উদ্ভট গডোৰ কাৰণে অন্তহীন অপেক্ষা

নিজৰা ৰাজকুমাৰী

“If at first an idea isn’t absurd, there is no hope for it.”কত পঢ়িছিলো পাহৰিলো, কিন্তু উক্তিটো যে সত্য, সেয়া পূৰামাত্রাই অনুভৱ কৰি আহিছেছা ৷ জীৱনৰ পৰা জানো নাটক বিচ্ছিন্ন ওঁহো, মুঠেও নহয় ৷ জীৱনৰ এচকলকেই আমি নাটকত দেখা পাওঁ ৷ আনকি মহাকাশৰ কথা কবলৈও আমি তাত জীৱন সংযুক্ত কৰিবহ লাগিব ৷ অনুভৱৰ–ভিজ্ঞতাৰ, ক্ষোভ–সুখ–দুখৰ ছবিকে মঞ্চত তুলি আমি আচলতে আমাকেই চাওঁ ৷ এবচার্ড নাটকবোৰ যেন হূদয়ৰ বেছিহে কাষ চপা ৷ কোনো ৰং–বৰণ নঘঁহাকৈ আমি আমাক উপস্থাপন কৰিবলৈ এবচার্ড নাটকতকৈ সুচল ঠাই কত পা ! এবচার্ড নাটক বুলি কলেইপ্রথমেই আমাৰ মনলৈ আহে ছেমুৱেল বেকেটৰ ৱেহটিং ফৰ গডো ৷ মূল ফৰাচী ভাষাত ইয়াৰ নাম আছিল En attendant Godot ৷  আহকচোন নাটকখনৰ দুটিমান সংলাপ পঁঢ়ো

পজো গডো কোন

এষ্ট্রাগন গডোৰ কথা কৈছে

পজো তুমি দেখোন মোকেই গডো বুলি ভাবিছিল !

এষ্ট্রাগন নাহ ছাৰ, একেবাৰে ভবা নাই ৷

পজো সেইজননো তেতিয়াহলে কোন

ভ্লাডিমিৰ অ তেখেত, তেখেত আমাৰ এজন পৰিচিত লোক ৷

এষ্ট্রাগন সেহটো ঠিক নহয়, আমি তেখেতক নাজানোৱেই ৷ মই হলে তেখেতক দেখিলেও চিনি নাপাম ৷

পজো কিন্তু তোমালোকেতো মোক তেওঁ বুলিয়েই ভাবিছিল !

