চহকী অসমৰ গহনা–গাঁথৰি

মৃগেন শর্মা

তাহানিৰ পৰা অসমৰ অলংকাৰ শিল্পই এক বিশেষ শিল্পৰূপে মর্যাদা লাভ কৰি আহিছে ৷ অসমৰ সোৱণশিৰি নদী আৰু আন কেইখনমানত সোণৰ চেকুৰা পোৱা গৈছিল ৷ নদীৰ পৰা সোণ কমোৱাৰ বাবে এচাম মানুহ আছিল ৷ তেওঁলোকক সোণোৱাল বুলিছিল ৷ এই সোণোৱালসকল অসমৰ বৃহৎ কছাৰী জাতিৰ এটা ঠাল ৷ সেয়েহে বহুতে এহ সম্প্রদায়ৰ লোকক মূল জাতিৰে চিহ্ণিত কৰি সোণোৱাল কছাৰী বোলে ৷ মন কৰিবলগীয়া যে সোণ আৰু ৰূপ এই দুবিধ মহার্ঘ্য ধাতু সংগ্রহকাৰী সোণোৱাল আৰু ৰূপোৱাল অথবা ঠেঙাল নামৰ মানুহখিনি একে কছাৰী জাতিৰ দুটা ঠাল ৷

মধ্যযুগত আহোম ৰজাৰ পৰা নৈৰ পৰা সোণ সংগ্রহ আৰু তাক গোটা সোণলৈ ৰূপান্তৰিত কৰাৰ কাৰণে সোণোৱালসকলৰ একো একোটা খেল পাতি দিছিল ৷

আহোম ৰাজত্বৰ সময়ত অসম সোণৰ ক্ষেত্রত চহকী আছিল ৷ ব্রিটিছসকলে অসমত কৰা ৰাজত্বকালত অসমত ভৰি থকা সোণৰ বেছি ভাগ নিজৰ দেশলৈ লৈ গৈছিল ৷

আজিৰ দৰে আহোম ৰাজত্বৰ সময়তো অসমত নানা ধৰণৰ সোণৰ অলংকাৰ গঢ়াৰ বাবে সোণাৰিশাল আছিল ৷ এই সোণাৰিশালত নানা ধৰণৰ সোণৰ অলংকাৰ গঢ়া হৈছিল ৷

আহোম ৰাজত্বৰ সময়ত সোণৰ অলংকাৰ, প্রজা আৰু ৰজা :

অসম সাহিত্য সভাৰ দ্বাৰা সম্পাদিত বিশ্বকোষ অষ্টম খণ্ডত আছেটাই আহোমসকল ইউনান আৰু উত্তৰ ব্রহ্মত বাস কৰিবৰ সময়ৰ পৰা সোণেৰে চহকী আছিল আৰু বহুমূলীয়া বাখৰ, বাখৰপতা অলংকাৰ ব্যৱহাৰ কৰিছিল ৷ ৰজাই জোৰণ দিবলৈ আগবঢ়োৱা অলংকাৰৰ তালিকাত আহোম যুগত ব্যৱহাৰ হোৱা বিভিন্ন ধৰণৰ অলংকাৰ পিন্ধিছিল ৷ আহোম ৰাজত্বৰ সময়ত সোণ, ৰূপ, তাম ধাতুৰ অলংকাৰৰ প্রচলন আছিল ৷ আকৌ সীমিতভাৱে পিতলৰ অলংকাৰৰো প্রচলন আছিল ৷ ৰূপ আৰু তামৰ ওপৰত সোণৰ পাত লগাই আৰু সোণ পানী চৰাই অলংকাৰ তৈয়াৰ কৰা হৈছিল ৷ সেই সময়ত মহিলাসকলৰ লগতে পুৰুষসকলেও অলংকাৰ পিন্ধিছিলোঁ ৷ পুৰুষসকলে হাতত আঙঠি, ডিঙিত শিলিখামণি, মতা–মণি, কাণত থুৰীয়া আৰু লোকপাৰ, বাহুত বাজু পিন্ধিছিল ৷ অৱশ্যে বর্তমানে সময়তো পুৰুষে আঙুলিত আঙঠি, ডিঙিত হাৰ, কাণত কেৰু আদি পিন্ধে ৷ কিন্তু আঙঠিৰ বাহিৰে আনবোৰ অলংকাৰ কমসংখ্যক পুৰুষেহে পিন্ধে ৷

