বোকাখাত মহকুমাৰ পৰ্যটন থলীসমূহ

অমৰ শর্মা

আন্তর্জাতিক বা বহিঃৰাজ্যৰ পর্যটকৰ অন্যতম আকর্ষণৰ কেন্দ্রবিন্দু উত্তৰ–পূর্বাঞ্চল ৷ উত্তৰ–পূর্বাঞ্চলৰ নৈসর্গিক অমল সৌন্দর্যই প্রতিনিয়ত আকর্ষণ কৰি আহিছে প্রকৃতিৰ সুধাপিপাসু এজাক মানুহক ৷ এই উত্তৰ–পূর্বাঞ্চলৰ অন্যতম ৰাজ্য হিচাপে অসমলৈ আগমন ঘটে দেশী–বিদেশী পর্যটকৰ ৷ অসমক বিশ্ব–ঐতিহ্য ক্ষেত্র হিচাপে বিশ্বৰ মানচিত্রত চিনাকি কৰাই দিছে কাজিৰঙাই ৷ কাজিৰঙাক দাঙি ধৰিছে বিশ্বৰ প্রাক্–ঐতিহাসিক যুগৰ পৰা বর্তমানো বর্তি থকা বিশ্বৰ বিৰল বন্যপ্রাণী এশিঙীয়া গঁড়ে ৷ অসম তথা বহিঃৰাজ্যৰ পর্যটকৰ একমাত্র আকর্ষণ এই গঁড়ে ৷ অসমৰ কাজিৰঙা বিশ্ব ঐতিহ্য ক্ষেত্র গোলাঘাট, নগাঁও, বিশ্বনাথ, শোণিতপুৰ আৰু কার্বি আংলঙৰ অন্তর্ভুক্ত ৷ ৪৩০ বর্গকিলোমিটাৰৰ পূর্বৰ ভৌগোলিক অৱয়ব সামৰি লোৱা কাজিৰঙাই বর্তমান অতিৰিক্ত দহটাত সংযোজন সামৰি ১০০০ৰো অধিক বর্গকিলোমিটাৰৰ পৰিধি অতিক্রম কৰিছে ৷ পর্যটকসকলে কাজিৰঙাৰ কঁহৰা, অগৰাতলী, বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চলিক ক্ষেত্র পৰিদর্শন কৰিব পাৰে ৷ গুৱাহাটীৰ পৰা পথেৰে প্রায় ২৩০ কিলোমিটাৰ ৩৭নং ৰাষ্ট্রীয় ঘাইপথেৰে আহিলে কাজিৰঙা পাবহি পাৰে ৷ আকাশীপথেৰে আহিলে নিকটতম বিমানবন্দৰ হল যোৰহাটৰ ৰৰৈয়া ৷

বিশ্ব ঐতিহ্য ক্ষেত্র কাজিৰঙা পৰিদর্শনৰ বাবে চাৰিটা বনাঞ্চলিক ক্ষেত্রৰ সুকীয়া দৃশ্যপট আছে ৷ কাজিৰঙাৰ মূল প্রৱেশদ্বাৰ কঁহৰা আৰু বাগৰি বনাঞ্চলত প্রাকৃতিক পৰিৱেশ, বন্যপ্রাণী, জলাশয়ৰ প্রকৃতি প্রায় একে ৷ অগৰাতলী বনাঞ্চল, যিটো বোকাখাতৰ কাষৰীয়া, ইয়াত আন জীৱকুলৰ লগতে বিভিন্ন প্রজাতিৰ চৰাইৰ বাবে বিখ্যাত ৷ পক্ষীৰ ওপৰত অধ্যয়ন আৰু গৱেষণাৰ বাবে এই বনাঞ্চল বিখ্যাত ৷ আনহাতে বুঢ়াপাহাৰ বনাঞ্চল ওখ পাহাৰ আৰু দ জলাশয়ৰ ডাঠ জলজ উদ্ভিদেৰে পৰিপূর্ণ ৷ এই আটাইকেইটা বনাঞ্চলত জীপ ছাফাৰি আৰু হাতীৰে পৰিভ্রমণ কৰিব পৰা সুবিধা থকাৰ উপৰি চৰকাৰী, বেচৰকাৰী থকা–খোৱাৰ সুব্যৱস্থা আছে ৷

কাজিৰঙা কেন্দ্রীয় পর্যটন থলী কঁহৰাৰ পৰা দক্ষিণে ডেৰ কিলোমিটাৰ গলেই পোৱা যায় অসমৰ অন্যতম বনভোজ থলী হাতীপাথৰ বা হাতীপথাৰ অঞ্চল ৷ বৃহৎ বৃহৎ হাতীসদৃশ পাথৰ মুকলি পথাৰত পোত গৈ আছে ৷ লগতে আছে পাহাৰীয়া কঁহৰা নদী ৷ ইয়াৰ লগতে সংলগ্ন হৈ আছে কার্বি পাহাৰৰ দাঁতিকাষৰীয়া সেউজীয়া নৈসর্গিক সৌন্দর্য ৷ স্থানীয় কার্বি লোকৰ বসতিপ্রধান গাঁও আৰু থলুৱা খাদ্যৰ জুতি ৷

