পঞ্চাশ বছৰৰ পিছত আঁঠুৰ যতন

প্রাঞ্জল প্রতিম বৰা

আঁঠুৰ গাঠি আমাৰ শৰীৰৰ এটা গুৰুত্বপূর্ণ গাঁঠি যাক weight bearing joint বুলিও জনা যায় ৷ যিহেতু ই আমাৰ শৰীৰৰ ওজন বহন কৰে ৷ মানুহক এঠাইৰ পৰা আন এঠাইলৈ চলাচল কৰিবলৈ বা বিভিন্ন ক্রিয়াকলাপ যেনে– দৌৰা, জঁপিওৱা, জগি কৰা, থিয় হোৱা, বহা আদি বিভিন্ন কাৰণে আটাইতকৈ বেছি ব্যৱহাৰ হোৱা গাঁঠিটোৱেই হল আঁঠুৰ গাঁঠি বা আঁঠু ৷ খোজ কােোঁতে আমি  আঁঠু চিধা অৱস্থা আৰু ভাঁজ খোৱা অৱস্থা কৰিহে আগবাঢ়িব পাৰোঁ ৷ মানুহে এটা সুস্থ–সবল শৰীৰৰ বাবে ব্যায়াম, দৌৰা, স্কিপিং, চাইক্লিং আদি কৰে ৷ সুস্থ শৰীৰৰ উপৰি শৰীৰৰ গাঁঠিবোৰ শক্তিশালী কৰি ৰাখিবলৈ ব্যায়ামৰ প্রয়োজন, কাৰণ ব্যায়াম, দৌৰা, খোজকঢ়া আদি কৰিলে গাঁঠিবোৰত অক্সিজেনযুক্ত তেজৰ চলাচল বৃদ্ধি হয় আৰু নিউড্রিচন বৃদ্ধি হয় ৷

কিন্তু সাধাৰণতে বহুতো সময়ত দেখা যায় যে মানুহে ৪০ বা ৫০ বছৰৰ পিছতহে ব্যায়াম, জগিং, ৰানিং আদিৰ প্রতি বেছি সচেতন হয় আৰু কেতিয়াবা জোখতকৈ বেছি এক্টিভিটীও কৰা দেখা যায় ৷ বয়সৰ লাগে লাগে আমাক ব্যায়মাৰ প্রয়োজন, কিন্তু over activity কৰাৰ ফলত গম নোপোৱাকৈয়ে কেতিয়াবা বহুতো অনিষ্ট সাধনো হব পাৰে ৷ কাৰণ আমি বয়স বা বয়সৰ ফলত হোৱা সলনিসমূহ কেতিয়াও নোহোৱা কৰিব নোৱাৰোঁ ৷ কেৱল বয়স ববাৰ লগে লগে শৰীৰত যিবোৰ সলনি আহি পৰে, সেহবোৰ কিছু পলম কৰিব পাৰোঁ বা কিছু পৰিমাণে নিজকে protect কৰিব পাৰোঁ ৷ আমি সক্রিয় হৈ থকাটো অতি প্রয়োজন, কিন্তু চাব লাগিব যে over activity কৰি বিপদত নপৰোঁ ৷ আঁঠু শক্তিশালী কৰি ৰাখিবলৈquadricep muscleকে আৰম্ভ কৰি আঁঠুৰ ওপৰৰ আৰু কাষৰ মাচ্লসমূহ শক্তিশালী কৰি ৰখাৰ প্রয়োজন ৷ গতিকে ৪০-৫০ বছৰৰ ওপৰৰ লোকসকলে আঁঠুৰ বাবে ব্যায়াম কৰিলে এহকেহটা কথাত গুৰুত্ব দিব

