চীন দেশ-প্রাচ্যৰ মুক্তা চাংহাই

মনোজ কুমাৰ শ্রুতিকৰ

আমি চীন দেশৰ ৰাজধানী চহৰ বেইজিঙৰ ভ্রমণ সমাপ্ত কৰি ২৪ মেৰ পুৱাৰ জলপানৰ পিছত বেইজিং ৰেলৱে ষ্টেচন পালোঁহি ৷ আজি আমাৰ গন্তব্যস্থান চীন দেশৰ পূব প্রান্তত থকা এছিয়াৰ মুক্তা আৰু প্রাচ্যৰ পেৰিছ বুলি খ্যাত চীন দেশৰ সবাতোকৈ ডাঙৰ উপকূলৱর্তী চহৰ চাংহাই ৷

বেইজিং ৰেল ষ্টেচনৰ পৰা আমি বুলেট ট্ৰেইনেৰে যাত্রা কৰিবৰ বাবে প্লেটফর্ম পালোঁহি ৷ ৰেলৰ টিকটত দিয়া নির্দেশমতে আমি প্লেটফর্মৰ নির্দিষ্ট স্থানত ৰলোঁহি ৷ কিছুসময় পিছতে বুলেট ট্ৰেইন পালেহি আৰু আমি বয়–বস্তু লৈ আমাৰ নির্দিষ্ট ছীট গ্রহণ কৰিলোঁ ৷ এইখিনিতে পাঠকসকলক বুলেট ট্ৰেইনৰ বিষয়ে দুটামান কথা জনাই থওঁ ৷

প্রতিঘণ্টাত ৩৫০ৰ পৰা ৩৮০ কিঃমিঃ বেগৰ তীব্রবেগী বুলেট ট্ৰেইন ১৯৬৪ চনৰ ১ অক্টোবৰত প্রথম আৰম্ভ হয় জাপানৰ শ্বিনওচাকা আৰু টকি চহৰৰ মাজত ৷ এতিয়া জাপানত মুঠ ২২খন চহৰ সংযোগী বুলেট ট্ৰেইন সেৱা আছে ৷ জাপানতকৈ ৪৪ বছৰৰ পিছত চীন দেশতো ২০০৮ চনৰ ১৮ এপ্রিলত বেইজিং আৰু চাংহাইৰ মাজত বুলেট ট্ৰেইন সেৱা আৰম্ভ হয় ৷ এতিয়া চীন দেশৰ ৩৪খন প্রদেশৰ ভিতৰত ৩৩খনৰেই ৫৫০খন চহৰক সংযোগ কৰা বুলেট ট্ৰেইন সেৱা আছে ৷ চীন দেশত বর্তমানে ৫৬০০খন বুলেট ট্ৰেইনে অবিৰতভাৱে সেৱা আগবঢ়াই আছে ৷

চীন দেশত ১৮৭৫ চনত আমাৰ ভাৰততকৈ ২২ বছৰ পিছতহে ৰেলসেৱা প্রৱর্তন হৈছিল ৷ ভাৰতত ১৮৫৩ চনৰ ১৬ এপ্রিলত বৰি বন্দৰ সাধাৰণতে ভিক্টোৰিয়া টার্মিনাছ নামেৰে জনা যায় আৰু এতিয়া ছত্রপতি শিৱাজী টার্মিনাছ নামকৰণ কৰা হৈছে আৰু থানেৰ মাজত ৩৪ কিঃমিঃ দৈর্ঘ্যৰ ৰেলপথত প্রথম ৰেলসেৱা আৰম্ভ হৈছিল ৷ কিন্তু কম সময়ৰ ব্যৱধানত চীন দেশৰ অভাৱনীয় অগ্রগতিয়ে বিশ্বত চমক সৃষ্টি কৰিলে ৷ ভাৰতত বুলেট ট্ৰেইন সেৱা আহমেদাবাদ আৰু মুম্বাইৰ মাজত চলাবৰ বাবে যো–জা কৰি থকা হৈছে ৷ কিন্তু ই এতিয়াও সুদূৰপৰাইত ৷

