যাত্ৰা দল আৰু থিয়েটাৰৰ বিষয়ে যৎকিঞ্চিত

31

মামণি ডেকা
লেখিকা সাহিত্যিক পেন্সনাৰ,কেইবাখনো গ্ৰন্থৰ ৰচয়িতা
বৰনৰ্দ্দী, নলবাৰী
ফোনঃ ৯৩৬৫৬-৫৯০৯০

অসমৰ যুগস্ৰষ্টা শ্ৰীমন্ত শংকৰদেৱৰ আগৰ কালছোৱাত অসমত নাটকৰ-যাত্ৰাৰ প্ৰচলন আছিল৷ তেওঁ নিজে নাটক ৰচনা কৰি নাটকৰ অভিনয়ৰ জৰিয়তে জনসাধাৰণৰ মাজত বৈষ্ণৱ ধৰ্ম তথা কৃষ্ণ গুণ প্ৰচাৰ কৰাৰ দিহা কৰিছিল৷ তেওঁ সৃষ্টি কৰিছিল অংকীয়া ভাওনাৰ৷ কিন্তু নামনি অসমত সত্ৰবোৰতহে অংকীয়া ভাওনাৰ প্ৰচলন হৈছিল৷ অৱশ্যে ব্ৰিটিছৰ শাসন কালতে বংগদেশৰ পৰা অহা শিক্ষিত বঙালী লোকসকলে নিজৰ ভাষা আৰু সংস্কৃতিও অসমলৈ লৈ আহে আৰু সেই সংস্কৃতিৰ মাজত থকা যাত্ৰা অভিনয়ৰ সূচনা কৰে অসমত৷ যাত্ৰাৰ এই অভিনয়ৰ মাজেৰে যাত্ৰা দলসমূহ গঠন কৰি যাত্ৰা দলৰ অভিনয়ৰ ব্যাপক প্ৰচলন হয় অবিভক্ত কামৰূপ জিলাত ৷

তাহানিৰ দিনত প্ৰায়বোৰ উৎসৱ-অনুষ্ঠানত যাত্ৰা দলৰ অভিনয় থকাতো অপৰিহাৰ্য আছিল৷ তথ্য অনুযায়ী পোৱা মতে যাত্ৰা দলত অভিনয় কৰা নাটকসমূহৰ বেছিভাগেই আছিল মূল বঙালী নাটকৰ অনুবাদ৷ যদিও অনুবাদ কৰা নাটক আছিল– তথাপি নাটকবোৰ অসমীয়া ভাষাতে ৰচনা কৰা নাটক যেনেই লাগিছিল৷ যাত্ৰা দলবোৰ যদিও পেছাদাৰী আছিল কিন্তু দৰ্শকসকলৰ বাবে আছিল বিনামূলীয়া৷

যাত্ৰা দলৰ অভিনয় হৈছিল মুকলি মঞ্চত৷ ওপৰত কলপাতৰ ৰভা আৰু যাত্ৰা দলৰ মঞ্চ কিছু ৰঙীন কাপোৰেৰে সজা হৈছিল৷ দৰ্শকসকলে কলপাতৰ ৰভাৰ তলতে মাটিত পাৰি দিয়া ধানখেৰতে বহিছিল৷ মঞ্চখন সোঁমাজতে কৰি চাৰিওফালে দৰ্শক বহাৰ দিহা কৰিছিল৷ দৰ্শকৰ মাজেৰে দুটা সৰু ৰাস্তা ৰখা হৈছিল আৰু সেই ৰাস্তাৰে অভিনেতা-অভিনেত্ৰীসকলে অভিনয় কৰাৰ বাবে মঞ্চলৈ অহা-যোৱা কৰিছিল৷ এই ৰাস্তা দুটাৰ কাষত বাঁহ বান্ধি দিছিল; যাতে দৰ্শকে অভিনেতা-অভিনেত্ৰীসকলক আমনি কৰিব নোৱাৰে৷ দৰ্শক বহা ঠাইৰ বাহিৰত থাকে ছোঁঘৰ৷ য’ত অভিনেতা-অভিনেত্ৰীসকলে পোছাক-পৰিচ্ছদ পিন্ধে, মেকআপ কৰে৷ আজিৰ সময়ৰ নিচিনাকৈ কোনো গ্ৰীন ৰুমৰ ব্যৱস্থা যাত্ৰা দলত নাছিল৷ তেতিয়াৰ যাত্ৰা দলত পুৰুষেই মহিলাৰ সাজ পিন্ধি অভিনেত্ৰী হৈ নাটক কৰিছিল৷ আনহাতে ছোৱালীৰ সাজ পিন্ধি নৃত্য কৰা (ল’ৰাৰ নৃত্যদল) সকলক ‘চোকৰা’ বুলি কৈছিল৷ মঞ্চত বিজুলী-বাতিৰ ব্যৱস্থা নাছিল বাবে কেৰাচিনৰ ডাঙৰ ডাঙৰ ওলোমা লাইটৰ ব্যৱস্থাৰে নাটক চলাইছিল৷ নাটকৰ মাজত চোকৰা নৃত্য, গীত আদিও পৰিৱেশন কৰা হৈছিল৷

