আধুনিক অসমীয়া নাটকত লোক–নাট্যকলাৰ পৰম্পৰা

বর্ণালী কটকী ওজা

লিখিত নাটেই সাহিত্যিক নাট অর্থাৎ Literary Drama  আৰু মুখ পৰম্পৰা প্রচলিত কিন্তু লিখিত ৰূপ গ্রহণ নকৰা নাটেই লোকনাট বা Folk Drama৷ লোকনাট একপ্রকাৰ গীতাভিনয় ৷ এই নাটৰ কাহিনী নির্মাতা, দর্শক, শ্রোতা, কলা–কুশলী, পাত্র–পাত্রী, নর্তক–নর্তকী, বাদ্য, বাদ্যসংগতকাৰী সকলোৱেই লোকায়ত সমাজৰ ৷ লোকনাট আৰু অভিনয়ৰ কোনো লিখিত ৰূপ বা ফর্ম পোৱা নাযায় ৷ অতীজৰে পৰা লোকনাট্য কলাৰ কাহিনীসমূহ মুখে মুখে পৰম্পৰাগতভাৱে চলি আছে ৷ এইবিধ কলা যিহেতু লোক সমাজত উদ্ভুত আৰু লোক সমাজতেই ইয়াৰ স্থিতি আৰু ব্যাপ্তি গতিকে ইয়াক লোকনাট্য কলা আখ্যা দিয়া হৈছে ৷ লোক–আশ্রিত কাহিনী, কাহিনী আশ্রিত চৰিত্র, চৰিত্র অনুযায়ী সংলাপ, লোকগীত, লোকনৃত্য আৰু লোক বাদ্য যন্ত্রৰ মাধ্যমত লোকাকীর্ণ উন্মুক্ত আসৰত অভিনয়ৰ আধাৰত যাক প্রদর্শন কৰা হয় সিয়েই লোকনাট ৷

লোকনাট নৃত্য–গীতৰ সমষ্টি, আনকি সংলাপৰ তুলনাত গীত আৰু নৃত্যৰ আধিক্য এইবিধ নাটৰ অন্যতম বৈশিষ্ট্য ৷ ধর্মীয় উৎসৱ, অনুষ্ঠানৰ লগতো লোকনাট বিশেষভাৱে জড়িত ৷ লোকনাট্যাভিনয়ত সাধাৰণতে ঢোল, খোল, মৃদংগ, তাল, বাঁহী, বাশী, মুখ বাশী, দোতাঁৰা, টোকাৰী, কালি, খঞ্জুৰী আদি লোকবাদ্যৰ ব্যৱহাৰ হয় ৷

প্রাচ্যই হওক বা পাষ্চাত্যই হওক, নাটকৰ মূল লক্ষ্য হল দর্শকক আমোদ দিয়া আৰু শিক্ষা প্রদান কৰা ৷ নাটক যিহেতু পৰিৱেশ্য কলা গতিকে লোকসমাজৰ পৰম্পৰাগত নানান উপকৰণ নাট্যৰীতিৰ সৈতে সংমিশ্রণ ঘটাই এক অভিনৱ নাট্যধাৰাৰ সূচনা কৰাত আগ্রহী নাট্যকাৰসকল ৷ ইয়াৰ জৰিয়তে নাট্যকাৰসকলৰ নিজা ঐতিহ্য চেতনা প্রকাশ পোৱাৰ লগতে নাটকৰ আংগিকৰ ক্ষেত্রতো এক নব্য চিন্তাধাৰাৰ সূচনা হয় ৷ দর্শকক আমোদ দিয়া আৰু শিক্ষা প্রদান কৰাৰ উদ্দেশ্যও সাধন হয় নাটকৰ জৰিয়তে ৷

