বৰ্ণালী এছ. ডেকা
শিল্পী আৰু সৃষ্টি— এই দুটা শব্দ একেলগে আহিলে মনত উদয় হয় এক গভীৰ সম্পৰ্কৰ কথা । শিল্পীৰ অবিহনে সৃষ্টি নাই, আৰু সৃষ্টিৰ জৰিয়তেহে শিল্পী অমৰ হৈ ৰয়। শিল্পী এজন সৃষ্টিয়ে আমাক চিন্তা কৰাই, অনুভৱ কৰাই আৰু নতুন দৃষ্টিভংগী দিয়ে। শিল্পীৰ সৃষ্টি কেৱল ব্যক্তিগত নহয়, ই সমাজৰ প্ৰতিছবি। সঁচা শিল্পীৰ সৃষ্টিয়ে সময়ৰ সীমা অতিক্ৰম কৰি যুগ যুগ ধৰি জীয়াই থাকে ।
বৰ্তমান অসমৰ শিল্প আৰু নাট্যজগতত নুৰুদ্দিন আহমেদৰ নামৰ সন্দৰ্ভত অৱগত নোহোৱা মানুহ নিশ্চয় নোলাব। কলা নিৰ্দেশক হিচাপে নুৰুদ্দিন আহমেদৰ যশস্যা এতিয়া সমগ্ৰ বিশ্বজুৰি। ১৯৫৮ চনৰ জানুৱাৰী মাহত নলবাৰী জিলাত জন্ম গ্ৰহণ কৰা নুৰুদ্দিন আহমেদে দৈন্য নেওচি নিজৰ একাগ্ৰতা, সাধনাৰ জৰিয়তে আজিৰ এই পৰ্যায়ত উপনীত হৈছেহি।
তেওঁৰ সৃষ্টি, সাংস্কৃতিক মনুবীক্ষণ, দূৰদৰ্শী চিন্তাধাৰাই তেওঁক শ্ৰেষ্ঠ প্ৰতিপন্ন কৰে। শিশু অৱস্থাৰে পৰ ৰং-তুলিকাৰে একাত্ম হৈ জীৱন গঢ়া আহমেদৰ বৰ্ণিল গুণৰাজি তেওঁৰ সৃজনীশীল মানসিকতাৰ মাজতে প্রকাশ পাইছে। নলবাৰী জিলাৰ ভিতৰুৱা গাঁও এখনত এক সাধাৰণ কৃষক পৰিয়ালত জন্ম হৈছিল নুৰুদিন আহমেদৰ । মাতৃ নাম নুচুৰণ বেগম আৰু পিতৃৰ নাম মহম্মদ লকি আলী আছিল। অতি দৰিদ্ৰ পৰিয়ালত জন্মগ্রহণ কৰা আহমেদে সেই অঞ্চলৰ গোৱৰাদল প্রাথমিক বিদ্যালয়ত পঢ়িবলৈ লয়, তাৰ পাছত শিয়ালমাৰীৰ বালি হাইস্কুলত নামভৰ্তি কৰি আগুৱাই যায়।
সপ্তম শ্ৰেণীত পঢ়ি থাকোঁতেই বার্ষিক অধিৱেশনত তেওঁ নাটক লিখিবলৈ আৰম্ভ কৰিলে। দৈন্যই কোঙা কৰা জীৱনৰ ৰূঢ় বাস্তৱৰ অভিজ্ঞতাৰে লিখি উলিয়ালে ‘এটুকুৰা ৰুটী’ শীর্ষক নাটখন। অভূতপূৰ্ব সঁহাৰি লাভ কৰিলে। পেটত ভোক লৈ জীৱন সংগ্ৰামত হাৰ নমনা আহমেদে সৰুৰ পৰাই ৰং-তুলিকাৰ পৃথিৱীখনত নিজকে বিচাৰি পাইছিল, বিচাৰি চাইছিল। সেয়াই আৰম্ভণি আছিল। নাটকৰ কলা নিৰ্দেশক হিচাপেও তেওঁ কাম কৰিবলৈ আৰম্ভ কৰে বাল্যকালৰ পৰাই। সংগ্রামক অতিক্ৰম কৰি সাংস্কৃতিক পৃথিৱীখনত তেওঁৰ এই যাত্ৰাই ৫০ বছৰ সম্পূৰ্ণ কৰিলে।
প্রতিদিনে নৱ সৃষ্টিৰ উন্মাদনাৰে উত্তৰসুৰীক নতুন দিগন্তৰ বাট দেখুওৱা এইজন কলা নির্দেশক, ভাস্কর্য শিল্পীৰ লগত হোৱা কথোপকথন এইবাৰ আইনাৰ আলাপ শিতানত আগবঢ়ালোঁ।
নুৰুদ্দিন আহমেদৰ এই যাত্ৰা কেতিয়া আৰম্ভ হৈছিল ?
