ভাৰতীয় নৌসেনাত কেনেকৈ যোগদান কৰিব পাৰি

ডঃ   বুলজিৎ বুুাগোহাঁহ

ভাৰতীয় নৌসেনা(Indian Navy)ত যোগদান কৰিবৰ বাবে বিভিন্ন ব্যৱস্থা আছে৷ এটা হল কেন্দ্রীয় লোকসেৱা আয়োগে হউ পি এছ চি পৰিচালনা কৰা সর্বভাৰতীয় পর্যায়ৰ পৰীক্ষা হল ৰাষ্ট্রীয় প্রতিৰক্ষা আৰু নৌ একাডেমী পৰীক্ষা(National Defence Academy & Naval Academy Examination)৷ এহ পৰীক্ষা বছৰত দুবাৰ অনুষ্ঠিত হয়৷ এই পৰীক্ষাৰ কেন্দ্র অসমৰ দিছপুৰ আৰু যোৰহাটত আছে ৷ অবিবাহিত পুৰুষ প্রার্থীহে পৰীক্ষাত অৱতীর্ণ হব পাৰে আৰু প্রার্থীৰ বয়স ১৬ বছৰ ৬ মাহৰ পৰা ১৯ বছৰ  ৬ মাহৰ ভিতৰত হব লাগে ৷ এই পৰীক্ষাত অৱতীর্ণ হবৰ বাবে শিক্ষাগত অর্হতা হল প্রার্থীয়ে পদার্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু গণিত বিষয়সহ দ্বাদশ শ্রেণীত উত্তীর্ণ হব লাগে ৷ দ্বাদশ শ্রেণী পৰীক্ষা দিয়াসকলেও আবেদন কৰিব পাৰে ৷ লিখিত পৰীক্ষাত উত্তীর্ণ হোৱাসকলে SSB (Service Selection Board) সাক্ষাৎকাৰ দিব লাগে ৷ লিখিত পৰীক্ষাত দুটা বিষয় থাকে ৷ গণিত  বিষয়ত ৩০০ নম্বৰ থাকে আৰু ইয়াৰ বাবে সময় থাকে ২ ঘণ্টা ৩০ মিনিট আৰু  সাধাৰণ ক্ষমতা পৰীক্ষা (General Ability Test) বিষয়ত ৬০০ নম্বৰ থাকে আৰু ইয়াৰ বাবে সময় থাকে ২ ঘণ্টা ৩০ মিনিট৷ এছ এছ বি পৰীক্ষ/সাক্ষাৎকাৰত ৯০০ নম্বৰ থাকে ৷ ৰাষ্ট্রীয় প্রতিৰক্ষা একাডেমী আৰু নৌ একাডেমীত নামভর্তিৰ বাবে প্রার্থীসকল শাৰীৰিক মান অনুসৰি শাৰীৰিকভাৱে সুস্থ(Medically fit) আৰু মেধা তালিকাত নাম থকাসকলক  প্রশিক্ষণৰ বাবে প্রেৰণ কৰে আৰু প্রশিক্ষণৰ পিছত চাকৰিত যোগদান কৰিব পাৰিব ৷

