অষ্টিপৰছিছঃ কাৰণ আৰু প্রতিৰোধৰ উপায়

ৰাজীৱ কাশ্যপ

অষ্টিপৰছিছ  হাড়ৰ এনেকুৱা এটা সমস্যা, যত হাড়ত থকা খনিজ পদার্থসমূহ হ্রাস পায় আৰু হয়াৰ বাবে হাড়ৰ ঘনত্ব কমি যায় আৰু সামান্য আঘাত পালে হাড় ভাঙি যায় ৷ আজিকালি বহুত মানুহে এই সমস্যাত ভোগা দেখা যায় ৷ ভাৰতবর্ষত বছৰে ১০ মিলিয়ন লোক এই সমস্যাত ভোগে ৷ অষ্টিপৰছিছ হাড়বোৰ ঠুনুকা হয় ৷ এই সমস্যাটোত ভুগিলে সচৰাচৰ কোনো ধৰণৰ শাৰীৰিক লক্ষণ দেখা পোৱা নাযায় ৷ দেহৰ হাড় যদি কেতিয়াবা সামান্য আঘাত পালে ভাঙি যায়, তেতিয়াহে হাড়বোৰৰ অষ্টিপৰছিছ হোৱা বুলি অনুমান কৰিব পাৰি ৷ এক্সৰে কৰিলে এই সমস্যাটো গম পোৱা যায় ৷ ইয়াৰ বাহিৰেও হাড়ৰ ঘনত্ব পৰীক্ষা কৰিলেও অষ্টিপৰছিছ বেমাৰটো চিনাক্ত কৰিব পাৰি ৷

অষ্টিপৰছিছ বা হাড়ৰ ঘনত্ব কমি যোৱা সমস্যাটো বহুতো কাৰকৰ ওপৰত নির্ভৰ কৰে ৷ সেইবোৰ হৈছে

¨বয়স আৰু লিংগঃ  কম বয়সৰ ব্যক্তিৰ তুলনাত বয়সস্থ লোকৰ অষ্টিপৰছিছ অধিক হয় ৷ মতা মানুহৰ তুলনাত মাইকী মানুহৰ এই সমস্যা অধিক হোৱা দেখা যায় ৷ মাইকী মানুহৰ ৰজোনিবৃত্তিৰ পিছত এই সমস্যা বেছিকৈ হোৱা দেখা যায় ৷

¨বংশগত কাৰকঃ  মাক বা দেউতাকৰ অষ্টিপৰছিছৰ সমস্যা থাকিলে লৰা–ছোৱালীৰো বয়স বাঢ়িলে এই সমস্যাত ভোগা দেখা যায় ৷

¨বহুদিন ধৰি শয্যাশায়ী হৈ থকা লোকসকলৰ অষ্টিপৰছিছ হোৱা দেখা যায় ৷ তদুপৰি ভৰি বা ৰাজহাড়ৰ অস্ত্রোপচাৰৰ কাৰণে বহুদিন লৰচৰ নকৰাকৈ বিছনাত থাকিলে কম বয়সৰ লোকৰো অষ্টিপৰছিছ হোৱা দেখা যায় ৷

¨হৰমনৰ তাৰতম্যৰ বাবেঃ  আমাৰ শৰীৰত কিছুমান হৰমনৰ ক্ষৰণ বাঢ়ি গলে বা কিছুমান হৰমনৰ ক্ষৰণ কমি গলেও অষ্টিপৰছিছ হোৱা দেখা যায় ৷ সেইবোৰ হৈছে

  • যৌন হৰমনৰ ক্ষৰণ কমি গলেঃ  মাইকী মানুহৰ ৰজোনিবৃত্তিৰ সময়ত দেহত ইষ্টোজেন হৰমনৰ পৰিমাণ কমি যায় আৰু এহ কাৰণে প্রধানতঃ মাইকী মানুহৰ অষ্টিপৰছিছ হোৱা দেখা যায় ৷ মতা মানুহৰ ক্ষেত্রত বয়সৰ লগে লগে দেহত টেষ্টোষ্টেৰনৰ পৰিমাণ কমি যায় আৰু ইয়াৰ বাবেও অষ্টিপৰছিছ হব পাৰে ৷  মতা মানুহৰ প্রষ্টেটৰ কর্কট ৰোগৰ চিকিৎসাৰ সময়ত দেহত টেষ্টোষ্টেৰন কমি যায় আৰু সেহদৰে মাইকী মানুহৰো স্তনৰ কর্কট ৰোগৰ চিকিৎসাৰ সময়তো দেহত হষ্টোজেনৰ পৰিমাণ কমি যায় ৷ সেই কাৰণে এনে ৰোগীসকলৰো অষ্টিপৰছিছ হোৱা দেখা যায় ৷
  • দেহত থাহৰয়ড হৰমনৰ ক্ষৰণ বাঢ়িলেও অষ্টিপৰছিছ হোৱা দেখা যায় ৷
  • পেৰাথাইৰয়ড আৰু এড্রিনেল হৰমনৰ ক্ষৰণ অধিক হলেও হাড়ত থকা খনিজ পদার্থৰ পৰিমাণ কমি যায় আৰু অষ্টিপৰছিছ হোৱা দেখা যায় ৷