কৈশোৰ কালৰ অৰ্থাৎ প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকাৰ পৰাই শিল্প কৰ্মৰ প্ৰতি মোৰ স্পৃহা বাঢ়িছিল। বাল্যাৱস্থাত মোৰ ডাঙৰ ককাইদেউৰ কান্ধত উঠি ‘নটৰাজ থিয়েটাৰ’ চাবলৈ যাওঁতে গুৰুজী আদ্য শৰ্মাদেৱৰ কলা নিৰ্দেশনাৰ কৰ্ম দেখি মই এই কৰ্মৰ প্ৰতি অনুপ্রাণিত হৈছিলোঁ। সেয়ে পঞ্চম মান শ্ৰেণীত থাকোঁতেই ছবি আঁকা কাগজত ষ্টেনচিল কাটি কাটি পেট’মাক্স লাইচৰ এফালে তামোলৰ ঢকুৱাৰে ঢাকি বাকী পোহৰৰ অংশৰে নেম কাষ্টিং কৰিছিলোঁ। সেই আনন্দৰ সোৱাদ পাই পিছত সপ্তমমান শ্ৰেণীত থাকোঁতে ‘এটুকুৰা ৰুটীৰ বাবে’ বুলি কাহিনী লিখি শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক লৈ বিদ্যালয় সপ্তাহত নাটক কৰিছিলোঁ।
কিয় মুম্বাইৰ জে. জে. কলেজৰ পৰা শিক্ষা আধাতে সামৰি উভতি আহিব লগা হৈছিল আপুনি?
মোৰ কৰ্মত আকৰ্ষিত হৈ কেইবাজনো বিজ্ঞ লোকে মোক বোম্বেৰ জে. জে. কলেজ অফ আৰ্টত পঢ়িবলৈ পৰামৰ্শ দিলে। সেই মতে মই নামভৰ্তিও কৰিলোঁ। কিন্তু তেতিয়া নলবাৰীৰ পৰা বহু দূৰণি বোম্বে চহৰত থাকি, খাই পঢ়োঁতে মোৰ আর্থিক পৰিস্থিতিৰ বাবে চিন্তনীয় হৈ পৰিছিলোঁ। তদুপৰি সেই সময়ত ইছলামীয় ধর্মমতে মূৰ্তিৰ কাম (ভাস্কৰ্য) আমি কৰিব নাপায় বুলি ঘৰৰ পৰা বাবাহঁতে বাধা দিছিল ।
আপুনি ভ্রাম্যমাণ থিয়েটাৰ, ছবি জগতৰ লগতে শিল্প সৃষ্টিৰ বিভিন্ন কৰ্মৰ লগতো জড়িত হৈ আছে। শ্ৰীমন্ত শংকৰদেৱৰ কলাক্ষেত্ৰত থকা মূৰ্তিসমূহৰ প্ৰায়ভাগ মূৰ্তিৰ কামেই আপুনি কৰিছে। ভ্রাম্যমাণ থিয়েটাৰৰ অভিজ্ঞতা সম্পৰ্কে অলপ জনাব নেকি ?