নাটকৰ লগত লোকসমাজ আৰু লোকমনৰ গভীৰ সম্পর্ক ৷ ভৰতমুনিৰ নাট্যশাস্ত্রতেই পূর্ণাংগ নাটকত লোকনাট্যৰ ভূমিকাৰ কথা স্বীকাৰ কৰা হৈছে ৷ নাট্যশাস্ত্রৰ ষষ্ঠ অধ্যায়ত নাটকত প্রযোজ্য ৰীতি দুই প্রকাৰৰ বুলি কোৱা হৈছে ৷ লোকধর্মী, নাট্যধর্মী, ধর্মী তু দ্বীবিধঃ স্মৃতঃ ৷ লোকধর্মী আৰু নাট্যধর্মী এই দুবিধ নাট্যকলাৰ উল্লেখে তেতিয়াৰ যুগতেই সংসৃক্ত নাট্যাভিনয়ত লোককলা, লোকনাট্যই প্রভাৱ বিস্তাৰ কৰাৰ কথাৰ প্রমাণ কৰে৷ বৈষৱ কবিসকলে সৃষ্টি কৰা নাট্যৰীতিক লোককলাই সমৃদ্ধ কৰিছিল ৷ মহাপুৰুষ শংকৰদেৱৰ অংকীয়া নাটসমূহতো লোক নাট্যকলাৰ ব্যাপক প্রয়োগ হৈছে ৷ নাটকৰ আৰম্ভণী স্তৰৰ অসমীয়া দর্শক যিহেতু প্রধানকৈ গ্রাম্য অঞ্চলৰ সহজ–সৰল অনাখৰী লোক আছিল, সেয়ে তেওঁলোকে গহীন চিন্তাধর্মী নাটকতকৈ ধেমেলীয়া নাটকৰ প্রতিহে আগ্রহী আছিল ৷ অংকীয়া নাটসমূহৰ জৰিয়তে ধর্ম প্রচাৰ কৰা বৈষৱ পণ্ডিতসকলৰ মূল লক্ষ্য যদিও আছিল সেই নাটসমূহত নৃত্য আৰু গীতৰ প্রাচুর্যই দর্শকক আমোদ দিছিল আৰু লোককলাৰ প্রদর্শনে দর্শকক ব্যাপকভাৱে আকৃষ্ট কৰিছিল ৷ বৈষৱ যুগৰ পিছৰ চাম দর্শকেও নাটক ভাওনাৰ লেখীয়াকৈ চাবলৈ বিচাৰিছিল ৷ গতিকে নাট্যকাৰসকলেও পৌৰাণিক কাহিনীৰ সমল সংগ্রহ কৰিছিল পুৰাণ, মহাকাব্যসমূহৰ পৰা ৷ ৰাম, কৃষ, শিৱ, ইন্দ্র, নাৰদ, সীতা, দৈৱকী প্রভৃতি চিনাকি চৰিত্রসমূহ নাটকত দেখিবলৈ পাইছিল আৰু পৌৰাণিক কাহিনীৰ মাজেদি নাট্যকাৰসকলে প্রকাশ কৰা নতুন ধ্যান–ধাৰণা, ভাব–চিন্তাও বুজিব পৰা হৈছিল ৷

লোকনাটবিলাকত সূত্রধাৰ বা তেনেজাতীয় চৰিত্রৰ গুৰুত্বপূর্ণ ভূমিকা থাকে ৷ বর্ণনা, মন্তব্য, সংলাপ, কথন আদিৰ মাজেদি সূত্রধাৰ নাটকৰ কেন্দ্রীয় চৰিত্রৰূপে পৰিগণিত হয় ৷ এছিয়া মহাদেশৰ ভিন্ন প্রান্তৰ ভিন্ন দেশৰ লোকনাটসমূহত সূত্রধাৰজাতীয় চৰিত্রই প্রধান ভূমিকা পালন কৰে ৷  ভাৰতৰ লোকনাটবোৰত সূত্রধাৰজাতীয় চৰিত্র বিভিন্ন নামেৰে জনাজাত ৷ কর্ণাটকৰ যক্ষগানত ভাগৱত, বাংলাদেশৰ যাত্রাত অধিকাৰী, ভাৱাইত নায়ক, নৌটংকীত ৰংগ, কোৰিট্টমত চাকিয়াৰ ইত্যাদি ৰূপে জনা যায় ৷ এই চৰিত্রবিলাকে মঞ্চত প্রৱেশ কৰি প্রথমতে তৃতীয় পুৰুষত নিজৰ পৰিচয় দি অন্য চৰিত্রৰ লগত কথোপকথন কৰোঁতে প্রথম পুৰুষত নিজৰ ব্যক্তব্য দাঙি ধৰে ৷ অসমৰ অংকীয়া নাট, খুলীয়া, ভাওনা, পুতলা নাচ আদিত সূত্রধাৰৰ ভূমিকা প্রায় একে পর্যায়ৰ ৷ ওজাপালিত ওজাই গোটেই নৃত্য–গীতৰ নেতৃত্ব দিয়ে ৷ কোনো কোনো লোক নাটকত সূত্রধাৰ আৰু বিদূষকৰ দুয়োটা কার্য একেজনেই সম্পন্ন কৰে ৷ গতিকে পুতলা নাচ, ঢুলীয়া ভাওনা, খুলীয়া, ওজাপালি, ভাৰীগান আদিক অসমীয়া লোকনাট্যৰ পৰিসীমাত সামৰি লোৱা হৈছে ৷

