কৰবী গগৈ শর্মা
চুজিৰ কেক
উপকৰণঃ
কণী – ৪টা
চুজি – ২ কাপ
গুড– ১/২ কাপ মিহিকৈ কুটা
বেকিং – ১ চামুচ
মিক্স ড্রাই ফ্ৰূইট ১/২ কাপ
আমূল তাজা গাখীৰ ১ কাপ
কমলাৰ জেষ্ঠ
বাটাৰ – ১০০ গ্রাম
যিকোনো ফ্লেভাৰৰ এচেনঞ্চ
প্রণালীঃ প্রথমে শুকান বস্তুবোৰ একেলগে মিক্স কৰি লব ৷ এতিয়া কাটি লোৱা গুড়খিনি দি ভালদৰে মিক্স কৰিব ৷ বাটাৰখিনি মেচ্ট কৰি দিব ৷ গাখীৰ দিব ৷ বেকিং পাউডাৰ দিব ৷ ড্রাই ফ্ৰূইট, কমলাৰ জেষ্ঠ দিব ৷ এতিয়া কণীকেহটা ভাঙি ভালদৰে বেল্ডাৰেৰে ফেটি লব ৷ তাৰ পিছত কেকৰ বাটিটোত ৰিফাইন সানি অলপ শুকান ময়দা ছটিয়াই মিশ্রণটো ঢালি দিব, বাটিটোত মিশ্রণটো চেট হবলৈ দিয়ক ৷ অটিজীত ১৮০ ডিগ্রী চেঃগ্রেডত বেক হবলৈ দিয়ক প্রায় ৪০ মিনিট সময় ৷ সম্পূর্ণ সিজি উঠিলে টুকুৰা টুকুৰকৈ কাটি গৰম চাহৰ লগত পৰিৱেশন কৰক ৷
গাজৰ কেক
উপকৰণঃ
গাজৰ ৰোকা – একাপ
ময়দা – একাপ
চেনি গুড়ি – একাপ
ৰিফাইন একাপ
বেকিং ডেৰ চামুচ
হলাধি গুড়ি আধা চামুচ
বেকিং ছডা ১/৪ চামুচ
গাখীৰ আধা কাপ
কণী ৩টা
ভেনিলা এচেঞ্চ এচামুচ
প্রণালীঃ ময়দা, বেকিং, বেকিং ছডা চালনিৰে চালি লব ৷ কণীকেহটা বাটিত ভাঙি ফেটিব, গুড়ি চেনি মিক্স কৰিব, ৰিফাইন মিক্স কৰিব ৷ এতিয়া মিশ্রণটোত ময়দাখিনি দি একেলগে ভালদৰে ব্লেড কৰিব ৷ এতিয়া ৰোকা গাজৰখিনি দি ভালদৰে মিক্স কৰিব ৷ হলাচি গুড়ি দি গোটেইখিনি ভালকৈ মিক্স কৰি ৰিফাইন সনা কেক টিনত সমানকৈ ঢালি দিব ৷ প্রিহিট অভেনত ১৮০ ডিগ্রী চেঃগ্রেডত বেক কৰক ৩৫ মিনিট ৷ সম্পূর্ণ বেক হলে চাহৰ লগত পৰিৱেশন কৰক ৷
ৰসমলাহ কেক
উপকৰণঃ একাপ ময়দা
একাপ গুড়ি চেনি
একাপ ৰিফাইন
৩টা কণী
এক চাহ চামুচ বেকিং পাউডাৰ
হালধীয়া ফুড কালাৰ
পিষ্টা
ৰেডিমেড ৰসমলাই
কেশৰ
প্রণালীঃ কণীকেহটা এটা বাউলত ফেটি লব ৷ গোটেইখিনি সামগ্রী মিক্স কৰিব ৷ ব্লেডাৰেৰে ভালদৰে মিক্স কৰি কেক টিনত ৰিফাইন সানি ঢালি দিব ৷ এতিয়া কেকটো মাজত ৩ ভাগ কৰি কাটিব ৷ এতিয়া হুইপ ক্রীম হুইপ কৰি লব ৷ এক ড্রপ হালধীয়া ফুড কালাৰ মিক্স কৰিব ৷ আইচিং কৰিব ৷ এতিয়া ষ্টাৰ নজেল দি আইছিঙৰ ওপৰত ৰজেত ফুল বনাই তাত ওপৰত গোল্লা এটা দিব ৷ পিষ্টা মিহিকৈ কাটি ছটিয়াই দিব ৷
পকাকলৰ কেক
পকা কল ২টা
কণী ৩টা
ৰিফাইন তেল ১/২ কাপ
কাজু, কিচমিচ ১/২ কাপ হচ্ছা কৰিলে
ময়দা একাপ
বেকিং পাউডাৰ এক চাহ চামুচ
নিমখ এচিকুট
বাটাৰ
প্রণালীঃ কলকেইটা খুউব মিহিকৈ পিটিকি লব ৷ কণীকেইটা ব্লেণ্ড কৰি লব ৷ গুড়ি চেনি, ময়দা, বেকিং পাউডাৰ ভালদৰে মিক্স কৰি লব ৷ এটা বাউলত সকলোখিনি সামগ্রী খুউব ভালকৈ ফেটি লব ৷ কলখিনিও মিক্স কৰিব ৷ ড্রাই ফ্ৰূইটখিনি মিক্স কৰিব নতুবা ইচ্ছা কৰিলে চেৰীও দিব পাৰে ৷ এতিয়া এটা কেক টিনত ভালদৰে তেল সানি মিশ্রণটো দিব ৷ অভেনত ১৮০ ডিগ্রীত ৩০-৪০ মিনিট বেক কৰিব ৷ কাটা চামুচেৰে খুচি চাওক ভালদৰে বেক হৈছেনে ৷ চাহৰ লগত জুতি লওক কেহবাদিনলৈকে ৷
আটাৰ কেক
আশীর্বাদ ৰঙা আটা একাপ
কণী ৩টা
চেনি আধাকাপতকৈ অলপ বেছি গুড়ি কৰি লব ৷
ৰিফাইন বা বাটাৰ আধা কাপ
যিকোনো ফুলফেট লিকুইড গাখীৰ ১/২বেকিং পাউডাৰ এচামুচ
ছডা আধা চামুচ
চেৰী বা ড্রাই ফ্ৰূইট কেইটামান
নিমখ এচিকুট
প্রণালীঃ প্রথমে আটাখিনি চালি লব ৷ বেকিং পাউডাৰ আৰু ছডা মিক্স কৰিব ৷ এটা বাউলত কণীকেহটা ভাঙি লৈ চেনি গুড়ি, ৰিফাইন, লিকুইড গাখীৰ মিলাই খুউব ভালদৰে মিক্স কৰি ব্লেণ্ডাৰে ব্লেণ্ড কৰিব ৷ এতিয়া আটাখিনি অলপ অলপকৈ চালি চালি ঢালি দিব ৷ নিমখ এচিকুট দিব ৷ এতিয়া কেক বনোৱা টিনটোত অলপ তেল সানি মিশ্রণখিনি ঢালি দিব ৷ ওপৰত ড্রাইফ্ৰূইট বা চেৰীখিনি দিব ৷ প্রি–হিট অভেনত টিনটো ১৮০ডিগ্রীত বেক কৰক ৩০/৪০ মিনিট ৷
ফোনঃ ৭০০২১-৫৩৮৩০