১৯৭৫ চনৰ পৰা উত্তৰ লখিমপুৰত থাকোঁতে বিখ্যাত নাট্যকাৰ আলি হাইদৰৰ নাট ‘ধুমুহা পখীৰ নীড়’ত কলা নিৰ্দেশনাৰ কাম প্ৰথমবাৰলৈ কৰি পিছলৈ থমকি নোৰোৱাকৈ বিভিন্ন নাট, ৰাস আদিত সাংস্কৃতিক কর্মত জড়িত হ’লোঁ। ১৯৭৯ চনত শ্ৰদ্ধাৰ মঞ্জুলা হাজৰিকা আৰু আভা হাজৰিকাৰ পৰিচালনাত অসম চৰকাৰৰ প্রযোজনাত ‘ভুল’ নামৰ ডকুমেণ্টীৰত কাম কৰি একে বছৰতে ‘অসমী থিয়েটাৰ’ত প্ৰথমবাৰলৈ কলা নিৰ্দেশনাৰ কাম কৰিছিলোঁ। ক্ৰমান্বয়ে নিপ বৰুৱাৰ পৰিচালনাত পূর্ণদৈৰ্ঘ্যৰ বঙালী কথাছবি ‘দাদু নাতি আৰু হাতী’ত সহঃ কলা নিৰ্দেশকৰ কাম কৰি পিছত নতুন দিল্লীৰ গাড়ী ষ্টুডিঅ’ত তেতিয়াৰ শিক্ষক চবিন ৰাজখোৱাৰ সৈতে ভাস্কর্য শিল্পৰ আধুনিক কলা-কৌশল আৰু আধুনিক পুতলা নাচৰ প্ৰশিক্ষণ লৈছিলোঁ। তাৰ পৰা উভতি আহি ইন্দ্ৰধনু থিয়েটাৰত কলা নিৰ্দেশনাৰ কাম কৰিলোঁ। ড° ভবেন শইকীয়া ছাৰৰ অগ্নিস্নান কথাছবিত কলা নিৰ্দেশনাৰ পিছত কৃষ্ণ ৰয় দাদাৰ আৱাহন থিয়েটাৰ, ভাগ্যদেৱী, বৰদৈচিলা, ৰূপালীম, প্ৰাগজ্যোতিষ, কহিনুৰকে আদি কৰি ৩৮ বছৰ থিয়টোৰ কাম কৰাৰ উপৰি ড° ভবেন শইকীয়া ছাৰৰ সন্ধ্যাৰাগৰ বাবে বাকী আটাইকেইখন চিনেমা আৰু মুনিন বৰুৱা, শিৱপ্ৰসাদ ঠাকুৰ, দ্বাৰা আহমেদ, জাহ্নু বৰুৱা, নিপ বৰুৱা, দ্বিবন বৰুৱা, মঞ্জু বৰা, মুন্না আহমেদ, চন্দ্ৰ মুদৈ, বিশ্বজিৎ বৰা, অৰূপ বৰঠাকুৰ এছ. এন. মজিদ আদিৰ পৰিচালনাত বৰ্তমানলৈ এশৰো অধিক কথাছবি, ১৫০খন টিভি ছিৰিয়েল, ১১০খন টেলিফিল্মমত কলা নিৰ্দেশনাৰ কাম কৰিছোঁ। বৰ্তমানলৈ ৬০০০ৰো অধিক নাটকত কলা নিৰ্দেশনাৰ কাম কৰিছোঁ। ইয়াৰ উপৰি অসমৰ বিভিন্ন ঠাইত শিল্প ভাস্কৰ্যৰ কাম কৰিছোঁ। ভ্ৰাম্যমাণত কাম কৰাত বহুত কষ্ট হ’লেও দর্শকে যেতিয়া আমাৰ কাম চাই প্ৰশংসা কৰে, তেতিয়া কষ্টৰ সাৰ্থকতা লাভ কৰা যেন লাগে। বিশেষ নাট হিচাপে আৱাহন থিয়েটাৰত ড° ভবেন শইকীয়া ছাৰৰ সমুদ্র মন্থন নামৰ নাটৰ মঞ্চসজ্জাৰ কাম দেখি আঁৰ কাপোৰ উঠাৰ লগে লগে দৰ্শকে চিঞৰি উঠি জাউৰি জাউৰি হাতচাপৰি বজোৱাত সময়মতে ভাতপানী নোখোৱা, নোশোৱাকৈ থকা কষ্টবোৰ পাহৰি যাওঁ । তেনে আৰু বহুত নাটক আছে।
সম্পূৰ্ণ নিজৰ খৰচত সুউচ্চ পূৰ্ণাংগ প্রতিমূর্তি নির্মাণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে লুইতকণ্ঠ জুবিন গাৰ্গক। এই অভিজ্ঞতা কেনেকুৱা ।