আহোম যুগৰ অলংকাৰ সম্পর্কে প্রদীপ চলিহাৰ গ্রন্থ পুৰণি অসমৰ কাৰিকৰী শিল্প গ্রন্থত আছে আহোম যুগত কাঁঢ়ী–পাইকক ডিঙিত, কাণত সোণৰ অলংকাৰ পিন্ধিবলৈ ৰজাঘৰৰ পৰা অনুমতি দিলেও হাতৰ অলংকাৰ সোণ ধাতুৰ পিন্ধিবলৈ নিদিছিল৷ কাঁড়ী–পাইকে হাতত সোণৰ খাৰু পিন্ধিবলৈ ৰজাঘৰৰ অনুমতি লব লাগিছিল ৷ সেই কাৰণে অসমৰ অগণন কাঁড়ী–পাইকৰ মতা–তিৰোতাৰ কাৰণে ৰূপৰ মুঠিখাৰু, মগৰ মুঠিখাৰু, গোটাখাৰু, গামখাৰু, বাজু আদি অলংকাৰ এই ৰূপৰ কমাৰসকলে গঢ়ি দিছিল৷

আহোম ৰাজত্বৰ সময়ত অসমত স্বর্ণ শিল্পী স্থাপন :

পুৰণি অসমৰ কাৰিকৰী শিল্প গ্রন্থত আছে আহোমসকলে সৌমাৰত সোমোৱা সময়ত দেখনিয়াৰ স্বৰূপে কোনো বিখ্যাত কলাশিল্প সৌমাৰত চলিত অৱস্থাত থকাৰ কথা কতো উমান নাপাওঁ ৷ কলাশিল্পৰ এই অৱনমিত অৱস্থা আহোম যুগৰ প্রাৰম্ভৰ পৰা প্রায় ৩৮২ বছৰ ধৰি চলি আহিছিল ৷ সেয়ে ১৬১১ খ্রীঃৰ পৰা ১৬৪৯ খ্রীঃৰ ভিতৰত সপ্তদশজনা আহোম স্বর্গদেউ আহোম স্বর্গদেউ প্রতাপসিংহহ নিজৰ ৰাজ্যৰ কলাশিল্পৰ উন্নতিকল্পে ভাৰতৰ অন্যান্য ৰাজ্যৰ পৰা উন্নত কলাশিল্পৰ শিল্পীসকলক অসমলৈ আনি আমাৰ দেশত থাপিছিলহি ৷ অসমলৈ অহা সেই শিল্পীসকলৰ লগত ৰাজস্থানৰ কিছু স্বর্ণশিল্পীও অসমলৈ আহে ৷ তেওঁলোকক ভটীয়া সোণাৰি বোলা হৈছিল ৷ এই ভটীয়া সোণাৰিসকলে অসমত তেওঁলোকৰ উন্নত স্বর্ণশিল্পৰ পাতনি মেলে ৷ এই সময়তে অসমৰ নানা সম্প্রদায়ৰ মানুহেও এই সোণাৰি কাম শিকি লৈ ইয়াক জীৱিকাৰ উপায় হিচাপে লয় ৷

আহোম যুগৰ অলংকাৰৰ শ্রেণী বিভাগ :