আধুনিক ভাৰতীয় নাটকে লোককলাৰ ক্ষেত্রখনৰ পৰা আঁতৰি আহি পাষ্চাত্য ৰীতিৰ কৌশল অনুসৰণ কৰিবলৈ লোৱাৰ ফলস্বৰূপে আধুনিক নাটকে লোকনাট্যৰ প্রাণৱন্ত ৰূপ হেৰুৱাই বহু সময়ত কৃত্রিম হৈ পৰিছে ৷ স্বাভাৱিকতেই দর্শকে নাটকৰ ৰসাস্বাদনত উজুটি খাব লগা হৈছে ৷ এনেবোৰ কাৰণতে আধুনিক নাট্যকাৰসকলে ভাৰতীয় নাটকৰ শিপাডাল যে লোকসমাজৰ লোককলাৰ মাজতহে সোমাই আছে, সেই কথা অনুধাৱন কৰি শিপা উদ্ধাৰ অভিযান আৰম্ভ কৰাৰ কামত উঠিপৰি লাগিবলৈ যত্ন কৰিছে ৷ ফলস্বৰূপে নাট্যকাৰে লোককলাক নাটকীয় তাৎপর্যৰে উপস্থাপন কৰি উন্নতমানৰ নাটক ৰচনা কৰিছে ৷ এইক্ষেত্রত প্রথমে ভাৰতীয় গণনাট্য সংঘ Indian People’s Theatre Associationৰ নাম নাম লব লাগিব ৷ সর্বস্তৰৰ ভাৰতীয় জীৱন আৰু সামাজিক প্রতিচ্ছবি প্রতিফলিত হোৱাকৈ নাটকক লোকনাট্যমুখী কৰাত I.P.T.Aৰ প্রযোজনাত অনুষ্ঠিত নাটকসমূহৰ প্রভাৱ অপৰিসীম ৷ যদিও কলিকতা আছিল ইয়াৰ কেন্দ্রবিন্দু অসমতো পৰিছিল তাৰ প্রভাৱ ৷ ভাৰতীয় নাটকৰ অভিনয়ৰ ক্ষেত্রত প্রচেনিয়েম মঞ্চ ওখ, তিনিওফালে বন্ধ, মাত্র সমুখভাগ খোলা মঞ্চই ব্যৱহাৰ হৈ আহিছিল প্রায় এশ বছৰৰো অধিক কাল৷ শ্রোতা–দর্শকৰ পৰা অভিনেতা–ভিনেত্রীৰ দূৰত্বই পৰম্পৰাগত দেশীয় নাট্যকলা আৰু জনজীৱনৰ সৈতে নাটকৰ সংপৃক্ততা ক্রমান্বয়ে বিচিছন্ন হবলৈ আৰম্ভ কৰিলে যে পাষ্চাত্য নাট্যৰীতি আৰু শৈলীৰ লগত থলুৱা লোকনাট্য কলাৰ আংগিক আৰু কৌশল প্রয়োগ কৰি এক বিশেষ নাট্য পদ্ধতি নির্মাণ কৰিবৰ হল ৷ এইক্ষেত্রত ভাৰতীয় সংগীত নাটক একাডেমী আৰু ৰাষ্ট্রীয় নাট্য বিদ্যালয়ে NSD আগভাগ লৈ মুকলি মঞ্চত নাট পৰিৱেশনাৰ যি উদ্যোগ হাতত লবলৈ ললে সেয়া উল্লেখযোগ্য৷ বাটৰ নাটৰো জন্ম তেনেকৈয়ে৷ এনে নাট্য পদ্ধতিত প্রচেনিয়েম মঞ্চৰ কৃত্রিমতাবোৰ নাথাকে আৰু নাটক জনগণৰ কাষ চপাত সহায়ক হব ৷