আন এটা ব্যৱস্থা হল কেন্দ্রীয় লোকসেৱা আয়োগে (UPSC) পৰিচালনা কৰা সর্বভাৰতীয় পর্যায়ৰ পৰীক্ষা সংযুক্ত প্রতিৰক্ষা সেৱাৰ পৰীক্ষা (Combined Defence Services Examination) ৷ এই পৰীক্ষা বছৰত দুবাৰ অনুষ্ঠিত হয় ৷ এই পৰীক্ষাৰ কেন্দ্র অসমৰ দিছপুৰ আৰু যোৰহাটত আছে ৷ অবিবাহিত পুৰুষ প্রার্থীহে পৰীক্ষাত অৱতীর্ণ হব পাৰে ৷  ভাৰতীয় নৌসেনা একাডেমী(Indian Naval Academy)ত ভর্তিৰ বাবে অবিবাহিত পুৰুষ প্রার্থীৰ বয়স ১৯ বছৰৰ পৰা ২৪ বছৰৰ ভিতৰত হব লাগে ৷ নৌসেনা একাডেমীত ভর্তিৰ বাবে প্রার্থীজন অভিযান্ত্রিক বিষয়ৰ স্নাতক ডিগ্রীধাৰী হব লাগে ৷ স্নাতক চূড়ান্ত পৰীক্ষা দিয়াসকলেও আবেদন কৰিব পাৰে ৷ এই পৰীক্ষাত ক লিখিত পৰীক্ষা আৰু খ বুদ্ধিমত্তা আৰু ব্যক্তিত্ব পৰীক্ষাৰ বাবে সাক্ষাৎকাৰ থাকে ৷ লিখিত পৰীক্ষাত তিনিটা বিষয় থাকে ৷ ইংৰাজী বিষয়ত ১০০ নম্বৰ থাকে আৰু ইয়াৰ বাবে সময় থাকে ২ ঘণ্টা, সাধাৰণ জ্ঞান বিষয়ত ১০০ নম্বৰ থাকে আৰু ইয়াৰ বাবে সময় থাকে ২ ঘণ্টা আৰু  প্রাথমিক গণিত বিষয়ত ১০০ নম্বৰ থাকে আৰু ইয়াৰ বাবে সময় থাকে ২ ঘণ্টা ৷ সাক্ষাৎকাৰত ৩০০ নম্বৰ থাকে ৷ সফল প্রার্থীসকলে নেভেল অৰিয়েণ্ঢেচন পাঠ্যক্রমৰ এন অ চি বাবে ভাৰতীয় নৌ একাডেমী এঝিমালা, কেৰালাত যোগদান কৰিব লাগে ৷  ৪৪ সপ্তাহৰ পাঠ্যক্রমটো সমাপ্ত কৰা পিছত কমিছনড অফিচাৰ চাকৰিত যোগদান কৰিব পাৰিব ৷

কেন্দ্রীয় লোকসেৱা আয়োগে পৰিচালনা কৰা প্রতিযোগিতামূলক পৰীক্ষাবোৰ অনলাইন পদ্ধতিত আবেদন কৰিব লাগে ৷ ইয়াৰ ৱেবছাইট ঠিকনাটি হল https://www.upsconline.nic.in৷

এনচিচিৰ প্রৱেশ (NCC Entry)ঃ  নিখিল ভাৰত কাৰিকৰী শিক্ষা পৰিষদ (AICTE) ৰ স্বীকৃতিপ্রাপ্ত প্রতিষ্ঠানৰ পৰা অন্যতম ৬০ শতাংশ নম্বৰ লৈ অভিযান্ত্রিক বিষয়ত ডিগ্রী বি হ/বি টেক থকা এনচিচি চি প্রমাণ–পত্রধাৰীসক্ বাবে নেভেল উইং ছিনিয়ৰ ডিভিজনৰ খালী পদবোৰৰ বিষয়ে বিজ্ঞাপন সংযুক্ত প্রতিৰক্ষা সেৱাৰ পৰীক্ষা(Combined Defence Services Examination) ৰ সৈতে প্রকাশ কৰা হয় ৷ এই প্রৱেশৰ বাবে কোনো লিখিত পৰীক্ষা কৰা নহয় ৷ পুৰুষ প্রার্থীৰ বয়স ১৯ বছৰৰ পৰা ২৪ বছৰৰ ভিতৰত হব লাগে ৷ যোগ্য প্রার্থীসকলে তেওঁলোকৰ আবেদন পোনপটীয়াকৈ ডিজিএনচিচিৰ জৰিয়তে আইএইচকিউ এমডি এন/ডিএমপিআৰলৈ প্রেৰণ কৰিব লাগে ৷ প্রার্থীসকলক এছএছবি সাক্ষাৎকাৰৰ বাবে নিযুক্তি দিয়ে ৷ এছএছবি উত্তীর্ণ হোৱাৰ পিছত এই  প্রার্থীসকলে চিকিৎসা পৰীক্ষা কৰায় আৰু যদি উপযুক্ত পোৱা যায়, সর্বভাৰতীয় মেধাৰ আধাৰত ভাৰতীয় নৌসেনাত অন্তর্ভুক্ত কৰা হয়৷ এহ প্রৱেশৰ জৰিয়তে বাছনি কৰা বিষয়াসকলৰ প্রশিক্ষণ সাধাৰণতে প্রতিবছৰে জানুৱাৰ/জুলাহ মাহত আৰম্ভ হয়৷