জীৱিত অৱস্থাত প্ৰতিভাৰে কৃতিত্ব লাভ কৰাটো সাধাৰণতে বহু কম লোকৰ থাকে। বিশ্ব পৰিচিত অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গে জীৱিত কালতকৈ তেওঁৰ মৃত্যুৰ পিছতো বিশ্ববিখ্যাত হৈ পৰিল। তেনে এজন শিল্পীৰ পুনৰ জন্মৰ কথা নাজানো। মই কলাশিল্পী যদিও তেওঁৰ সংগীত শিল্পীৰ পুনৰ জন্মৰ কথা নাজানো । মই কলাশিল্পী যদিও তেওঁৰ সংগীত শিল্পীৰ মৰ্যাদা বুজি পাওঁ । সেয়ে তেওঁৰ অকাল বিয়োগত নিজে সান্ত্বনা লভিবলৈ মোৰ পুত্রদ্বয় ৰাজ, দীপ আৰু পত্নী জুনু ৰাজখোৱাৰ সহযোগত ১০ ফুট উচ্চতাৰে সম্পূৰ্ণ নিজৰ খৰচত ১৮ দিনৰ ভিতৰত পূৰ্ণাংগ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি বৃহত্তৰ কাহিলিপাৰাবাসীৰ সহযোগত শ্রদ্ধাঞ্জলি জনোৱা হয়। ৰাইজৰ সঁহাৰি দেখি মই বৰ শান্তি পাইছোঁ। জুবিন সকলোৰে বাবে অমৰ
হওক তাৰে কামনা কৰিলোঁ।
প্ৰখ্যাত ছবি পৰিচালক জেমছ কেমেৰুনে নিৰ্মাণ কৰিছিল টাইটানিক চিনেমা। অসমৰ জেমছ কেমেৰুন নুৰুদ্দিন আহমেদৰ হাতৰ পৰশত ভ্ৰাম্য মাণৰ মঞ্চত চলিছিল আৰ এম এছ টাইটানিক। সাংঘাতিক জনপ্রিয় সেই কলা-কৌশল। ইয়াৰ আঁৰত যথেষ্ট কষ্ট লুকাই আছে। কিদৰে সম্পন্ন কৰিছিল সেই কৰ্ম আমাৰ পাঠক সমাজক অলপ জনাব নেকি?
হয়। প্রখ্যাত পৰিচালক জেমছ কেমেৰুনে টাইটানিক চিনেমা কৰা আৰু টাইটানিক
জাহাজক এখন মঞ্চত মঞ্চস্থ কৰোৱাৰ মাজত বহুত পার্থক্য আছে। কাৰণ চিনেমাত কাম কৰি নিজৰ অভিজ্ঞতাৰে ক’ব পাৰোঁ যে চিনেমাৰ দৃশ্য বোৰ ভাল নালাগিলে কাটি কাটি দৃশ্যগ্ৰহণ কৰি সম্পাদনাও কৰা হয়। কিন্তু ভ্ৰাম্যমাণত ভাল হওক, বেয়া হওক দৰ্শকৰ সন্মুখত জীৱন্ত ৰূপত মঞ্চস্থ কৰা হয়। এইক্ষেত্ৰত গুৰুজী আদ্য শৰ্মাৰ পৰা যিখিনি জ্ঞান লাভ কৰিছিলোঁ, তাৰে আধাৰত টাইটানিক জাহাজ মঞ্চত সাগৰত চলাই, ডুব যোৱা দৃশ্যবোৰ আমাৰ বাবে প্ৰত্যাহ্বানৰ কাম আছিল।
সংগীতৰ কোনো সীমা নাই, তেনেদৰে কলাৰো কোনো ধৰ্ম নাই। এগৰাকী মুছলমান ধর্ম ব্যক্তি হয়ো, প্রবীণ শিল্পীজন মুখকলা আৰু মুখা নির্মাণ, নাটক, ভ্রাম্যমাণ থিয়েটাৰ, ভাওনা, পুতলা নাচ, দুর্গা পূজা মূৰ্তি, আদিৰ সৈতেও জড়িত। সৃজনশীল গুণেৰে এক বিৰল ব্য ক্তিত্বৰ অধিকাৰী অসমৰ এগৰাকী সু-সন্তান হ’ল বিশিষ্ট ভাস্কর্যশিল্পী নুৰুদ্দিন আহমেদ। এই পর্যায় পাবলৈ যথেষ্ট কষ্ট, ত্যাগ স্বীকাৰ কৰিব লগীয়া নিশ্চয় হৈছে। আপোনাৰ এই জগতখনত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত অনুপ্ৰেৰণা উৎস কি আছিল বাৰু।