আহোম যুগৰ অলংকাৰবোৰক তলত দিয়া ধৰণেৰে বিভক্ত কৰিব পাৰি

¨ উকা¨  বাখৰুৱা¨ বাখৰপতা¨ মিনাকৰা¨ হীৰাপতোৱা আদি ৷

তিৰোতাই মূৰৰ সেওঁতাৰ পৰা আৰম্ভ কৰি কপাল, কাণ, ডিঙি, হাতৰ ঠাৰি, বাহু, কঁকাল, ভৰি আদিত অলংকাৰ পিন্ধিছিল ৷ এক কথাত তিৰোতাই দেহৰ সকলো ঠাহতে অলংকাৰ পৰিধান কৰিছিল ৷

তলত মহিলাসকলে দেহৰ নানা অংগত পৰিধান কৰা অলংকাৰৰ নাম উল্লেখ কৰা হল-

মহিলাসকলে পৰিধান কৰা অলংকাৰ :

¨ শিৰত পিন্ধা অলংকাৰ¨ শিৰপতা

কাণত পিন্ধা অলংকাৰ :

¨ কেৰু¨ থুৰীয়া নেজেপতা¨ উকা জাংফাই¨ বাখৰুৱা জাংফাই¨ নেজেপতা জাংফাই ¨ বাখৰুৱা বৰৈলগা¨ লং কেৰু¨ কাণফুলি¨ কর্ণবালা আদি ৷

নাকত পিন্ধা অলংকাৰ :

¨ নাকফুলি¨ নাকফুটি আদি

হাতৰ মণিবন্ধত পিন্ধা অলংকাৰ  :

¨ মুঠিখাৰু¨ গামখাৰু ¨ সঁচৰুৱা খাৰু¨ পটীয়া খাৰু¨ কংকণ¨ গোটা খাৰু¨ ডলীয়া খাৰু¨ মগৰমূৰী খাৰু¨ উকা খাৰু¨  বাখৰুৱা খাৰু¨ মিনাকৰা খাৰু আদি ৷

আঙুলিত পিন্ধা আঙঠি  :

¨ পদুমকলি আঙঠি¨ বাবৰিবছা আঙঠি¨ মাছ–বাকলীয়া আঙঠি¨ চিৰিপতা আঙঠি¨ জেঠীনেজীয়া আঙঠি¨ শেনপতা আঙঠি¨ পাৰচকুৱা আঙঠি¨ উকা আঙঠি¨ হীৰাপতা আঙঠি¨ বাখৰুৱা আঙঠি¨ মোহৰী আঙঠি ৰজাঘৰীয়া মোহৰ লগাই বনোৱা আঙঠি আদি ৷

হাতৰ বাহুত পিন্ধা অলংকাৰ :

¨ বাজু

ডিঙিত পিন্ধা অলংকাৰ :

¨ জোনবিৰি¨ ঢোলবিৰি¨ শিলিখাবিৰি¨ ঢৰীয়াবিৰি¨ পাৰচকুৱাবিৰি¨ নমলত–বাখৰুৱাবিৰ্¨ মগৰমুৰীবিৰি¨ গেজেৰা¨ বেনা¨ সাতসৰী¨ চিপাট¨ দুগদুগী¨ গলপতা¨ ফুটিমণি¨ মাদলি¨ চন্দ্রহাৰ¨ শিলিখামণি¨ ধোপামণি আদি ৷

কঁকালত পিন্ধা অলংকাৰ :

¨ চন্দ্রহাৰ¨ কৰধনি¨ ঘাগৰ¨ কঁকালী আদি ৷

খোপাত পিন্ধা অলংকাৰ :

¨ সোণৰ ফুল¨ ৰূপৰ ফুল আদি ৷

কপালত পিন্ধা অলংকাৰ :

¨ কপালী

পুৰুষে পিন্ধা অলংকাৰ :

কাণত পিন্ধা অলংকাৰ :

¨ লোকপাৰ¨ কঁৰিয়া আদি ৷

এইবোৰৰ উপৰি পুৰুষে তাহানি কালত বাহুত বাজু, হাতৰ মণিবন্ধত নানা ধৰণৰ খাৰু, আঙুলিত নানা আঙঠি পিন্ধিছিল ৷