বিংশ শতিকাৰ আৰম্ভণিতে ৰবীন্দ্রনাথ ঠাকুৰে পাষ্চাত্য মঞ্চৰীতিৰ বিৰুদ্ধাচৰণ কৰি বাংলা লোকনাট্য যাত্রাক পুনৰ জীয়াই তোলাত মত পোষণ কৰিছিল ৷ বার্টোল্ড ব্রেখটৰ এপিক থিয়েটাৰ শৈলীত ইউৰোপ আৰু অন্যান্য দেশৰ লোকনাট্যৰ বিভিন্ন সমল প্রয়োগ কৰা হৈছে ৷ আধুনিক কালত অর্থাৎ স্বাধীনতাৰ পিছত লোকনাট্যৰ আংগিক আৰু উপাদান প্রয়োগ কৰি নাটক ৰচনা কৰি বহুকেইজন ভাৰতীয় নাট্যকাৰ হবীব তনবীডৰ চৰণদাস চোৰ নাটকখনে প্রচুৰ জনপ্রিয়তা লাভ কৰাৰ মূল কাৰণ হল ছত্তিশগড় অঞ্চলৰ লোককলা, লোকগীত–নৃত্য নাচাৰ গীত মাত প্রয়োগ কৰিছিল ৷ ফলত আধুনিক নাটকক লোককলাৰে সমৃদ্ধ কৰাৰ নতুন দিশটোৰ সম্ভাৱনীয়তাক প্রতিষ্ঠা কৰিছিল চৰণদাস চোৰ–এ৷ হবীব তনবীডৰ অন্য এখন নাট মিট্ট কা গাডীও অতি জনপ্রিয়৷ বিজয় টেণ্ডুলকাৰে মাৰাঠী লোকশৈলীৰ প্রয়োগ কৰি ঘাঁচিৰাম কটোৱাল নামৰ নাটকখনে একপ্রকাৰ আলোডনৰ সৃষ্টি কৰিছিল ৷ আদ্য ৰংগাচার্যৰ শুনা জন্মেজয়ত কানাডা সূত্রধাৰ শৈলী প্রয়োগ, গিৰীশ কানার্ডৰ হয়বদনত যক্ষগানৰ শৈলী, ধর্মবীৰ ভাৰতী, শম্ভু, মিত্র, অৰুণ মুখার্জী, কে এন পান্নিকৰ, জববল পেটেল, ৰতন থিয়াম, কান্হাইয়া লাল আদি প্রখ্যাত নাট্যকাৰসকলে আধুনিক নাটকত লোকনাট্যশৈলীৰ বিস্তৰ প্রয়োগ কৰিছে ৷

আধুনিক অসমীয়া নাটকত প্রথমৰে পৰাই লোকনাট্য কলাৰ প্রয়োগ হৈ আহিছে ৷ অসমীয়া নাট্যকাৰসকলে এই দিশত মূলতঃ ভাওনাৰ আংগিকৰ আর্হিত সূত্রধাৰ, গীত–মাত ব্যৱহাৰ কৰিছে ৷ ষাঠিৰ দশকতে মিত্রদেৱ মহন্তই প্রচ্ছন্ন পাণ্ডৱ আৰু বৈদেহী বিয়োগ নাটকত অংকীয়া ভাওনাৰ শৈলী ব্যৱহাৰ কৰিছিল ৷ লক্ষ্মীনাথ বেজবৰুৱাই চক্রধবজ সিংহ, বেলিমাৰ, জয়মতী কুঁৱৰী আদি নাটকত বিস্তাৰিতভাৱে লোকনাট্য কলাৰ প্রয়োগ কৰিছিল ৷ তেওঁ লোকনৃত্য, লোকবাদ্য, কথিত ভাষা, ফকৰা যোজনা, কথিত ভাষা, পটন্তৰ, বিহুগীত, ওমলাগীত, নিচুকনি গীত ইত্যাদিক নাটকীয় গুণ বিশিষ্টতাৰে উজলাই তুলিছে৷ অতুলচন্দ্র হাজৰিকাই যাত্রাধর্মী নাট ৰচনা কৰি লোকনাট্য কলাৰ প্রয়োগ কৰিছিল ৷ গোহাঞিবৰুৱা, বেণুধৰ ৰাজখোৱা, অম্বিকাগিৰী ৰায়চৌধুৰী আদিয়ে দুই–এখন নাটকত লোকনাট্যৰ পৰম্পৰা ৰক্ষাৰ প্রচেষ্টা কৰিছে ৷  সূত্রধাৰ, ওজাপালি, সাধুকথা আদিৰ প্রয়োগ নাটসমূহত উল্লেখনীয় দিশ ৷ জ্যোতিপ্রসাদ আগৰৱলাই শোণিতকুঁৱৰী, নিমাতী কইনা নাটকত লোকনাট্য কলাক নাট্যগুণ আৰু শিল্পগুণ সুষমাৰে অভিনৱ ৰূপত উপস্থাপন কৰিছে ৷ বিয়ানাম, আইনাম, বনগীত, বিহুগীতৰ সুৰেৰে নতুন নতুন সুৰ প্রস্তুত কৰি লোকবাদ্যৰ সহযোগত নাটক দুখনৰ সংগীত সজোৱা হৈছিল ৷

