গল্পঃ কলী

46

মলা দিহিঙিয়া হাজৰিকা

‘তাৰ পিছত তাই দৌৰি গৈ ঔটেঙাৰ খোলাটো তুঁহজুই একুৰাত পুৰি পেলালে। আৰু সি এটা থূলন্তৰ পুৰুষ হৈ পৰিল। যি তাইক ভাল পায়। মৰম কৰে। তাইক আলফুলে বুকুত সামৰি ৰাখে।’

সাধুটো পঢ়ি উঠি তাই ইফালে সিফালে চালে। মাকে ওফন্দি থকা পেটটো তাঁতশালৰ টোলোঠাটো আৰু বেঞ্চখনৰ মাজত খাপ খুৱাই বহিবলৈ যত্ন কৰি আছে। তাই নিজৰ সৰু সৰু হাত দুখন থেকা এটা কৰি তাতে খুঁতৰিটো ৰাখি ভাবিলে! ক’ৰবাত আছে নেকি এনেকুৱা খোলা এটা, যিটো জ্বলাই দিলে এই দেউতাকৰূপী মানুহটোৰ ভয়ংকৰ চেহেৰাটো, শৰীৰটো এটা থূলন্তৰ চেহেৰাৰ মানুহ হৈ পৰিব! যি তাইক আৰু মাকক মৰম কৰিব! মাকৰ গালৰ ওখহি থকা হনু দুটাত আলসুৱাকৈ হাত ফুৰাই দিব! তাই চকুহাল মুদি দিলে।

ফুটফুটীয়া ফ্ৰক পিন্ধা ছোৱালী এজনীয়ে মুকলি চোতালখনত জঁপিয়াই ফুৰিছে। মাকে চোতালৰ আনটো মূৰত থকা ভঁৰালটোৰ সন্মুখৰ গোহালিটোতে ধান জাৰি আছে। সৰু পিৰালিটোত বহি দেউতাকে জাকৈ এখনৰ কোণটো সাজি আছে। মাজে মাজে ফুটুকলি ছোৱালীকণৰ কথা কাণ্ড দেখি দুয়ো হাঁহি পেলাইছে। কোনোবা এপাকত মাক দেউতাকহালে চকুত চকু থৈ নিঃ শব্দেই যেন অলেখ কথা পাতিছে! কি কথা পাতে বাৰু মানুহে চকুত চকু থৈ এনেকৈ! তেওঁলোকৰ চকুবোৰত যে তাফুল ফুলে এনেকৈ কথা হ’লে! ওঁঠত জান নেজান কঁপনি এটাও থাকে।

বয়সত সৰু হ’লেও তাই এইবোৰ দেখে। মাকে যে সৰু ককাকৰ ঘৰৰ পৰা খুজি আনি তাই এতিয়াই পঢ়িব নাইহোৱা বুলি কোৱা ডাঙৰ ডাঙৰ কিতাপবোৰ পঢ়ে, সেই কিতাপবোৰত এনেকুৱা কথাই লিখা থাকে। কেতিয়াবা তাই মনে মনে পঢ়ে। অকণমানি ছোৱালীজনীয়ে জপিয়াই থাকোঁতে এপাকত উজুটি খাই পৰে। হাতৰ ডলাখন এৰি মাক ঢপলিয়াই অহাৰ দৰেই ক্ষুৰৰ দৰে ধাৰাল নলীয়া কটাৰীখন এৰি দেউতাকো আহে। তাই মাকৰ কোলাত সোমাই উচুপি উঠোতে দেউতাকে তাইৰ হাতে ভৰিয়ে হাত বুলাই, টপ টপকৈ চুমা দুটামান যাচে । তাইৰ ছাল বাকলি এৰা কিলাকুটিটো চাই মাকৰ চকুহাল চলচলীয়া হয়। দেউতাকে মাকৰ গালত হাতবুলাই কয়, ‘পখিলাৰ মাকজনী ভয় পাদুৰী, চুকত হাগুৰী। আমাৰ পখিলাই এইকণ দুখ পোৱালৈ ভয়েই নকৰে ন পখিলা।’ অকণমানিজনীলৈ চাই চকু পিৰিকিয়াই হাঁহি দিয়ে দেউতাকে। মাকেও চকুহাল মোহাৰি হাঁহি দেউতাকলৈ চাই। সেই হাঁহিত কি থাকে তাই নাজানে কিন্তু মাক দেউতাকে এনেকৈ হাঁহিলে তাইৰ খুউব ভাল লাগে। নাৰ্জী ফুলৰ আগ তিনিটা ছিঙি আনি হাতেৰে পিহি দেউতাকে তাইৰ কিলাকুটিৰ কাষৰ পাতল ৰঙা বিহপানী বিৰিঙি থকা ঠাইকণত লগাই দিয়ে। মাকে আলফুলে হাতৰে ধৰি থাকে। পিৰালিত দেউতাকে কাম কৰি থকা ঠাইকণৰ কাষতে তাইলৈ মূঢ়া এটা পাৰি দি তাইক মাকৰ কোলাৰ পৰা দাংকোলাকৈ আনি বহুৱাই দিয়ে। মাকে খৰধৰকৈ ধানখিনি সামৰি থয়। সিদিনালৈ দেউতাকেও কাঠি কামি সামৰে। তাই জানে এতিয়া মাক দেউতাকহাল অকল তাইক লৈয়েই ব্যস্ত হৈ পৰিব। তাইৰ নিজকে কোনোবা সাধুৰ দেশৰ ৰাজকুঁৱৰী যেন লাগে… ।

