ৰেচিপি

পিংকি বৰুৱা

দহিকচুৰ লগত ব্রইলাৰ মাংসৰ জুতি

উপকৰণঃ

দহিকচু দুডাল

ব্রইলাৰ মাংস ৫০০ গ্রাম

বিলাহী দুটা

আলু এটা

পিঁয়াজ দুটা

তেজপাত দুখিলা

আদা–নহৰুৰ পেষ্ট দুই  চামুচ

মিঠাতেল জোখমতে

পানী আধাকাপ

নিমখ জোখমতে

হালধি এক চামুচ

জিৰাগুড়ি এক  চামুচ

ধনিয়াগুড়ি এক  চামুচ

জালুকৰ গুড়ি আধা  চামুচ

জলকীয়াৰ গুড়ি এক চাহ চামুচ

গৰম মচলা আধা চাহ চামুচ

প্রণালীঃ

দহিকচু দুডাল টুকুৰা কৰি চুঁচবোৰ আঁতৰাই মাজতে দুফাল কৰি সৰু সৰুকৈ কাটি ভালদৰে ধুই পানী নিগৰাই লব ৷ ব্রইলাৰ মাংসখিনি অলপ ডাঙৰ ডাঙৰ টুকুৰা কৰি ধুই পানী নিগৰাই লব ৷ পিঁয়াজ দুটা মিহিকৈ কাটি লব ৷ বিলাহী দুটা সৰু সৰুকৈ কাটি লব ৷ আলুৰ বাকলি গুচাই জোখত কাটি ধুই লব ৷ এতিয়া কেৰাহীখন গেছত গৰম কৰি তাতে প্রয়োজন মতে মিঠাতেল দিব ৷ তেল গৰম হলে তাতে তেজপাত আৰু পিঁয়াজখিনি দি অলপ সময় ভাজিব ৷ পিঁয়াজৰ বৰণ সলনি হৈ ৰঙচুৱা হবলৈ ধৰিলে তাত জলকীয়া গুড়ি, জিৰাগুড়ি, ধনিয়াগুড়ি, জালুকৰ গুড়ি, হালধি আৰু জোখমতে নিমখ দি ভালদৰে লৰাই দিব ৷ তাৰ পিছত তাত বিলাহী আৰু আদা–নহৰুৰ পেষ্টখিনি দি লৰাই দি প্রায় আধা কাপমান পানী যোগ কৰি ঢাকি বিলাহীখিনি সিজিবলৈ দিব ৷ প্রায় পাঁচ মিনিটমান সময়ৰ পিছত বিলাহীখিনি ভালদৰে লৰাই দিব ৷ তাৰ পিছত তাত ব্রইলাৰ মাংসখিনি দি ভালদৰে লৰাই ঢাকি দিব ৷ মাজে মাজে লৰাই মাংসখিনি প্রায় বিশ মিনিটমান সময় ভজাৰ পিছত তাত দহিকচু আৰু আলুখিনি দি ভালদৰে লৰাই ঢাকি দিব ৷ লাহে লাহে দহিকচুৰ পৰা পানী ওলাবলৈ ধৰিব ৷ মাজে মাজে লৰাই দিব ৷ দহিকচু আৰু আলুখিনি সিজিলে তাত গৰম মচলাখিনি দি লৰাই আকৌ ঢাকি দিব ৷ প্রায় পাঁচ মিনিটমান সময়ৰ পিছত মাংসখিনি আকৌ এবাৰ ভালদৰে লৰাই গেছৰ জুই নুমুৱাই দিব ৷ এতিয়া গৰমে গৰমে ভাতৰ লগত দহিকচুৰ লগত ৰন্ধা ব্রইলাৰ মাংসৰ জুতি লওক ৷ দহি কচু আৰু ব্রইলাৰ মাংসৰ এই ব্যঞ্জনবিধ খাবলৈ বৰ সোৱাদ হয় ৷

