কাজল সনা দুচকু

মালা মহন্ত

চকু ব্যক্তিত্বৰ দাপোণ৷ চকুৱে কথা কয় ৷ কাজল সনা দুচকু ৷ কতনো বর্ণনা চকুৰ সৌন্দর্যক লৈ আমি শুনি আহিছোঁ তাহানিৰ দিনৰে পৰা ৷ দুচকুৰ উজ্জ্বলতাত ব্যক্ত হয় মনৰ ভাব ৷

শীতৰ আগমনৰ লগে লগে জলবায়ু হৈ পৰে শুকান আৰু আর্দ্রতাহীন ৷ সেয়েহে শীতৰ দিনকেহটাত চকুযুৰিৰ লবলগীয়া নিয়মিত যতন আৰু কেহটামান সাধাৰণ সমস্যা নিবাৰণৰ উপায় আগবঢ়ালোঁ

  • পুৱা শুই উঠি প্রথমেই পৰিষ্কাৰ ঠাণ্ডা পানীৰে চকুযুৰি ধুব ৷
  • অন্ধকাৰ কোঠাত টিভি নাচাব ৷
  • ৰাতি বহু দেৰিলৈকে উজাগৰে নাথাকিব ৷ ই চকুযুৰিৰ তলৰ কলা দাগৰ সমস্যা ববাই তুলিব ৷
  • দৈনিক অন্ততঃ ৮-১০ গিলাচ পানী খাব ৷
  • নিশা যিমানেই পলম নহওক, চকুযুৰিৰ মেক–আপ আঁতৰাহহে শুবলৈ যাব ৷
  • চকুযুৰিৰ চাৰিওকাষৰ ছালখনৰ সৌন্দর্য অটুট ৰাখিবলৈ ভাল ব্রেণ্ডৰ আণ্ডাৰ আই ক্রীম বা জেল নিয়মিত ব্যৱহাৰ কৰিব ৷
  • চকুযুৰিৰ প্রসাধন ক্রয় কৰোঁতে আপোচ নকৰি ভাল ব্রেণ্ডৰ উপযোগিতা চাইহে ক্রয় কৰিব ৷

চকুযুৰিৰ চাৰিওকাষৰ বলিৰেখাৰ সমস্যা

  • দুটা এপ্রিকট ভালদৰে ধুই ৰুকি লব ৷ ইয়াৰ লগত চাহ চামুচেৰে দুচামুচ কাঠবাদাম তেল মিহলাই লব ৷ এই মিশ্রণেৰে চকুযুৰিৰ চাৰিওকাষৰ ছালখন লাহে লাহে মালিচ কৰিব ৷ দই মিনিটৰ পিছত গোলাপৰ পানীত কপাই তিয়াই ছালখন মচি পেলাব ৷
  • চাহ চামুচেৰে আধাচামুচ ঘিউ, কেইটোপালমান আমলখিৰ ৰস আৰু কাঠবাদামৰ তেল একেলগে মিহলাহ লব ৷ এই মিশ্রণেৰে চকুযুৰিৰ চাৰিওকাষ মালিচ কৰিব ৷ দহ মিনিটৰ পিছত কপাই পানীত তিয়াই মচি লব ৷
  • দুচামুচ গাখীৰৰ সৰ আৰু আটা একেলগে মিহলাই এটা পেক তৈয়াৰ কৰি লব ৷ চকুযুৰিৰ চাৰিওকাষৰ ছালখনত দহ মিনিটৰ বাবে লগাই ধুই পেলাব ৷
  • এচামুচ গাখীৰৰ সৰ, কেহটোপালমান মৌ আৰু চন্দন তেল একেলহে মিহলাই চকুযুৰিৰ চাৰিওকাষ মালিচ কৰিব ৷ দহ মিনিটৰ পিছত কপাই পানীত তিয়াই মচি লব ৷