-অই কলী, কি কৰি আছ’ তাত বহি? যাহ্, পথাৰত গৰুকেইটাক পানী খুৱাই খুঁটি লৰাই থৈ আহগৈ।

দেউতাকৰ কৰ্কশ মাতযাৰত তাই চকুহাল মেলি থতমত খাই। তাৰমানে তাই অথনিৰে পৰা সপোনহে দেখি আছিল । তাই লাহেকৈ পিৰালিৰ পৰা উঠি পিছফালে পথাৰলৈ বুলি খোজ ল’লে। সপোন যে কি সুন্দৰ! জীৱনটো সঁচাই এনেকুৱাই হোৱা হ’লে! তাইৰ দেউতাকে মাক আৰু তাইক এনেকৈ ৰখা হ’লে!

কোনে ক’লে ভালকৈ থাকিবলৈ এটা ৰাজকাৰেং লাগে!

দেউতাক ৰজা হ’ব লাগে!

তাইৰ সপোনতচোন এটা সৰু বাঁহৰ ঘৰহে আছিল। যাৰ বেৰবোৰ মাকে দুই তিনিবাৰ গোবৰ মাটিৰে লেপি পিছত ৰঙা মাটিৰে ৰঙাকৈ মোহাৰি থৈছিল। য’ত দেউতাক সৰুকৈ গাঁত এটা খান্দি মাকক গোবৰ মাটি ভৰিৰে খচকি কোমলাই দিছিল। ভঁৰাল, গোহালিতো মানুহে বহি ভাত খাব পৰাকৈ চিকুণ কৰি ৰাখিছিল মাকে। ভঁৰালৰ গাধৈত দেউতাকে নাঙল, যুৱলিবোৰ তুলি থৈছিল। পিৰালিত ধুনীয়াকৈ সজাই থৈছিল দেউতাকে বাঁহেৰে সজা নিখুঁত ডলা, চালনী, জাকৈ, জুলুকী, খালৈ আদিবোৰ। সেইবোৰ দেউতাকে বজাৰত বেচিবলৈ নিছিল। ঘূৰি আহোঁতে তাইলৈ তাই ভালপোৱা জেলেপী কিনি আনিছিল। মাকলৈ কেতিয়াবা ৰঙা চোলা এটা নহ’লে গোন্ধতেল এটা আনিছিল। এই যে মাক মাক গোন্ধোৱা তেলটো তাইৰ ইমান প্রিয়।

তাইৰ সপোনৰ লগত মিল থকা বস্তুকেইটা তাই যুকিয়াই চালে। তাইৰ মাকজনী, তাইৰ মাকৰ গোন্ধতেলটো, মাকে মিহিকৈ মোহাৰি থোৱা ঘৰ-দুৱাৰ, মাকৰ আদৰ সাদৰবোৰে তাইৰ মুখলৈ আপোনাআপুনি হাঁহি এটা আনি দিলে।

সুখী মানুহৰ খোজতো সুখবোৰ বনফৰিং একোটা হৈ জঁপিয়াই থাকে। সেয়ে খোজবোৰ চঞ্চল হয়। আৰু চঞ্চল হৈ পৰা খোজবোৰে উজুটি খায়। তায়ো খালে।
: আস্‌!

