মালিচ

21

                                                                                                                                                                         মালা মহন্ত

শাৰীৰিক অসুস্থতাত চিকিৎসকৰ পৰামৰ্শ অনুযায়ী ঔষধ গ্ৰহণ, ডায়েট, নিয়মিত ব্যায়াম কৰাৰ লগতে সঠিক মালিচ পদ্ধতিয়েও যথেষ্ট সুফল দিয়ে৷ তদুপৰি ছাল-চুলিৰ সুন্দৰতা আৰু উজ্জ্বলতাৰ বাবে মালিচ অপৰিহাৰ্য৷

পিঠিৰ বিষঃ

দৈনন্দিন কাম-কাজৰ অন্তত পিঠিৰ সামান্য হ’লেও বিষ অনুভৱ কৰাটো স্বাভাৱিক৷ কৰ্মক্ষেত্ৰত একেৰাহে চকীত বহি থকা, অতিৰিক্ত শ্ৰম আদি কাৰণত পিঠিৰ বিষ হয়৷ এই বিষ কমাই, পিঠিৰ মাংসপেশীৰ ট্ৰেছ ৰিলিজ কৰাত মালিচে যথেষ্ট কাৰ্যকৰী ভূমিকা পালন কৰে৷ ৰাজহাড়ৰ দুয়ো কাষে আঙুলিৰে ষ্ট্ৰোক দি তলৰ পৰা কান্ধলৈ মালিচ কৰি নাইবা বুঢ়া আঙুলিৰে চাকুলাৰ মুভমেণ্টে পিঠিৰ মাংসপেশীবোৰত যথেষ্ট আৰাম দিয়ে৷

টিপ্‌ছ-

  • দৈনন্দিন কাম-কাজৰ শেষত কুহুমীয়া পানীৰে গা ধুই ল’ব৷
  • মোজাৰ ভিতৰত দুটা টেনিছ বল ভৰাই লওক৷ মোজাৰ খোলা অংশ বান্ধি ল’ব৷
  • বিছনাত চিৎ হৈ শুই মোজা পিঠিৰ তলৰ অংশত থৈ লাহে লাহে তলৰ পৰা ওপৰলৈ লৰচৰ কৰি মালিচ লওক৷
  • দৈনিক ১৫-২০ মিনিট এই মালিচ ল’লে পিঠিৰ বিষৰ পৰা যথেষ্ট ৰেহাই পাব৷
  • ৰাজহাড় নাইবা শ্লিপ ডিস্কৰ সমস্যা থাকিলে এনেদৰে মালিচ নল’ব৷ বিশেষজ্ঞৰ পৰামৰ্শ লৈ মালিচ ল’ব পাৰি নে নাই জানি ল’ব৷

হতাশাঃ

কৰ্মক্ষেত্ৰৰ মানসিক চাপ, অঘোষিত প্ৰতিযোগিতাৰ দৌৰ, উচ্ছাকাংক্ষা, ব্যক্তিগত জীৱনৰ ছাপ, পাৰিবাৰিক সমস্যা আদি কাৰণত মানসিক হতাশা আহে৷ নিয়মিত মালিচে আপোনাৰ মনলৈ আনি দিব পাৰে সতেজতাৰ অনুভূতি৷ বঢ়াই তুলিব কৰ্মোদ্যম আৰু ইচ্ছাশক্তি৷ কেৱল সেয়ে নহয়, মানসিক অশান্তি, ক্লান্তিৰ ভাব প্ৰায় নাইকিয়া কৰি তুলিব পাৰে সঠিক মালিচ পদ্ধতিয়ে৷

টিপ্‌ছ-

  • হাতৰ তলুৱাত তেল লৈ মূৰৰ ছাল আৰু চুলিত ভালদৰে লগাব৷
  • ঘূৰাই ঘূৰাই আঙুলিৰ মূৰেৰে মূৰৰ ছালত মালিচ কৰিব৷
  • লাহে লাহে আঙুলি নমাই কাণ আৰু কান্ধৰ মালিচ কৰিব৷
  • কান্ধত সামান্য চাপ দিব পাৰে৷ হাতৰ বাহুৰ ওপৰ আৰু তলৰ অংশত ঘূৰণীয়া মালিচ কৰিব৷ আঙুলিত সামান্য চাপ দি মালিচ দিব৷
  • ডাঙৰ চাকুলাৰ মুভমেণ্টেৰে চাপ নিদিয়াকৈ বুকু আৰু পেটৰ মালিচ কৰিব৷
  • ভৰিত সামান্য চাপ দি, ঘূৰাই ঘূৰাই ওপৰৰ পৰা আৰম্ভ কৰি আঁঠু, গোৰোহা মালিচ কৰিব৷
  • মালিচৰ সময়ত ভৰিৰ পতাত আঙুলিৰ মূৰেৰে চাপ দিব৷ এই অংশৰ মালিচে দেহ-মনলৈ অত্যধিক আৰাম কঢ়িয়াই আনে৷