নন–ইউ পি এছ চি (Non-UPSC) প্রৱেশ ঃ ভাৰতীয় নৌসেনা (Indian Navy) ত  নন–ইউ পি এছ চি (Non-UPSC)  প্রৱেশ যোগেদিও স্থায়ী আয়োগ পিচি  Permanent Commission (PC) আৰু চুটি সেৱা আয়োগ এছএছচি Short Service Commission (SSC) দুয়োটাৰে যোগদানৰ বাবে ব্যৱস্থা আছে ৷ ইণ্টিগ্রেটেড হেডকুৱার্টাৰ অৱ মিনিষ্ট্রী অফ ডিফেন্সে নেভি খালী পদৰ বাবে আবেদন জনায় আৰু তালিকাভুক্ত কৰে ৷ পৰৱর্তী সময়ত তালিকাভুক্ত প্রার্থীসকলক সেৱা বাছনি বর্ডৰ এছ এছ বি সাক্ষাৎকাৰৰ বাবে প্রেৰণ কৰে ৷  ইয়াৰ পিছত খালী পদৰ উপলব্ধতা অনুসৰি যোগ্য প্রার্থীক লৈ এখন মেধা তালিকা প্রস্তুত কৰে ৷ নৌসেনাৰ স্থপতিবিদ, বৈদ্যুতিক অভিযান্ত্রিকী আৰু নৌসেনাৰ শিক্ষা শাখ/কেডাৰকে ধৰি কার্যবাহী অভিযান্ত্রিকীৰ বাবে সেৱা বাছনি বর্ডৰ এছএছবিৰ জৰিয়তে নিযুক্তি   দিয়ে ৷

প্রত্যক্ষ প্রৱেশ (Direct Entry) ঃ স্নাতক পর্যায়ৰ বাবে স্থায়ী আয়োগ  ১০ + ২ বি টেক Permanent Commission For Undergraduate Level Entry : 10+2 (B.Tech) ঃ

৭০ শতাংশ নম্বৰৰ সৈতে পদার্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু গণিত বিষয়সহ দ্বাদশ শ্রেণীত উত্তীর্ণ হব লাগে আৰু দশম বা দ্বাদশ শ্রেণীত ৫০ শতাংশ নম্বৰৰ সৈতে হংৰাজী বিষয়ত উত্তীর্ণ হলে ভাৰতীয় নৌসেনাৰ বিষয়াৰ প্রৱেশ অর্থাৎ ১০+২ বি টেকৰ বাবে আবেদন কৰিব পাৰে ৷ পুৰুষ প্রার্থীৰ বয়স ১৭ বছৰ ৬ মাহৰ পৰা ১৯ বছৰ ৬ মাহৰ ভিতৰত হব লাগে ৷ ১০+২ বি টেক প্রৱেশৰ বাবে জেইই মেইন ৰেংক বাধ্যতামূলক কৰা হৈছে ৷ এই প্রৱেশ বছৰত দুবাৰকৈ Spring Term & Autumn Termৰ বাবে খোলা হয় ৷ ইণ্টিগ্রেটেড হেডকুৱার্টাৰ অৱ মিনিষ্ট্রী অফ ডিফেন্স নেভিয়ে পাঠ্যক্রম আৰম্ভ হোৱাৰ ৬-৮ মাহ আগতে আবেদন কৰাৰ বাবে এমপ্লয়মেণ্ঢ নিউজ/গুৰুত্বপূর্ণ বাতৰিকাকতত বিজ্ঞাপন দিয়ে ৷ আবেদন লাভ কৰাৰ পিছত, প্রার্থীসকলক বিই/বি টেক পাঠ্যক্রমৰ বাবে জেইই মেহন সর্বভাৰতীয় ৰেংক এআহআৰৰ ওপৰত আধাৰিত কৰি এছ এছ বিৰ বাবে তালিকাভুক্ত কৰে৷ আঁচনিখনৰ বাবে আবেদন কৰাৰ বাবে জেইই মেইন পদবীৰ বৈধতা হৈছে চিবিএছই/এনটি–য়ে  দ্বাৰা জেইই মেইন ৰেংকিং ঘোষণা কৰাৰ তাৰিখৰ পৰা এবছৰ ৷ সকলো এছ এছ বি সম্পূর্ণ হোৱাৰ পিছত, মেধা তালিকা প্রস্তুত কৰা হয় আৰু তাৰ পিছত প্রার্থীসকলক খালী পদৰ সংখ্যাৰ ওপৰত আধাৰিত কৰি যোগ্যতাৰ ক্রমত নিযুক্তি দিয়ে ৷