¨পুষ্টিৰ অভাৱ হলেঃ  আমি খোৱা খাদ্যত কেলছিয়াম, ফচফৰাছ আদি খনিজ পদার্থ যিবোৰ হাড় গঠনৰ বাবে অতি প্রয়োজনীয়ৰ অভাৱ হলে হাড়বোৰ দুর্বল হব পাৰে ৷ বিভিন্ন পেটৰ অসুখ বা যিকোনো অসুখৰ বাবে ভালদৰে খোৱা–বোৱা কৰিব নোৱাৰিলে দেহত এইবোৰ খনিজ পদার্থৰ অভাৱ হোৱা দেখা যায় ৷ যিসকল ব্যক্তিৰ দেহৰ ওজন কম থাকে তেনে ব্যক্তিৰ শৰীৰতো কেলছিয়ামৰ অভাৱ দেখা পোৱা যায় ৷

¨ভিটামিন–ডিৰ অভাৱ হলেঃ  হাড়ৰ গঠন মজবুত হবলৈ ভিটামিন–ডি অতি প্রয়োজনীয় ৷ ভিটামিন–ডিয়ে হাড়ৰ বাবে প্রয়োজনীয় উপাদান কেলছিয়াম, ফচফৰাচ, মেগনেছিয়াম আদি খাদ্যৰ পৰা অৱশোষণ কৰোৱায় ৷ আমি খোৱা খাদ্য হজম হোৱাৰ পিছত ক্ষুদ্রান্তত অৱশোষণ হয় আৰু তাৰ পিছত শৰীৰে পুষ্টি লাভ কৰে ৷ খাদ্যৰ খনিজ পদার্থসমূহ অৱশোষণ হবলৈ ভিটামিন–ডি অতি প্রয়োজনীয় ৷ খাদ্যত কেলছিয়াম, ফচফৰাছ আদি যথেষ্ট পৰিমাণে থাকিলেও যদি সেইবোৰ ক্ষুদ্রান্তত অৱশোষিত নহলে দেহত এইবোৰ উপাদানৰ অভাৱ হয় আৰু হাড়বোৰ দুর্বল হৈ অষ্টিপৰছিছ হব পাৰে ৷

¨কিছুমান গেষ্ট্রো–ইনষ্টেছটেনে ছার্জাৰী(Gastrointestinal Surgery)ৰ কাৰণে কেতিয়াবা পাকস্থলীৰ আকাৰ সৰু হৈ যায় আৰু হয়াৰ বাবে ক্ষুদ্রান্তই দেহৰ বাবে প্রয়োজনীয় পুষ্টি আৰু খনিজ পদার্থসমূহ সম্পূর্ণকৈ অৱশোষণ কৰিব নোৱাৰে ৷ ইয়াৰ ফলত দেহৰ ওজন কমে আৰু হাড়ৰ অষ্টিপৰছিছ হয় ৷

¨ষ্টেৰয়ড আৰু অন্য কিছুমান দৰবৰ বাবেঃ  মুখেৰে খোৱা বা বেজীৰে দীঘলীয়া সময়ৰ বাবে কর্টিটোষ্টৰয়ডযুক্ত্ ঔষধ গ্রহণ কৰিলেও হাড়ৰ অষ্টিপৰছিছ হয় ৷ ইয়াৰ উপৰি কিছুমান ৰোগ যেনে– মৃগী ৰোগ, বাত–বিষ, বৃক্ক আৰু কলিজাৰ ৰোগ, বিভিন্ন ধৰণৰ কর্কট ৰোগ আদিৰ দৰব সেৱনৰ ফলতো অষ্টিপৰছিছ হব পাৰে ৷

¨অষ্টিআর্থৰাহটিছ, বাত বিষ আদি গাঁঠিৰ বিষত ভুগি থকা ৰোগীসকলৰো অষ্টিপৰছিছ হোৱা দেখা যায় ৷