বেইজিঙৰ পৰা চাংহাইৰ দূৰত্ব ১৩১৮ কিঃমিঃ আৰু এই দূৰত্বৰ বাবে প্রতিঘণ্টা ৩৫০ কিঃমিঃ বেগেৰে মাত্র ৪ ঘণ্টা ৩০ মিনিটৰহে প্রয়োজন হৈছিল ৷ ট্ৰেইনৰ ভিতৰটো আমাৰ চেয়াৰ কাৰৰ দৰে, চাফ–চিকুণ, বাতানুকূলিত, বতাহৰ চাপযুক্ত ৷ ট্ৰেইনখনৰ গতিবেগ, বতাহৰ গতি, বতৰ আৰু পৰৱর্তী ষ্টেচনৰ সূচনা ডিজিটেল পর্দাত ঠায়ে ঠায়ে সকলোৱে দেখাকৈ প্রদর্শিত হৈ থাকে ৷ বুলেট ট্ৰেইন সেৱা যে অকল ইয়াৰ গতিবেগৰ কাৰণেই বিখ্যাত, এনে নহয়, ব্যৱসায়িক দিশৰ পৰাও এই সেৱা লাভজনক ৷ বেইজিং আৰু চাংহাইৰ মাজত চলাচল কৰা বুলেট ট্ৰেইন সেৱাৰ পৰা চীন দেশে বছৰি প্রায় ৭০০০ কোটি টকা উপার্জন কৰে ৷

বাটত যাওঁতে আমি বিভিন্ন ধৰণৰ খেতিপথাৰ, সৰু আৰু মধ্যমবর্গৰ উদ্যোগসমূহ দেখি গৈছিলোঁ ৷ কিন্তু সকলোতকৈ আকষর্ণীয় কমিউনবোৰ  Commune৷  ছয়লেনযুক্ত পথৰ পৰা বিভক্ত হৈ যোৱা  দুইলেনযুক্ত পথে দূৰত থকা কিছুমান ১০-১২ মহলীয়া অট্টালিকাক সংযোগ কৰিছে ৷ চীন দেশৰ সহযাত্রী এজনক প্রশ্ন কৰাত যিখিনি কথা কলে, তাৰ সাৰাংশ এনে ধৰণৰ ৷ আমি দেখা এই ১০/১২ মহলীয়া অট্টালিকাবোৰ আচলতে কৃষক/শ্রমিকসকলৰ আৱাসস্থল বা কমিউন ৷ চীন দেশৰ নেতা মাও চে টুং Mao Zedongৰ গ্রেটলীপ ফৰৱার্ড নামৰ অভিযানৰ সময়ত, আমেৰিকা আৰু ব্রিটেইনক তীখা উৎপাদনৰ ক্ষেত্রত পিছ পেলাবৰ বাবে, শ্রমিকসকলৰ আৱাসস্থল হিচাপেহে প্রথমে এই কমিউনবোৰ নির্মাণ কৰিছিল ৷ পিছত কৃষি শিল্প, উদ্যোগ আদি আন আন খণ্ডটো, কৃষক–শ্রমিকসকল একেলগে থাকি, কাম কৰিবৰ বাবে এনে কমিউন ব্যৱস্থাৰ প্রৱর্তন হয় ৷ ১৯৫৮ চনৰ পৰা এই কমিউন ব্যৱস্থাটো চৰকাৰী পৰিকল্পনাৰ আওতালৈ আহে ৷ চীন দেশত আমাৰ দেশৰ দৰে কাৰো গাইগুটীয়া ঘৰ বা খেতিপথাৰ নাই ৷ সকলো চৰকাৰৰ আৰু সকলোৱে চৰকাৰৰ বাবে কাম কৰি, কর্ম অনুযায়ী প্রাপ্য দৰমহা পায় ৷ কর্মহীন লোক চীন দেশত নাই বুলি কলেও বঢ়াই কোৱা নহব ৷ সাধাৰণ কমিউনবোৰত ৪০০০ৰ পৰা ৫০০০ পৰিয়ালে খোৱাবোৱাৰ পৰা আৰম্ভ কৰি সকলোখিনি সমূহীয়া ভাবে কৰে৷ ডাঙৰ কমিউনবোৰত প্রায় ২০০০০ লৈকে পৰিয়াল থাকে ৷ মানুহজনৰ লগত কথা পাতি থাকোতে সময়বোৰনো কেনি পাৰ হল, গমেই নাপালো ৷ আমি শ্বাঙহাই পালোহি ৷

