মালা মহন্ত
শাৰীৰিক অসুস্থতাত চিকিৎসকৰ পৰামৰ্শ অনুযায়ী ঔষধ গ্ৰহণ, ডায়েট, নিয়মিত ব্যায়াম কৰাৰ লগতে সঠিক মালিচ পদ্ধতিয়েও যথেষ্ট সুফল দিয়ে৷ তদুপৰি ছাল-চুলিৰ সুন্দৰতা আৰু উজ্জ্বলতাৰ বাবে মালিচ অপৰিহাৰ্য৷
পিঠিৰ বিষঃ
দৈনন্দিন কাম-কাজৰ অন্তত পিঠিৰ সামান্য হ’লেও বিষ অনুভৱ কৰাটো স্বাভাৱিক৷ কৰ্মক্ষেত্ৰত একেৰাহে চকীত বহি থকা, অতিৰিক্ত শ্ৰম আদি কাৰণত পিঠিৰ বিষ হয়৷ এই বিষ কমাই, পিঠিৰ মাংসপেশীৰ ট্ৰেছ ৰিলিজ কৰাত মালিচে যথেষ্ট কাৰ্যকৰী ভূমিকা পালন কৰে৷ ৰাজহাড়ৰ দুয়ো কাষে আঙুলিৰে ষ্ট্ৰোক দি তলৰ পৰা কান্ধলৈ মালিচ কৰি নাইবা বুঢ়া আঙুলিৰে চাকুলাৰ মুভমেণ্টে পিঠিৰ মাংসপেশীবোৰত যথেষ্ট আৰাম দিয়ে৷
টিপ্ছ-
- দৈনন্দিন কাম-কাজৰ শেষত কুহুমীয়া পানীৰে গা ধুই ল’ব৷
- মোজাৰ ভিতৰত দুটা টেনিছ বল ভৰাই লওক৷ মোজাৰ খোলা অংশ বান্ধি ল’ব৷
- বিছনাত চিৎ হৈ শুই মোজা পিঠিৰ তলৰ অংশত থৈ লাহে লাহে তলৰ পৰা ওপৰলৈ লৰচৰ কৰি মালিচ লওক৷
- দৈনিক ১৫-২০ মিনিট এই মালিচ ল’লে পিঠিৰ বিষৰ পৰা যথেষ্ট ৰেহাই পাব৷
- ৰাজহাড় নাইবা শ্লিপ ডিস্কৰ সমস্যা থাকিলে এনেদৰে মালিচ নল’ব৷ বিশেষজ্ঞৰ পৰামৰ্শ লৈ মালিচ ল’ব পাৰি নে নাই জানি ল’ব৷
হতাশাঃ
কৰ্মক্ষেত্ৰৰ মানসিক চাপ, অঘোষিত প্ৰতিযোগিতাৰ দৌৰ, উচ্ছাকাংক্ষা, ব্যক্তিগত জীৱনৰ ছাপ, পাৰিবাৰিক সমস্যা আদি কাৰণত মানসিক হতাশা আহে৷ নিয়মিত মালিচে আপোনাৰ মনলৈ আনি দিব পাৰে সতেজতাৰ অনুভূতি৷ বঢ়াই তুলিব কৰ্মোদ্যম আৰু ইচ্ছাশক্তি৷ কেৱল সেয়ে নহয়, মানসিক অশান্তি, ক্লান্তিৰ ভাব প্ৰায় নাইকিয়া কৰি তুলিব পাৰে সঠিক মালিচ পদ্ধতিয়ে৷
টিপ্ছ-
- হাতৰ তলুৱাত তেল লৈ মূৰৰ ছাল আৰু চুলিত ভালদৰে লগাব৷
- ঘূৰাই ঘূৰাই আঙুলিৰ মূৰেৰে মূৰৰ ছালত মালিচ কৰিব৷
- লাহে লাহে আঙুলি নমাই কাণ আৰু কান্ধৰ মালিচ কৰিব৷
- কান্ধত সামান্য চাপ দিব পাৰে৷ হাতৰ বাহুৰ ওপৰ আৰু তলৰ অংশত ঘূৰণীয়া মালিচ কৰিব৷ আঙুলিত সামান্য চাপ দি মালিচ দিব৷
- ডাঙৰ চাকুলাৰ মুভমেণ্টেৰে চাপ নিদিয়াকৈ বুকু আৰু পেটৰ মালিচ কৰিব৷
- ভৰিত সামান্য চাপ দি, ঘূৰাই ঘূৰাই ওপৰৰ পৰা আৰম্ভ কৰি আঁঠু, গোৰোহা মালিচ কৰিব৷
- মালিচৰ সময়ত ভৰিৰ পতাত আঙুলিৰ মূৰেৰে চাপ দিব৷ এই অংশৰ মালিচে দেহ-মনলৈ অত্যধিক আৰাম কঢ়িয়াই আনে৷
গৰ্ভাৱস্থাৰ মালিচঃ