আনহাতে কঁহৰাতে আছে চৰকাৰীভাৱে নির্মিত এখন আদর্শ কার্বি গাঁও ৷ কার্বি লোকৰ ঘৰ, পাকঘৰ আদিৰ সুন্দৰ চানেকি ৷

দিৰিং চাৰিআলিৰ কাষতে আছে বর্তমান অসম তথা উত্তৰ–পূর্বাঞ্চলৰে আকর্ষণৰ কেন্দ্রবিন্দু অর্কিড উদ্যান ৷ পর্যটকৰ বাবে দিনজোৰা কার্যসূচী থাকে ৷ বিভিন্ন প্রকাৰৰ অর্কিড, বাঁহ, ধান, থলুৱা ব্যঞ্জন, তাঁতৰ শাল, থলুৱা নৃত্য–গীতৰ অনুষ্ঠান উপলব্ধ ৷

বোকাখাত মহকুমাত ঐতিহাসিক বহু মঠ–মন্দিৰ, বিভিন্ন, বিভিন্ন ধর্মৰ উপাসনাৰ থলী আছে ৷ কাজিৰঙাৰ গাতে লাগি আছে স্বর্গদেউ গদাধৰ সিংহৰ স্মৃতি বিজডিত কাক গোসাঁনী থান ৷ শাক্তপন্থী লোকৰ উপাসনাথলী ৷ ইয়াৰ ওচৰতে আছে তিনিমুখানি আদি বনাঞ্চল আৰু বনভোজথলী ৷

বোকাখাত চহৰৰ পৰা মাত্র দুই কিলোমিটাৰ উত্তৰে আছে চিকণ আতাৰ থান ৷ দক্ষিণে আছে আন এখন কাক গোসাঁনী থান ৷ নুমলীগড়ত ৩৯নং ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিতে আছে পৌৰাণিক শিৱ থান ৷ বর্তমান বহু লোকৰ দৈনিক আগমন ঘটে আৰু পূজা–অর্চনা হয় ৷ ৰজাবাৰীৰ খতিয়াখলীত আছে স্বর্গদেউ ৰুদ্রসিংহৰ দিনৰে বুঢ়ী গোসাঁনী থান ৷

কঁহৰা আৰু বোকাখাতৰ মাজতে আছে পাণবাৰী সংৰক্ষিত বনাঞ্চল ৷ ইয়াত হাতী আৰু হলৌ বান্দৰ দেখিবলৈ পোৱা যায় ৷ বানপানীৰ সময়ত কাজিৰঙাৰ বন্যপ্রাণীৰ আশ্রয়স্থল ৷

বোকাখাতৰ পৰা তেৰ কিলোমিটাৰ দক্ষিণে আছে কার্বি পাহাৰৰ পৰা নামি অহা কাকচাং জলপ্রপাত ৷ অতি মনোমোহা প্রাকৃতিক সৌন্দর্যৰে ভৰপূৰ অঞ্চলটো বর্তমান দেশী–বিদেশী পর্যটকৰ আকর্ষণৰ কাৰক হৈ উঠিছে ৷

বোকাখাতৰ উত্তৰে ধনশিৰি আৰু ব্রহ্মপুত্রৰ গাতে গড় লৈ উঠিছে বহু অতিথিশালা ৷ ব্রহ্মপুত্রৰ চৰ–চাপৰি অঞ্চলত অৱস্থিত এই অতিথিশালাবোৰতো বিভিন্ন প্রজাতিৰ চৰাই আৰু নিশাৰ ভাগত বনৰীয়া পহু, গঁড়, মহ আদি দেখিবলৈ পোৱা যায় ৷ আনহাতে ইয়াৰ দুই পাৰে হাজাৰ হাজাৰ বিঘা মাটিত সৰিয়হৰ সেউজ হালধীয়া নান্দনিক সৌন্দর্য পর্যটকৰ আকর্ষণৰ কাৰণ হৈ পৰে ৷ ইয়াত শাক–পাচলি, আলু আদিৰ বৃহৎ পৰিমাণে খেতি কৰা হয় ৷

বোকাখাতৰ পৰা দহ কিলোমিটাৰ পূবলৈ গলে কুৰুৱাবাহী পোৱা যায় ৷ ইয়াত অসমৰ চাৰি আদিসত্রৰ শ্রীশ্রীকুৰুৱাবাহী সত্র আছে ৷ লগতে আছে ধনশিৰি নৈৰ অনুপম প্রাকৃতিক পৰিৱেশ ৷ নৌকা বিহাৰৰ লগতে থলুৱা নেপালী, মিচিং সম্প্রদায়ৰ আৱাস থলী ৷