শ্বাঙহাই ৰেলষ্টেশ্যনত বুলেট ট্ৰেইনৰ পৰা নামি আমাৰ বয়বস্তু সমূহ লৈ হলি ডে ই’’ নামৰ হোটেলত গৈ চেক্ ইন কৰিলো ৷ তাতে প্রায় দুঘন্ঢামান জিৰণি লোৱাৰ পিছত গধূলিৰ সাঁজটো খাই, হোৱাঙহো নদীৰ মোহনাত Cruise ক্রুজ কৰিবলৈ ওলালো ৷ শ্বাঙহাই চহৰখন, পৃথিবীৰ ভিতৰতে অন্যতম দীঘল নদী, য়াঙছে নদীৰে উপনদী, হোৱাঙহো নদীৰ পাৰত ৷ এই ঠাইতেই হোৱাঙহো নদীখন দক্ষিণ চীন সাগৰত  পৰিছে ৷ গতিকে, শ্বাঙহাইখন এটা সদাব্যস্ত বন্দৰৰ উপৰিও পৃথিবীৰ অন্যতম ব্যৱসায় বাণিজ্যৰ কেন্দ্রস্থল ৷

নদীৰ পাৰত ৰৈ থকা দুইখলপীয়া জাহাজ এখনত উঠিলো ৷ জাহাজৰ তলৰ খলপটো চাৰিওপিনে আইনাৰে আবৃত, কিন্তু ওপৰৰ ডেক্ খন মুকলি ৷ আমি জাহাজৰ ওপৰৰ ডেকৰ পৰাই শ্বাঙহাই চহৰখনৰ সৌন্দর্য্য উপভোগ কৰিলো ৷ তেতিয়া সূর্য্য অস্তমিত হৈছিল, আৰু নদীৰ দুয়োপাৰে থকা স্থপত্যবিদ্যাৰ বিভিন্ন আর্হিৰে নির্মিত আকাশচুম্বী স্কাইস্কেপাৰবোৰত বিভিন্ন ৰঙৰ সমাহাৰ দেখি সপোনপুৰীত থকাৰ নিচিনা লাগিছিল ৷ সেই ৯০ মহলীয়া স্কাইস্কেপাৰবোৰত বেলেগ বেলেগ ৰঙৰ লাইটেৰে প্রদর্শিত বিভিন্ন কোম্পানীৰ বিজ্ঞাপন সঁচাকৈয়ে চাবলগীয়া ৷ ইয়াৰে ভিতৰত ৱাবাইডু দলং, অৰিয়েণ্টেল পাল টি ভি টাৱাৰ, জিনমাও অট্টালিকা আৰু  নতুনকৈ নির্মাণ কৰা পুড্ঙ অঞ্চল ৷ জাহাজৰ পৰাই আমাক গাইডে পুৰণি ৱশ্বং গড আৰু ভগ্ণাৱশেষ সমূহ দেখুৱালে ৷ এপাৰে নতুনৰ জয়গান আৰু ইপাৰে ভগ্ণপ্রায় কীর্ত্তিস্তম্ভ সমূহৰ কৰুণ বিননি, ইতিহাসৰ কিযে এক অপূর্ব্ব সমাহাৰ ৷ নয়নাভিৰাম সেই দৃশ্যসমূহ আমাৰ মানসপটত বহুদিনলৈ যুগমীয়া হৈ ৰব ৷