কথা এষাৰ আছে যে সাধনাত সিদ্ধি লাভ হয়’। এই বাক্যশাৰীকে সাৰোগত কৰি আগ্ৰহীমনৰ আশাবোৰ পূৰণ কৰিবলৈ মই বহুতো কষ্ট স্বীকাৰ কৰি আৰ্থিকভাৱে ত্যাগ কৰিব লগাও হয়। শ্ৰদ্ধাৰে কৰা কামবোৰৰ বাবে হয়তো সংগীত নাটক একাডেমীৰ পুৰস্কাৰ লাভ কৰি আৰু কেৱল বাঁহেৰে নিৰ্মিত এশ এক ফুট উচ্চতাৰ দুৰ্গাৰ প্ৰতিমাত লিমকা বুক অৱ ৰেকৰ্ডছ স্থান লাভ কৰিছোঁ। দিল্লীৰ গণৰাজ্য দিৱসত মুখা ভাওনাৰে প্ৰতীকপট প্ৰদৰ্শন কৰাই ভাৰতৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰা হয়। এই সকলো কৰ্মৰ আৰম্ভণিতে উৎসাহ যোগোৱাসকলৰ ভিতৰত বিশেষকৈ চিনেমা জগতত প্রথম মঞ্জুলা হাজৰিকা বাইদেউ, পুতলা নাচত চবিন ৰাজখোৱা দাদা, আৰু নাটকত আলি হাইদৰ দাদা আৰু মোৰ ককাইদেউ দুজনলৈ কৃতজ্ঞতা জনাইছোঁ। লগতে সকলো কর্মতে সহযোগ কৰা মোৰ পত্নী জুনু ৰাজখোৱাক ধন্যবাদ জনাবই লাগিব। যদিও মোৰ ককাই, বাবাহঁতে প্রথমতে মূর্তি বা ভাস্কর্য নির্মাণ কৰিব নাপায় বুলি কৈছিল, পিছলৈ বিভিন্ন কৰ্মৰে মই বুজিব পাৰিছিলোঁ যে শিল্পীৰ বাবে কোনো জাতি, ধর্ম নাই। সেয়ে বৰ্তমানলৈ মই কৰি অহা ভিন্ন শিল্প কর্ম যেনে— নামঘৰ, ভাওনা, বিষ্ণুযজ্ঞ, দুর্গা পূজা ইত্যাদি গুৰুজনাৰ আৱিৰ্ভাৱৰ স্থান বৰ্তমানৰ বৰদোৱা থানৰ সুউচ্চ গুৰু আসনকে ধৰি শিল্প কৰ্মবোৰ, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মূল তোৰণকে আদি কৰি অন্যান্য শিল্প কর্ম, নাৰায়ণপুৰৰ মাধৱদেৱ কলাক্ষেত্ৰৰ কামত মোক সকলোৱে উদগনি যোগায়।
চিত্রকলা, ভাস্কর্যশিল্প আদিৰ প্ৰতি বহুতৰে ৰাপ থাকে যদিও ইয়াক পেছা হিচাপে গ্ৰহণ কৰিবলৈ সংকোচ কৰে। ইয়াক পেছা হিচাপে গ্ৰহণ কৰিব পাৰিনে ?
এশ শতাংশই পাৰি। কিন্তু আগ্ৰহৰ লগতে নিষ্ঠাৰে, ধৈৰ্য আৰু একাগ্ৰতাৰে কাম কৰিব লাগিব। বৰ্তমানলৈ আমাৰ অধীনত ৪০টা পৰিয়াল সুন্দৰভাৱে এই কৰ্মৰ জৰিয়তে চলি আছে।
আপোনাৰ কৰ্মৰ তালিকাখন যথেষ্ট দীঘলীয়া। মোৰ এই চুটি সাক্ষাৎকাৰত শেষ নহয়। আপোনাৰ এই কৰ্মজীৱনে ৫০টা বছৰ অতিক্ৰম কৰিলে৷ ইমান এটা দীঘলীয়া পৰিক্ৰমা সঁচাকৈ আপোনাৰ এই সৃষ্টিশীল মনটোক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ । শিল্পী জীৱনৰ এই সুদীর্ঘ যাত্ৰাত প্রতিভা, কল্পনা আৰু দক্ষতাৰ স্বীকৃতি ৰূপে আপুনি বহুবাৰ সন্মানিত হৈছে। তথাপিও জীৱনত কোনোবাখিনিত নোপোৱা বেদনা অনুভৱ কৰে নেকি?
