এজন ব্যক্তিৰ সাংস্কৃতিক পৰিৱেশ প্রতিফলিত কৰাৰ ক্ষেত্ৰত ভোজনালয়ৰ শিষ্টাচাৰ আৰু নিয়মসমূহে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই অলিখিত নিয়মবোৰে আহাৰ গ্ৰহণৰ সময়ত এজন ব্যক্তিৰ আচাৰ-ব্যৱহাৰ নিয়ন্ত্ৰণ কৰে, যাৰ ফলত কেৱল আহাৰ গ্ৰহণ কৰাই নহয়, বৰঞ্চ খোৱা-বোৱা কিছু নিয়ম পালন এজন ব্যক্তিৰ ব্যক্তিত্ব প্রতিফলিত কৰে ।
আনুষ্ঠানিক ভোজ-ভাতৰ পৰা আৰম্ভ কৰি পৰিয়ালৰ সৈতে কৰা সাধাৰণ আহাৰলৈকে, খোৱা মেজৰ ভাল আচাৰ-ব্যৱহাৰ বুজি পোৱা আৰু সেয়া পালন কৰাটোৱে কেৱল আনৰ প্ৰতি থকা সন্মানকে নুবুজায়, বৰঞ্চ ই এক মধুৰ আৰু আনন্দদায়ক পৰিৱেশ সৃষ্টিতো অৰিহণা যোগায়।
আহাৰ গ্ৰহণৰ সময়ত ল’ব লগা কেইটামান নিয়ম-শিষ্টাচাৰ আগবঢ়ালোঁ—
♦ খোৱা মেজৰ শিষ্টাচাৰৰ তালিকাত প্ৰথমটো নিয়ম হ’ল- মেজৰ ওপৰত আপোনাৰ কিলাকুটি থৈ নবহিব।
♦ আপোনাৰ কাঁহীৰ কাষটো যিমান পাৰে সিমান পৰিষ্কাৰ কৰি ৰাখিব।
♦ গিলাচত গিলাচ লগাই শব্দ নকৰিব। তদুপৰি আনুষ্ঠানিক ভোজত যিমান পাৰি কম শব্দ কৰাটোৱেই বাঞ্ছনীয়।
♦ ম’বাইল ফোনটো মেজৰ পৰা আঁতৰাই ৰাখিব আৰু ইয়াক ছাইলেণ্ট বা ভাইব্রেট ম’ডত ৰাখিব। খোৱা শেষ নোহোৱালৈকে আৰু মেজৰ পৰা আঁতৰি নোযোৱালৈকে ফোন বা মেছেজ পৰীক্ষা নকৰিব ।
♦ কিবা পানীয় খোৱাৰ আগতে মুখত থকা আহাৰখিনি সম্পূর্ণকৈ চোবাই শেষ কৰালৈ বাট চাব।
♦ খোৱা বা পানী খোৱাৰ সময়ত কুঁজা হৈ নবহিব ।
♦ মই ‘বাথৰুমলৈ যাওঁ” বুলি কেতিয়াও নক’ব। কেৱল ‘মই অলপ আহিছোঁ’ (Excuse me) বুলি কৈ অনুমতি বিচাৰিব।
♦ আপোনাৰ কাঁহীখনত এটুকুৰা বা এচামুচ আহাৰ অৱশিষ্ট ৰাখিব। ই ইয়াকে বুজায় যে আপুনি আহাৰ খাই তৃপ্তি পাইছে, কিন্তু ইমানো ভোকাতুৰ নাছিল যে কাঁহীখন সম্পূৰ্ণৰূপে চাফা কৰি পেলাব লগা হ’ল ৷
♦ খোৱাৰ অনুপযোগী অংশসমূহ (যেনে- হাড়, মাছৰ কাঁইট আদি) ৰাখিবৰ বাবে সৰু প্লেট ব্যৱহাৰ কৰিব।
♦ খাদ্য আৰু মচলাজাতীয় সামগ্ৰীবোৰ মেজত সদায় ঘড়ীৰ কাঁটাৰ ওলোটা দিশত (counter clockwise) ইজনে সিজনক আগবঢ়াব লাগে ।
♦ নিমখ আৰু জলকীয়াৰ টেমা (salt and pepper) সদায় একেলগে আগবঢ়াব ।
♦ কাঁটা-চামুচবোৰ সদায় সঠিক ধৰণে ধৰিব। আপোনাৰ কাঁটা-চামুচ (fork) বা চামুচখন সাৱধানে ব্যৱহাৰ কৰিব একেৰাহে খাদ্যবস্তুক বিন্ধি ধৰি নাথাকিব। খাদ্য সদায় এটুকুৰাকৈ সৰুকৈ কাটি ল’ব (একেবাৰতে বহুখিনি কাটি নল’ব)।
♦ আহাৰ খোৱা শেষ হ’লে, আপোনাৰ কাঁটা-চামুচসমূহ ‘সমাপ্তি’ (done) বুজোৱা স্থিতিত ৰাখিব- অৰ্থাৎ কটাৰী আৰু কাঁটা-চামুচখন পৰস্পৰ সমান্তৰালকৈ কাঁহীখনৰ সোঁফালে ৰাখিব, যাৰ জোঙা অংশটো সোঁফালৰ পৰা ওপৰলৈ বাঁওফালৰ কোণ অভিমুখী হৈ থাকিব।
♦ আহাৰ গ্ৰহণৰ সময়ত নিজৰ ব্যক্তিত্ব সুন্দৰকৈ দাঙি ধৰিব। ভোজনৰ সময়ত চলি থকা কথা-বতৰাত অংশগ্ৰহণ কৰিব ।
♦ কাহিলে বা হাঁচিয়ালে সদায় আপোনাৰ বাঁওফালৰ কান্ধৰ ফালে মুখ কৰি আৰু বাঁওহাতৰ মুঠিৰে মুখখন ঢাকি লৈ লাহেকৈ কৰিব।
♦ মেজত থকা প্ৰতিগৰাকী ব্যক্তিক খাদ্য পৰিৱেশন নকৰা পৰ্যন্ত আৰু আপুনি খাবলৈ আৰম্ভ নকৰিব।
♦ কথা কোৱাৰ আগতে সদায় মুখত থকা আহাৰখিনি সম্পূর্ণকৈ চোবাই গিলি ল’ব, যাতে কাৰো প্ৰতি অশোভনীয় আচৰণ কৰা নহয় বা আপোনাৰ মুখৰ ভিতৰত থকা খাদ্য আনৰ চকুত নপৰে ৷
Comments are closed, but trackbacks and pingbacks are open.