কৰবী গগৈ শৰ্মা
চাহ এনে এবিধ পানীয় যি আমাৰ ভাগৰুৱা শৰীৰটোক নিমিষতে সতেজ আৰু কাৰ্যক্ষম কৰি তোলে। অলং টী, ব্লেক টী, হোৱাইট টী, গ্ৰীণ টী, অৰ্গেনিক টী আদি আমি সততে শুনি থকা কেইবিধমান জনপ্ৰিয় চাহৰ প্ৰকাৰ। কিন্তু কেতিয়াবা আপোনালোকে ‘কʼম্বুচা চাহ’ ৰ সোৱাদ লৈছেনে? কʼম্বুচা হৈছে এবিধ ফাৰমেন্টেড প্ৰʼবায়োটিক চাহ। ইষ্ট, বেক্টেৰিয়া, চাহপাত আৰু সামান্য চেনী ব্যৱহাৰ কৰি ইয়াক প্ৰস্তুত কৰা হয়। এইবিধ চাহ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা মূল উপাদানটো হৈছে ‘Scoby’ (Symbiotic Culture of bacteria and yeast)। Scoby দেখাত পিঠা এটাৰ দৰে। ইয়াক যি আকৃতিৰ পাত্ৰত ৰখা হয় ই সেই পাত্ৰৰ আকৃতিয়েই লয়। পাত্ৰটোৰ সৰু, ডাঙৰ চাইজৰ ওপৰত নিৰ্ভৰ কৰিয়েই Scobyৰ আকাৰো সৰু ডাঙৰ হয়।
এই চাহ প্ৰস্তুত কৰিবৰ বাবে পাত্ৰ এটাত সামান্য চেনী সংযোগ কৰি ৰঙা চাহ তৈয়াৰ কৰি ঠাণ্ডা কৰি লব লাগে। এটা ষ্টেৰিলাইজ কৰি লোৱা আইনাৰ বৈয়ামত আধালৈকে চাহখিনি ভৰ্তি কৰি তাৰ ওপৰত ‘Scoby’ টো দিয়া হয়। ক’ম্বুচা চাহ তৈয়াৰ কৰিবলৈ আপুনি এশ শতা্ংশ বিশুদ্ধতা আৰু চাফ্- চিকুনতাৰ ওপৰত গুৰুত্ব দিয়া উচিত। অন্যথা হিতে বিপৰীত হোৱাৰ সম্ভাৱনা অধিক। scoby বৈয়ামত দিয়াৰ পিছত এখন চাফা কটন কাপোৰেৰে বৈয়ামৰ মুখখন বন্ধ কৰি ১২ৰপৰা ১৫ দিনমানলৈ আন্ধাৰ আৰু সেমেকা ঠাইত ফাৰমেন্টেড হ’বলৈ থব লাগে। Scobyয়ে চাহখিনিক সামান্য এলক’হলিক কৰে আৰু নিজৰ পৰা প্ৰচুৰ নিউট্টিয়েন্ট এৰি দিয়ে। পোন্ধৰ দিনৰ পিছত পূৰ্বৰ Scoby টোৰ ওপৰত এটা নতুন Scobyৰ উৎপন্ন হয়। এই নতুন ‘ Scoby’ৰ ব্যৱহাৰ কৰি পুনৰ একে পদ্ধতিৰে ক’ম্বুচা চাহ প্ৰস্তুত কৰিব পাৰি। বৈয়ামৰ ফাৰমেন্টেড পানী খিনিক আইনাৰ আন এটা বৈয়ামলৈ সলনি কৰি তিনি চাৰিদিনলৈকে ক’ম্বুচা চাহ খাব পাৰি। এইবিধ চাহ পৰিবেশনৰ সময়ত ফলৰ ৰস ,ফ্লেভাৰ আদিও সংযোগ কৰিব পাৰি। পুৰণি Scobyক শুকুৱালে এবিধ টান চামৰাৰ ৰূপ লয় আৰু ইয়াক কাপোৰ, বেগ আদি নিৰ্মাণ কৰোতেও ব্যৱহাৰ কৰিব পাৰি। Scoby হৈছে কিছুমান ভাল বেক্টেৰিয়াৰ কলনি। যি আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা দুগুণ কৰি তোলাত সহায়ক হয়। scobyক ক’ম্বুচা চাহৰ ‘হাৰ্ট’ বুলিও কোৱা হয়। ইয়াত যথেষ্ট পৰিমাণে insoluble fibre থাকে যি আমাৰ তেজত শৰ্কৰাৰ পৰিমাণক সন্তোলিত কৰি ৰাখে। ‘Scoby’ আপুনি যিকোনো ক’ম্বুচা চাহ প্ৰস্তুত কৰা লোকৰ পৰা আহৰণ কৰিব পাৰে নতুবা বৰ্তমান ই অনলাইনতো উপলব্ধ। মাথো কিনোতে ব্ৰেণ্ড আৰু চেনীৰ মাত্ৰাটোৰ ওপৰত নজৰ দিয়াতো জৰুৰী। ক’ম্বুচা চাহৰ ৰং পাতল হালধীয়া আৰু সামান্য টেঙেচীয়া সোৱাদৰ হয়। ফাৰমেন্টেড কৰি প্ৰস্তুত কৰা বাবে সোৱাদ আৰু ৰংৰ ক্ষেত্ৰত এই বিশেষত্ব দেখা পোৱা যায়