তিল দি ৰন্ধা হাঁহৰ মাংস

উপকৰণঃ

হাঁহৰ মাংস আধাকেজি

আলু প্রয়োজন মতে ঐচ্ছিক

মিঠাতেল প্রয়োজন মতে

পিঁয়াজ চাৰিটা

নিমখ স্বাদ অনুযায়ী

জালুকৰ গুড়ি এক চাহ চামুচ

হালধি এক  চামুচ

জিৰাগুড়ি এক  চামুচ

ধনিয়াগুড়ি এক চাহ চামুচ

নহৰু পেষ্ট এক  চামুচ

আদা পেষ্ট এক  চামুচ

তেজপাত দুখিলা

শুকান জলকীয়া দুটা

গৰম মচলা আধা  চামুচ ঘৰত বনোৱা

কলা তিল আধাকাপ

পকা জলকীয়া পাঁচটা প্রয়োজন মতে

পানী প্রয়োজন মতে

প্রণালীঃ

হাঁহ মাংসখিনি জোখত কাটি ধুই পানী নিগৰাই লব ৷ গৰম কেৰাহীত তিলখিনি দি অলপ সময় ভাজিব ৷ তিল ভজা গোন্ধ ওলাই তিলখিনি ফুটিবলৈ ধৰিলে তিলখিনি নমাই ঠাণ্ডা হবলৈ দিব ৷ তাৰ পিছত প্রয়োজন মতে কেঁচা জলকীয়া আৰু আধাকাপ পানীৰ লগত তিলখিনি একেলগে লৈ মিক্সীত মিহিকে পিচি লব ৷ পিঁয়াজকেইটা মিহি মিহিকৈ কাটি লব ৷ এতিয়া কেৰাহীত প্রয়োজন মতে তেল গৰম কৰি তাতে তেজপাত আৰু শুকান জলকীয়া দুটা দিব ৷ তাৰ পিছত তাত পিঁয়াজখিনি দি প্রায় দুই মিনিটমান সময় ভাজি আদা আৰু নহৰুৰ পেষ্টখিনি দি প্রায় ৰঙচুৱা হোৱাকৈ ভাজিব ৷ এতিয়া তাত জিৰাগুড়ি, ধনিয়াগুড়ি, হালধি আৰু জলকীয়া গুড়িখিনি দি ভালদৰে লৰাহ হাঁহ মাংসখিনি দিব ৷ হাঁহ মাংসখিনি মচলাৰ লগত মিলি যোৱাকৈ ভালদৰে লৰাই দিব ৷ তাৰ পিছত তাত প্রয়োজনমতে নিমখ দি মাংসখিনি লৰাই ঢাকি দিব ৷ মাজে মাজে লৰাই মাংসখিনি প্রায় দহ মিনিটমান সময় ভজাৰ পিছত তাত আলু কেইটুকুৰা দি আকৌ ঢাকি দিব ৷ মাজে মাজে লৰাই মাংসখিনি অলপ সময় ভজাৰ পিছত মাংসৰ পৰা তেল ওলাই মাংস ফুটিবলৈ ধৰিলে তাত তিলৰ পেষ্টখিনি দি প্রায় দুই মিনিটমান সময় ভাজিব ৷ তাৰ পিছত তাত প্রয়োজন মতে গৰম পানী ঢালি ঢাকি মাংসখিনি ভালদৰে উতলিবলৈ দিব ৷ মাংসখিনি সিজি আঞ্জাখন ঘন হবলৈ ধৰিলে তাত গৰম মচলা ঘৰত বনোৱা আৰু জালুকৰ গুড়িখিনি দি প্রায় দুই মিনিটমান সময় উতলিবলৈ দি গেছৰ জুই নুমুৱাই দিব ৷ গৰমে গৰমে ভাতৰ লগত তিল দি ৰন্ধা হাঁহৰ মাংসৰ জুতি লওক ৷ হাঁহৰ মাংসৰ এই ব্যঞ্জনখন খাবলৈ বৰ সোৱাদ হয় ৷

মাটন ৰগান জোশ

ৰগান জোশ কাশ্মীৰীসকলৰ পৰম্পৰাগত ব্যঞ্জন ৷ এই ৰেচিপিটোৰ ৰন্ধনৰ বাবে  ৰটন জোট আৰু চফৰ গুড়ি বৰ প্রয়োজনীয় উপাদান ৷ ৰটন জোট ঘৰত নাথাকিলে কাশ্মীৰী জলকীয়া গুডিৰেও বহুতে কাম চলায় ৷ ৰটন জোটৰ এটা নিজা গোন্ধ আছে বাবে মাংসত দিয়াৰ পিছত অন্য মাংসতকৈ এই মাংসৰ জোলখনৰ ৰং আৰু স্বাদটো অলপ বেলেগ হয় ৷ সাধাৰণতে অনা–সমীয়াৰ গ্রোচাৰী দোকানত ৰটন জোট বিচাৰিলে কিনিবলৈ পাব ৷