¨জীৱন ধাৰণৰ শৈলীঃ  জীৱন ধাৰণৰ শৈলীৰ বাবেও অষ্টিপৰছিছৰ সমস্যাটো দিনে দিনে বাঢ়ি গৈছে ৷ প্রযুক্তিবিদ্যাৰ উন্নতি সাধন হোৱাৰ লগে লগে আমাৰ শাৰীৰিক পৰিশ্রম কমি আহিছে ৷ শাৰীৰিক পৰিশ্রম কৰা লোকসকলৰ তুলনাত পৰিশ্রম নকৰা লোকসকলৰ অষ্টিপৰছিছৰ সমস্যা বেছি হোৱা দেখা যায় ৷ তদুপৰি পৰিশ্রমহীন জীৱন যাপনৰ বাবে বহু মানুহে দেহৰ ওজন বৃদ্ধি আৰু মেদবহুলতাৰ দৰে সমস্যাৰ চিকাৰ হৈছে ৷ ইয়াৰ ফলতো অষ্টিপৰছিছ সমস্যা বাঢ়ি গৈছে ৷ তদুপৰি দৈনিক মদ্যপান কৰা আৰু ধঁপাতজাতীয় বস্তু সেৱন কৰা লোকসকলৰো অষ্টিপৰছিছ হোৱা দেখা যায় ৷

অষ্টিপৰছিছ পৰা হব পৰা প্রধান জটিলতা হৈছে সাধাৰণ আঘাততে হাড় ভঙা ৷ প্রধানতঃ ভৰিৰ নিতম্বৰ হাড় অৰু ৰাজহাড় বেছিকৈ ভঙা দেখা যায় ৷ হাতৰ আৰু মণিবন্ধৰ গাঁঠিৰ হাড় প্রায়ে ভঙা দেখা যায় ৷ কেতিয়াবা কোনো ধৰণৰ আঘাত নোপোৱাকৈ ৰাজহাড় গঠন কৰা কশেৰুকা ভাঙি যায় আৰু হয়াৰ ফলত কঁকাল, পিঠিত বিষ হয়, ব্যক্তিৰ উচ্চতা কমি যোৱা আদি লক্ষণ দেখা দিয়ে ৷

অষ্টিপৰছিছৰ যিহেতু কোনো বাহ্যিক লক্ষণ দেখা নাযায়, গতিকে প্রাৰম্ভিক অৱস্থাত ইয়াক সচৰাচৰ চিনাক্ত কৰিব পৰা নাযায় ৷ দৰবৰ দ্বাৰা অষ্টিপৰছিছ ভাল কৰিব নোৱাৰি ৷ ইয়াৰ চিকিৎসাৰ বাবে যিবোৰ দৰব ব্যৱহাৰ কৰা হয়, সেইবোৰ হাড় নাভাঙিবলৈহে ব্যৱহাৰ কৰা হয় ৷ গতিকে আমাৰ দেহৰ হাড়বোৰ অষ্টিপৰছিছ নোহোৱাকৈ ৰাখিব পৰাটোৱে ইয়াৰ প্রধান চিকিৎসা ৷ ইয়াৰ বাবে আমি কেইটামান কথাত সদায় গুৰুত্ব দিব লাগে ৷ সেইকেইটা হলঃ

