১৯–অনূৰ্ধ্বত পঞ্চমবাৰৰ বাবে চেম্পিয়ন ভাৰত

যোগেশ কলিতা

প্রত্যাশা অনুসৰি ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত ১৯ অনূধর্ব বিশ্বকাপত বিজয়ৰ মুকুট পিন্ধিলে ভাৰতে ৷ ৰাজ বাৱা আৰু ৰবি কুমাৰৰ হাততেই নিশ্চিত হয় ভাৰতীয় দলৰ বিজয়যাত্রা ৷ প্রথম ইনিংছতে নিশ্চিত হৈছিল খিতাপ দখল কৰাটো ৷ আনুষ্ঠানিকতা আছিল মাত্র বাকী ৷ কিন্তু থমকি ৰোৱা নাছিল ইংলেণ্ড ৷ ইনিংছৰ দ্বিতীয়টো বলতে উইকেট দখল কৰি এক চমক সৃষ্টি কৰিছিল দলটোৱে ৷ সময় বাগৰাৰ লগে লগে ভাৰতীয় উইকেটৰো পতনৰ ক্রম আৰম্ভ হৈছিল ৷ কিন্তু এই পতনৰ বাটত বাধা হিচাপে প্রথম ভাগত থিয় দিছিল শ্বেইক ৰছিদে ৷ অধিনায়কেও বেছি সময় উইকেটত থাকিব নোৱাৰিলে ৷ কিন্তু মিডিল অর্ডাৰ বেটছমেন নিশান্তে ললে গুৰুদায়িত্ব ৷ অর্ধশতকীয় ইনিংছেৰে ইংলেণ্ডৰ স্বপ্নক সাকাৰ ৰূপ দিয়াত প্রাচীৰ হিচাপে থিয় দিলে নিশান্ত ৷ অৱশেষত অলৰাউণ্ড প্রদর্শনেৰে ৰাজ বাৱাই দিলে এক সুন্দৰ ইনিংছ উপহাৰ ৷ বিজয়ী হল ভাৰত ৷ বিজয়ৰথ থমকি ৰল ইংলেণ্ডৰ ৷

 ৱেষ্ট ইণ্ডিজৰ এণ্টিগুৱাত অনুষ্ঠিত ফাইনেলত ভাৰতীয় দলটোৱে ইলেংণ্ডক ৪ উইকেটত পৰাস্ত কৰি পঞ্চমবাৰৰ বাবে খিতাপ অর্জন কৰিবলৈ সক্ষম হয় ৷ ফাইনেল মেচখনত ভাৰতীয় দলটোৰ এই বিজয়ৰ মূলতে আছিল ৰাজ বাৱাৰ দর্শনীয় অলৰাউণ্ড প্রদর্শন ৷ বাৱাই ৫টা উইকেট আৰু মূল্যৱান  ৩৫ ৰান কৰি দলটোৰ বিজয়ত গুৰুত্বপূর্ণ বৰঙণি আগবঢ়ায় ৷ আনহাতে নিশান্ত সিন্ধুৰ অপৰাজিত ৫০ আৰু শ্বেইক ৰছিদৰ ৫০ ৰান আছিল দলটোলৈ অতি উল্লেখযোগ্য অৱদান ৷ ভাৰতীয় দলটোৰ তিনি মুখ্য বেটছমেন অংকৰীশ ৰঘুবংশী, হৰনুৰ সিং আৰু অধিনায়ক য়শ ধুলৰ তাৎক্ষণিক বিদায়ৰ পিছত শ্বেইক ৰচিদে দলটোক বিজয়ৰ ফালে আগুৱাই নিয়াত নিশান্ত সিন্ধু আৰু ৰাজ বাৱাই লৈছিল গুৰুত্বপূর্ণ ভূমিকা ৷ অৱশেষত দলীয় প্রদর্শনেৰে ফাইনেলত খিতাপ দখল কৰিলে ভাৰতে ৷ ইয়াৰ পূর্বে ২৪ বছৰৰ মূৰত ফাইনেলত প্রৱেশ কৰি খিতাপ দখলৰ স্বপ্নক পূৰণত ব্যর্থ হয় ইংলেণ্ড ৷ প্রথমে বেটিং কৰি ইংলেণ্ডে মাত্র ১৮৯ ৰানতে ইনিংথ সামৰিবলৈ বাধ্য হয় ৷ দলটোৰ এই নিম্ন প্রদর্শনৰ মূলতে আছিল ৰাজ বাৱাৰ তীক্ষ্ণ বলিং ৷ মাত্র ৩১ ৰান দি ৫টা উইকেট দখল কৰি ইংলেণ্ডৰ হাতৰ পৰা মেচ কাঢ়ি আনিছিল ভাৰতে ৷ লগতে ৰবি কুমাৰে দখল কৰে ৪টা উইকেট ৷ উল্লেখ্য যে চলিত বর্ষৰ সৈতে পঞ্চমবাৰলৈ দখল কৰে ১৯ অনূধর্ব বিশ্বকাপৰ খিতাপ ৷ য়শ ধুলৰ নেতৃত্বত এইবাৰ খিতাপ দখল কৰাৰ বিপৰীতে ২০০০ চনত মহম্মদ কাইফ, ২০০৮ চনত বিৰাট কোহলি, ২০১২ চনত উন্মুক্ত চান্দ, ২০১৮ চনত পৃথ্বি শ্বৰ নেতৃত্বত ভাৰতে জিকিছিল ১৯ অনূধর্ব বিশ্বকাপৰ খিতাপ ৷