কোনোবাই গৰু বান্ধিবলৈ পুতি থোৱা খুঁটিটোত উজুটি খাই তাইৰ নখটো আধা উভাল খাই তেজ ওলাবলৈ ধৰিলে। তাই ঠাইতে বহি ভৰিখন চেপি ধৰি দাঁত ওঁঠ কামুৰি চকুহাল মুদি দিলে। বাধাহীন চকুলো দুধাৰ তাইৰ দুগালেৰে বাগৰি আহিল ৷ মাকজনীলৈ বৰকৈ মনত পৰিল তাইৰ । মাকে যে তাইক এইফালে আহিবৰ পৰত কি কৰুণ দৃষ্টিৰে চাইছিল! তাই আজিকালি সব জানে। তাই জানে দেউতাকে এই সময়ত তাইক পথাৰত গৰুক পানী খুৱাই খুঁটি লৰাবলৈ পঠিওৱাৰ কাৰণ। নহ’লে এইবোৰ কাম সদায় মাকেই কৰে। আজি মাক তাঁতশালত আছে। আনদিনা এনেকুৱা সময়ত মাক আৰু তাই পিছফালৰ পিৰালিত পাটি এটা পাৰি শুই শুই কিতাপ পঢ়ি থাকে। নহ’লে মাকে বনোৱা মালপোৱা দুটামান খাই খাই মহুৰা বাটি কথা পাতি থাকে। কিমান যে কথা সুধিবলৈ থাকে তাইৰ! মাকে অকণো আমনি নোপোৱাকৈ তাইক উত্তৰ দিয়ে। তাই কিবা হাঁহিউঠা কথা ক’লে মাক চকুৰ পানী ওলাই যোৱাকৈ হাঁহে। হাঁহিলে মাকক খুউব ধুনীয়া দেখে। মাকৰ গালৰ হনু দুটা তাই কিয় জানো ইমান ধুনীয়া দেখে! তাইৰ মাকৰ লগত থাকি ভাল লাগে। দেউতাক সদায় দিনত ঘৰত নাথাকে। চুমনিতে থাকে দিনৰ দিনটো। কেতিয়াবা ৰাতিও । দেউতাক ঘৰত নাথাকিলেই তাইৰ ভাল লাগে। দেউতাক থাকিলে মাকে বেছি সময় তাইৰ লগত থাকিব নোৱাৰে। তাইৰো মাকক এৰি থাকিবলৈ একেবাৰেই মন নাযায়। এতিয়া তাতে মাকজনীৰ পেটত তাইৰ ভায়েক নহ’লে ভনীয়েক এজনীও আছে।

লাহেকৈ থিয় হ’বলৈ লৈ তাই বিষত কেঁকাই উঠিল। ইমান বিষাইছে। খোজে প্রতি তেজ অকণ বেছিকৈ বিৰিঙিছে। এখোজ দুখোজকৈ গৈ তাই গৰুকেইটা খুঁটিৰ পৰা খুলি ওচৰতে থকা সৰু জানটোলৈ নি পানী খুৱাই আকৌ খুঁটি লৰাই বান্ধি দিলে। তাইৰ খুউব সোনকালে গৈ মাকৰ ওচৰ পাবলৈ মন গ’ল।

কিন্তু তাই এতিয়াই যাওঁ বুলিও যাব নোৱাৰে। য’ত দেউতাক নামৰ ভয়ংকৰ অজগৰটোৱে মাকক গিলিছে এতিয়া । সাধুকথাৰ সেই দুষ্ট অজগৰটো তাইৰ দেউতাক। তাই সব জানে। প্ৰথমবাৰ দেখি মাকক সোধোঁতে মাকে তাইক সাবটি উচুপি উচুপি কান্দিছিল। মাক কান্দিলে তাইৰ ভাল নালাগে। মাকৰ লাহী শৰীৰটো কান্দিলে বাঁহপাত কঁপাদি কঁপে। কিয় জানো তাইৰ ভয় লাগে এনেকৈ কঁপি উঠা মাকক দেখিলে। তাৰ পিছতো দেখিছে তাই দেউতাকে মাকক অজগৰ এটা হৈ মেৰিয়াই ধৰোঁতে। এবাৰ তাইক দেখি মাকে দেউতাকক গঁতিয়াই দিওঁতে মানুহটো কোনোবাখিনিত গৈ কৰ্ফাল খাই পৰিছিলগৈ। তাৰ পিছত লাহেকৈ উঠি মাকৰ পেটত গোৰ এটা মাৰি ওলাই যাওঁতে তাইলৈ কেনেকৈ যে চাইছিল! সেই চাৱনিটো মনত পৰিলে আজিও তাইৰ বুকু কঁপি উঠে।