  • প্রটিনযুক্ত খাদ্য গ্রহণঃ  হাড়ৰ গঠনৰ বাবে প্রটিন এটা প্রধান উপাদান ৷ আমি খাদ্যত যথেষ্ট পৰিমাণে প্রটিন গ্রহণ কৰিব লাগে ৷ প্রটিন থকা খাদ্য হৈছে মাছ, মাংস, কণী, গাখীৰ, চয়াবিন, মটৰ, বিন, ৰাজমাহ, উৰহী, দাইলজাতীয় খাদ্যত প্রটিন থাকে ৷ বয়সস্থ লোকসকলে যদি কিবা ৰোগৰ বাবে এই প্রটিনযুক্ত খাদ্যসমূহ খাব নোৱাৰে, তেনেহলে ডাক্তৰৰ পৰামর্শ অনুসৰি কিছুমান প্রটিন ছাপ্লিমেণ্ট গ্রহণ কৰিব পাৰে ৷
  • দেহৰ ওজন নিয়ন্ত্রিত কৰিব লাগেঃ  দেহৰ ওজন প্রয়োজনতকৈ বেছি কম থাকিলে নাইবা বহুত বেছি থাকিলে শৰীৰৰ হাড়বোৰৰ অষ্টিপৰছিছ হব পাৰে ৷ সেয়েহে দেহৰ ওজন নিয়ন্ত্রিত কৰি ৰখাটো অতি প্রয়োজনীয় ৷
  • খাদ্যত প্রয়োজনীয় কেলচিয়াম গ্রহণঃ  হাড়ৰ বাবে কেলচিয়াম অতি প্রয়োজনীয় উপাদান ৷ ১৮ৰ পৰা ৫০ বছৰৰ পুৰুষ আৰু মহিলাই দৈনিক খাদ্যত ১০০০ মিলিগ্রাম কেলচিয়াম গ্রহণ কৰিব লাগে ৷ ৫০ৰ পৰা ৭০ বছৰৰ মহিলাসকলে প্রায় ১২০০ মিলিগ্রাম কেলচিয়াম গ্রহণ কৰিব লাগে ৷ কেলচিয়ামযুক্ত খাদ্য হৈছে গাখীৰ, কণী, মাংস, সেউজীয়া শাক–পাচলি, গাখীৰৰ পৰা প্রস্তুত কৰা খাদ্য আদি ৷ খাদ্যত প্রয়োজনীয় কেলচিয়াম নাপালে  কিছুমান কেলচিয়ামৰ দৰব বা ছাপ্লিমেণ্ট গ্রহণ কৰা উচিত ৷
  • ভিটামিন ডি গ্রহণঃ  আগতে উল্লেখ কৰি আহিছোঁ যে ভিটামিন ডিয়ে খাদ্যৰ কেলচিয়াম অৱশোষণ কৰি হাড়ত জমা কৰে৷ শৰীৰত ভিটামিন–ডিৰ অভাৱ হলে হাড়বোৰ দুর্বল হয় ৷ সূর্যৰ পোহৰ আমাৰ শৰীৰত পৰিলে আমাৰ ছালখনে ভিটামিন–ডি প্রস্তুত কৰি লয় ৷ পুৱা সময়ৰ ৰদ মাত্র ১৫-২০ মিনিট আমাৰ দেহত পৰিলে প্রয়োজনীয় ভিটামিন–ডিখিনি ছালে প্রস্তুত কৰি লয় ৷ ইয়াৰ উপৰি কিছুমান খাদ্যতো কিছু পৰিমাণে ভিটামিন–ডি পোৱা যায় ৷ সেইবোৰ হৈছে চর্বিযুক্ত মাছৰ ছাল, কণীৰ কুহুম, চিজ, কাঠফুলা, গাখীৰ আদি ৷ সকলো ভিটামিনৰ ভিতৰত ভিটামিন–ডি অতি সহজলভ্য যদিও বর্তমান সময়ত সৰু লৰা–ছোৱালীৰ, যুৱক–যুৱতী, বয়সস্থ সকলো বয়সৰ লোকে হয়াৰ অভাৱত ভোগা দেখা যায় ৷ আমাৰ অত্যাধুনিক জীৱনশৈলীয়ে ইয়াৰ বাবে জগৰীয়া ৷ বহুতো ব্যক্তিয়ে সপ্তাহতো ১০-১৫ মিনিটৰ বাবে ৰদত নোলায় আৰু খাদ্যৰ পৰা সম্পূর্ণ প্রয়োজনীয় ভিটামিন–ডি পাব নোৱাৰি ৷ সেয়েহে ৰদ দেহত লগোৱা সকলো মানুহৰ বাবে অতি প্রয়োজনীয় ৷ তেজত ভিটামিন–ডি পৰীক্ষা কৰিব পাৰি আৰু ইয়াৰ পৰিমাণ অধিক কমি গলে দৰব খোৱা উচিত ৷
  • ব্যায়ামঃ  হাড়বোৰ শক্তিশালী কৰিবলৈ ব্যায়াম অতি প্রয়োজনীয় ৷ মাংসপেশীৰ জোৰ বঢ়াবলৈ কৰা ব্যায়ামে হাড়বোৰ মজবুত কৰে ৷ ইয়াৰ উপৰি বেগাই খোজ কা, দৌৰা, জগিং কৰা, স্কিপিং কৰা আদি ব্যায়ামে ভৰিৰ হাড় তথা ৰাজহাড় সবল কৰে ৷ ওজন দঙা, পুচ–আপ, ছিট–আপ আদি ব্যায়ামেও হাড় মজবুত কৰে ৷ অৱশ্যে অষ্টিপৰছিছ হোৱাত বাধা দিবলৈ সাঁতোৰা বা চাইকেল চলোৱা ব্যায়াম সিমান উপকাৰী নহয় ৷ দেহৰ ভাৰসাম্য ঠিক ৰাখিবলৈ কিছুমান ব্যায়াম আছে ৷ সেইবোৰ কৰিলে মানুহ এজন সহজে নপৰে ৷ বয়সস্থ লোকৰ বাবে এই ব্যায়াম অতি উপকাৰী হয় ৷

মুঠতে নিয়মিত ব্যায়াম, উপযুক্ত খাদ্যগ্রহণ আৰু জীৱনশৈলীৰ কিছু পৰিৱর্তন কৰি আমি অষ্টিপৰছিছৰ সমস্যাটোৰ পৰা হাত সাৰিব পাৰোঁ ৷

ফোনঃ  ৮৬৩৮২-৭২৮৬৩

You might also like

Comments are closed, but trackbacks and pingbacks are open.