  • যদিহে ব্যায়াম কৰা বা দৌৰাৰ পিছত বিষ হয় বা আঁঠু ফুলি উঠে ব্যায়াম বা দৌৰা বন্ধ কৰিব ৷
  • আপোনাৰ ওজন নিয়ন্ত্রণ কৰাটো প্রয়োজন ৷ কিন্তু ৫০ বছৰৰ বেছি বয়সৰ লোকসকল যিসকলৰ ইতিমধ্যে ওজন বৃদ্ধি হৈছে, তেওঁলোকে ওজন কমাবলৈ জঁপিওৱা, দৌৰা, স্কিপি আদি কৰাটো কেতিয়াবা বিপজ্জনক হব পাৰে ৷ কাৰণ আপোনাৰ হতিমধ্যে ওজন বাঢ়ি আছে, গতিকে আপোনাৰ আঠুদুটাহ অধিক ওজনৰ ভৰ লৈয়ে আছে৷এনে অৱস্থাত জোৰকৈ দৌৰা, জপিওৱা আদি কৰিলে আঠুত আঘাত পোৱাৰ সম্ভাৱনা থাকে ৷
  • বয়সৰ লগে লগে ব্রজাসনৰ দৰে আসন কৰিলে যদি অসুবিধা পায় নকৰিব ৷
  • ওজন নিয়ন্ত্রণত ৰাখিব, কাৰণ আপোনাৰ ওজন যদি ৬০ কেজি হয়, তেন্তে আপোনাৰ প্রতিটো খোজত আঁঠু দুটাই প্রায় ৯০ কেজিকৈ ওজন লব লগা হয় ৷
  • যথেষ্ট পৰিমাণে পানী খাব আন ইনার্জি ড্রিংকৰ সলনি ৷ কাৰণ আঁঠুৰ কাষত থকা cartilage–এ আমাৰ আঁঠুৰ গাঁঠিক protect কৰে ৷ যদিহে শৰীৰত পানী কমি যায়, তেন্তে আমাৰ শৰীৰে সেই পানী cartilage ৰ পৰা শুহি লব ৷
  • যদিহে আপোনাৰ বয়স ৫০ বছৰৰ ওপৰত তেনেহলে আপুনি squatting বা আঁঠু কোঁচাই আঁঠুৰ ওপৰত বহা ব্যায়াম কৰোঁতে সাৱধান হব ৷ ৯০ ডিগ্রীতকৈ বেছি আঁঠু নোকোঁচাই যাতে বা আঁঠু কোঁচাই আঁঠুৰ ওপৰত বহোতে কঁকালৰ গাঁঠি আঁঠুৰ তললৈ নাহে যাতে ৷
  • এখন ভৰিৰ ওপৰত এখন ভৰি উঠাই নবহিব বা cross leg sitting নকৰিব ৷ বিশেষকৈ গাড়ীৰে যাত্রা কৰাৰ সময়ত ৷
  • চাপৰ চকী বা টুল আদিত নবহিব ৷
  • ভৰিৰ মাচ্লসমূহ শক্তিশালী কৰি ৰাখিবলৈ ঘৰতে কেতবোৰ ব্যায়াম কৰিব পাৰে, যেনে– বহি বা শুই থকা অৱস্থাত ভৰি দুখন এখন এখনকৈ কিছু সময়ৰ বাবে চিধাকৈ দাঙি ৰাখিব পাৰে, আঁঠুত knee cap মাৰি মাত্র এটা বা দুটা চিৰি কেইমিনিটমানৰ বাবে উঠা–নমা কৰিব পাৰে ৷

খোজ কােঢ়োতে মনত ৰাখিব

  • সন্মুখলৈ চিধাকৈ চাই খোজ কাঢ়িব ৷ ভৰিৰ ফালে চাই খোজ নাকাঢ়িব৷
  • খোজ কােঢ়োতে হাত দুখন swing কৰিব ৷
  • দীঘল দীঘল খোজ নিদিব ৷ প্রথম অৱস্থাত খোজবোৰ চুটি চুটিকৈ দিব ৷
  • প্রথম সপ্তাহত ১০ মিনিটকৈ ৩ দিনৰ বাবে খোজ কাঢ়িব পাৰে ৷
  • তাৰ পিছৰ সপ্তাহত ৩ দিনৰ বাবেই খোজ কাঢ়িব, কিন্তু ২ মিনিটকৈ বঢ়াই নিব, ১২ ১৪ আৰু ১৬ মিনিটকৈ ৷
  • তৃতীয় সপ্তাহত ১৮ ২০ আৰু ২২ মিনিটকৈ ৩ দিন ৷
  • এইদৰে বঢ়াই নি আপুনি ৫ বা ৬ সপ্তাহত খোজ কাৰ এটা দিন সপ্তাহত বঢ়াব পাৰে  সপ্তাহত ৪ দিন ৩০ মিনিটৰ বাবে ৷
  • এইদৰে ক্রমান্বয়ে খোজ কাৰ সময় বৃদ্ধি কৰিব পাৰে ৷

You might also like

Comments are closed, but trackbacks and pingbacks are open.