বেংগালুৰুত অলপতে অনুষ্ঠিত হৈ যায় আই পি এলৰ নিলাম প্রক্রিয়া ৷ এইবাৰ নিলামত আই পি এলক নব্য ৰূপ দিলে বি চি চি আয়ে ৷ যোৱা ১০টা বছৰৰ নিলাম প্রক্রিয়াৰ বিপৰীতে এইবাৰৰ নিলাম আছিল সম্পূর্ণ বেলেগ ৷ দলীয়ভাৱে মাত্র ৪জন পুৰণি খেলুৱৈক ৰখাৰ ব্যৱস্থা কৰিছিল বি চি চি আয়ে ৷ আনহাতে পূর্বৰ ৮টা দলৰ লগত এইবাৰ সংযুক্ত কৰা হয় আন দুটা দল ৷ এটা হল গুজৰাট টাইটান, আনটো হল লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ ৷ এইখিনিতে নিলামৰ পূর্বে চর্চিত বিষয় হৈ পৰিছিল লক্ষ্ণৌ আৰু গুজৰাটৰ দল নির্বাচনক লৈ ৷ লক্ষ্ণৌৱে যিকোনো মূল্যৰ বিনিময়ত তাৰকা খেলুৱৈ পাবলৈ উদগ্রীৱ হৈ পৰিছিল ৷ সেই অনুসৰি লক্ষ্ণৌৱে ললে কে এল ৰাহুলক আৰু গুজৰাটে ললে হার্দিক পাণ্ডিয়াক ৷ বৃহৎ অংকৰ বিনিময়ত চুক্তিবদ্ধ হল দুয়োগৰাকী ৷ আনহাতে যি চাৰিগৰাকী খেলুৱৈ দলীয়ভাৱে ৰিটেইন কৰাৰ নিয়ম বান্ধি দিছিল, সেই অনুসৰি আঠটা দলৰ ৰিটেইন কৰা খেলুৱৈসকল হল ক্রমে চেন্নায়ে ৰিটেইন কৰে ৰবীন্দ্র জাদেজা, মহেন্দ্র সিং ধোনী, মঈন আলী আৰু ৰুতুৰাজ গাইকোৱাডক ৷ কলকাতাই ৰিটেইন কৰে আন্দ্রে ৰাছেল, বৰুণ চক্রৱর্তী, ভেংকটেশ আয়াৰ আৰু সুনীল নাৰিনক ৷ মুম্বায়ে ৰিটেইন কৰে ৰোহিত শর্মা, যশপ্রীত বুমৰাহ, সূর্যকুমাৰ যাদৱ আৰু কিৰণ পোলার্ডক ৷ দিল্লীয়ে ৰিটেইন কৰে ঋষভ পণ্ট, পৃথ্বি শ্ব, অক্ষৰ পেটেল আৰু এনৰিক নর্টজেক ৷ হায়দৰাবাদে কেন উইলিয়ামছন, আব্দুল ছামাদ আৰু উৰমান মালিকক ৷ বেংগালুৰুৱে বিৰাট কোহলি, গ্লেন মেক্সৱেল আৰু মহম্মদ চিৰাজক ৷ ৰাজস্থানে সঞ্জু ছেমছন, জছ বাটলাৰ আৰু যশস্বী জয়ছোৱালক ৷ পঞ্জাবে অর্শ্বদীপ সিং আৰু মায়ংক আগৰৱালক ৷ আনহাতে নতুন দল লক্ষ্ণৌৱে কে এল ৰাহুল, মার্কাছ ষ্টইনিছ আৰু ৰবি বিষইক আগতীয়াকৈ ক্রয় কৰাৰ বিপৰীতে গুজৰাটে হার্দিক পাণ্ডিয়া, ৰছিদ খান আৰু শুভমন গীলক ক্রয় কৰিছিল ৷