উপকৰণঃ

ৰটন জট ২ টুকুৰা ৰগান জোশ নামৰ এই কাশ্মীৰী আমিষ ব্যঞ্জনবিধৰ মূল মছল/সামগ্রী, মাটন আধা কেজি, বিলাহী ২টা পিউৰী বনাই লব, পিঁয়াজ ৬টা কাটি লব, আদা–নহৰুৰ পেষ্ট ২ চাহ চামুচ আদা সৰহকৈ লব, তেজপাত দুই খিলা, ডাঙৰ হলাচি দুটা, সৰু হলাচি পাঁচটামান, লং ছয়টামান, দালচেনি এডোখৰ টুকুৰা কৰি লব, জালুক দহটামান, চফ গুটি আধা চাহ চামুচ ফোৰণ দিবলৈ লব ৷ হিং এচিকুট, কাশ্মীৰী জলকীয়া গুড়ি দুই  চামুচ, জলকীয়া গুড়ি আধা  চামুচ, চফ গুড়ি দুই  চামুচ, ধনিয়াগুড়ি এচামুচ, হালধি প্রয়োজন মতে, নিমখ স্বাদ অনুযায়ী, মিঠাতেল প্রয়োজন মতে, পানী জোখাৰে, ঘিউ এক টেবুল চামুচ ৷

প্রণালীঃ

মাংসখিনি ভালকৈ ধুহ পানী নিগৰাই লব ৷ ননষ্টিক কেৰাহী এখন গৰম কৰি সৰিয়হৰ তেল জোখমতে দি গৰম হবলৈ দি ঘি এক এক চামুচ দিব ৷ এতিয়া তাত তেজপাত দুখিলা দি ডাঙৰ হলাচি, সৰু হলাচি, লং, দালচেনি, জালুক আৰু চফ গুটিখিনি দি লৰাই দিব ৷ তাৰ পিছত পিঁয়াজখিনি দি সোণোৱালী ৰং হোৱালৈকে ভাজি তাত মাংসখিনি দি প্রায় দুই মিনিটমান সময় বেছি জুইত ভাজিব ৷ তাৰ পিছত ঢাকনিখন লগাই মাংসখিনি মধ্যমীয়া জুইত অলপ সময় ৰাখি লৰাই দি মাংসখিনিত নিমখ আৰু হালধি জোখমতে দি অলপ সময় ভাজিব ৷ এতিয়া মাংসখিনিত হিং এচিকুট দি আকৌ লৰাই দিব ৷ তাৰ পিছত তাত পানী দুকাপ দি মাংসখিনি ঢাকি উতলিবলৈ দিব ৷ মাংসৰ পানীখিনি আধাতকৈ কম হলে তাত আদা–নহৰুৰ পেষ্টখিনি দি লৰাই দি ঢাকি উতলিবলৈ দিব ৷ বাটি এটাত কাশ্মীৰী জলকীয়াৰ গুড়ি দুচামুচৰ লগত জলকীয়া গুড়ি সামান্য লৈ পানী অকণমান দি মিহলাই লব ৷ আদা–নহৰুৰ কেঁচা গোন্ধটো মাৰ যোৱাৰ পিছত মাংসখিনিৰ পানী কমি আহিলে তাত বিলাহীৰ পেষ্টখিনি দি লৰাই দিব ৷  তাৰ পিছত চফগুড়ি আৰু ধনিয়াগুড়ি দি অলপ সময় ভাজি বাটিত থকা জলকীয়া গুড়িৰ মিশ্রণটো দি লৰাই দিব ৷ মাংসখিনি অলপ সময় লৰাহ থাকি তাত প্রয়োজনমতে গৰম পানী দি লৰাই দিব ৷ এতিয়া মাংসখিনিত চেফ্রন এচিকুটমান দি ৰটন জোটৰ টুকুৰা দুটা দি ঢাকনিখন লগাই মাংসখিনি ভালদৰে উতলিবলৈ দিব ৷  ৰটন জোট দিয়াৰ পিছত মাংসখিনিৰ পৰা ধুনীয়া সুগন্ধি ওলাব আৰু ক্রমান্বয়ে মাংসৰ ৰংটো ধুনীয়া হবলৈ ধৰে ৷ মাংসখিনি সিজিলে কেৰাহীখন জুইৰ ওপৰৰ পৰা নমাই থৈ আধা ঘণ্টাৰ পৰা এঘণ্টালৈকে মাংসখিনি তেনেকৈয়ে ৰাখিব ৷ তাৰ পিছত দেখিব মাংসখিনিৰ ৰংটো বৰ ধুনীয়া হৈছে ৷ ভাত, ৰুটী বা নানৰ লগত মাটন ৰগান জোশ পৰিৱেশন কৰিব ৷ পৰিৱেশনৰ সময়ত ৰটন জোটখিনি আঁতৰাই ৰাখিব ৷