যুদ্ধ থকা নাটকত ৰজা হোৱা অভিনেতাই ৰমকজমককৈ জিলিকি থকা কাপোৰ পিন্ধি, কঁকালত তৰোৱাল খুঁচি লৈ দৰ্শকৰ মাজত থকা ৰাস্তাৰে বীৰদৰ্পে খোজ দি মঞ্চত প্ৰৱেশ কৰা দৃশ্যই যেন ভয় খুৱাই দৰ্শকক৷ ষাঠিৰ দশকতে এনেকুৱা যাত্ৰা দলৰ দৰ্শক হোৱাৰ স্মৃতিবোৰ আজিও আমাৰ মানসপটত জিলিকি আছে৷ যাত্ৰাদল চাবলৈ গৈ খেৰত বহি দৰ্শক হোৱাৰ অভিজ্ঞতাই আজিও এই লেখিকাৰ মন প্ৰফুল্লিত কৰে৷ তেতিয়াৰ সময়ত বুৰঞ্জীমূলক নাটক চোৱাৰেই সৌভাগ্য হৈছিল আমাৰ৷ যাত্ৰা দলে আয়োজকসকলৰ পৰা নিৰ্দিষ্ট পৰিমাণৰ মাননি লোৱাৰ চুক্তি থাকে৷ কিন্তু দৰ্শকসকলে বিনামূলীয়াকৈ চাব পাৰে৷ অভিজ্ঞতাৰ আধাৰত ক’ব খোজোঁ এতিয়াও যাত্ৰা দলৰ নাটক চাই ভাল পাওঁ৷ আজিৰ সময়ত যাত্ৰা দলৰ নাটক উচ্ছমানৰ, অভিনয়ো মনপৰশা৷ যদিও মঞ্চ এখনেই তাতেই কাৰিকৰী দিশৰ নিপুণতাৰে দৰ্শকক আমোদ দিব পৰাকৈ চেষ্টাৰ ত্ৰুটি নকৰি নতুনত্ব আনিছে৷

আনহাতে আনুমানিক ষাঠিৰ দশকৰ পৰাই ভ্ৰাম্যমাণ থিয়েটাৰৰ আৰম্ভ হয়৷ পাঠশালাৰ পৰা অচ্যুত লহকৰে থিয়েটাৰ খোলে৷ লাহে লাহে বহল ভিত্তিত থিয়েটাৰৰ সৃষ্টি বাঢ়িবলৈ ধৰিলে৷ ফলস্বৰূপে যাত্ৰা দল কমিল৷ নাট্যকাৰসকলেও বিভিন্ন ৰুচিৰ নাটকৰ সৃষ্টিৰে, অভিনেতা-অভিনেত্ৰীসকলৰ উচ্ছমানৰ অভিনয় প্ৰদৰ্শনে দৰ্শকক আকৰ্ষিত কৰিবলৈ থিয়েটাৰৰ মঞ্চ সজ্জাও অতিকৈ উন্নত৷ লাইটৰ ৰংচঙীয়া পোহৰ৷ পুৰুষৰ সমানে নাৰীয়েও অভিনয় কৰিবলৈ ল’লে৷ মুঠতে বৰ্তমান সময়ত অসমত ভ্ৰাম্যমাণ থিয়েটাৰৰ অৱস্থা জয়জয়-ময়ময় বুলিব পাৰি৷ অভিনেতা-অভিনেত্ৰীৰ লগতে কলা-কুশলীসকলেও নিযুক্তি লৈ জীৱন ধাৰণৰ পথ সুগম কৰিবলৈ সক্ষম হৈছে৷ থিয়েটাৰৰ সৃষ্টিয়ে পুৰণা যাত্ৰা দলবোৰক কৰ্মহীনতাত ভোগাইছে৷ অৱশ্যে কিছুসংখ্যক যাত্ৰা দলে আজিও যাত্ৰাভিনয় কৰি আছে৷

প্ৰথম অৱস্থাত থিয়েটাৰৰ নাটকবোৰৰ বেছিভাগেই আছিল বুৰঞ্জীমূলক, পৌৰাণিক আখ্যানমুলক৷ চাবলৈ গ’লে প্ৰকৃত অৰ্থত জ্যোতিপ্ৰসাদ আগৰৱালাৰ দিনৰ পৰাহে বাস্তৱধৰ্মী নাটৰ প্ৰচলন হোৱা দেখা যায়৷ আচলতে নাটকৰ যোগেদি জনসাধাৰণক প্ৰকৃত শিক্ষাৰে শিক্ষিত কৰিব পৰা হ’ব লাগে৷ কাৰণ নাটকৰ জন্মই হ’ল– মহৎ উদ্দেশ্য সাধনৰ অৰ্থে৷ ভাৰতবৰ্ষৰ ভৰতমুনিকে নাট্যকলাৰ আদিপুৰুষ বুলি ক’ব খোজে৷ কিয়নো দেৱৰাজ ইন্দ্ৰৰ মনৰ বিমৰ্ষ অৱস্থাৰ অৱসান ঘটাবলৈকে ভৰত মুনিক নাটক ৰচনা কৰি নাট্যাভিনয়ৰ ব্যৱস্থা কৰিবলৈ দিয়া বুলি জনা যায়৷

সাম্প্ৰতিক কালত দেখা যায় অসমৰ চাৰিওফালে কেইবাখনো থিয়েটাৰে উচ্ছমানৰ নাট প্ৰদৰ্শনেৰে সমাজ দখল কৰিব লাগিছে৷ নাট্যকাৰৰ সংখ্যাও বাঢ়িছে৷ মুঠতে নাটকৰ আদৰ্শই মানুহক সমাজ জীৱনত উৎকৰ্ষ সাধনত সহায়ক হৈ কৃষ্টি-সংস্কৃতিক উন্নত কৰি, সুস্থিৰ মানসিকতাৰ খোৰাক যোগাই আনন্দময় কৰিব পাৰে৷ তেনে নাটক সকলোৰে বাবে চিৰআদৰণীয়৷ আমিও তাৰেই পৃষ্ঠপোষকতা আৰু উজ্জ্বল ভৱিষ্যৎ কামনা কৰিলোঁ৷

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.