নিলাম প্রক্রিয়াত এই ভাৰতীয় তাৰকাই চমক সৃষ্টি কৰিলে ৷ তাৰকা খেলুৱৈসকলক পাবলৈ হেতা–ওপৰা লাগে প্রতিটো দলৰ মাজত ৷ চর্চিত নিলামত এইবাৰ শ্রেষ্ঠ দাম পালে ঈশান কিশনে ৷ তেওঁক তেওঁৰ পুৰণি দল মুম্বাই ইণ্ডিয়ানছে ১৫.২৫ কোটি টকাত ক্রয় কৰে ৷ লগতে পুৰণি দলতেই খেলাৰ সুযোগ পালে দীপক চহৰে ৷ তেওঁক চেন্নায়ে ১৪ কোটি টকাত ক্রয় কৰে ৷ বিপৰীতে দিল্লীৰ হৈ আগতে খেলা শ্রেয়াছ আয়াৰক কলকাতাই ১২.২৫ কোটি টকাত ক্রয় কৰে ৷ আনহাতে পঞ্জাবে শিখৰ ধাৱনক ৮.৫ কোটি, অশ্বিনক ৰাজস্থানে ৫ কোটি, পেট কামিনছক কলকাতাই ৭.২৫, ৰাবাডাক পঞ্জাবে ৯.২৫ কোটি, ড্রেণ্ট বচ্টক ৰাজস্থানে ৮ কোটি, মহম্মদ ছামিক গুজৰাটে ৬.২৫ কোটি, ফাফ ডু প্লেছিচক বেংগালুৰুৱে ৭ কোটি, কুইণ্টন ডি ককক লক্ষ্ণৌৱে ৬.৭৫ কোটি, ডেভিদ ৱার্নাৰক দিল্লীয়ে ৬.৫ কোটি, মনীষ পাণ্ডেক লক্ষ্ণৌৱে ৪.৬ কোটি, ছিমৰন হেটমায়েৰক ৰাজস্থানে ৮.৫ কোটি, ৰাজস্থানে দেৱদত্ত পাডিকেলক ৭.৭৫ কোটি, হর্ষল পেটেলক আৰচিবিয়ে ১০.৭৫ কোটি, নিকোলাছ পুৰানক হায়দৰাবাদে ১০.৭৫ কোটি, শ্বার্দুল ঠাকুৰক দিল্লীয়ে ১০.৭৫ কোটি, আৱেশ খানক লক্ষ্ণৌৱে ১০ কোটি টকা দি ক্রয় কৰে ৷ ইয়াত মাত্র কেইটামানহে উল্লেখ কৰা হল ৷

বিপৰীতে বহু বছৰ ধৰি এটা দলক প্রতিনিধিত্ব কৰি অহা খেলুৱৈয়েও দল এৰিবলৈ বাধ্য হল ৷ তাৰ ভিতৰত চেন্নাইৰ ফাফ ডু প্লেছিচ, শ্বার্দুল ঠাকুৰ, হায়দৰাবাদৰ ডেভিদ ৱার্নাৰ, মনীষ পাণ্ডে, কলকাতাৰ শুভমন গীল, মুম্বাইৰ কুইণ্টন ডি কক, হার্দিক পাণ্ডিয়া, ক্রুনাল পাণ্ডিয়া, আৰচিবিৰ য়ুজবেন্দ্র চাহাল, ৰাজস্থানৰ জোফ্রা আর্চাৰ, দিল্লীৰ শিখৰ ধাৱান, পঞ্জাবৰ কে এল ৰাহুল, মহম্মদ ছামি আদিয়ে পুৰণি দল বাদ দি নতুন দলৰ হৈ প্রতিদ্বন্দ্বিতা আগবঢ়াব ৷

আনহাতে আইপিএলত তাৰকা খেলুৱৈ নিলামত নাম নহাকৈও থাকি গল ৷ তাৰ ভিতৰত সুৰেশ ৰাইনা, ষ্টিভ স্মিথ, ছাকিব আল হাছান, আদিল ৰছিদ, ইমৰান তাহিৰ, আৰন ফিনছ, ডেভিদ মালান, ইয়ন মৰর্গান, ক্রিছ লীন, তাৰবেজ ছামছি আদি তাৰকাৰ নাম নিলামত নুঠিল ৷ উল্লেখ্য যে নিলাম নোহোৱা কেইবাগৰাকী তাৰকা বিশ্বকাপ বিজয়ী দলৰ সদস্য তথা দুগৰাকী বিশ্বকাপ জয়ী দলৰ অধিনায়ক ৷

লগতে কেইবাগৰাকী অখ্যাত খেলুৱৈয়ে এইবাৰ আইপিএলৰ নিলামত বৃহৎ ধনৰাশি লাভ কৰিছে ৷ তাৰ ভিতৰত আৰচিবিয়ে ক্রয় কৰা অনুজ ৰাৱাট ৷ তেওঁক দলটোৱে ৩.৪ কোটি টকা দিয়ে ৷ গুজৰাট টাইটানে য়শ দয়াল নামৰ অখ্যাত খেলুৱৈগৰাকীক ৩.২ কোটি টকা দি ক্রয় কৰে ৷ পঞ্জাব কিংছে বৈভৱ অৰোৰাক ২ কোটি দি ক্রয় কৰে ৷ মুম্বাই ইণ্ডিয়ানছে তিলক বার্মাক ১.৭ কোটি দি ক্রয় কৰে ৷ চেন্নায়ে প্রশান্ত সোলাংকিকৰচ্ কোটি দি ক্রয় কৰে৷ ফলত ৰাতিটোৰ ভিতৰতে এই খেলুৱৈকেইগৰাকী কোটিপতিৰ শাৰীত পৰিণত হয় ৷

ফোন : ৬০০১৫-২১৭৮০

You might also like
Leave A Reply

Your email address will not be published.