কেপচিকাম আৰু পাৰ মাংসৰ জুতি

উপকৰণঃ

পাৰ এটা

মিঠাতেল প্রয়োজন মতে

নিমখ স্বাদ অনুযায়ী

হালধি এক  চামুচ

আলু দুটা

পিঁয়াজ তিনিটা

কেপচিকাম দুটা

আদা–নহৰুৰ পেষ্ট এক  চামুচ

গৰম মচলা ১-৩  চামুচ

জালুকৰ গুড়ি ১-৩  চামুচ

জিৰাগুড়ি আধা চাহ চামুচ

ধনিয়াগুড়ি আধা চাহ চামুচ

জলকীয়াগুড়ি আধা চাহ চামুচ

তেজপাত তিনিখিলা

পানী প্রয়োজন মতে

প্রণালীঃ

পাৰটো পৰিষ্কাৰ কৰি জোখত কাটি লব ৷ তাৰ পিছত পাৰ মাংসখিনিত জলকীয়াগুড়ি, জিৰাগুড়ি, ধনিয়াগুড়ি, হালধি, প্রয়োজনমতে নিমখ আৰু মিঠাতেল দি ভালদৰে সানি লব ৷ আলু আৰু পিঁয়াজৰ বাকলি গুচাই বেলেগে বেলেগে জোখত কাটি লব ৷ কেপচিকামৰ গুটিবোৰ আঁতৰাহ টুকুৰা কৰি লব ৷ কেৰাহীত প্রয়োজনমতে তেল গৰম কৰি তাতে তেজপাত আৰু পিঁয়াজ  দি প্রায় দুই মিনিটমান সময় ভাজি আদা–নহৰুৰ পেষ্টখিনি দি প্রায় ৰঙচুৱা হোৱাকৈ ভাজিব ৷ তাৰ পিছত জিৰাগুড়ি, ধনিয়াগুড়ি, জলকীয়া গুড়ি, নিমখ আৰু হালধি দি মচলাখিনি তেলৰ লগত মিলি যোৱাকৈ লৰাই দিব ৷ এতিয়া সৰুকৈ কটা আলু আৰু পাৰ মাংসখিনি দি প্রায় দুই মিনিটমান সময় ভাজি ঢাকি দিব ৷ মাজে মাজে মাংসখিনি লৰাই দিব ৷ মাংসৰ পৰা তেল ওলাই মাংস ফুটিবলৈ ধৰিলে কেপচিকামখিনি দি প্রায় পাঁচ মিনিটমান সময় ভাজিব ৷ কেপচিকামৰ বৰণ সলনি হলে প্রয়োজনমতে গৰম পানী দি মাংসখিনি ঢাকি অলপ সময় উতলিবলৈ দিব ৷ মাংসৰ আঞ্জাখন প্রায় ভালদৰে উতলোৱাৰ পিছত গৰম মচলা আৰু জালুকৰ গুড়িখিনি দি আকৌ প্রায় পাঁচ মিনিটমান সময় উতলাই মাংসখিনি জুইৰ ওপৰৰ পৰা নমাই থব ৷ গৰমে গৰমে ভাত বা ৰুটীৰ লগত কেপচিকামৰ লগত ৰন্ধা পাৰ মাংসৰ জুতি লওক ৷ খাবলৈ বৰ সোৱাদ হয় ৷

ফোনঃ ৭৫৭৬৮-৭২৫৪২

You might also like

Comments are closed, but trackbacks and pingbacks are open.