প্রত্যক্ষ প্রৱেশঃ  স্নাতক পর্যায়ৰ প্রৱেশৰ বাবে স্থায়ী আয়োগ Direct Entry : Permanent Commission for Graduate Level Entriesঃ

প্রত্যক্ষ প্রৱেশসমূহ ই ণ্টিগ্রেটেড হেডকুৱার্টাৰ অৱ মিনিষ্ট্রী অফ ডিফেন্স নেভি/ডিৰেক্টৰেট অফ মেনিং প্লান এণ্ড ৰিক্রুটমেণ্ঢ ডিএমপিআৰৰ দ্বাৰা নিয়ন্ত্রিত হয় আৰু স্থায়ী আয়োগ পিচি আৰু চুটি সেৱা আয়োগ দুয়োটাৰে যোগদানৰ বাবে ব্যৱস্থা আছে ৷ এনে প্রৱেশৰ বাবে যোগ্য অবিবাহিত প্রার্থীৰ পৰা আবেদন কৰাৰ বাবে বিজ্ঞাপন খালী পদৰ উপলব্ধতাৰ ওপৰত ভিত্তি কৰি আগশাৰীৰ বাতৰিকাকত আৰু এমপ্লয়মেণ্ঢ নিউজ (Employment News ) ত বিজ্ঞাপন দিয়ে ৷

সংগীতজ্ঞ (Musician) পদৰ বাবে শিক্ষাগত অর্হতা হল স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাত স্নাতক ডিগ্রীধাৰী হব লাগে ব্যতিক্রমী পেছাদাৰী সংগীত ক্ষমতা থকা  প্রার্থীসকলৰ যিকোনো শাখাত দ্বাদশ শ্রেণীত উত্তীর্ণ হব লাগে ৷ পেছাদাৰী অর্হতা হল পিয়ানোফর্ট (Pianoforte)ৰ উপৰি কমেও এটা মিলিটাৰী বেণ্ডৰ বাদ্যযন্ত্র দক্ষতাৰে বজাব পৰা ক্ষমতা থাকিব লাগে৷LRAM / ARCM / ATCL ডিপ্লমা বা সমতুল্য ডিপ্লমা এটা  থাকিব লাগে৷ পুৰুষ/মহিলা প্রার্থীৰ বয়স ১৭ বছৰ ৬ মাহৰ পৰা ১৯ বছৰ ৬ মাহৰ  ভিতৰত হব লাগে ৷ লগতে অর্কেষ্ট্র/বেণ্ডৰ পৰিচালক হিচাপে বা সংগীতৰ শিক্ষক হিচাপে অভিজ্ঞতা থাকিলে ভাল হয় ৷

ক্রীড়া (Sports) প্রৱেশৰ ক্ষেত্রত শিক্ষাগত অর্হতা হল স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্রী বা যিকোনো বিভাগত বি ই/বি টেক ডিগ্রীধাৰী হব লাগে ৷ ৰাষ্ট্রীয় ক্রীড়া প্রতিষ্ঠানৰ পৰা ক্রীড়া প্রশিক্ষণৰ ডিপ্লমা থকা প্রার্থ/ক্রীড়া প্রশিক্ষকতাত এম এছ চি ডিগ্রীধাৰীসকলক এছ এছ বিৰ বাবে শ্বর্ট লিষ্টিঙৰ সময়ত অগ্রাধিকাৰ দিয়ে ৷ ক্রীড়া অর্হতা হল প্রার্থীয়ে ছিনিয়ৰ পর্যায়ৰ ৰাষ্ট্রীয় চেম্পিয়নশ্বি/খেল, যেনে এথলেটিকছ(Athletics), ক্রছ কাণ্ড্রী(Cross Country), ড্রাইথলন(Triathlon), বেডমিণ্টন(Badminton), টেনিছ(Tennis), স্কোৱাছ(Squash), ফুটবল (Football), হেণ্ডবল (Handball), হকী (Hockey), বাস্কেটবল (Basketball), ভলীবল(Volleyball), ক্রিকেট (Cricket), সাঁতোৰ (Swimming), ডাইভিং (Diving), ৱাটাৰ পোলো(Water Polo), কাবাদী (Kabaddi), বক্সিং (Boxing) আদিত অংশগ্রহণ কৰিব  লাগে ৷