২৫ মেৰ দিনা পুৱা জলপানৰ পিছত আধুনিক বিজ্ঞানৰ এক চমকপ্রদ আৱিস্কাৰ, মেগনেটিক লেভিটেশ্যন ট্ৰেইন চাবলৈ গলো ৷ তেওঁলোকে ইয়াক সংক্ষেপত Maglev মেগলেভ বুলি কয় ৷ এই মেগলেভৰ মূল কথা হল, বৈদ্যুতিক চুম্বকৰ দ্বাৰা দুই পৃষ্ঠৰ মাজত বিকর্ষণ ঘটাই, দুই পৃষ্ঠৰ মাজত ব্যৱধান ৰাখিব পৰা যায় ৷ তাৰে এটা পৃষ্ঠ যদি মাটিত নিগাজীকৈ থাকে, তেনেহলে আনটো পৃষ্ঠ কিছু ব্যৱধানেৰে শূণ্যত ভাস্যমান হৈ থাকিব ৷ মূলতঃ ইয়াৰ বাবে দুটা চেট বৈদ্যুতিক চুম্বক লাগিব ৷ এটা চেটে ট্ৰেইনখনক ট্ৰেকৰ পৰা ওপৰলৈ তুলি ধৰে আৰু আনটো চেটে ট্ৰেইন খনক গতি প্রদান কৰে ৷ ট্ৰেইনখনত এনেধৰণৰ অসংখ্য চেট থাকে ৷  মেগলেভৰ ট্ৰেইনে ঘণ্টাত ৩২০ কি মি পৰা ৬৪০ কি মি পর্য্যন্ত গতি লাভ কৰিব পাৰে৷ মাটিত সংলগ্ন গাইডপথে ট্ৰেইনখনৰ গতি আৰু সুস্থিৰতা ৰক্ষা কৰাত সহায় কৰে৷ আন ট্ৰেইনৰ দৰে ইয়াত কোনো চকা আৰু চিড়ি Rail নাথাকে ৷

আমি চাবলৈ যোৱা শ্বাঙহাইৰ মেগলেভ ড্রেইনখনৰ ব্যৱস্থাটোক Shanghai Trans Rapid শ্বাঙহাই ট্ৰেন্স ৰেপিড বুলি জনা যায় ৷ শ্বাঙহাইৰ পৰা ইয়াৰ আর্ন্তজাতিক বিমানবন্দৰৰ মাজত এই মেগলেভ ট্ৰেইন চলাচল কৰে ৷ বিমান বন্দৰলৈ ৩০ কি মি দূৰত্ব ঘণ্টাত ৪৩০ কি মি বেগেৰে প্রায় ৮ মিনিটতে সম্পূর্ণ কৰিব পাৰে ৷ এই মেগলেভ ট্ৰেইনখনত উঠাৰ পিছত দুৱাৰবোৰ স্বয়ংক্রিয়ভাবে বন্ধ হৈ যায় ৷ বাতানুকুলিত ড্রেইনখনৰ গতিবেগ, সকলোৱে দেখাকৈ ৰখা ডিজিটেল মিটাৰত প্রদর্শন কৰে ৷ এই ট্ৰেইনখনত উঠি আধুনিক বিজ্ঞানৰ চমক সঁচাকৈয়ে অনুভৱ কৰিলো ৷ সেইদিনাই আমি শ্বাঙহাই চহৰৰ ৪২৮ মিটাৰ উচ্চতাৰ অৰিয়েণ্টেল টিভি পার্ল টাৱাৰ চাবলৈ টিকট কাটি প্রবেশ কৰিলো ৷ মাটিৰ পৰা তিনিটা বৃহৎ আকাৰৰ চুঙাসদৃশ খঁুটাৰ পৰা প্রায় ৯০  মিটাৰ ওপৰত প্রায়  ৫০ মিটাৰ ব্যাসার্দ্ধৰ আইনাৰে আবৃত এটা গোলাকৃতিৰ গ্লোব Globe৷ এই গ্লোবটোৰ ১৭৩ মিটাৰ ওপৰত ৪৫ মিটাৰ ব্যাসার্দ্ধৰ আন এটা গ্লোব ৷ এই গ্লোবটোৰ ৮৮ মিটাৰ ওপৰত ১৪ মিটাৰ ব্যাসার্দ্ধৰ আন এটা গ্লোব ৷ তলৰ পৰা ওপৰলৈ যাবৰ বাবে দুখন ডাঙৰ লিফটে এক মিনিটতকৈ কম সময়ত আপোনাক মাটিৰ পৰা ৪২০ মিটাৰ উচ্চতালৈ লৈ যাব পাৰে ৷ এই টাৱাৰৰ নিৰাপত্তা ব্যৱস্থাটো শলাগিবলগীয়া ৷

