সমালোচকৰ প্রশংসা বুটলিছে অসমীয়া ছবি জিয়াই

উজলিল প্রাগ চিনে এৱার্ডতো

দর্শনা বৰুৱা

অতি সোনকালেই  চিত্রগৃহত শুভমুক্তিৰ অপেক্ষাত থকা  নতুন অসমীয়া ছবি এখনে দর্শকক কিছু সুকীয়া সোৱাদ দিবলৈ সক্ষম হৈছে৷ ছবিখনৰ নাম হৈছে জিয়া ৷ জানিবলৈ পোৱা মতে জিয়া অসমৰ ছবিগৃহত মুক্তি লাভ কৰিব ১৭ মেত ৷

জিয়াই অলপতে যোৰহাটত অনুষ্ঠিত হোৱা প্রাগ চিনে এৱার্ড শ্রেষ্ঠ ছবিৰ সন্মান লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে শ্রেষ্ঠ চিত্রনাট্য আৰু সংলাপ কেনী বসুমতাৰী আৰু শর্মিষ্ঠা চক্রৱর্তী, শ্রেষ্ঠ বেকগ্রাউণ্ড স্ক্ৰ অর্থাৎ আৱহ সংগীতৰ শিতানত অম্বৰ দাস আৰু শ্রেষ্ঠ নেপথ্য কণ্ঠশিল্পী পুৰুষ অংগৰাগ পাপন মহন্তৰ সন্মান তথা বঁটা লাভ কৰিবলৈ সক্ষম হয় ৷

শর্মিষ্ঠা চক্রৱর্তী সংগীত আৰু অভিনয় জগতখনৰ সৈতেও সক্রিয়ভাৱে  জড়িত হৈ আছে ৷ শেহতীয়াকৈ শর্মিষ্ঠাৰ প্রযোজনা আৰু কাহিনীৰে নির্মিত ছবি জিয়া–ই ব্রহ্মপুত্র ভেলী ফিল্ম ফেষ্টিভেলত মনোনয়ন লাভ কৰিবলৈ সক্ষম হোৱা ছবিখন যোৱা ১৫ ডিচেম্বৰত একাংশ দর্শকে জ্যোতি চিত্রবনত উপভোগো কৰিলে ৷

মূলতঃ এগৰাকী অকলশৰীয়া মাতৃক সমাজ আৰু ব্যক্তিবিশেষে  কৰা ককর্থনা, নির্যাতন, বঞ্চনা ইত্যাদিক লৈ জিয়া ছবিখনৰ কাহিনীভাগ নির্মাণ কৰা হৈছে ৷ সহজভাৱে চলি থকা ছবিখনৰ কাহিনীভাগত দর্শকে হঠাতে পাব আন এক সোৱাদো ৷

ছবিখনৰ পৰিচালনাৰ দায়িত্বত আছে কেনী বসুমতাৰী ৷ চিত্রনাট্য আৰু সংলাপ কেনী আৰু শর্মিষ্ঠাহ যুটীয়াভাৱে লিখিছে ৷

জিয়াৰ সহকাৰী পৰিচালক অৰিন্দম কাশ্যপ৷ ছবিখনত অভিনয় কৰিছে ক্রমে শর্মিষ্ঠা চক্রৱর্তী, ৰিকি শর্মা, ইপ্সিতা হাজৰিকা আৰু শিশু শিল্পী আৰাধ্যা মহন্তই ৷ ছবিখনত মিন্টু  বৰুৱা, উদয়ন দুৱৰা, মনোজ বৰকটকী, অমিতাভ ৰাজখোৱা, মালা গোস্বামী, সিদ্ধার্থ মুখার্জী, অড্রী হাতীবৰুৱা, পদ্মৰাগ গোস্বামী, আৰিফ আলী, পৰাণী চৌধুৰী, কৌশিক ভৰদ্বাজ, অনুষ্কা কাশ্যপ, অশ্রুমণি বৰা, ৰেণু দেৱী চক্রৱর্তী, বিৰিণা পাঠক চক্রৱর্তী, ডেইজী বর্মন আৰু জয়ীতা সেনৰ দৰে আন কেইবাগৰাকী পৰিচিত শিল্পীয়ে অভিনয় কৰিছে ৷ জিয়াৰ সম্পাদনা ৰক্তিম বসুমতাৰীৰ ৷

১১৫ মিনিট দৈর্ঘ্যৰ জিয়া ছবিখনৰ গীতসমূহত কণ্ঠদান কৰিছে অংগৰাগ পাপন মহন্ত, শংকুৰাজ কোঁৱৰ, মৈত্রেয়ী পাটৰ, ইপ্সিতা হাজৰিকা আৰু শর্মিষ্ঠা চক্রৱর্তীয়ে ৷ সংগীত পৰিচালনা অম্বৰ দাসৰ, গীতসমূহ লিখিছে মৈত্রেয়ী পাটৰ, ৰাজদ্বীপ, চন্দনা পাঠক, ঠেংগাল জ্যোতি স্বপ্ণ আৰু শর্মিষ্ঠাই ৷ জিয়াৰ  দৃশ্যগ্রহণ কৰিছে সূৰুয ডেকাই ৷

জীৱন জগতৰ বহু কথা সৰল আৰু সাৱলীলভাৱে উপস্থাপন কৰা জিয়া এগৰাকী চিৰন্তন নাৰীৰ কাহিনী ৷

আমাৰ প্রতিগৰাকী নাৰীয়ে জিয়াত হয়তো নিজকে বিচাৰি ফুৰিবলৈ চেষ্টা কৰিব ৷ জিয়াত নাৰী এগৰাকীৰ একাকী জীৱনৰ অনুভৱ আৰু স্বাভিমানী স্বকীয় স্থিতিৰ উপস্থাপনে দর্শকক কৈ যাব বহু কথা ৷

দিব চিন্তাৰ কিছু বুৰবুৰণি

জিয়া চিত্রগৃহলৈ আহিব বহাগতে ৷

দর্শকে জিয়াক আদৰি লওক তাৰেই কামনা কৰিলোঁ ৷

ফোনঃ  ৭০৮৬৫-২১৩০৭

You might also like

Comments are closed, but trackbacks and pingbacks are open.