দ্য ছাইলেণ্ট চাইল্ড পিতৃ–মাতৃৰ কর্তব্য

পূবালী বৰা

বগা চুলি, উজ্জ্বল দুটি চকু আৰু মৰম লগা মুখেৰে সৈতে এজনী কণমানি ছোৱালী ৷ নাম লিবি ৷ পিতৃ–মাতৃ আৰু দুই জ্যেষ্ঠ ভাতৃ–ভগ্নীৰ সৈতে লিবি বাস কৰে ইংলেণ্ডৰ এটা গ্রাম্যাঞ্চলত ৷ পুৱাৰে পৰা ঘৰখনৰ প্রতিজন সদস্য যেতিয়া নিজৰ কর্মক্ষেত্রত ব্যস্ত হৈ পৰে, তেতিয়া লিবি ব্যস্ত হয় তাইৰ নির্জনতাৰ পৃথিৱীখনত ৷

এনে এটা ব্যস্ত পুৱাতে সমাজকর্মী জোৱান আহি লিবিৰ ঘৰত উপস্থিত হয় ৷ ঘৰখনৰ সকলো সদস্যই জোৱানক সাধাৰণভাৱে মাত এষাৰ দি লৰালৰিকৈ নিজ নিজ কামত ওলাই যায় ৷ লিবিৰ মাক মিছেছ চুৱে জোৱানক লিবিৰ কোঠালৈ নি তাইৰ সৈতে পৰিচয় কৰাই দি নিজেও কামলৈ বুলি ওলাই যায় ৷ আচলতে তেওঁলোকেই জন্মৰে পৰা মূকবধিৰ তেওঁলোকৰ সন্তান লিবিক বিদ্যালয়ৰ বাবে প্রস্তুত কৰি তুলিবলৈ জোৱানক দায়িত্ব দিয়ে ৷

নিজৰ নীৰৱ পৃথিৱীখনত মগ্ন হৈ থকা লিবিৰ লগত জোৱানে প্রথমে কথা পাতিবলৈ চেষ্টা কৰে ৷ তাই ব্রিটিছ ছাইন লেংগুৱেজ আৰু লিপ ৰীডিঙৰ জৰিয়তে কেনেকৈ মনৰ ভাব প্রকাশ কৰিব পাৰি, সেয়া লিবিক শিকাবলৈ লয় ৷ জোৱানে লক্ষ্য কৰে যে ছাইন লেংগুৱেজৰ দ্বাৰা লিবিয়ে সহজতে তাইৰ মনৰ ভাব প্রকাশ কৰিব পাৰিছে ৷ এই পদ্ধতিৰে জোৱানৰ লগত কথা পাতিব পাৰি লিবিয়ে খুব ফূৰ্টী পালে ৷ ক্রমান্বয়ে জোৱান আৰু লিবিৰ মাজত এক সুসম্পর্ক গঢ় লৈ উঠিল ৷ আনকি সিহঁতে পুখুৰীৰ পাৰ, গছৰ ডাল, পার্ক আদিতো বহু খেলা–ধূলা কৰি সময় পাৰ কৰিলে ৷ লিবিৰ নীৰস পৃথিৱীখন জীপাল কৰিবলৈ পাই জোৱান অত্যন্ত সুখী হল ৷

কিন্তু লিবিৰ প্রতি ঘৰখনৰ মানুহৰ গুৰুত্বহীনতাৰ মনোভাৱে জোৱানক ব্যথিত কৰি তুলিলে ৷ লিবিৰ লগত কথা পাতিবৰ বাবে ঘৰখনৰ কোনোবা এজন সদস্যই ইলেও ছাইন লেংগুৱেজটো শিকাৰ প্রয়োজন ৷ জোৱানে বাৰে বাৰে লিবিৰ মাকক এই কথা কোৱাৰ পিছতো তেওঁলোকে কোনো সঁহাৰি নজনালে ৷ বৰঞ্চ তেওঁলোকে স্পীচ্চ থেৰাপী আৰু লিপ ৰীডিংহে লিবিৰ বাবে প্রয়োজন বুলি ভাবিলে ৷

এদিন পুৱা, জোৱান লিবিৰ ঘৰলৈ আহি থকাৰ সময়তে মিছেছ চুৱে ফোন কৰি জোৱানক জনালে যে এতিয়াৰ পৰা তাই লিবিক পঢ়াবলৈ আহিব নালাগে ৷ কাৰণ লিবিক স্পীচ্চ থেৰাপীৰ স্কুললৈ পঠিওৱা হৈছে ৷ সেই কথাত জোৱানে বৰ দুখ পালে আৰু লিবিক বিচাৰি সেইখন স্কুল পালেগৈ ৷ স্কুলৰ গেটৰ সন্মুখত থিয় হৈ জোৱানে লিবিক দেখে নেকি বিচাৰিলে ৷ তেওঁ দেখিলে স্কুলৰ চৌহদত বহুত লৰা–ছোৱালীয়ে খেলি আছে, কিন্তু লিবি অকলশৰে আঁতৰত থিয় হৈ আছে ৷ গেটৰ ওচৰত জোৱানক দেখি লিবিৰ দুচকু পানীৰে উপচি পৰিল আৰু হাতৰ আঙুলিৰে তাই দেখুৱালে যে জোৱানক তাই ভাল পায় ৷ জোৱানেও চকুত চকুপানী লৈ তাইক লিবিক ভাল পাওঁ বুলি দেখুৱালে ৷ তাৰ পিছত লিবিৰ অনিশ্চয়তাৰে ভৰা এক ভৱিষ্যৎ আৰু নীৰৱ পৃথিৱীখনৰ কথা ভাবি মনত এবোজা দুখ লৈ জোৱান সেইখিনিৰ পৰা আঁতৰি গল ৷