আহোম ৰজাঘৰীয়া জোৰণ আৰু পত্রসন্দেশৰ লগত দিয়া গহনা :

আহোম যুগত ৰজাঘৰীয়া জোৰণ আৰু পত্রসন্দেশৰ লগত অলংকাৰ দিয়াৰ বিৱৰণ বুৰঞ্জীত পোৱা যায় ৷ এই অলংকাৰবোৰৰ নাম হল-

¨ কলক¨ কল্কা¨ ঝুনুৰ¨ নখচন্দ্রিকা¨ পেচেন্দাৰ¨ কেয়ুৰ¨ মুকুট¨ কিৰীটি আদি ৷

এইখিনিতে মধ্যযুগত ব্যৱহাৰ হোৱা কেইপদমান অলংকাৰৰ বর্ণনা দিয়া হল

আহোম যুগত কাণত পিন্ধা অলংকাৰ :

লোকপাৰ  : এইবিধ অলংকাৰ পুৰুষসকলে পিন্ধিছিল ৷ এইবিধ অলংকাৰৰ চানেকি হল চাৰিটা পাৰচৰায়ে ওপৰফালে মুখ কৰি থকা ঠিক সাৰনাথৰ সিংহ মূর্তিৰ দৰে ৷ চাৰিওটা পাৰচৰাহৰে পিছফাল চাৰিডাল শিকলি বা চেহনৰ নিচিনা ৰছীৰে টানি কিছু ওপৰত এটি বিন্দুত লগা লগাই হাকোটাৰে কাণত ওলোমাই পিন্ধিছিল ৷ সাধাৰণতে ৰজা–ডাঙৰীয়াসকলে পিন্ধা এইবিধ অলংকাৰ সোণৰ আৰু বাখৰ খটোৱা থাকে ৷ তলত মুকুতামণি লগোৱা হয় ৷

কেৰু : কেৰু মধ্যবিত্ত আৰু সাধাৰণ শ্রেণীৰ পুৰুষ আৰু মহিলাসকলে কাণত পিন্ধা এবিধ অলংকাৰ ৷ এইবিধ অলংকাৰৰ আকৃতি লঙৰ দৰে ৷ চাৰিপহীয়া ফুলেৰে এই অলংকাৰ তৈয়াৰ কৰা হৈছিল ৷ তিৰোতাহ পিন্ধা কেৰু কিছু ডাঠ গঢ়ৰ আছিল ৷ কেৰুৰ পাহিবোৰ সোণেৰে তৈয়াৰ কৰা হৈছিল ৷ সেইবোৰত বাখৰো পতোৱা হৈছিল সেউজীয়া আৰু ৰঙা ৰঙৰ বাখৰৰ দ্বাৰা এই কেৰুবোৰ সুন্দৰ আছিল ৷ সেই সময়ত ৰূপৰ কেৰুৰ প্রচলনো আছিল ৷

কাণফুলি আৰু মাকৰি : তিৰোতাসকলে কাণফুলি আৰু মাকৰি পিন্ধিছিল ৷ কাণফুলিবোৰ মুকলি পদুম বা বকুল ফুলৰ আর্হিত তৈয়াৰ কৰা হৈছিল ৷ এইবোৰ দেখিবলৈ সুন্দৰ আছিল ৷ সৰু ছোৱালীক কাণফুলি পিন্ধোৱা হৈছিল ৷ কাণত পিন্ধা আন এবিধ অলংকাৰ হল মাকৰি ৷

