জাম্পাৰৰ্চ আঁঠু (Jumpers knee)

52

ডাঃ প্ৰাঞ্জল প্ৰতীম বৰা
ফিজিঅ’থেৰাপিষ্ট

জাম্পাৰৰ্চ আঁঠু বা Jumpers knee হ’ল মানুহৰ আঁঠুৰ লগত জড়িত এটা অৱস্থা। মানুহৰ শৰীৰৰ গাঁঠিসমূহৰ ভিতৰত আঁঠুৰ গাঁঠি হ’ল আটাইতকৈ ডাঙৰ আৰু জটিল গাঁঠি। আমাৰ আঁঠুৰ গাঁঠিটো ওপৰৰ পৰা Feumar নামৰ ডাঙৰ হাড়ডাল, তলৰ পৰা টিবিয়া নামৰ হাড়ডাল আৰু মাজত আঁঠু অংশত পাটেলা নামৰ এটুকুৰা সৰু হাড় যাক আমি আঁঠুৰ ঘিলা বুলি কওঁ, এই তিনিডাল হাড়েৰে গঠিত । টিবিয়া নামৰ হাড়ডালৰ কাষতে থাকে ফিবুলা নামৰ আন এডাল হাড়। অর্থাৎ ভৰিৰ ওপৰৰ পৰা Feumar, তলৰ পৰা টিবিয়া আৰু ফিবুলা আৰু মাজত আঁঠুৰ ঘিলাত পাটেলা নামৰ হাড়কেইডালেৰে আঁঠুৰ গাঁঠিটো গঠন হয়। তদুপৰি Anterior cruciate ligament, posterior cruciate ligament আৰু Lateral আৰু Medial collateral ligament নামৰ ৪ ডাল লিগামেন্টে আঁঠুৰ গাঁঠিটোক স্থিৰ কৰি ৰাখে। লগতে আঁঠুত লাগি থকা কিছুমান টেণ্ডনে আমাৰ আঁঠুৰ গাঁঠিটোক ভৰিৰ মাংসপেশীৰ লগত সংযুক্ত কৰি ৰাখে, ফলত আমি আঁঠুটো লৰচৰ কৰিব পাৰোঁ। মানুহক এঠাইৰ পৰা আন ঠাইলৈ চলাচল কৰিবলৈ, বা বিভিন্ন ক্রিয়াকলাপ যেনে- দৌৰা, জঁপিওৱা, জগিং কৰা, থিয় হোৱা, বহা আদিৰ কাৰণে আটাইতকৈ বেছি ব্যৱহাৰ হোৱা গাঁঠিটোৱে হ’ল Knee Joint । কিন্তু কেতিয়াবা আমি জঁপিয়াওৱা, দৌৰা বা জোৰকৈ খোজকঢ়া আদি কামবোৰ বাৰে বাৰে কৰিবলগীয়া হয়। ফলত আঁঠুৰ গাঁঠিটোৰ Overuse হয়। ফলত আঁঠুৰ মাজত থকা পাটেলাৰ হাড়ডাল আৰু ইয়াত সংযুক্ত হৈ থকা পাটেলাৰ টেণ্ডনডালত জোৰ পৰে। জোৰ পৰি আঁঠুৰ ঘিলা আৰু তাত থকা টেণ্ডনডালৰ কেতিয়াবা ইনফ্লেমেচন হ’ব পাৰে। ফলত প্ৰথম অৱস্থাত আঁঠুৰ ওপৰত জোৰ পৰা কাম কৰিলে প্ৰথম অৱস্থাত অলপ বিষ অনুভৱ কৰা দেখা যায়, কিন্তু জিৰণি ল’লে বিষ নাইকিয়া হয়। কিন্তু পিছলৈ গ্রেড-৪ অৱস্থা পালে সকলো সময়তে আঁঠুত বিষ অনুভৱ কৰা দেখা যায় । এই অৱস্থাটোক জাম্পাৰচ নী বুলি এই কাৰণেই কোৱা হয়, কিয়নো খেলুৱৈ বা এথলীটসকলৰ মাজত জঁপিয়াওৱাৰ ফলত সততে এনে আঁঠুৰ বিষ দেখা যায়।

লক্ষণ

  • আঁঠু আৰু আঁঠুৰ ঘিলাত বিষ ।
  • প্রথম অৱস্থাত কোনো কাম কৰিলে বিষ অনুভৱ হয়, জিৰণি ললে বিষ কমে। কিন্তু পিছলৈ সকলো সময়তে আঁঠুত বিষ অনুভৱ কৰা দেখা যায়।
  • কোনো সময়ত আঁঠুৰ গাঁঠি ফুলি উঠিব পাৰে।
  • একেবাৰে বেছি হ’লে বিষৰ লগতে আঁঠু ৰঙা পৰে ।
  • আঁঠু লৰচৰ কৰোঁতে অসুবিধা।
  • ভৰি কোঁচাই বহাৰ পিছত চিধা কৰোঁতে, খোজ কাঢ়োঁতে বা কোনো চিৰি আদি বগোৱাৰ পিছত বিন্ধি ধৰাৰ দৰে আঁঠুত বিষ অনুভৱ হয় ।

চিকিৎসা

  • প্ৰথম অৱস্থাত আটাইতকৈ প্ৰয়োজনীয় হ’ল বিষ হোৱা ভৰিখনক জিৰণি দিয়া । যিমান পাৰি জিৰণিত থাকিবলৈ চেষ্টা কৰা উচিত।
  • বিশ্ৰামৰ সময়ত বিষ হোৱা ভৰিখন Elevated position বা কোনো ওখ গাৰু বা আন কোনো ওখ ঠাইত উঠাই থ’ব লাগে। Royalay Leg Elevating Splint ৰ ব্যৱহাৰ কৰিব পাৰে ।
  • দিনে দুবাৰকৈ আঁঠুত আইচিং কৰাৰ প্রয়োজন।
  • Nonsterodial anti inflammatoty medicine বা NSAIDSৰ সহায়ত চিকিৎসা কৰা হয় ।
  • চিৰি বগোৱা বা আন কোনো আঁঠু কোঁচাই কৰা কামবোৰৰ পৰা কিছুদিন বিৰত থকা উচিত।
  • কেইদিনমান বিশ্ৰামৰ পিছত লাহে লাহে খোজকঢ়া আৰম্ভ কৰিব পাৰে, কিন্তু খোজকাঢ়োঁতে বিষ অনুভৱ কৰিলে পুনৰ বিশ্ৰামৰ প্রয়োজন।
  • আঁঠুৰ ওচৰৰ মাৰ্চলসমূহৰ বাবে কিছুমান ষ্ট্ৰেটচিং ব্যায়াম কৰাটো প্ৰয়োজন ৷

 

ফোনঃ ৮৬৩৮৩-৮৮০৭৭

You might also like

Comments are closed, but trackbacks and pingbacks are open.