চকুৰ তল ফুলা বা আই পেডৰ সমস্যা

  • খোৱা–বোৱাৰ প্রতি বিশেষ মনোযোগ দিব ৷
  • সুৰাপান বর্জন কৰিব ৷
  • নিয়মিত ৮ ঘণ্ঢা শুবলৈ চেষ্টা কৰিব ৷
  • দুটা টি–বেগ উতলাই লিকাৰ হোৱাৰ পিছত ফ্রীজত থৈ ঠাণ্ডা কৰি লব ৷ ঠাণ্ডা টি–বেগ চকুযুৰিৰ ওপৰত থৈ আধা ঘণ্ঢাৰ বাবে চিৎ হৈ শুহ জিৰণি লব ৷ তিয়ঁহৰ ৰসত কপাই তিয়াই চকুযুৰিৰ চাৰিওকাষৰ ছালখন মচি লব ৷
  • কুমলীয়া জিকাৰ ৰস এচামুচ, তুলসীৰ ৰস আৰু কেঁচা হালধিৰ ৰস একেলগে মিহলাই চকুযুৰিৰ চাৰিওকাষৰ ছালত লগাব ৷ শুকুৱাৰ পিছত ধুই পেলাব ৷
  • দুচামুচ কমলাৰ ৰস বা আঙুৰৰ ৰস কপাহত তিয়াই চকুযুৰিৰ ওপৰত দিব ৷ ১০ মিনিটৰ পিছত তুলি দিব ৷ কেহটোপালমান কাঠবাদামৰ তেলেৰে চকুযুৰিৰ চাৰিওকাষ মালিচ কৰি তিতা কপাহেৰে মচি পেলাব ৷
  • দুচামুচ মৌ আৰু আধা চামুচ আটা একেলগে মিহলাই লব ৷ দুচকুৰ চাৰিওকাষৰ ছালখনত লগাব ৷ দহ মিনিটৰ পিছত তিতা কপাহেৰে তুলি পেলাব ৷ কাঠবাদামৰ তেলৰ লগত কেহটোপালমান ৰোজ অহল মিহলাই চকুযুৰিৰ চাৰিওকাষ মালিচ কৰিব ৷ তিয়ঁহৰ ৰসত কপাহ তিয়াই মচিব ৷

চকুৰ তলৰ কলা দাগৰ সমস্যা

  • মানসিক ছাপ, দুষ্চিন্তামুক্ত হৈ থাকিবলৈ চেষ্টা কৰিব ৷
  • দৈনিক ৬-৮ ঘণ্ঢা শুবলৈ যত্ন কৰিব ৷
  • ৰাতি শোৱাৰ পূর্বে এগিলাচ কুহুমীয়া গাখীৰ খোৱাৰ অভ্যাস গঢ়ি লওক ৷
  • দৈনিক এগিলাচ বিলাহীৰ ৰস খাব ৷
  • কাঠবাদাম তিয়াই পিহি গাখীৰৰ লগত মিহলাই খাব ৷
  • শিলিখা পিহি চকুৰ তলৰ অংশত লগাহ বিশ মিনিটৰ পিছত পানীৰে ধুই পেলাব ৷
  • দুটা ভিটামিন–ই কেপছুলৰ ভিতৰ অংশ আৰু কেইটোপালমান জলফাইৰ তেল একেলগে মিহলাই চকুৰ চাৰিওকাষৰ ছালখন মালিচ কৰিব ৷ দহ মিনিটৰ পিছত তিতা কপাহেৰে মচি পেলাব ৷ এনে কৰিলে চকুৰ তলৰ কলা দাগ নাইকিয়া হোৱাৰ লগতে চকুযুৰি ফুলা ভাব কমিব ৷
  • এটা আলু পুৰি ঠাণ্ডা হোৱাৰ পিছত পৰিষ্কাৰকৈ ধুই বাকলি গুচাই পিটিকি লব ৷ এচামুচ তিয়ঁহৰ ৰস আৰু আলুৰ ৰস মিহলাব ৷ চকুযুৰিৰ তলত দহ মিনিট সময় লগাই পিছত তিতা কপাহেৰে মচি পেলাব ৷ চি–উইড জেল লগাব ৷
  • এচামুচ পকা অমিতা পিটিকি চকুৰ তলত লগাহ বিশ মিনিটৰ পিছত গোলাপৰ পানীত কপাই তিয়াই মচি লব ৷
  • এচামুচ বিলাহীৰ ৰস, আধা চামুচ নেমুৰ ৰস, আধা চামুচ বেচন আৰু এচিকুটমান হালধি গুড়ি একেলগে মিহলাব ৷ চকুযুৰিৰ চাৰিওকাষৰ ছালখনত লগাহ চিৎ হৈ শুই জিৰণি লব ৷ আধা ঘণ্টাৰ পিছত আলুৰ ৰসত কপাহ তিয়াই মচি লব ৷ নিয়মিত কৰিলে এমাহ মানতে সুফল পাব ৷