থুৰীয়া : কেৰুৰ দৰে কাণত পিন্ধা হৈছিল থুৰীয়া ৷ কিন্তু কেৰুত নাথাকিলেও থুৰীয়াৰ তলপিনে বাখৰো পতোৱা থাকে ৷ পাছলৈ থুৰীয়াৰ তলফালৰ বাখৰ পতোৱা অংশবোৰত মিনা কৰোৱা হৈছিল ৷ এনে থুৰীয়াক মিনা কৰা থুৰীয়া বোলা হৈছিল ৷ এইবিধ অলংকাৰ সম্ভ্রান্ত পৰিয়ালত পিন্ধা হৈছিল ৷

মকৰ–কুণ্ডল: পুৰুষ আৰু তিৰোতাসকলে কাণত পিন্ধা আন এবিধ অলংকাৰ হল মকৰ–কুণ্ডল ৷ এইবিধ অলংকাৰত লোকপাৰৰ দৰে চাৰিওফালে মুখ কৰা চাৰিটা মগৰ থাকে ৷ আকাৰত লোকপাৰতকৈ ডাঙৰ ৷ শুঁৰৰ আগত লটকণ লগোৱা থাকে ৷ এইবিধ অলংকাৰ সম্ভ্রান্ত বা উচ্চ বংশৰ লোকসকলে পৰিধান কৰিছিল ৷

আহোম যুগত হাতত পিন্ধা অলংকাৰ :

গামখাৰু : পুৰুষসকলে বিশেষকৈ গামখাৰু পৰিধান কৰিছিল ৷ এইবিধ অলংকাৰৰ মাজডোখৰ কিছু চিঁয়া, মূৰ দুটা বহল আৰু ওখ, কব্জা লগাই শলা মাৰি বন্ধ কৰা হয় ৷ সোণৰ গামখাৰুত বাখৰ পতোৱা আৰু মিনা কৰা হৈছিল ৷ ৰূপৰ গামখাৰু উকা যদিও সোণ পানী চৰোৱা হৈছিল ৷ আহোম যুগত ডাঙৰীয়াসকলে প্রধানকৈ এইবিধ খাৰু পৰিধান কৰিছিল ৷ তেতিয়া তিৰোতাসকলেও ইয়াক পৰিধান কৰিছিল ৷ এতিয়া নাচনীয়ে গামখাৰু পৰিধান কৰে ৷

হস্তপদ্ম : আহোম যুগত হাতত পিন্ধা এবিধ অলংকাৰ আছিল হস্তপদ্ম ৷ বাখৰ পতোৱা এবিধ সোণৰ পদুম ফুল হাতৰ পিঠিৰ ফালে আছিল ৷ ফুলৰ লগত শিকলিৰে যুটি পাঁচটা আঙঠি পাঁচ আঙুলিত পিন্ধা হৈছিল ৷ ফুলপাহৰ তলফালে দুডাল শিকলিৰে হাতৰ মুঠিখাৰুৰ লগত মিলাই লোৱা হৈছিল ৷

বাজু : অসমীয়া তিৰোতাই হাতত পিন্ধা এবিধ অলংকাৰ ৷ এচটা চেপেটা সোণ বা ৰূপেৰে এইবিধ অলংকাৰ তৈয়াৰ কৰিছিল ৷ বাজুবোৰৰ কিছুমান ফোঁপোলা, কিছুমানৰ ভিতৰত লা বা বালি ভৰাই লোৱা হৈছিল ৷ বাজুৰো দুয়োমূৰ মগৰমুখীয়া ৷ বাহুৰ ওপৰত এই বাজুৰ দুয়ো মূৰে বান্ধি মণি একোটা বান্ধি সেইটো ওলোমাই ৰখা হয় ৷

আহোম যুগত কঁকালত পিন্ধা অলংকাৰ :

¨ কৰধবনি : আহোম যুগত এই অলংকাৰ তিৰোতাই কঁকালত পিন্ধিছিল ৷ কিছুমান পুৰুষেও পিন্ধিছিল ৷

আহোম যুগৰ আঙঠি :

আহোম যুগত বিভিন্ন কাৰুকার্য খটুৱা আঙঠিৰ প্রচলন আছিল ৷ এইবোৰৰ দুবিধমানৰ বর্ণনা দিয়া হল–