অপেক্ষা, কেৱল গডোলৈ অপেক্ষা ৷ কিন্তু গডো কোন গডো আহিলনে বাস্তৱ জীৱনতো আমি গডোক লগ পাইছেছানে প্রথম অৱস্থাত অনেক লটিঘটি, তিৰস্কাৰৰ সন্মুখীন হোৱা বেকেটৰ গডোক কিয় সমগ্র বিশ্বই মনত ৰাখিলে আয়াৰলেণ্ডৰ ডাবলিন চহৰত জন্মা বিদেশী লেখক এজনৰ সৃষ্টি গডোকনো অসমৰ এখন সৰু নগৰত বহি মইনো কিয় এনেকৈ মনত পেলাইছা এই প্রশ্নবোৰৰ উত্তৰেই কব গডো আমাৰ বাবে কিমান গুৰুত্বপূর্ণ ৷ বেকেটৰ এই এবচার্ড নাটকখনেৰে মানুহৰ জীৱনৰ, আশা–আকাংক্ষা–হুতাশ–ই ব্যাখ্যা আগবঢ়াব পাৰি, আনকি প্রচণ্ড আশাবাদৰ কথাও কব পাৰি ৷ মনৰ অভ্যন্তৰত চলি থকা ভাবপ্রবাহৰ প্রতিফলন ঘটাৰ বাবে ই উদ্ভট, সংগতিবিহীন, দেখাত অর্থহীন, হাস্যকৰ, ইয়াত ভাল বা বেয়া বুলি একো নাই ৷ অতীজৰে পৰা নাটকত এবচার্ড নাটকৰ বীজ সুপ্ত অৱস্থাত সোমাই আছিল ৷ পৰিৱর্তিত ৰাজনৈতিক–সামাজিক পৰিস্থিতিয়ে মানুহৰ জীৱন তথা মনলৈ যি ধৰণৰ পৰিৱর্তন কঢ়িয়াই আনিলে, সেয়াই আমাৰ শিল্প–সাহিত্য তথা মঞ্চক প্রভাৱিত কৰাটো স্বাভাৱিক ৷ যি এবচার্ড লক্ষণে নাটকক সামান্যভাৱেহে স্পর্শ কৰিছিল, কালক্রমণত সেয়াই এক নতুন ঢৌ হল ৷ এই কথা স্পষ্টভাৱে অনুভূত হল দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱর্তী সময়ত ৷ কালজয়ী নাটক ৱেইটিং ফৰ গডো প্রথমবাৰৰ বাবে হৈছিল ১৯৫৩ চনৰ ৫ জানুৱাৰীত, পেৰিছত ৷ ১৯৫৫ চনত গডোৰ ইংৰাজী সংস্ক্ৰণ ৰাইজে দেখিছিল লণ্ডনত ৷ সেয়া আছিল নাটকৰ ইতিহাসৰ এক উল্লেখনীয় ঘটনা ৷ এইক্ষেত্রত ছেমুৱেল বেকেটৰ লগতে বিশেষভাৱে উল্লেখ কৰিব লাগিব The Bald Soprano (1950), The Lesson (1951) আদিৰ নাট্যকাৰ ৰোমানিয়ান–ফৰাচী লেখক ইউজিন আয়নেস্কো আৰু Off Limits (1969), Paolo Paoli (1957), Le Ping-Pong (1955) আদিৰ দৰে নাটকৰ ৰচক আর্থাৰ আডামোভৰ নাম ৷ অসমীয়া নাটকৰ ক্ষেত্রত এবচার্ড নাটকৰ অনেক বৈশিষ্ট্যৰে উজ্জ্বল এখন নাটক অৰুণ শর্মাৰ আহাৰ ৷ আহাৰৰ সংলাপৰ ভাষাই মোক আটাইতকৈ বেছিকৈ আকর্ষণ কৰে ৷ এনে নাটকত চৰিত্রক বুজাতকৈ চৰিত্রটোৰ মনৰ গতি, ভাৱপ্রবাহৰ পর্যবেক্ষণ দর্শকৰ বাবে গুৰুত্বপূর্ণ হৈ উঠে ৷ এবচার্ড নাটকৰ সংলাপৰ ভাষাৰ ষ্টাইল অনন্য ৷ কবলৈ মন যায় এনে সংলাপে অৱচেতন মনৰ ৰেঙনিও প্রকাশ কৰে ৷

কমল প্রেম প্রেৰণা

নলিনী মায়া বন্ধন

ধীৰেন ত্যাগ কৰুণা

নবীন সেৱা বাসনা

কমল প্রিয়া

নলিনী পত্নী

ধীৰেন মাতৃ

নবীন বেশ্যা

এয়া আহাৰ নাটকত সন্নিৱিষ্ট সংলাপৰ কিছু অংশ ৷ ১৯৬৩ চনত ৰচিত বাদল সৰকাৰৰ এবং ইন্দ্রজিতক প্রথম ভাৰতীয় এবচার্ড নাটক বুলি জনা যায় ৷ লক্ষ্যহীনতা, অসংলগ্নতাৰ মাজৰ বাস্তৱক অথবা মানৱ মনৰ গহনক পৰীক্ষা–নিৰীক্ষা কৰিবলৈ এবচার্ড নাটকৰ বিষয়ে অনেক কথা পাতি গৈ থাকিব পাৰি ৷ মানৱ মনৰ ৰহস্যৰ জানো শেষ আছে তেন্তে এটা সৰু লেখাতে উদ্ভট নাটকৰ ধাৰাটোৰ কিঞ্চিৎ আভাসৰ বাদে আমিনো কি দি যাব পাৰেঁ ! কেম্যুৱে কৈছিল Man stands face to face with the irrational. He feels within him his longing for happiness and for reason. The absurd is born of this confrontation between the human need and the unreasonable silence of the world অসমীয়া উদ্ভট নাটকৰ জগতখনত এতিয়াও বহু কৰিবলৈ, বুজিবলৈ, বহুযোজন যাবলৈ বাকী ৷ ভাল দিন আহিব বুলি ঠিক গডোলৈ কৰা অপেক্ষাৰ দৰেই আমাৰো অপেক্ষা ৷ উদ্ভট নাটকৰ দর্শক নিচেই কম বাবেই হয়তো নাট্যকর্মীৰ আগ্রহো কম ৷

You might also like

Comments are closed, but trackbacks and pingbacks are open.