মাটিৰ পৰা ৪০০ মিটাৰ উচ্চতাত, লিফটৰ পৰা নামি আমি বাহিৰলৈ আহি সম্পূর্ণৰূপে ডাঠ স্বচ্ছ আইনাৰে নির্মিত মজিয়াৰ, চাৰিওফালে থকা তিনি মিটাৰ বহল এপ্রনত খোজ কাঢ়ি ফুৰিলো ৷ ওপৰৰ পৰা তলৰ গাড়ী–মটৰবোৰ সৰু সৰু জুইশলাৰ বাকছটোৰ দৰেই লাগিছিল ৷ ইয়াৰ পৰা গোটেই শ্বাঙহাই চহৰখন দৃশ্যমান ৷ স্বচ্ছ আইনাৰ মজিয়াত উঠি এনে লাগিছিল, কিজানি আইনা ভাঙি আমি ৪২০  মিটাৰ তলত ধুমুচকৈ  পৰিমগৈ ৷ সঁচাকৈয়ে খুউব ভয় লাগিছিল ৷ টিভি টাৱাৰ ছোৱাৰ পিচত আমি চীনা ৰেস্তোঁৰা এখনত দুপৰীয়াৰ আহাৰ গ্রহণ কৰিলো ৷ চীনদেশৰ খাদ্য সম্ভাৰ পৃথিবী বিখ্যাত আৰু তেনে খাদ্যসম্ভাৰৰ বর্ণণা অবিহনে এই ভ্রমণ কাহিনী অসমাপ্ত হব ৷ চীনদেশৰ মুঠ দইবিধ ৰন্ধনশৈলীৰ মাজত শ্বাঙহাইৰ ৰন্ধন পদ্ধতিৰ ইতিহাস ইয়াত ৰাজত্ব কৰা মিঙ আৰু চিঙ ৰাজতন্ত্রৰ সমানেই প্রায় ৫০০ বছৰ পুৰণি ৷ শ্বাঙহাইৰ ৰন্ধনশৈলীক বেনবাঙ ৰন্ধনশৈলী বুলিও জনা যায় ৷ এই শ্বাঙহাই ৰন্ধন শৈলীৰে আকৌ তিনিটা উপশৈলী আছে ৷ প্রথমটো শ্বাঙহাই, দ্বিতীয়টো হো আৰু তৃতীয়টো পিনিয়ন পদ্ধতি৷ শ্বাঙহাই শৈলীৰ খাদ্যসম্ভাৰবোৰ সাধাৰণতে ৰঙা, জিলিকি থকা আৰু মাছ মাংসবোৰ বেলেগ বেলেগ ৱাইনত এবিধ সুৰা মেৰিনেট কৰি প্রস্তুত কৰা বাবে, ইয়াৰ সোৱাদো ব্যতিক্রমী হয় ৷ খাদ্যসম্ভাৰবোৰ বেকিং কৰি বা ভাপত সিজাই বা Olive Oil জলফাইৰ তেলত দীপফ্রাই কৰি প্রস্তুত কৰে ৷ আটা, ময়দাৰ নুডলচৰ সলনি আঠাযুক্ত চাউলৰ ব্যৱহাৰ বেছি ৷ খাদ্য সম্ভাৰত চেনী আৰু চয়াচচ ব্যৱহাৰ কৰে ৷ আমি সেইদিনা বাঁহৰ গাজেৰে বনোৱা কেঁকোৰা Crab আৰু ভাপত দিয়া মিছা মাছ Prawn ৰ লগত আঠাযুক্ত ভাত, লাইয়নচ্ ব্রেষ্ট নামৰ মাংসৰ উপকৰণেৰে দুপৰীয়াৰ সাঁজ খাই চীনা খাদ্য সম্ভাৰৰ সোৱাদ ললো ৷

