বজাৰৰ কৃত্ৰিম বিস্কুট খাই আমনি লাগিছে নেকি? জহা চাউলৰ সুঘ্ৰাণ আৰু গাখীৰৰ পুষ্টিৰে ভৰপূৰ এই “দুধ পুলি পিঠা” আপোনাৰ চাহৰ লগত এক স্বাস্থ্যসন্মত আৰু সুস্বাদু বিকল্প হ’ব পাৰে।
অতি কম সময়ত আৰু সহজতে কেনেকৈ এই “দুধ পুলি পিঠা” বনাব পাৰি, তাৰ সম্পূৰ্ণ দিহা আগবঢ়োৱা হ’ল।
কি কি লাগিবঃ
জহা চাউলৰ পিঠাগুড়ি দুকাপ
পানী একাপ
নিমখ আধা চামুচ
ঘি দুই চামুচ
ৰোকা নাৰিকল এবাটি
গুৰ আধাবাটি
ইলাচি গুড়ি এক চামুচ
কাজু ১০টা মান
কনডেন্স মিল্ক দুই চামুচ
গাখীৰ এক লিটাৰ
চেনি আধা বাটি
চেফ্র’ন এচিকুটমান
তৈয়াৰ কৰা প্ৰণালীঃ
প্ৰথমতে কেৰাহীখন জুইৰ ওপৰত দি তাত একাপ পানী দি গৰম হ’বলৈ দিব। পানী গৰম হ’লে তাত ঘি এক চামুচ আৰু নিমখ আধা চামুচ দি পানীখিনি উতলিবলৈ দিব। পানীখিনি উতলিলে গেছৰ জুই নুমুৱাই দি পানীখিনিৰ ওপৰত পিঠাগুড়িখিনি ঢালি ভালদৰে লৰাই ঢাকি প্রায় দহ মিনিটমান সময় ৰাখিব । প্রায় দহ মিনিটমান সময়ৰ পাছত পিঠাগুড়িখিনি ভালদৰে মথি লাৰু এটা বনাই ল’ব । কাজুখিনি সৰু টুকুৰা কৰি ল’ব। এতিয়া গেছত কেৰাহীখন গৰম কৰি তাত ৰোকা নাৰিকল, চকলিয়াই লোৱা গুৰ দি অলপ সময় ভাজি ইলাচি গুড়ি ১ চামুচ আৰু কাজুৰ টুকুৰাখিনি দি ভালদৰে ভাজিব ৷ নাৰিকলৰ মিশ্রণখিনি লাৰু বান্ধিব পৰাকে ভজা হ’লে পাত্ৰ এটাত নমাই ঠাণ্ডা হ’বলৈ দিব। এতিয়া হাতৰ তলুৱাত ঘি সানি পিঠাৰ লাৰুটোৰ পৰা পৰা অলপ পিঠা লৈ সৰু বল এটা বনাই হাতেৰে হেঁচি মাজটো দ’ কৰি তাত নাৰিকলৰ পুৰ এক চামুচ দি পিঠাখন ভাজ কৰি পুলিৰ আকাৰ দি কাষটো বন্ধ কৰি দিব । আটাইখিনি পিঠা একেদৰে পুলিৰ আকাৰ দি কাষটো বন্ধ কৰি দিব । এতিয়া ননষ্টিক কেৰাহী এখন জুইৰ ওপৰত দি তাত এক লিটাৰ গাখীৰ ঢালি গাখীৰখিনি উতলিবলৈ দিব। মাজে মাজে লৰাই গাখীৰখিনি ঘন হ’বলৈ দিব। এতিয়া গাখীৰখিনিত এক চামুচ ঘি, চেফ্ৰন আৰু ইলাচি গুড়ি ১ চামুচ দি ভালদৰে লৰাই উতলিবলৈ দিব। গাখীৰখিনি উতলি আধা হ’লে তাত কনডেন্স মিল্ক আৰু জোখমতে চেনি দি লৰাই আকৌ ভালদৰে উতলিবলৈ দিব। তাৰ পিছত তাত বনাই থোৱা পুলি পিঠাকেইটা দি প্রায় দহ মিনিটমান সময় কম জুইত পিঠাখিনি উতলিবলৈ দি গেছৰ জুই নুমুৱাই দিব। ভালদৰে ঠাণ্ডা হ’লে দুধ পুলি পিঠা পৰিৱেশন কৰিব। খাবলৈ বৰ ভাল পাব ।
Comments are closed, but trackbacks and pingbacks are open.