সাম্প্রতিক সময়ছোৱাত আধুনিক অসমীয়া নাটকত লোককলাৰ বিস্তৰ প্রয়োগ ঘটিছে ৷ প্রাক্স্বাধীনতা কালৰ নাটকসমূহত লোকনাট্যকলা ব্যৱহাৰৰ ফলত নাট্যগুণধর্মিতা দিশটোত গুৰুত্ব দিয়াতকৈ স্বদেশপ্রেমমূলক পৰিৱেশ আৰু হাস্যৰসৰ গুৰুত্ব বৃদ্ধিৰ বাবেহে যেন লোককলাৰ সমলসমূহ প্রয়োগ কৰা হৈছেল ৷ কিন্তু স্বৰাজোত্তৰ কালৰ বহুকেইজন নাট্যকাৰে লোকনাট্যৰ চহকী পথাৰখনত নিত্য নতুন খনন কার্য চলাইছে ৷ ফলত ব্যতিক্রমী ৰূপত উজলি উঠিছে৷ ওজাপালি, পুতলা নাচ, ঢুলীয়া ভাওনা, খুলীয়া ভাওনা, দেওধবনী নৃত্য, কুশান গান, ভাৰীগান, মহোহো নৃত্য–গীত,  থিয়নাম, খেৰাই, বাগৰুম্বা আদি লোকনাট্য কলাসমূহক সার্থকভাৱে আধুনিক নাটকত প্রয়োগ কৰা হৈছে ৷ উদাহৰণস্বৰূপে যুগল দাসৰ বায়নৰ খোল নাটকত অংকীয়া ভাওনাৰ শৈলী, সত্যপ্রসাদ বৰুৱাৰ জবালা আৰু মৃণাল মাহীত সূত্রধাৰৰ যোগেদি নাট্যকাহিনী আগববাই নিয়াৰ প্রক্রিয়া দেখুওৱা হৈছে ৷ অৰুণ শর্মাৰ বুৰঞ্জী পাঠ, আহাৰ, অদিতিৰ আত্মকথা, মহেন্দ্র বৰঠাকুৰৰ আলি দোমোজা, অখিল চক্রৱর্তীৰ উত্তম পুৰুষ, ভবেন্দ্র নাথ শইকীয়াৰ স্বর্ণ জয়ন্তী, আলি হাইদৰৰ নঙলামুখৰ অনুভৱ, ফণী তালুকদাৰৰ মৰাহাতী, পৰমানন্দ ৰাজবংশীৰ তিনিটা বান্দৰৰ সাধু, ৰাম গোস্বামীৰ পলাশৰ ৰং ইত্যাদি নাটকত সূত্রধাৰী চৰিত্রই কোৰাচ, সংগীত ইত্যাদি নামেৰে আত্মপ্রকাশ কৰি কাহিনী আগবঢ়াই নিছে৷ কৰুণা ডেকাৰ লুইত কন্যা নাটকত বেউলা–লক্ষীন্দাৰৰ কাহিনীৰে মাৰৈগোৱা বা সুকন্নানী ওজাপালিৰ সহায়ত কাহিনী নির্মাণ হৈছে ৷ নাটকখনৰ বিভিন্ন মুহূর্তত ভাসান যাত্রাৰ গীত, দেওধবনী নৃত্য, নাগাৰা নাম, নিচুকনি গীত, বিহুগীত, মালচি গীত আদি লোককলাৰ ব্যাপক প্রয়োগ নাটকখনৰ উল্লেখনীয় দিশ ৷