সেইদিনা গোটেই ৰাতি জ্বৰত কেঁকাইছিল মাকে। পুৱালৈ মাক আৰু তাই শুই থকা বিছনাখন ৰঙা হৈ পৰিছিল। মাকে কৈছিল ‘জ্বৰতে ৰাতি পেচাব ওলাই গ’ল আইতু’। মিছা হাঁহি এটাৰে মাকৰ মাতষাৰ ইমান যে দুৰ্বল আছিল। দুপৰীয়া তাই মাকৰ লগত ছাব চেণ্টাৰলৈ গৈছিল। নাৰ্ছ বাইদেৱে তাইক বাহিৰলৈ পঠিয়াই দিছিল। তেওঁ মাকক বিছনাখনত পেলাই কাপোৰখন সিপাৰে চাওঁতে তাই খিৰিকীৰ সৰু ফুটা এটাৰে জুমি চাইছিল ভিতৰলৈ। মাকে কান্দিছিল। নাৰ্ছ বাইদেৱে কৈছিল, ‘এইবোৰ ৰৌ ৰৌ নৰকত ভুগিব। ভাল মানুহবোৰ মৰে। কিন্তু এনেকুৱা অত্যাচাৰীবোৰক যমেও নিনিয়ে। হুঁ, এইকেইটা সময়মতে খাবি। খোৱা বোৱা ভালকে কৰিবি।’

মাক ওলাই আহিছিল বাইদেউৰ কোঠাৰ পৰা। মাকৰ দুৰ্বল খোজবোৰত লগ দি দি ঘৰ পাইছিলহি দুইজনী । মাকে কণী কেইটামান বইল কৰিছিল। দুইজনীয়ে বিছনাতে পৰি পৰি কণী খাইছিল, কথা পাতিছিল কিন্তু সেইবোৰ কথা অজগৰটোৰ পৰা বহুত দূৰৈত আছিল । সেইদিনাৰ পৰা দুদিনলৈ দেউতাক ঘৰলৈ অহা নাছিল । তাই ভালেই পাইছিল। হয়তো মাকেও!

তাইৰ আঙুলিটোৰ বিষত মূৰটো ঘূৰোৱা যেন লাগি গ’ল। “উফ্! মা!” তাই চকুহাল জপাই পথাৰৰ মাজৰ ঢিপটোত থকা গছজোপাৰ গুৰিতে বহি দিলে। ওচৰতে থকা দোৰোণ বনৰ আগ তিনিটা হাতেৰে পিহি আলফুলে নখটোৰ ওপৰত দি দিলে। চেকচেকনি এটাই তাইৰ মূৰত ধৰিলগৈ তথাপিও তাই স্থিৰ হৈ বহি থাকিল। থাকিবই লাগিব। কাৰণ দেউতাকে আলফুলে ৰখা পখিলা নামৰ ৰাজকুঁৱৰী এজনীতো তাই নহয়! তাই কলী ! তাইক দৰব লগাই দিবলৈ দেউতাক নাহে। আনকি এতিয়া মাকো আহিব নোৱাৰে। তাই দুখ পালে মাকে উচুপি উঠে ঠিক সপোনৰ দৰেই। কিন্তু মাকে উচুপি উঠিলে তাইৰ দেউতাকে ফুচুলোৱাৰ কথাই নাথাকে। তাইৰ দেউতাকে মাকৰ চকুলৈ চাই নাহাঁহে। তাইৰ মৰমৰ মাকজনীয়েও দেউতাকৰ চকুলৈ চাব নোৱাৰে। উফ! তাইৰ মাকজনী !

: কলীঈঈঈ!

দেউতাকৰ হুটা মাতটো তাইৰ কাণত পৰিল। তাৰ মানে অজগৰৰ ভোক মৰিল! তাই আজিকালি সব বুজে। তাই দুপিয়াই দুপিয়াই ঘৰলৈ খোজ ল’লে। তাইক তেনেকৈ অহা দেখি সেই একেটা হুটা মাততে তেওঁ গৰজি উঠিল,

-কি হ’ল! এই সৰু কামটো কৰিবলৈ গৈ লেঙেৰাই আহিছ’ যে! মৰি নাথাক কিয়! গলগ্রহ এইসব...

কোনোবাই এনেকৈ ক’লে কি ক’ব লাগে তাই নাজানে। সেয়ে মনে মনে পিৰালিত বহি তাই দেউতাকলৈ চালে। সময়ত দেউতাকৰ হাতত থকা নগা দাখন বাঁহডালৰ ওপৰত খচৰ খঁচৰকৈ চলিছিল। এই যে বাঁহডাল ক’ৰবাত ঘঁহনি খালে হোৱা শব্দটো! এই শব্দটোত তাইৰ দাঁত মুখ সিৰসিৰাই যায়। কিবা এক অস্থিৰতাত তাই চটফটাই উঠে। সেই একেই অস্থিৰতা তাইৰ দেউতাক ঘৰত থকা ৰাতিবোৰত তাই অকলে শুই থাকিলে হয়। যেন এই মুহূর্ততে তাই সব ভাঙি ছিঙি মষিমূৰ কৰি পেলাব! মাকক নিজৰ কাষলৈ লৈ আহিব দেউতাকৰ অদ্ভুত গেঁথনিবোৰৰ মাজৰ পৰা!