আবেদন গ্রহণৰ পিছত সংগীতজ্ঞ আৰু ক্রীড়া প্রৱেশৰ ক্ষেত্রত তেওঁলোকৰ পেছাদাৰী ক্ষমতাৰ বাবে ইণ্টিগ্রেটেড হেডকুৱার্টাৰ অৱ মিনিষ্ট্রী অফ ডিফেন্স নেভিত প্রার্থীৰ প্রাৰম্ভিক স্কেনিং কৰে ৷ ইয়াৰ পিছত সফল প্রার্থীসকলক বাংগালো/ভূপা/কহম্বাটু/ভাইজা/কলকাতাত এছএছবি সাক্ষাৎকাৰৰ বাবে বিতংভাৱে জনায় ৷ এছ এছ বি অর্হতাসম্পন্ন পৰীক্ষার্থীসকলৰ চিকিৎসা পৰীক্ষা কৰা হয় আৰু উপযুক্ত বুলি বিবেচনা হলে অল ইণ্ডিয়া মেৰিটৰ ভিত্তিত ভাৰতীয় নৌসেনাত অন্তর্ভুক্ত কৰে ৷ এই প্রৱেশ পত্রসমূহৰ প্রশিক্ষণ সাধাৰণতে জানুৱাৰী আৰু জুলাই মাহত আৰম্ভ হয় ৷

ভাৰতীয়  নৌসেনাৰ  প্রৱেশ পৰীক্ষা(INET)ঃ  স্নাতক পর্যায়ৰ প্রৱেশৰ বাবে স্থায়ী আয়ো/চুটি সেৱা আয়োগ Indian Navy Entrance Test (INET) : Permanent Commission/Short Service Commission for Graduate Level Entries

ভাৰতীয় নৌসেনাৰ প্রৱেশ পৰীক্ষা আইএনইটি হৈছে আহএইচকিউ এমডি নৌসেনা/ডিএমপিআৰৰ নিয়ন্ত্রণত বিষয়াসকলৰ প্রৱেশ আৰু স্থায়ী আয়োগ পিচি আৰু চমু সেৱা আয়োগ এছএছচি দুয়োটাৰ বাবে সেৱা আগবঢ়ায় ৷ ভাৰতীয় নৌসেনাৰ প্রৱেশ পৰীক্ষা বছৰত দুবাৰকৈ অনুষ্ঠিত হয় ৷ আই এন ই টি বিষয়া হৈছে কম্পিউটাৰ ভিত্তিক লিখিত পৰীক্ষা ৷ ইয়াত চাৰিটা শাখা আছে আৰু প্রার্থীয়ে চাৰিওটা শাখাতে পৃথকে পৃথকে নূ্যনতম ৪০ শতাংশ নম্বৰ লাভ কৰি উত্তীর্ণ হব লাগে ৷ আই এন ই টি পৰীক্ষাৰ সময় দুঘণ্টা ৷ ইয়াত ইংৰাজী, যুক্তি আৰু সংখ্যাগত ক্ষমতা, সাধাৰণ জ্ঞান, সাধাৰণ বিজ্ঞান আৰু গাণিতিক যোগ্যতাৰ ১০০ টাকৈ বহু পছন্দৰ প্রশ্ন  থাকে ৷ প্রতিটো খণ্ড ১০০ নম্বৰৰ থাকে আৰু ভুল উত্তৰৰ বাবে ঋণাত্মক নম্বৰ দিয়ে ৷ মেৰিট তালিকা আইএনইটি প্তঙ্ম শতাংশ আৰু এছ এছ বিৰ প্তঙ্ম শতাংশ সংযুক্ত নম্বৰৰ ওপৰত ভিত্তি কৰি প্রস্তুত কৰে ৷