- গৰ্ভাৱস্থা নাৰী দেহৰ এক বিশেষ অৱস্থা৷ এই সময়ৰ বিভিন্ন সমস্যাৰ সমাধান ৰূপে মালিচ কাৰ্যকৰী পদ্ধতি৷
- মালিচে শৰীৰ আৰু মনৰ চাপ কমাই, সুস্থ হৈ থকাত সহায় কৰে৷
- বিশেষভাৱে পিঠি, কঁকাল আৰু ভৰিৰ সিৰামূৰি ধৰা সমস্যা কমায়৷
- তেজৰ চলাচল বৃদ্ধি কৰে৷
- প্ৰসৱ বেদনা কম হোৱাৰ সম্ভাৱনাৰ সৃষ্টি কৰে৷
- চিকিৎসকৰ পৰামৰ্শ লৈ মালিচ ল’ব লাগে৷
- গৰ্ভাৱস্থাৰ কোনো সমস্যা থাকিলে মালিচ নল’ব৷
মেদবহুলতাঃ
মেদবহুলতা বৰ্তমান যান্ত্ৰিকতাৰ যুগৰ এক সাধাৰণ সমস্যা৷ মেদবহুলতাই উশাহ-নিশাহৰ অসুবিধা, খোজকঢ়াৰ সমস্যা আদিৰ সৃষ্টি কৰে৷
- সুদক্ষ মাছাজ থেৰাপিষ্টৰ হতুৱাই মালিচ ল’লে মেদবহুলতা কমে৷
- শৰীৰৰ অত্যধিক মেদ নাইকিয়া কৰাত মালিচ সুফলদায়ক৷
- শৰীৰৰ বিভিন্ন অংগৰ বিষ, ফুলাভাব, গাঁঠিৰ বিষ কমাত মালিচে সহায় কৰে৷
- অত্যধিক ওজন কমাবলৈ কৰা শাৰীৰিক ব্যায়ামে কাৰ্যকৰী কৰাত মালিচে বিশেষ ভূমিকা গ্ৰহণ কৰে৷
- মেদবহুলতাৰ বাবে সৃষ্টি হোৱা টোপনি খতি, নানা ধৰণৰ মানসিক সমস্যা আদিত মালিচে মুক্তি প্ৰদান কৰে৷
কেইবিধমান মালিচ পদ্ধতি আৰু ইয়াৰ উপকাৰিতাঃ
আকুপ্ৰেচাৰঃ মেন’পজ সম্বন্ধীয় সমস্যা, গাঁঠিৰ বিষ, চায়েটিকা পেইন আৰু পিঠিৰ বিধ কমায়৷
বিশেষ টোকা-
- এছেনচিয়েল অইল কেতিয়াও পোনে পোনে ছালত লগাব নালাগে৷ জ’জবা, কেলেনডুলা, ছুইট আলমণ্ডৰ দৰে কেৰিয়াৰ তেলৰ লগত চাৰি-পাঁচ টোপাল এছেনচিয়েল অইল মিহলাইহে মালিচ কৰিব লাগে৷
- কুহুমীয়া পানীত কেইটোপালমান এছেনচিয়েল অইল মিহলাই গা ধুলে সুফল পাব পাৰি৷
- কেৰিয়াৰ অইলৰ লগত এছেনচিয়েল অইল মিহলাই এটুকুৰা ফ্লানেল কাপোৰত দি বিষ হোৱা ঠাইত হেঁচা দিব পাৰে৷
- যিকোনো এছেনচিয়েল অইলৰ ব্যৱহাৰৰ পূৰ্বে অভিজ্ঞ থেৰাপিষ্টৰ পৰামৰ্শ গ্ৰহণ কৰি লোৱা জৰুৰী৷
- গৰ্ভাৱস্থাত এছেনচিয়েল অইল ব্যৱহাৰ নকৰাই ভাল৷ যিসকলে এজমা বা এপিলেপচিত ভুগিছে, তেওঁলোকে এছেনচিয়েল অইল ব্যৱহাৰ নকৰিব৷
- এছেনচিয়েল অইল যিহেতু একপ্ৰকাৰ ঔষধ, শিশুসকলৰ পৰা আঁতৰাই ৰখা উচিত৷
- মালিচৰ সময়ত যাতে এছেনচিয়েল অইল চকু বা চকুৰ কাষত নালাগে, বিশেষ সতৰ্ক হোৱা উচিত৷ এছেনচিয়েল অইল লগাই ৰ’দলৈ ওলাব নালাগে৷ এই অইল ব্যৱহাৰৰ পিছত ভালদৰে হাত ধুই ল’ব৷
Comments are closed, but trackbacks and pingbacks are open.