চকুৰ পতাৰ বগা দাগৰ সমস্যা

  • চিকিৎসকৰ পৰামর্শ লৈ কলেষ্টৰেল হৈছে নেকি পৰীক্ষা কৰাই লব ৷
  • আলুৰ ৰস, নেমুৰ ৰস আৰু তিয়ঁহৰ ৰস একেলহে মিহলাই চকুৰ ওপৰত লগাই দহ মিনিটৰ পিছত গোলাপৰ পানীৰে ধুই লব ৷
  • এচামুচ এপ্রিকট অইলৰ লগত কেহটোপালমান লেভেণ্ডাৰ, চন্দন আৰু ৰোজ অহল মিহলাই চকুযুৰিৰ চাৰিওকাষৰ ছালখন মালিচ কৰিব ৷ দহ মিনিটৰ পিছত গোলাপৰ পানীত কপাহ তিয়াই মচি লব ৷

চেলাউৰিৰ নোম কম হোৱাৰ সমস্যা

  • কাঠবাদামৰ তেল আৰু নাৰিকলৰ তেল একেলগে মিহলাই চেলাউৰিত নিয়মিত লগাব ৷
  • কেইটোপালমান এৰাগুটিৰ তেল, নিম তেল আৰু ৰোজমেৰী অইল একেলগে মিহলাই চেলাউৰিত লগাব ৷
  • ধনিয়াপাতৰ ৰস দহ মিনিটৰ বাবে নিয়মিত চেলাউৰিত লগালেও সুফল পাব ৷

বোনাছ টিপছঃ

চকুৰ প্রসাধন

যিকোনো এযুৰি চকুকেই সঠিক প্রসাধনে আকর্ষণীয় কৰি তুলিব পাৰে ৷  ইয়াৰ বাবে প্রথমে মুখখনৰ সৈতে ৰজিতা খুৱাই চেলাউৰিযোৰ থ্রেডিং কৰাব ৷ পিছত ব্রাছেৰে ওপৰমুৱাকৈ চেলাউৰিযোৰ আঁচুৰি কলা বা ব্রাউন ৰঙৰ আহব্রক্স পেঞ্চিলেৰে সৰু সৰু ষ্ট্রক দি পাতলকৈ আঁকি লব ৷ চেলাউৰিৰ ঠিক মধ্যবিন্দু পোৱাৰ লগে লগে ষ্ট্রক তলমুৱা কৰিব ৷ একো এবাৰ চেলাউৰিযোৰ আঁচুৰি লওক ৷ চকুত পাতল বাদামী ৰঙৰ আইশ্বেড লগালে যিকোনো সাজৰ লগত শুৱাব ৷ তদুপৰি চকুযুৰিৰ আকাৰ সলনি কৰিবলৈ বিভিন্ন ৰঙৰ আইশ্বেডৰে হাইলাইট কৰিব পাৰি ৷ চকুযুৰিৰ এটা কোণৰ পৰা আনটো কোণলৈ নিখুঁতভাৱে আইলাইনাৰ বা কাজল লগালেও উজ্জ্বল হৈ পৰিব ৷ প্রয়োজনত মাস্কাৰাও ব্যৱহাৰ কৰিব পাৰে ৷  দৈনিক চকুৰ প্রসাধন আঁতৰাবলৈ তিতা কপাহত সামান্য আহৰিমভিং ক্লীনজাৰ লৈ আলফুলে চকুযুৰি মচিব ৷ কেতিয়াবা বিশেষ কাৰণত ঘৰলৈ উভতি অহাত পলম হলেও শোৱাৰ আগতে চকুৰ প্রসাধন মচিবলৈ এলাহ নকৰিব ৷

ফোনঃ  ৯৬৭৮২-৫৭৫১৪

You might also like
Leave A Reply

Your email address will not be published.