মেৰেলজিয়া পেৰেচথেটিকা

প্রাঞ্জল প্রতিম বৰা

মেৰেলজিয়া পেৰেচথেটিকা(Meralgia Parenthetical) হল আমাৰ স্নায়ুজনিত ব নার্ভৰ লগত জড়িত এটা অৱস্থা ৷ কিছুমান মানুহে ভৰিৰ সন্মুখ বা বাহিৰ ফালে, অর্থাৎ আঁঠুৰ ওপৰৰ অংশত, ভৰিখনৰ সন্মুখৰ ভাগ, যাক আমি উৰু অংশ বুলি জানো, সেই অংশত তীব্র বিষ অনুভৱ কৰে ৷ এনে হোৱাৰ এটা প্রধান কাৰণ হল, আমাৰ ৰাজহাড় বা Spine L2, L3ৰ পৰা ওলাই ভৰিৰ Thigh বা উৰুৰ ফালে যোৱা LFCN বা Lateral Femoral Cutaneous Nerveত হোৱাcompression বা এই LFCN  নার্ভডাল চেপা খোৱা৷ এই LFCN নার্ভডাল হৈছে এডাল sensory nerve, motor nerve নহয় ৷ গতিকে এই নার্ভডালত চেপা খালেsensationতহে বাধা আহে,movementত বাধা নহয় ৷ গতিকেLFCN নার্ভ চেপা খালে এজন লোকে ভৰিৰ উৰুৰ ওচৰত বিষ বা আন কোনো বিষৰ দৰেsensation অনুভৱ কৰিব পাৰে৷ বাকী তেওঁৰ চলা–ফিৰাত একো অসুবিধা নহয় ৷ এই অৱস্থাটোক মেৰেলজিয়া পেৰেচথেটিক হিচাপে জনা যায় ৷

মেৰেলজিয়া পেৰেচথেটিকাৰ কাৰণঃ

  • শৰীৰৰ ওজন বঢ়া আৰু মেদবহুলতা এটা বিশেষ কাৰণ হব পাৰে ৷
  • টান হৈ যোৱা কাপোৰ, পেণ্ট পিন্ধা বা টানকৈ কঁকালত বেচ্ট মাৰা লোকৰ LFCN নার্ভcompress হোৱাৰ যথেষ্ট সম্ভাৱনা থাকে ৷
  • যদি কঁকালত অতি গধুৰ বেচ্ট পিন্ধে, তেতিয়াও এনে হোৱাৰ সম্ভাৱনা থাকে ৷
  • গাড়ী ৰ ছীটবেচ্টৰ পৰা হোৱা ইনজুৰীৰ পৰাও মেৰেলজিয়া পেৰেচথেটিকাৰ সমস্যা হব পাৰে ৷
  • হাইপথাইৰডিজম ৷
  • মধুমেহ ৷
  • বহুত সময় ধৰি থিয় হৈ বা বহি থকা কাম যদি দীর্ঘদিনৰ পৰা কৰি আছে ৷
  • Abdominal tumour.

লক্ষণঃ

  • ভৰিৰ সন্মুখ ভাগ, আঁঠুৰ ওপৰৰ উৰু অংশত বিষ ৷
  • কেতিয়াবা সেই অংশত হাতেৰে চুলেই ঝনঝনাই যোৱাৰ দৰে লাগে, অর্থাৎHypersensitivity.

  • burning sensation বা জলাপোৰা কৰা ৷
  • কেতিয়াবা ভৰিৰ উৰু অংশত গৰম পানী দি পুৰাৰ দৰেও ভাব আহিব পাৰে ৷
  • ভৰিৰ বিষ থকা অংশৰ ছালৰ ওপৰ অংশত কেতিয়াবা নোমবোৰ নাহকিয়া হোৱা বা কমি যোৱা দেখা যায় ৷
  • বহুত সময় থিয় হৈ থকাৰ পিছত ভৰিৰ উৰু বা থাই অংশত বিষ ৷
  • বহু দূৰ একেলগে খোজ কাঢ়িলে, ভৰিত বিষ ৷
  • মেৰেলজিয়া পেৰেচথেটিকাৰ চিকিৎসাঃ
  • এনে অৱস্থাত ভোগা এজন লোকেHot pack বাice pack, দুয়োটাই ব্যৱহাৰ কৰিব পাৰে hot pack বাcold pack যিটো ললেই comfort পায়, সেইটোৱে লব পাৰে ৷
  • মেৰেলজিয়া পেৰেচথেটিকাত ভোগা এজন লোকে নিজৰ শৰীৰৰ ওজনৰ ওপৰত গুৰুত্ব দিয়া উচিত ৷ অত্যধিক ওজন কম কৰিবৰ বাবে নিজৰ খাদ্যাভাষৰ ওপৰত গুৰুত্ব দিব লাগে ৷ কম কম দূৰত্বলৈ দৈনিক মর্নিং ৱাক, ইভিনিং ৱাক কৰাৰ প্রয়োজন ৷
  • সদায় লুজ ফিটিং হোৱা কাপোৰ পিন্ধা উচিত ৷ বিশেষকৈ কঁকালৰ ওচৰত আৰু আঁঠুৰ পৰা ওপৰৰ ভৰিৰ সন্মুখৰ অংশত যাতে পেণ্ট, বেচ্ট আদিৰ পৰা অলপো টান নাখায়, তাৰ ওপৰত গুৰুত্ব দিয়া উচিত ৷
  • বিভিন্নStretching আৰুStrengthening exerciseৰ সহায়ত হয়াৰ চিকিৎসা কৰা হয় ৷
  • Aspirin, Acetaminophen ঔষধৰ ব্যৱহাৰ ৷
  • ফিজিথেৰাপী বিভাগতTENS আৰুULTRASOUND machineৰ চিকিৎসা লব দিয়া হয় ৷
  • যদিহে নার্ভৰ ওপৰত অধিক চাপ পৰে, তেতিয়া হলে শল্য চিকিৎসা বা ছার্জাৰীৰ প্রয়োজন হয় ৷ ৪ৰ পৰা ৬ সপ্তাহৰ ভিতৰত এনে ছার্জাৰীৰ পিছত এজন লোক সুস্থ হৈ উঠে ।
  • ফোনঃ ৮৬৩৮৩-৮৮০৭৭
You might also like
Leave A Reply

Your email address will not be published.