প্রায় বিশ মিনিট দৈর্ঘ্যৰ চুটি ছবি দ্য ছাইলেণ্ট চাইল্ডৰ কাহিনীভাগ থূলমূলকৈ ইমানেই ৷ ছবিখনৰ নির্মাতা, কাহিনীকাৰ ৰাছেল শ্বেনটনে ব্রিটিছ ছাইন লেংগুৱেজ আৰু আমেৰিকান ইংলিছ ভাষা ব্যৱহাৰ কৰি ছবিখন নির্মাণ কৰিছে ৷ ছবিখন পৰিচালনা কৰিছে ক্রীছ অভাৰটনে ৷

কাহিনীকাৰ ৰাছেল শ্বেনটনেই ছবিখনত সমাজকর্মী জোৱানৰ ভূমিকাত অৱতীর্ণ হৈছে ৷ এই ছবিখনৰ জৰিয়তে তেওঁ সমগ্র বিশ্ববাসীলৈ বিশেষকৈ মূকবধিৰ শিশুসকলৰ পিতৃ–মাতৃ তথা অভিভাৱকলৈ এক গুৰুত্বপূর্ণ বার্তা প্রেৰণ কৰিব বিচাৰিছে যে এটি শিশুৰ বিকাশৰ ক্ষেত্রত মূকবধিৰতা কাহানিও হেঙাৰ হব নোৱাৰে ৷ এইক্ষেত্রত শিশুটিৰ পিতৃ–মাতৃ আৰু অভিভাৱক সচেতন হব লগিব ৷ শিশুটিৰ মনৰ ভাব প্রকাশ কৰিব পৰাকৈ সিহঁতৰ প্রয়োজন অনুসৰি ছাইন লেংগুৱেজ, স্পীচ্চ থেৰাপী, লিপ ৰীডিং আদিৰ দৰে পদ্ধতিসমূহ অৱলম্বন কৰিব লাগিব ৷ চৰকাৰী আৰু বেচৰকাৰী বিভিন্ন সংস্থাই এনে সুবিধা আগবঢ়াই আহিছে ৷ ইয়াৰ দ্বাৰা মূকবধিৰ শিশুৰ দৈহিক, মানসিক বিকাশ সাধনৰ লগতে সিহঁতৰ অন্তর্নিহিত প্রতিভাসমূহো বিকাশ হোৱাত যথেষ্ট সহায়ক হব ৷ বর্তমান সময়ত বিশ্বৰ প্রতিজন শিক্ষিত নাগৰিকেই এইক্ষেত্রত সজাগ হোৱাটো বাঞ্ছনীয় ৷

দ্য ছাইলেণ্ট চাইল্ডৰ মুখ্য চৰিত্র লিবিৰ ভূমিকাত অৱতীর্ণ হোৱা চাৰি বছৰীয়া মেইজী শ্লাই জন্মগতভাৱেই এক মূকবধিৰ শিশু ৷ পিতৃ–মাতৃৰ আন্তৰিক প্রচেষ্টা আৰু শুভাকাংক্ষীসকলৰ প্রেৰণাত আন সাধাৰণ শিশুৰ দৰেই তেওঁ এক সুন্দৰ জীৱন উপভোগ কৰিব পাৰিছে ৷ তদুপৰি এই ছবিখনত সাৱলীল অভিনয় কৰি সমগ্র বিশ্ববাসীৰ হৃদয়তে তেওঁ স্থান দখল কৰিছে ৷

সুদক্ষ অভিনেত্রী ৰাছেল শ্বেনটনৰ দ্বাৰা নির্মিত এইখন চুটি ছবিয়ে বিভিন্ন চলচিচত্র মহোৎসৱত বহুতো পুৰস্কাৰ অর্জন কৰাৰ লগতে ২০১৮ চনত অস্কাৰৰ Academy Award for Best Short Film (Live Action) সন্মান পাবলৈও সক্ষম হৈছে ৷

শেষত এটি অনুৰোধ, আপোনালোক সকলোৱেই দ্য ছাইলেণ্ট চাইল্ড নামৰ চুটি ছবিখন এবাৰ উপভোগ কৰক আৰু আমাৰ সমাজত থকা প্রতিজন মূকবধিৰ তথা বিশেষভাৱে সক্ষম শিশুৰ প্রতি সহৃদয়ৱান হওক ৷

ফোন: ৭৬৩৫৯-১৭৪৩১

You might also like
Leave A Reply

Your email address will not be published.