প্রখ্যাত নাট্যকাৰ আলি হাইদৰে তেওঁৰ ধুমুহা পখীৰ নীড, যুগ সন্ধিক্ষণৰ কাব্য, এখন নিলাজ মানুহৰ দেশ আৰু নৈশযুদ্ধ নাটকত কাহিনী উপস্থাপন আৰু পৰিৱেশনত ভাওনা আৰু অন্যান্য থলুৱা লোককলাৰ আংগিক ব্যৱহাৰ কৰিছে ৷ মহাভাৰতৰ এছোৱা বিশেষ কাহিনীৰ আলমত ৰচনা কৰা তেওঁৰ নৈশযুদ্ধ নাটকখন ভাৰতৰ বিভিন্ন ঠাইত সমাদৃত হোৱাৰ মূলতে লোককলাৰ আংগিকৰ সফল প্রয়োগ৷ মুনীন ভূঞাৰ জৰৌ ৰৌৱা পৰজা নাটকত ভাওনা, কুশান গান, খুলীয়া ভাৱৰীয়া, মহোহো আদি লোককলা শৈলীৰ সুপ্রয়োগ ঘটিছে ৷ পৰমানন্দ ৰাজবংশীয়ে তেওঁৰ চক্রবেহু, নাঙল মাটি আৰু মানুহ, কমলা কুঁৱৰীৰ সাধু, তেজীমলা আদি নাটকত দৰঙী লোকনৃত্য খুলীয়া ভাৱৰীয়া, নাগাৰা নাম, দিহানাম, আইনাম, বিয়ানাম, গোৱালপৰীয়া লোকগীত, চৰ–চাপৰিৰ গীত, কুশান গান আদি লোকশৈলীৰ সার্থক প্রয়োগ কৰিছে ৷

এইসমূহৰ উপৰি মুনীন ভূঞাৰ হাতী আৰু ফান্দী নাটকত হাতী মাউতৰ গীত, প্রমোদ দাসৰ হনুমান সাগৰ বান্ধা চাউ, ফণী তালুকদাৰৰ মোৰে মলুৱাত বৰপেটাৰ নাওখেলৰ গীত আৰু কুৰুৱাই পাৰে ৰাওত কামৰূপী লোকগীতৰ প্রয়োগে নাট্যগুণধর্মিতা দিশটোত সহায় কৰিছে ৷ নাটকৰ এই নতুন যাত্রাত সমৃদ্ধি যোগোৱা নাট্যশিল্পী গুণাকৰ দেৱগোস্বামীৰ জেৰেঙাত অংকীয়া নাটকৰ আংগিকৰ সুপ্রয়োগ হৈছে ৷

লোকনাট্যশৈলী প্রয়োগৰ ফলত নাটকীয় আবেদন বৃদ্ধি কৰা উল্লেখযোগ্য আন আন কিছুমান নাটক হৈছে মহেন্দ্র বৰঠাকুৰৰ শৰাগুৰি চাপৰি, কৰুণা ডেকাৰ নির্মম পর্ব, শুনা শুনা সভাসদ, ৰফিকুল হুছেইনৰ কৌৰৱ পাণ্ডৱ, দ্রৌপদী, সীতানাথ লহকৰৰ কহয় চণ্ডীদাস, আনন্দ মোহন ভাগৱতীৰ জতুগৃহ, বসন্ত শইকীয়াৰ অসুৰ, মানুহ, মৃগতৃষা, গোলাপ বৰাৰ বিদ্রোহী জনা, অস্থেয়, পংকজ জ্যোতি ভূঞাৰ গুটিফুলৰ গামোচা ইত্যাদি যত জিকিৰ, নাগাৰানাম, থিয়নাম, ওজাপালি, সূত্রধাৰ, জনজাতীয় গীত, দিহানাম, আইনাম, বিহু আদি লোকনাট্য ৰীতিৰ বর্ণনাত্মকপ্রয়োগ হৈছে ৷