গৰ্ভাৱস্থাৰ মালিচঃ

  • গৰ্ভাৱস্থা নাৰী দেহৰ এক বিশেষ অৱস্থা৷ এই সময়ৰ বিভিন্ন সমস্যাৰ সমাধান ৰূপে মালিচ কাৰ্যকৰী পদ্ধতি৷
  • মালিচে শৰীৰ আৰু মনৰ চাপ কমাই, সুস্থ হৈ থকাত সহায় কৰে৷
  • বিশেষভাৱে পিঠি, কঁকাল আৰু ভৰিৰ সিৰামূৰি ধৰা সমস্যা কমায়৷
  • তেজৰ চলাচল বৃদ্ধি কৰে৷
  • প্ৰসৱ বেদনা কম হোৱাৰ সম্ভাৱনাৰ সৃষ্টি কৰে৷
  • চিকিৎসকৰ পৰামৰ্শ লৈ মালিচ ল’ব লাগে৷
  • গৰ্ভাৱস্থাৰ কোনো সমস্যা থাকিলে মালিচ নল’ব৷

মেদবহুলতাঃ

মেদবহুলতা বৰ্তমান যান্ত্ৰিকতাৰ যুগৰ এক সাধাৰণ সমস্যা৷ মেদবহুলতাই উশাহ-নিশাহৰ অসুবিধা, খোজকঢ়াৰ সমস্যা আদিৰ সৃষ্টি কৰে৷

  • সুদক্ষ মাছাজ থেৰাপিষ্টৰ হতুৱাই মালিচ ল’লে মেদবহুলতা কমে৷
  • শৰীৰৰ অত্যধিক মেদ নাইকিয়া কৰাত মালিচ সুফলদায়ক৷
  • শৰীৰৰ বিভিন্ন অংগৰ বিষ, ফুলাভাব, গাঁঠিৰ বিষ কমাত মালিচে সহায় কৰে৷
  • অত্যধিক ওজন কমাবলৈ কৰা শাৰীৰিক ব্যায়ামে কাৰ্যকৰী কৰাত মালিচে বিশেষ ভূমিকা গ্ৰহণ কৰে৷
  • মেদবহুলতাৰ বাবে সৃষ্টি হোৱা টোপনি খতি, নানা ধৰণৰ মানসিক সমস্যা আদিত মালিচে মুক্তি প্ৰদান কৰে৷

কেইবিধমান মালিচ পদ্ধতি আৰু ইয়াৰ উপকাৰিতাঃ

আকুপ্ৰেচাৰঃ  মেন’পজ সম্বন্ধীয় সমস্যা, গাঁঠিৰ বিষ, চায়েটিকা পেইন আৰু পিঠিৰ বিধ কমায়৷

বিশেষ টোকা-

  1. এছেনচিয়েল অইল কেতিয়াও পোনে পোনে ছালত লগাব নালাগে৷ জ’জবা, কেলেনডুলা, ছুইট আলমণ্ডৰ দৰে কেৰিয়াৰ তেলৰ লগত চাৰি-পাঁচ টোপাল এছেনচিয়েল অইল মিহলাইহে মালিচ কৰিব লাগে৷
  2. কুহুমীয়া পানীত কেইটোপালমান এছেনচিয়েল অইল মিহলাই গা ধুলে সুফল পাব পাৰি৷
  3. কেৰিয়াৰ অইলৰ লগত এছেনচিয়েল অইল মিহলাই এটুকুৰা ফ্লানেল কাপোৰত দি বিষ হোৱা ঠাইত হেঁচা দিব পাৰে৷
  4. যিকোনো এছেনচিয়েল অইলৰ ব্যৱহাৰৰ পূৰ্বে অভিজ্ঞ থেৰাপিষ্টৰ পৰামৰ্শ গ্ৰহণ কৰি লোৱা জৰুৰী৷
  5. গৰ্ভাৱস্থাত এছেনচিয়েল অইল ব্যৱহাৰ নকৰাই ভাল৷ যিসকলে এজমা বা এপিলেপচিত ভুগিছে, তেওঁলোকে এছেনচিয়েল অইল ব্যৱহাৰ নকৰিব৷
  6. এছেনচিয়েল অইল যিহেতু একপ্ৰকাৰ ঔষধ, শিশুসকলৰ পৰা আঁতৰাই ৰখা উচিত৷
  7. মালিচৰ সময়ত যাতে এছেনচিয়েল অইল চকু বা চকুৰ কাষত নালাগে, বিশেষ সতৰ্ক হোৱা উচিত৷ এছেনচিয়েল অইল লগাই ৰ’দলৈ ওলাব নালাগে৷ এই অইল ব্যৱহাৰৰ পিছত ভালদৰে হাত ধুই ল’ব৷
You might also like

Comments are closed, but trackbacks and pingbacks are open.