যেতিয়াৰ পৰা এই কৰ্মক্ষেত্ৰত ভৰি দিলোঁ, তেতিয়াৰ পৰাই মোৰ এটাই উদ্দেশ্য যে দায়িত্ব ল’লে নিষ্ঠাৰে পালন কৰিব লাগে। ফলাফলবোৰ পিছত। ৰাইজৰ আশীৰ্বাদত বহুত কষ্ট আৰু ত্যাগৰ মাজতো মোৰ কৰ্মত সন্তুষ্টি লাভ কৰোঁ। সেয়ে অসমৰ সন্তান হিচাপে ধৰ্মনিৰপেক্ষভাৱে, অসমীয়াৰ পৰম্পৰাগত শিল্প- সংস্কৃতি, হেৰাই যাব ধৰা মঠ-মন্দিৰ, অসমীয়া চহা গ্রাম্যজীৱনৰ চানেকিবোৰ আমাৰ পিছৰ প্ৰজন্মই জানিব, শিকিব, বুজিব পৰাকৈ সংৰক্ষিত কৰি ৰাখিবলৈ চৰকাৰে যদি মোক অকণমাম ঠাই দিয়ে, নিশ্চয় সুখী হ’ম। এইখিনিয়েই মই চৰকাৰৰ পৰা
আশা কৰিছোঁ
আপোনাৰ জীৱনৰ আটাইতকৈ স্মৰণীয় কৰ্মৰাজি কথা যদি সোধোঁ, তেন্তে কি মনত পেলাবলৈ ভাল পাব ?
যদিও মই শৈশৱৰ পৰাই কাম কৰি আহি আজি এই পৰ্যায়ত উপনীত হৈছোঁহি, আপোনাৰ প্রশ্নোত্তৰত মই ক’বলৈ ভাল পাম ২০০৩ চনৰ কথা। ২০০১-২০০৩ চনলৈ দিল্লীত গণৰাজ্য দিৱসত অসমৰ পৰা প্ৰতীকপট নিৰ্মাণৰ দায়িত্ব চৰকাৰে আমাক দিছিল। প্রতিবছৰে বিভিন্ন বিষয়ৰে দিল্লীৰ পাৰ্লিয়ামেণ্ট হাউছৰ পৰা ইণ্ডিয়া গেটলৈ প্রতীকপট নিৰ্মাণ কৰি ৰাজপথত কোটি কোটি জনতা আগত প্ৰদৰ্শন কৰিছিলোঁ। 2003 চনত আমাৰ বিষয় আছিল অসমৰ ‘মুখা শিল্প’। আমি মুখা ভাওনাৰ প্রতীকপট নিৰ্মাণ কৰি প্ৰদৰ্শন কৰোঁতে লাখ লাখ দৰ্শকৰ সঁহাৰি পাই ২৮ জানুৱাৰীত ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠান প্রদর্শন কৰিবলৈ অসম নিৰ্বাচিত হৈছিল। কটকটীয়া নিৰাপত্তাৰ মাজত আমাৰ অনুষ্ঠান আৰম্ভ হ’ল। কিন্তু হঠাতে মহামান্য ৰাষ্ট্ৰপতি এপিজে আব্দুল কালামে তেখেতৰ আসনৰ পৰা উঠি আহি অসমৰ প্রতীকপট নিৰ্মাণ কৰা শিল্পীজনক বিচৰাত মই তেখেতৰ আগলৈ গ’লোঁ । তেতিয়া তেখেতে উঠি আহি মোৰ হাতত ধৰি নি নিজৰ আসনৰ কাষত থকা আসনত বহিবলৈ দিলে। সকলোৱে অবাক হৈ ৰ’ল। সকলোতকৈ আমাৰ অনুষ্ঠানটো বেছি ভাল পাই মোক প্ৰশংসা কৰাত মই সৰগখন ঢুকি পোৱা যেন লাগিছিল। বিভিন্নজনে বিভিন্ন কামৰ বাবে ৰাষ্ট্ৰপতিৰ পৰা বঁটা গ্ৰহণ কৰিব পাৰে । ময়ো ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ্ৰৰ পৰা বঁটা গ্ৰহণ কৰিছোঁ যদিও ৰাষ্ট্ৰপতি কালামদেৱৰ কাষত একেশাৰীত বহিবলৈ পোৱাটো মোৰ বাবে অতি গৌৰৱৰ কথা আৰু সৌভাগ্যৰ কথা বুলি অনুভৱ কৰোঁ।
ফোন : ৯৮৬৪৪-২২৪২৮
Comments are closed, but trackbacks and pingbacks are open.