সাম্প্রতিক অসমীয়া নাট্যজগতৰ দুটি চিনাকি নাম দীপক গগৈ আৰু তৰুণ শইকীয়া ৷ দুয়োগৰাকী নাট্যকাৰৰ নাটকত গ্রাম্য জীৱনৰ সৰলতা, সুখ–দুখ, হাঁহি–কান্দোন, আর্থিক–নাটন, শোষণ–নিপীডনৰ ছবি দেখা পোৱা যায় ৷ যিহেতু গ্রাম্য জীৱনৰ পটভূমিত নাটক ৰচনাৰ পক্ষপাতী দুয়োগৰাকী নাট্যকাৰ, গতিকে স্বাভাৱিকতেই পাৰম্পৰিক লোককলা শৈলীৰ প্রয়োগ ঘটিছে তেওঁলোকৰ নাটকত৷ বিশেষকৈ দীপক গগৈৰ গৰখীয়া, ভেকুলী আদি নাটকত সেই ছবি বিদ্যমান ৷

ঐতিহ্যমণ্ডিত নাট্যক্ষেত্রখনৰ সুকীয়া নাট্যৰীতিৰ পৃষ্ঠপোষকসকলৰ ভিতৰত বাহাৰুল ইছলাম, নৰেন পাটগিৰি, সপোনজ্যোতি ঠাকুৰ আদি ভালেইকেইজন নাট্যকাৰে এনে পদ্ধতিৰ নাটক ৰচনা কৰি সফল হৈছে ৷ শেহতীয়াকৈ ভাস্ক্ৰজ্যোতি মহন্তৰ প্রযোজনাত শ্রীমন্ত শংকৰদেৱৰ অংকীয়া নাটৰ ভিত্তিত পাৰিজাত নামৰ এখন ব্যতিক্রমধর্মী নাটকে নাট্যজগতত যথেষ্ট আলোডনৰ সৃষ্টি কৰিছে ৷ গুৰুজনাৰ পাৰিজাত হৰণ নাটৰ পাৰিজাত ফুলপাহক মূল হিচাপে লৈ থলুৱা আৰু পাষ্চাত্যশৈলীৰ ব্যৱহাৰ কৰি নাটকখনৰ ব্যতিক্রমধর্মী কাহিনীভাগ আগবাঢ়ি গৈছে ৷

লোকনাট্য কলাৰে সমৃদ্ধ এইধৰণৰ নাটকে এফালে জাতীয় নাটকৰ পাৰস্পৰিক ঐতিহ্য বহন কৰিছে, আনহাতে আধুনিক নাটকৰ জটিলতা, কৃত্রিমতা বর্জন কৰি অভিনয় ৰীতি নতুন শিল্পগুণ সুষমাৰে মণ্ডিত হৈ উঠিছে ৷ মঞ্চৰ জাকজমকতা হ্রাস কৰি দর্শক আৰু অভিনয় শিল্পীৰ মাজৰ দেৱালখন ভাঙি একাত্ম হোৱাত সহায় কৰিছে ৷

এই লেখাত লোকনাট্যৰীতি প্রয়োগ পদ্ধতিৰ নাটসমূহৰ সকলোখিনিৰ নাম উল্লেখ কৰাটো সম্ভৱ নহল, মাত্র উদাহৰণস্বৰূপেহে আগবেোৱা হল উল্লিখিত নাটকসমূহ আৰু নাট্যকাৰৰ নাম ৷ মুঠতে এতিয়াও যিহেতু এই পদ্ধতিৰ নাটকত পৰীক্ষা–নিৰীক্ষা চলিয়েই আছে, গতিকে নতুন নাট্যকাৰসকলে নাটকীয় শিল্পসৌষ্ঠৱ অটুট ৰাখি বহিঃৰংগ দিশতকৈ অন্তৰংগ দিশত লোককলাশৈলীৰ প্রয়োগ ঘটাই নাটক ৰচনা কৰিলে সেই নাটকে নতুন মাত্রা লাভ কৰাই নহয়, মহত্ত্বও লাভ কৰিব ৷ কাৰণ একোটা জাতিৰ সাহিত্যত লৌকিক আৰু পৰম্পৰাগত উপাদান আৰু আংগিকসমূহে সাহিত্যৰ পৰিপুষ্টি সাধনত সদায়েই অৱদান যোগাই থাকে ৷

প্রবন্ধটোত অসমৰ নাট্য কলা জগতৰ মাত্র এছোৱা সময়লৈকেহে নাটকত লোককলাৰ প্রয়োগৰ উল্লেখ কৰা হৈছে ৷

You might also like

Comments are closed, but trackbacks and pingbacks are open.