¨ জেঠীনেগুৰীয়া আঙঠি : জেঠীনেজীয়া আঙঠি জেঠীৰ আকৃতিত সজা হয় ৷ এইবিধ আঙঠি দেখিবলৈ সুন্দৰ ৷

¨ মোহৰ আঙঠি : মোহৰ আঙঠিত পিন্ধোতাৰ নাম খোদিত কৰা থাকে ৷ এইবিধ আঙঠি হাতৰ তর্জনী আঙুলিত পৰিধান কৰিছিল ৷ এইবিধ আঙঠিৰে এবিধ গুৰুত্বপূর্ণ কাম কৰিছিল ৷ এই আঙঠিৰে অতি প্রয়োজনীয় চিঠি–পত্রত চাপ মৰা হৈছিল ৷

ৰজাহ পুৰসৃক্ত কৰা অলংকাৰ :

¨ কলকা : পুৰুষে কলকা পৰিধান কৰিছিল ৷ এইবিধ অলংকাৰ কোনো কাৰণত ৰজাহ পুৰস্কাৰ দিলেহে পৰিধান কৰিব পাৰিছিল ৷

আহোম যুগত ভৰিত পৰিধান কৰা অলংকাৰ :

অসম বুৰঞ্জীৰ কেহটামান বর্ণময় অধ্যায় গ্রন্থত আছে অসমীয়া তিৰোতাই সাধাৰণতে ভৰিত অলংকাৰ পৰিধান কৰা নাছিল ৷ কেতিয়াবা পৰিধান কৰিলেও সোণৰ অলংকাৰ নিপিন্ধিছিল ৷ ভৰিত খাৰু, নেপুৰ আদি পৰিধান কৰিছিল ৷

¨ খাৰু : খাৰুবোৰ গোটা আৰু ফোঁপোলা আছিল ৷ এইবোৰ দেখিবলৈ সুন্দৰ আছিল ৷

¨ নেপুৰ : নেপুৰবোৰ ভৰিত পিন্ধা হৈছিল ৷ ৰূপ বা অষ্টধাতুৰে নির্মিত এডাল ফোঁপোলা খাৰুৰ ভিতৰত সৰু সৰু শিলগুটি ভৰাই পিন্ধা হৈছিল ৷ ভৰিৰ পতা অনুসৰি নেপূৰ অলপ দীঘলীয়াকৈ গঢ়া হৈছিলম৷ নেপূৰডালৰ মাজ অংশত এটা ফুটা কৰা হৈছিল ৷

¨ উঝান্তি : আহোম যুগত পুৰুষ–মহিলাই কোনো গহনা পিন্ধা নাছিল ৷ কোনো ৰোগ–ব্যাধিৰ পৰা হাত সাৰিবলৈ কোনোৱে উঝান্তি নামৰ আঙঠি পৰিধান কৰিছিল ৷

আহোম যুগৰ অলংকাৰবোৰ সোণ, ৰূপ, হীৰা, তাম আদি ধাতুৰে গঢ়িছিল ৷ জীৱ–জন্তুৰ দাঁত, নখ আদিৰেও অলংকাৰ তৈয়াৰ কৰিছিল ৷ হাতী দাঁতৰ খাৰু, আঙঠি আদি তৈয়াৰ কৰিছিল ৷ কাউৰী মণি, ৰুদ্রাক্ষৰ মণি আদিৰো মণি পিন্ধিছিল ৷

শেষত কব পৰি যে আহোম ৰাজত্ব কালত গহনা–গাঁথৰি শিল্পৰ ক্ষেত্রত অসম চহকী আছিল ৷ নানা অলংকাৰৰ প্রচলনে দেশৰ ৰূপৰ জেউতি বঢ়াইছিল ৷

ফোন : ৯৬৭৮১-৭৯৩৪৬

You might also like
Leave A Reply

Your email address will not be published.