এই পৰীক্ষাৰ যোগেদি যোগদান কৰিব পৰা পদসমূহ হল পাইলট এমআৰ–পুৰুষ আৰু মহিলাৰ বাবে Pilot (MR)- for men and women, পাইলট এনএমআৰ কেৱল পুৰুষৰ বাবে Pilot (NMR)– for men only, নৌসেনাৰ বিমান অভিযান– পুৰুষ আৰু মহিলাৰ বাবে Naval Air Operations – for men and women, বিমান পৰিবহণ নিয়ন্ত্রণ(ATC)– পুৰুষ আৰু মহিলাৰ বাবে Air Traffic Contro (ATC)- for men and women, সাধাৰণ সেৱা – কার্যবাহী জিএছএক্স General Service –  Executive (GS/X), হাইড্র– কেৱল পুৰুষৰ বাবে  Hydro– for men only, সাধাৰণ সেৱা কাৰিকৰী–বৈদ্যুতিক আৰু অভিযান্ত্রিক General Service (Technical – Electrical & Engineering), নৌসেনাৰ স্থপতিবিদ– পুৰুষ আৰু মহিলাৰ বাবে Naval Architect- for men and women, তথ্য প্রযুক্তি– পুৰুষ আৰু মহিলাৰ বাবে Information Technology– for men and women, লজিষ্টিক– পুৰুষ আৰু মহিলাৰ বাবে Logistics- for men and women, শিক্ষা– পুৰুষ আৰু মহিলাৰ বাবে Education- for men and women, নৌসেনা অস্ত্র পৰিদর্শক কেডাৰ এন এ আই চি – পুৰুষ আৰু মহিলাৰ বাবে Naval Armament Inspectorate Cadre (NAIC) – for men and women আদি ৷

ভাৰতীয় নৌসেনাত মহিলাক অগ্ণিবীৰ এছএছআৰ আৰু অগ্ণিবীৰ এমআৰ হিচাপে নিযুক্তি দিয়া হয় ৷

নাৱিকৰ নিযুক্তি (Recruitment of Sailors) ঃ নৌসেনাত নাৱিক নিযুক্তি আবেদন ভিত্তিক আৰু লিখিত পৰীক্ষা, শাৰীৰিক ফিটনেছ পৰীক্ষা আৰু চিকিৎসা পৰীক্ষাৰ আধাৰত সর্বভাৰতীয় মেধাৰ ওপৰত কৰা হয় ৷ সকলো আগশাৰীৰ ৰাষ্ট্রীয় আৰু আঞ্চলিক বাতৰিকাকত আৰু নিযুক্তি বাতৰিৰ বিজ্ঞাপনৰ জৰিয়তে সর্বভাৰতীয় ভিত্তিত নিযুক্তি প্রচাৰ কৰা হয় ৷ প্রচাৰ সামগ্রী বৃহৎসংখ্যক বিদ্যালয/মহাবিদ্যালয় আৰু সকলো জিলা সৈনিক বর্ডলৈও প্রেৰণ কৰা হয় ৷ স্থানীয় প্রশাসনে স্থানীয় মাধ্যমৰ জৰিয়তে গ্রাম/পিছপৰা অঞ্চলত প্রচাৰ অভিযান চলায় ৷

নাৱিক নিযুক্তি বিভিন্ন ধৰণে হয়৷ যেনে – আর্টিফিচাৰ এপ্রেণ্টিছ এ এ–ৰ+২ পিচিএম Artificer Apprentices (AAs) – 10+2 (PCM), জ্যেষ্ঠ মাধ্যমিক নিযুক্তি এছএছআৰ–ৰ+২ পিচিএম Senior Secondary Recruit (SSR) – 10+2 (PCM), মেট্ৰিক প্রৱেশৰ নিযুক্তি মেট্ৰিক Matric Entry Recruits – Matriculation, নন–মেট্ৰিক এণ্ড্রি নিযুক্তি– মেট্ৰিকৰ তলত ৷   Non Matric Entry Recruits – Below Matric৷