বোকাখাতৰ ডিফলু নৈৰ ওপৰত থকা ব্রিটিছৰ দ্বাৰা নির্মিত ওলমা দলং ৷ এই দলংখন ব্রিটিছৰ দিনত জাহাজ চলাচল কৰোঁতে ওপৰলৈ দাঙি দিয়াৰ ব্যৱস্থা আছিল ৷ ইয়াতো প্রকৃতিয়ে পাৰি থৈছে চাহ বাগিচা আৰু পাহাৰীয়া বাঁহৰ এখন সুন্দৰ দলিচা ৷

নৈপৰীয়া ভূমিপুত্রসকলৰ জীৱনশৈলীৰ ওপৰত গৱেষণা আৰু বহু তথ্যচিত্র বোকাখাতৰ ধনশিৰিমুখ, চহলা, এলেংমুৰীয়া, মৰিয়াহোলা, মহুৰা, বংকোৱাল, বালি চাপৰি আদিত নির্মিত হৈছে ৷ এই অঞ্চলবোৰত প্রকৃতিৰ সৈতে সহবাস কৰি গ্রাম্য পর্যটক ক্ষেত্র গঢ়ি উঠিছে ৷ ইয়াতো পর্যটকসকলে নৈশ যাপনৰ উপৰি থলুৱা নৃত্য–গীত, জীৱন যাপনৰ শৈলী উপভোগ কৰিব পাৰে ৷

নুমলীগড়ত আছে প্রস্তাৱিত সংৰক্ষিত বনাঞ্চল দেওপাহাৰ ৷ প্রবাদ আছে ইয়াতে কিংবদন্তি চৰিত্র জৰাসন্ধৰ নগৰ আছিল ৷ ইয়াৰ পাহাৰটোক পর্বত বুলি কোৱা হয় ৷ ইয়াত সূর্যমন্দিৰৰ ভগ্ণাৱশেষ আছে ৷ উত্তৰ–দক্ষিণ ভাৰতৰ ভাস্ক্র্য শিল্পৰ আর্হিত নির্মিত মন্দিৰটোত সুন্দৰ সুন্দৰ দেৱ–দেৱী, হাতী, ঘোঁৰা, সৈনিক আৰু নৃত্যৰতা নাৰীৰ মূর্তি শিলত কটা আছে ৷ বর্তমান পুৰাতত্ত্ব বিভাগৰ অধীনত এই ভাস্ক্র্যসমূহ সংৰক্ষণ আৰু পুনৰ নির্মাণ কৰা হৈছে ৷

দেওপাহাৰত বহুত ভেষজ উদ্ভিদ পোৱা যায় ৷ ইয়াৰ দুই ভেলেউ গছত থকা প্রকাণ্ড প্রকাণ্ড বৰমৌ চাক চাবলৈ বহু লোকৰ সমাগম হয় ৷ এই বনাঞ্চল ক্ষুদ্র যদিও ইয়াত নাহৰফুটুকী, লতামাকৰী, জহামাল, শিয়াল, কেঁকোসাপ, হৰিণ আদি পোৱা যায় ৷

বোকাখাতৰ পাণবাৰী সংৰক্ষিত বনাঞ্চলত আছে বন্যপ্রাণী চিকিৎসা আৰু পুনৰ সংস্থাপন কেন্দ্র ৷ আঘাতপ্রাপ্ত বন্যপ্রাণীসমূহ ইয়াত প্রতিপালন কৰাৰ পিছত পুনৰ এৰি দিয়া হয় আগৰ ঠাইত ৷

বোকাখাতৰ চাহ বাগিচাসমূহ পর্যটকৰ বাবে আকর্ষণীয় সম্পদ ৷ বোকাখাতৰ পেৰা–পুৰীৰ সোৱাদ লবলৈ পর্যটক কঁহৰাৰ পৰা বোকাখাতলৈ আহে ৷

নুমলীগড় তেল শোধনাগাৰ আৰু ইয়াৰ নগৰাঞ্চলত থকা পখিলা উদ্যান, কাষৰ কালিয়নী নৈ আৰু ইয়াৰ দুষ্প্রাপ্য শিলঘৰীয়া মাছ, নুমলীগড়ৰ ধনশিৰি পাৰত থকা ধনশিৰি ইক কেম্প, বুৰঞ্জীপ্রসিদ্ধ নুমলীগড় আদি পর্যটন ক্ষেত্রখনৰ বাবে এক আশাৰ ৰেঙনি হৈ আছে ৷

স্থানীয় লোকসকল কাজিৰঙাকেন্দ্রিক পর্যটন ক্ষেত্রখনৰ লগতে ইয়াৰ বিভিন্ন প্রান্তৰ ভৌগোলিক, প্রাকৃতিক উপাদানসমূহক লৈ আশাবাদী ৷ বহু স্থানীয় যুৱক–যুৱতীৰ অন্যতম সংস্থাপনৰ উৎস হিচাপে এই পর্যটন ক্ষেত্রসমূহ চৰকাৰীভাৱে সংৰক্ষণ আৰু সংবর্ধনৰ অতীব প্রয়োজন ৷

ফোন : ৯১০১২-৫২৫৯৫

You might also like
Leave A Reply

Your email address will not be published.