈতিক অস্থিৰতা, দৰিদ্ৰতা আৰু সামাজিক সমস্যা আদি সুখৰ মান কম হোৱাৰ মূল কাৰণ।
ভাৰতৰ ৰেংকঃ এই প্ৰতিবেদনত ভাৰতে ১১৬ নম্বৰ স্থান লাভ কৰিছে, যাৰ জীৱন মূল্যায়ন স্ক’ৰ হৈছে ৪.৫৩৬।
আঞ্চলিক ধাৰা আৰু প্ৰত্যাহ্বান-
প্ৰতিবেদন অনুসাৰে, ইউৰোপৰ নৰ্ডিক দেশসমূহে সদায়ে উন্নত প্ৰদৰ্শন কৰি আহিছে। আনহাতে দক্ষিণ এছিয়া আৰু আফ্ৰিকাৰ দেশসমূহে আৰ্থিক আৰু সামাজিক সমস্যাৰ বাবে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। ইয়াত দৰিদ্ৰতা, বেকাৰত্ব আৰু স্বাস্থ্য সমস্যাই মুখ্য ভূমিকা পালন কৰে।
Comments are closed, but trackbacks and pingbacks are open.