পৰীক্ষাৰ প্রশ্নকাকতখন দ্বিভাষিক হিন্দী আৰু ইংৰাজী আৰু বস্তুনিষ্ঠ প্রকাৰৰ হব ৷ আর্টিফিকাৰ এপ্রেণ্টিছ, জ্যেষ্ঠ মাধ্যমিক নিযুক্তি প্রৱেশ আৰু মেট্ৰিক নিযুক্তি প্রৱেশৰ বাবে প্রশ্ণকাকতখনত চাৰিটা শাখা অন্তর্ভুক্ত থাকে অর্থাৎ ইংৰাজী, বিজ্ঞান, গণিত আৰু সাধাৰণ জ্ঞানৰ বাবে থাকিব আৰু ইয়াৰ বাবে সময় থাকে ৬০ মিনিট৷ নন–মেট্ৰিক এণ্ড্রি নিযুক্তিৰ ক্ষেত্রত প্রশ্ণকাকত দুটা খণ্ড অর্থাৎ গণিত আৰু সাধাৰণ জ্ঞান থাকিব আৰু ইয়াৰ বাবে সময় থাকে ৪০ মিনিট ৷ প্রার্থীসকলে সকলো শাখাত আৰু মুঠভাৱে উত্তীর্ণ হব লাগে ৷

ভাৰতীয় নৌসেনা (Indian Navy)ৰ বিভিন্ন পদত নিযুক্তিৰ বাবে সর্বভাৰতীয় পর্যায়ত পৰিচালনা কৰা এই সকলো প্রতিযোগিতামূলক পৰীক্ষাৰ বিজ্ঞাপন ৱেবছাইট (https://www.joinindiannavy.gov.in) লগতে এমপ্লয়মেণ্ঢ নিউজ আৰু বিভিন্ন বাতৰিকাকত/আলোচনীত প্রকাশ হয় ৷  প্রতিযোগিতামূলক পৰীক্ষাবোৰ অনলাইন পদ্ধতিত আবেদন কৰিব লাগে ৷

পৰীক্ষাসমূহৰ প্রস্তুতি চলোৱাৰ আগতে প্রার্থীসকলে পৰীক্ষাৰ আর্হি বুজিব লাগে আৰু উপযুক্ত অধ্যয়ন সামগ্রী সংগ্রহ কৰি পৰীক্ষাসমূহৰ বাবে প্রস্তুতি চলাব লাগে ৷ ছিলেবাছ অনুসৰি বিষয়সমূহ পুনৰীক্ষণ কৰিলে প্রার্থীসকলে পৰীক্ষাত যিকোনো ধৰণৰ প্রশ্নৰ উত্তৰ কৰিবলৈ অধিক আত্মবিশ্বাস অর্জন কৰাত সহায় কৰিব ৷ সময়মতে পুনৰীক্ষণ কৰিলে এজন প্রার্থীৰ পৰীক্ষাৰ সময়ত হোৱা উদ্বেগ আৰু মানসিক চাপৰ মাত্রা হ্রাস কৰাত সহায় কৰে ৷ প্রার্থীসকলে এক কঠোৰ ৰুটিন মানি চলিব লাগিব ৷ প্রার্থীসকলে সময় ব্যৱস্থাপনাৰ অভ্যাস কৰিব লাগিব ৷ প্রার্থীসকলে ইণ্টাৰনেটৰ পৰা সহায় লোৱাৰ উপৰি প্রতিযোগিতামূলক পৰীক্ষাসমূহত উত্তীর্ণ হোৱাসকলৰ পৰা দিহা–পৰামর্শ গ্রহণ কৰিলেও উপকৃত হব ৷   প্রার্থীসকলে দীঘলীয়া সময়ৰ প্রস্তুতি লগতে নিয়মীয়া অনুশীলন অব্যাহত ৰাখি ভাৰতীয় নৌসেনাৰ বিভিন্ন পদবীত নিযুক্তিৰ বাবে আয়োজন কৰা পৰীক্ষাৰ বাবে প্রস্তুতি চলালে আমাৰ ৰাজ্যৰ পৰাও পৰীক্ষাত উত্তীর্ণ হোৱা প্রার্থীৰ সংখ্যা বৃদ্ধি হব বুলি আশা কৰিব পাৰি ৷

ফোনঃ  ৯৪৩৫১-৮৮৬৩০

You might also like

Comments are closed, but trackbacks and pingbacks are open.