দুপৰীয়াৰ আহাৰৰ পিছত আমি পুৰণি শ্বাঙহাই চহৰত প্রবেশ কৰিলো ৷ আহল বহল ৰাস্তাৰ দুয়োকাষে থকা চীনা লোকৰ দোকান বজাৰবোৰ পাৰ কৰি, ইউ ইউনান নামৰ গছ–গছনিৰে ভৰা ফুলৰ বাগিছাত সোমালো ৷ ইয়াৰ ঐতিহাসিক পেগোদা, তোৰণ, পানীৰ জুৰি, ৰঙচঙীয়া আলঙ্কৰিক মাছেৰে পৰিপূর্ণ পুখুৰী চালো ৷ আমি ওচৰতে থকা চীনা হস্তশিল্প, মৃৎ শিল্প Chinese Pottery, মণিমুক্তা আৰু চিল্ক্ৰ কাপোৰৰ দোকানত সোমাই দুই এপদ বস্তু কিনিলো ৷

ৰাতিৰ আহাৰ ভাৰতীয় ৰেস্তোঁৰা এখনত কৰি, আমি সন্ধিয়া ডাঙৰ প্রেক্ষাগৃহ অডিটৰিয়াম এটাত সাংসৃক্তিক অনুস্থান এটা চাবলৈ গলো ৷ ইয়াত পশ্চিমীয়া অপেৰা, চীনদেশৰ লোকনৃত্য আৰু কুঙফু যুদ্ধ কলাশৈলীৰ অপূর্ব্ব সমাহাৰত সৃষ্টি কৰা Acrobatic Show চার্কাচৰ দৰে কচৰৎ চাই, চীনা লোকসকলৰ আন এবিধ শিল্পকলাৰ সোৱাদ ললো ৷ অভ্যাসেই নৰ, কর্ণপর্থে কৰে শৰ কথাষাৰৰ সাৰাংশ, এই অনুষ্ঠানটো ছোৱা সকলোৱে  মর্মে মর্মে উপলদ্ধি কৰিছিল ৷ শাৰিৰীক সক্ষমতা আৰু নিৰন্তৰ অভ্যাসৰ দ্বাৰা অসম্ভবকো সম্ভৱ কৰি, তেওঁলোকে নিপুন কলা কৌশল প্রদর্শন কৰি, আমাক সকলোকে আপ্লুত কৰিলে ৷ এই অনুস্থান চাই আমি হোটেললৈ আহি ৰাতিটো কটাই, পিছদিনা পুৱা চীনদেশৰ দক্ষিণে আৰু আমাৰ অৰুণাচল প্রদেশৰ উত্তৰে থকা ইউনান প্রদেশৰ কুনমিঙলৈ যোৱাৰ প্রস্তুতি কৰিলো ৷

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.