মাক আহি তাইৰ নিচেই কাষত ৰ’লহি। মাকৰ চকুহাল ৰঙা। চুলিবোৰ বিশৃংখল। বুকুৰ চাদৰখন টানি তেওঁ ওফন্দি থকা পেটটো ঢাকি কোনোমতে তলত বহি তাইৰ আধা উভাল খোৱা নখটো দেখি চিকচিকাই উঠিল। অদ্ভুত কঁপনি এটাত দুলি থকা হাতখনেৰে ধৰি তেওঁ তাইক ভিতৰলৈ লৈ আহিল ৷ আঙুলিটো চাফা কৰি দৰৱ অকণ লগাই মাকে তাইক বুকুত সাবটি ল’লে। তাইৰ উশাহ-নিশাহ বন্ধ হৈ যোৱাৰ উপক্ৰম হ’ল। এইটো মাকৰ গোন্ধ নহয়! তাই মাকক লাহেকৈ নিজৰ পৰা ঠেলি আঁতৰাই দিলে। মাকে অবুজ চাৱনিৰে তাইলৈ চালে। মাকে কপালৰ সোঁমাজতে ঘূৰণীয়াকৈ লোৱা ফোঁটটো বেঁকা হৈ আছে। তায়ো এপলকৰ বাবে মাকৰ চকুলৈ চাই ইফালে মুখ কৰি শুই থাকিল। উফ্! দুয়োজনীৰ চকুত কি এক আচৰিত কাতৰতা !

: উঠ আইতু, সাজ লাগিও ভাগিবৰ হ’ল। বিষটো কমিছেনে অলপ ?

মাকৰ মাতত তাই সাৰ পালে ৷ দেউতাক যে ঘৰত নাই সেই কথা তাই মাকৰ মাতষাৰ শুনিয়েই বুজি পালে। তেওঁ যে এতিয়া কেইবাদিনলৈও নাহে সেই কথাও গম পালে ৷ মনটো কিবা মুকলি লাগি গ’ল তাইৰ।

কিন্তু লগে লগেই বিষত তাইৰ দাঁতকেইটা কিৰকিৰাই উঠিল। কোনোমতে চকুহাল মেলি তাই মাকলৈ চালে। মাকৰ কপালৰ ফোঁটটো ঘূৰণীয়া হৈ আছে। কাপোৰসাজো পৰিপাটীকৈ পিন্ধি আছে। মাকে তাইৰ আঙুলিটোত নাৰ্ছ বাইদেউৰ পৰা অনা মলমটো লগাই দিছে। মাক মাক লগা ফুৰফুৰীয়া গোন্ধটোত তাইৰ নিজকে সপোনৰ ৰাজকুঁৱৰীজনী যেনেই অনুভৱ হৈছে।

কিয় জানো! তাই দেউতাকৰ ঠাইত আজি অন্য এজন মানুহক থিয় কৰাই চাবলৈ মন গৈছে। যিজনে তাইক মাকে মতাৰ দৰেই আইতু বুলি মাতিব। যিজনে তাইৰ প্ৰতিটো খবৰ ৰাখিব । মাকৰ খবৰ ৰাখিব। মাকক মৰম কৰিব। কিতাপত থকা দেউতাকবোৰৰ দৰে মাকৰ ওফন্দি থকা পেটটোত হাত থৈ মৰম কৰিব, কাণ থৈ কথা পাতিব। মাকেও গালৰ হনু দুটা জিলিকি উঠাকৈ হাঁহিব। মাকৰ চকুত তাফুল ফুলিব।
উফ্!

আৰু! আৰু যাৰ ওচৰত আইতু ৰাজকুঁৱৰী পখিলা হৈ ফুটফুটীয়া ফ্ৰক এটা পিন্ধি চোতালত ঘৰচিৰিকাৰ দৰে জঁপিয়াই ফুৰিব । আকৌ সপোন এটাৰ আশাত তাই চকুহাল জপাই দিলে ।

ফোন : ৯৯৫৪৪-১৯৮৭১

You might also like

Comments are closed, but trackbacks and pingbacks are open.