আজিৰ ডিজিটেল যুগত মোবাইল ফোন শিশুৰ জীৱনৰ এক অবিচ্ছেদ্য অংশ হৈ পৰিছে৷ কাৰণ ই শিক্ষাৰ ক্ষেত্ৰতো কিছুমান সুবিধা আগবঢ়ায়৷ তথাপিও, অধিক মোবাইল ব্যৱহাৰে শিশুৰ মানসিক, শাৰীৰিক আৰু সামাজিক বিকাশত নেতিবাচক প্ৰভাৱ পেলাব পাৰে৷ সেয়ে সময় থাকোঁতেই শিশুক মোবাইলৰ পৰা আঁতৰাই ৰাখিবলৈ সঠিক পদক্ষেপ লোৱাটো অতি প্ৰয়োজনীয়৷
এইক্ষেত্ৰত, শিশুৰ পঢ়াৰ অভ্যাস গঢ়ি তোলাটো অতি ফলপ্ৰসূ উপায়৷ বয়স অনুযায়ী বিভিন্ন কাহিনী পুথি, জ্ঞানমূলক পুথি, ছবি অঁকা আদি কামত শিশুক ব্যস্ত ৰাখিলে সিহঁতে স্বাভাৱিকতে মোবাইলৰ সলনি পুথিৰ প্ৰতি আগ্ৰহী হয়৷ নিয়মিত পঢ়াৰ সময় নিৰ্ধাৰণ কৰিলে এই অভ্যাস ধীৰে ধীৰে দৈনন্দিন জীৱনৰ অংশ হৈ পৰে৷ লগতে, অভিভাৱকে একেলগে পঢ়িলে শিশুৰ আগ্ৰহ আৰু আত্মবিশ্বাস দুয়োটাই বৃদ্ধি পায়৷
বাহিৰৰ খেল আৰু শাৰীৰিক কাৰ্যকলাপত শিশুক উৎসাহিত কৰা উচিত৷ ক্ৰিকেট খেল, ফুটবল, চাইকেল চলোৱা আদিত ব্যস্ত থাকিলে শিশোৱে মোবাইলৰ কথা কমকৈ ভাবে৷ নিয়মিত শাৰীৰিক সক্ৰিয়তাই শিশুৰ একাগ্ৰতা বৃদ্ধি কৰে আৰু অতিৰিক্ত শক্তিক ইতিবাচকভাৱে ব্যৱহাৰ কৰিবলৈ সহায় কৰে৷ ইয়াৰ উপৰিও, দলগত খেলৰ জৰিয়তে শিশোৱে সহযোগীতা, শৃঙ্খলা আৰু সামাজিক আচৰণ শিকে৷ ইয়াৰ লগতে এইবোৰ কাৰ্যকলাপে শিশুৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য দুয়োটাই উন্নত কৰে৷
ইয়াৰ উপৰিও, পৰিয়ালৰ সৈতে সময় কটোৱা শিশুৰ বাবে অতি গুৰুত্বপূৰ্ণ৷ একেলগে খোৱা-বোৱা, কথা-বতৰা কৰা, কাহিনী কোৱা বা সৰু সৰু খেল খেলিলে শিশোৱে আনন্দ পায় আৰু মোবাইলৰ প্ৰতি আকৰ্ষণ ধীৰে ধীৰে কমে৷ পৰিয়ালৰ সৈতে এইধৰণৰ সময় কটোৱাই শিশুক সুৰক্ষিত আৰু মূল্যবান বুলি অনুভৱ কৰায়৷ লগতে, এনে মুহূৰ্তবোৰে অভিভাৱক আৰু শিশুৰ মাজৰ সম্পৰ্ক মজবুত কৰে আৰু শিশুৰ মানসিক বিকাশত ইতিবাচক প্ৰভাৱ পেলায়৷
তদুপৰি, সৃষ্টিশীল কামেও শিশুক মোবাইলৰ পৰা মন আঁতৰাত সহায় কৰে৷ গান গোৱা, নৃত্যচৰ্চা কৰা, হাতৰ কাম বা কবিতা লিখা আদিয়ে শিশুৰ কল্পনাশক্তি বৃদ্ধি কৰে আৰু সময়টো ফলপ্ৰসূভাৱে কটাবলৈ সহায় কৰে৷ এনে কামত জড়িত থাকিলে শিশোৱে নিজকে প্ৰকাশ কৰাৰ সুযোগ পায় আৰু আত্মবিশ্বাস বৃদ্ধি পায়৷ লগতে, সৃষ্টিশীল কাৰ্যকলাপে শিশুৰ মনোযোগ ক্ষমতা উন্নত কৰে আৰু মানসিক চাপ হ্ৰাস কৰাতো সহায় কৰে৷ এইবোৰ অভ্যাসে শিশুক মোবাইলৰ সলনি নিজৰ প্ৰতিভা বিকাশৰ দিশে আগবঢ়াই নিয়ে৷
শেষত ক’ব লাগিব যে, শিশুক মোবাইলৰ পৰা সম্পূৰ্ণভাৱে আঁতৰাই ৰখাতকৈ সঠিক দিশনিৰ্দেশনা আৰু সুষম ব্যৱহাৰ শিকোৱাটোৱেই অধিক গুৰুত্বপূৰ্ণ৷ আজিৰ দিনতে লোৱা সৰু সৰু সঠিক পদক্ষেপবোৰেই ভৱিষ্যতে শিশুক এজন সুস্থ, সচেতন আৰু আত্মবিশ্বাসী নাগৰিক হিচাপে গঢ়ি তুলিবলৈ সহায় কৰিব৷
Comments are closed, but trackbacks and pingbacks are open.