খাদ্যৰ গুণাগুণ বিচাৰ কৰিলে দেখা যায় ক’ম্বুচা চাহত এন্টি -লিপিডেমিক গুণ আছে বাবে ই কলেষ্ট’ৰেলৰ স্তৰটোক সন্তোলিত কৰি ৰাখে। কʼম্বুচা চাহ কেঞ্চাৰ আৰু মধুমেহ ৰোগৰ বাবেও অতি উত্তম। গাঁঠিৰ বিষ নিৰাময়ৰ বাবে এই চাহ এবিধ উৎকৃষ্ট পথ্য। শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বঢ়াই শৰীৰটোক নিৰোগী কৰি ৰখাত এইবিধ চাহে সহায় কৰে।
অতি প্ৰাচীন কালত ক’ম্বুচা চাহৰ সেৱন চীন দেশত কৰা হৈছিল। চীনৰ পাৰম্পৰিক খাদ্যৰ তালিকাত ক’ম্বুচা চাহৰ স্থান আছিল শীৰ্ষত।যদিও ইয়াৰ উৎপত্তি স্থান সম্পৰ্কে সঠিক ভাবে জনা নাযায় তথাপিও ইয়াৰ উৎপত্তিস্থল চীন দেশৰ উত্তৰ -পূৱ অঞ্চল বুলি অনুমান কৰা হয়। প্ৰাৰম্ভিক ২০ শতিকাত চীনৰ লোকসকলে শক্তিবৰ্ধক পানীয় হিচাপে এইবিধ চাহ সেৱন কৰিছিল। জাপান আৰু কোৰিয়াটো এইবিধ চাহৰ জনপ্ৰিয়তা আছিল। পেটৰ স্বাস্থ্যৰ বাবে ক’ম্বুচা চাহ এবিধ উৎকৃষ্ট পানীয় বুলি অতীজৰে পৰা মানি অহা হৈছে। আমাৰ শৰীৰৰত থকা মাইক্ৰ’বায়মক শক্তিশালী কৰি তোলাত ক’ম্বুচা চাহে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যিকোনো ফাৰমেন্টেড খাদ্যত প্ৰ’বায়’টিক ভৰপূৰ মাত্ৰাত থাকে আৰু ই আমাৰ শৰীৰৰ প্ৰতিৰোধী ক্ষমতাক বঢ়াই তোলাত সহায়ক হয়। সেয়েহে ক’ম্বুচা চাহৰ সেৱনে পেটৰ যিকোনো সমস্যা ৰ পৰা আমাক মুক্ত কৰি তুলিব পাৰে।
প্ৰায় আশী দশকৰ শেষৰফালে এইবিধ পানীয়ই উত্তৰ পূৱৰ ৰাজ্যকেইখনত অতি জনপ্ৰিয়তা লাভ কৰিছিল। অসমতো সেই সময়ত ক’ম্বুচা চাহক এবিধ ‘জীউ থকা দেওলগা পানীয়’ হিচাপে জৰা-ফুকা কামত ব্যৱহাৰ কৰিছিল। সেইসময়ত মুষ্টিমেয় লোকেহে এইবিধ পানীয় প্ৰস্তুত কৰি গ্ৰহণ কৰিছিল। ভগৱানৰ বস্তু বুলি জ্ঞান কৰি দায়-দোষ লগাব ভয়ত অতি সাৱধান আৰু গোপনে ৰাখিছিল। প্ৰচাৰ নোহোৱাৰ বাবে ইয়াৰ বৈজ্ঞানিক ভিত্তি আৰু গুণাগুণ সম্পৰ্কে মানুহ সম্পূৰ্ণ অজ্ঞ আছিল। নতুন Scoby প্ৰস্তুত হ’লে পুৰণিটোক দেও লগা জীও বুলি সেৱা-সৎকাৰেৰে নদীত উটাই দিছিল অন্যথা ভাল ঠাইত মাটিত পুতি পেলাইছিল।
ক’ম্বুচা চাহে জনপ্ৰিয়তা লাভ কৰে বিংশ শতিকাৰ আৰম্ভণিতহে। এইবিধ চাহৰ গুণাগুণ দেখি পশ্চিমীয়া দেশৰ লোকসকলৰ মাজত ইয়াৰ চাহিদা বৃদ্ধি পায়। সামান্য এলক’হলিক আৰু শৰীৰটোক সতেজ কৰি তোলাৰ বাবে ঘৰতে ক’ম্বুচা চাহ প্ৰস্তুত কৰি ইয়াক সেৱন কৰিবলৈ আৰম্ভ কৰে। সম্পূৰ্ণ সুকীয়া আৰু পাৰম্পৰিক পদ্ধতিৰে তৈয়াৰ কৰা এইবিধ চাহে বৰ্তমান বিশ্ব ব্যাপী যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে। আপুনিও যদি ব্যতিক্ৰমী নতুন পানীয়ৰ সোৱাদ লব বিচাৰে তেন্তে এবাৰ হ’লেও এইবিধ চাহৰ সোৱাদ লওক।
Comments are closed, but trackbacks and pingbacks are open.